Home Quiz সাঁতোৰ কুইজ | Swimming Quiz

সাঁতোৰ কুইজ | Swimming Quiz

0

সাঁতোৰ কুইজ | Swimming Quiz

সাঁতোৰ কুইজ | Swimming Quiz

 

সাঁতোৰ কুইজ | Swimming Quiz

সাঁতোৰ কুইজ | Swimming Quiz

প্ৰঃ কোন চনৰ পৰা পুৰুষৰ বাবে অলিম্পিকত সাঁতোৰ খেল অন্তৰ্ভূক্ত কৰা হয়?

উঃ 1896 চনত।

প্ৰঃ কেতিয়াৰ পৰা অলিম্পিকত মহিলাৰ বাবে সাঁতোৰ খেল অন্তৰ্ভূক্ত কৰা হয়?

উঃ 1912 চনৰ ষ্টহ’ম অলিম্পিকৰ পৰা।

প্ৰঃ কেৱল মহিলাৰ সাঁতোৰ ইভেন্টটো কি?

উঃ চিনক্ৰ’নাইজড সাঁতোৰ।

প্ৰঃ  সাঁতোৰৰ  আটাইতকৈ লেহেমীয়া ষ্ট্ৰোক কোনটো?

উঃ ব্রেষ্ট ষ্ট্ৰোক।

প্ৰঃ ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা  প্ৰথমগৰাকী ব্যক্তিৰ নাম কি?

উঃ কেপ্তেইন মেথিউ ৱেব।

প্ৰঃ সাঁতোৰৰ বিষয়ে পোন প্ৰথমতে কোনে কিতাপ লিখে?

উঃ নিকোলাচ উইনমেন।

প্ৰঃ পাঁচখন মহাদেশৰ উল্লেখযোগ্য সাগৰীয় প্ৰণালী কেইটা সাঁতুৰি পাৰ হোৱা বিশ্বৰ প্ৰথম গৰাকী মহিলাৰ নাম কি?

উঃ বুলা চৌধুৰী।

প্ৰঃ কেপ্তেইন মেথিউ বেবে ইংলিছ চেনেল পাৰ হ’বলৈ কোনটো ষ্ট্ৰোক অৱলম্বন কৰিছিল?

উঃ ব্রেষ্ট ষ্ট্ৰোক সাঁতোৰ।

প্ৰঃ 1696 খ্ৰীষ্টাব্দত ফ্রান্সৰ এজন অপেছাদাৰী বৈজ্ঞানিক এম থেনেভটে সাঁতোৰৰ ওপৰত এখন কিতাপ ৰচনা কৰিছিল। কিতাপখনৰ নাম কি?

উঃ ‘দি আৰ্ট অব চুইমিং’।

প্ৰঃ ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা  এচিয়া মহাদেশৰ প্ৰথমজন ব্যক্তিৰ নাম কি?

উঃ আৰতি সাহা।

প্ৰঃ আন্তৰ্জাতিক সাঁতোৰ প্ৰতিযোগিতাসমূহ নিয়ন্ত্ৰণ কৰা আন্তঃৰাষ্ট্ৰীয়þ ক্ৰীড়া সংগঠনটোৰ নাম কি?

উঃ ফেডাৰেচন ইন্টানেচনেল ডি নেচন।

প্ৰঃ  ইংলিছ চেনেলৰ অন্তিম বিন্দুৰ মহানগৰ দুখন কি কি?

উঃ ড’ভাৰ আৰু কেলেইছ।

প্ৰঃ  দুবাৰ ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথম এছিয়ান গৰাকীৰ নাম কি?

উঃ বুলা চৌধুৰী। সাঁতোৰ কুইজ

প্ৰঃ 1896 চনত (আধুনিক অলিম্পিক খেল আৰম্ভণিৰ পৰা) সাঁতোৰৰ কোনটো ষ্ট্ৰোক অলিম্পিকৰ অপৰিহাৰ্য অংগ আছিল?

উঃ ফ্রি-ষ্টাইল সাঁতোৰ।

প্ৰঃ 1988 চনৰ আগষ্টত জিব্রাল্টৰ প্ৰণালী পাৰ হোৱা প্ৰথম শাৰীৰিক প্ৰতিবন্ধী লোকজনৰ নাম কি?

উঃ তাৰানাথ শ্বিনয়।

প্ৰঃ কোন চনৰ পৰা অলিম্পিকত ব্রেষ্ট ষ্ট্ৰোক এটা পৃথক ইভেন্ট হৈ পৰে?

উঃ 1904 চনৰ পৰা।

প্ৰঃ অলিম্পিক খেলত অনুষ্ঠিত কৰা চাৰি প্ৰকাৰৰ সাঁতোৰৰ নাম কোৱা?

উঃ ফ্রি ষ্টাইল, বেক ষ্ট্ৰোক, ব্রেষ্ট ষ্ট্ৰোক আৰু বাটাৰ ফ্লাই।

প্ৰঃ  সাঁতোৰৰ চাৰিটা ষ্ট্ৰোকৰ ভিতৰত কোনটো ষ্ট্ৰোক আটাইতকৈ বেগী?

উঃ ফ্রি ষ্টাইল।

প্ৰঃ 2001 চনৰ বিশ্ব একুৱাটিক চেম্পিয়নশ্বিপত ছটা সোণৰ পদক অৰ্জন কৰা বিশ্বৰ একমাত্ৰ সাঁতোৰবিদ গৰাকী কোন?

উঃ ইয়ান থেৰ্প।

প্ৰঃ অলিম্পিকত সকলোবোৰ সাঁতোৰ ইভেন্ট কিমান মিটাৰ পুলত অনুষ্ঠিত হয়?

উঃ 50 মিটাৰ।

প্ৰঃ 100 মিটাৰ বেক ষ্ট্ৰোকত বিশ্ব অভিলেখ গঢ়া মহিলা সাঁতোৰবিদৰ নাম কি?

উঃ নাটালি কাফ্‌লিন।

প্ৰঃ বিশ্ব সাঁতোৰ চেম্পিয়নশ্বিপৰ ইতিহাসত সৰ্বাধিক পদক অৰ্জন কৰা মহিলা গৰাকীৰ নাম কি?

উঃ জেনী থম্পছন। 0 0 0 সাঁতোৰ কুইজ | Swimming Quiz

Swimming Quiz

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ

সাঁতোৰ কুইজ | Swimming Quiz

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here