সময়ৰ মূল্য অথবা নিয়মানুৱৰ্তিতা
সময়ৰ মূল্য অথবা নিয়মানুৱৰ্তিতা
সময়ৰ মূল্য অথবা নিয়মানুৱৰ্তিতা | Value of Time | Punctuality Essay in Assamese
প্ৰবাদ বাক্যত কোৱা হয়, ‘সময় আৰু জোঁৱাৰ কাৰোবাবে ৰৈ নাথাকে।’ কথাষাৰৰ নিশ্চয় সাৰ্বজনীন সত্যতা আছে; কাৰণ সময় হৈছে এনেকুৱা এটা বস্তু যিয়ে থমকি ৰ’বলৈ শিকা নাই। পাৰ হৈ যোৱা সময় আমি কেতিয়াও ঘূৰাই আনিব নোৱাৰো। সময় ইমানেই মূল্যৱান যে ইয়াক কোনো টকা-পইচাৰে কিনিব নোৱাৰি।
প্ৰত্যেকেই সময়ৰ যথাযথ ব্যৱহাৰৰ প্ৰতি মনোযোগী হ’ব লাগে কাৰণ আচলতে জীৱনটো সময়ৰ এক সমষ্টিহে মাথোন। আমি সকলোৱে সময়ৰ কাম সময়ত কৰিব লাগে। ছাত্ৰ-ছাত্ৰীসকলে সময়মতে পঢ়া-শুনা কৰি সময়ৰ যথাযথ ব্যৱহাৰ কৰিব লাগে। ব্যৱসায়ী এজনে সময়ৰ ব্যৱহাৰ এনেভাবে কৰিব লাগে যাতে তেওঁৰ খৰচ কৰা সময় ব্যৱসায়ৰ উত্তৰোত্তৰত ব্যৱহাৰ হয়। আচলতে জীৱনৰ সফলতা সময়ৰ উপযুক্ত ব্যৱহাৰৰ ওপৰতহে নিৰ্ভৰ কৰে।
আলস্যতা সময়ৰ হত্যাকাৰী বুলি ক’ব পাৰি। যিসকলে অভাৱতে সময় নষ্ট কৰে সিহঁতে নিশ্চয় ইয়াৰ ফল জীৱনত ভোগ কৰিব লাগিব। পিছত তেওঁ সময়ৰ মূল্য অনুধাৱন কৰিব পাৰিলেও¸ অনুতাপৰ বাহিৰে কৰিবলগীয়া একো নাথাকিব। আমি আমাৰ মূল্যৱান সময় ফচহু গল্প কৈ বা শুনি, বেয়া কিতাপ অধ্যায়ন কৰি বা কৰ্তব্যক অৱহেলা কৰি নষ্ট কৰা উচিত নহয়।
মানৱ জীৱন বৰ মূল্যৱান। এজন মানুহৰ মূল্য তেওঁ সম্পাদন কৰা কৰ্মৰ ওপৰত ভিত্তি কৰি গণনা কৰা হয়। আমি ইতিহাসৰ পাতত পাওঁ যিসকল ব্যক্তিয়ে মানৱ সভ্যতালৈ বিশেষ অৱদান আগবঢ়াইছে সিহঁতে সময়ৰ প্ৰতিটো মূহুৰ্তৰ সৎ ব্যৱহাৰৰ প্ৰতি সচেষ্ট আছিল। সময় ধনুৰ পৰা কাড় উৰি যোৱাৰ দৰে প্ৰতি মূহুৰ্তত আমাৰ পৰা আতঁৰি গৈ আছে। বুদ্ধিমানে সময় উৰি যোৱাৰ আগতেই থাপ মাৰি ধৰি ইয়াৰ সুপ্ৰয়োগ কৰে। সংক্ষেপতে ক’বলৈ গ’লে আমি সকলোৱেই জীৱনত নিয়মানুৱৰ্তিতা মানি চলিব লাগে। 0 0 0
বি. দ্র. উক্ত ‘সময়ৰ মূল্য অথবা নিয়মানুৱৰ্তিতা | Value of Time or Punctuality Essay in Assamese’ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘অসমীয়া ৰচনা শিক্ষা‘ গ্রন্থৰ অন্তর্গত।
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
অতিৰিক্ত অনুসন্ধান:
- অসমীয়া ৰচনা
- নির্বাচিত অসমীয়া সাহিত্য, ৰচনা আৰু ব্যাকৰণ
- তোমাৰ প্রিয় সাহিত্যিক
- জৈৱ বৈচিত্ৰ্য
- জনসংখ্যা বৃদ্ধিৰ সমস্যা