Home Literary Criticism সাম্প্ৰদায়িকতাঃএক সমালোচনাত্মক বিশ্লেষণ | Ismail Hossain Samprodayik

সাম্প্ৰদায়িকতাঃএক সমালোচনাত্মক বিশ্লেষণ | Ismail Hossain Samprodayik

0

সাম্প্ৰদায়িকতাঃএক সমালোচনাত্মক বিশ্লেষণ

ৰাব্বি মছৰুৰ

সাম্প্ৰদায়িকতাঃএক সমালোচনাত্মক বিশ্লেষণ  Ismail Hossain Samprodayik

 

সাম্প্ৰদায়িকতাঃএক সমালোচনাত্মক বিশ্লেষণ

কবি ইছমাইল হোছেইন এজন বহল দৃষ্টি সম্পন্ন কবি।  তেওঁৰ কবিতাত অসমীয়া সমাজৰ প্ৰায় সকলোবোৰ অৱক্ষয়ী দিশ পৰিস্ফুট  হৈ ধ’ৰা দিছে।  তেওঁৰ কবিতাত যিদৰে পোহৰৰ জয়গান আছে সেইদৰে আছে এন্ধাৰৰ কৰ্ফাল কোলাহল। কবিতাটিত ‘সাম্প্ৰদায়িকতা’ নামৰ গুণবাচক (abstract idea) ধাৰণাক সমাসোক্তি (personification) অলংকাৰৰ দ্বাৰা ব্যক্তিত্ব গুণ আৰোপ কৰি সাম্প্ৰদায়িকতাৰ কাৰ্যক্ৰমণিকা  পূৱাৰ সূৰুযটিৰ দৰেই স্পষ্ট আৰু সজীৱকৈ বৰ্ণনা কৰিছে।

কবিয়ে প্ৰথমতে সাম্প্ৰদায়িকতাক পদাঘাত কৰিবলৈ কৈছে –  কিয়নো ‘সাম্প্ৰদায়িকতা’ নামৰ বিষবৃক্ষই যুগে যুগে মানৱ জাতিৰ দেহত মৃত্যু বিহ ঢালি দিছে, মগজুত বিভেদৰ বীজ ৰোপন কৰিছে। কিন্তু কবিয়ে জানে যে  এই সাম্প্ৰদায়িকতা মানৱতাবাদহে ধবংশ কৰিব পাৰি।  সেয়ে মানৱতাবাদক উদ্দেশ্যি কৈছে–

“মোক পদাঘাত কৰা 

যুগে যুগে তোমাৰ প্ৰজন্মৰ তেজত ঢালিছো বিষ

মগজুত ৰোপন কৰিছো বিভেদৰ বীজ

হে, মানৱতা মোক পদাঘাত কৰা।”

বৰ্তমান সমাজত প্ৰজ্জ্বলিত অগ্নিকাণ্ড হৈ দেখা দিয়া সাম্প্ৰদায়িকতা প্ৰত্যক্ষ কৰি কবি হৃদয় বিয়াকুল হৈ উঠিছে। কিয়নো সাম্প্ৰদায়িকতাৰ বাবেই হিন্দুৱে মুছলমানৰ মছজিদ আৰু মুছলমানে হিন্দুৰ মন্দিৰ জ্বলাইছে। সাম্প্ৰদায়িকতাৰ বাবেই মছজিদৰ পৰা ‘আজান’ আৰু মন্দিৰৰ পৰা ‘হৰে কৃষ্ণ হৰে ৰাম’ বিতাৰিত হৈছে। সেয়ে কবিয়ে দ্বিতীয় স্তৱকত সাম্প্ৰদায়িকতাক দাহ কৰিবলৈ যুক্তি আগবঢ়াই লিখিছে —

“মোক দাহ কৰা

মই তোমাৰ ঘৰ আৰু বসতি জ্বলাইছো

মন্দিৰ জ্বলাইছো, মছজিদ জ্বলাইছো

মন্দিৰৰ পৰা বিতাৰণ কৰিছো ‘হৰে কৃষ্ণ হৰে ৰাম’ নাম

মছজিদৰ পৰা ‘আজান’।”

সাম্প্ৰদায়িকতা কোনো এক নিৰ্দিষ্ট চাৰিসীমাৰ ভিতৰত আবদ্ধ নহয়; ই মুক্ত আৰু সকলো দেশতে নিজৰ অস্তিত্ব বজাই ৰাখি ইয়াৰ কাৰ্যক্ৰমণিকা হেলাৰঙে বাস্তৱায়িত কৰি আছে। ই মুছলমানৰ ‘জামাত’ আৰু হিন্দুৰ ‘সংঘ পৰিয়াল’ৰ মাজতো আছে। সাম্প্ৰদায়িকতা মুছলমানৰ ভিতৰত সোমাই গাজীপুৰৰ পৰা ঢাকা নাইবা পাকিস্থান পৰিভ্ৰমণ কৰি  সাম্প্ৰদায়িকতাৰ বীজ সিঁচি মানৱ জাতিৰ মাজত বিভেদৰ সৃষ্টি কৰিছে। আকৌ কেতিয়াবা ই অমুছলিম অৰ্থাৎ হিন্দু হৈ অযোধ্যাত, মীৰাট, মোৰাদাবাদ আৰু বোম্বাইতো ধৰ্মৰ নামত ৰণশিঙা বজাইছে। কেতিয়াৱা ‘ৰাম’ৰ কথা কৈ ‘মহম্মদ’ৰ বুকুত ছুৰি মাৰিছে, অৰ্থাৎ সাম্প্ৰদায়িকতাই সকলো হত্যা  মৰামৰি সৃষ্টি কৰি মানৱ জাতিৰ একতাৰ এনাজৰী চিঙি  পেলাইছে। সেয়ে কবিয়ে তৃতীয় স্তৱকত কৈছে–

“মোক বেত্ৰাঘাত কৰা

মই ‘জামাত’ আৰু ‘সংঘ পৰিয়াল’ৰ প্ৰতিনিধি

মই মুছলিম হৈ পৰিভ্ৰমণ কৰিছো গাজীপুৰৰ পৰা পাকিস্থান,

পাকিস্থানৰ পৰা থিতাপি লৈছোঁ ঢাকাত

আকৌ হিন্দু হৈ ‘হিন্দু পৰিয়াল’ৰ পৰা আহিছো অযোধ্যাত

মই মীৰাটত আছিলো, মোৰাদাবাদত আছিলো

বোম্বাইতো খেলিছো ধৰ্মৰ ৰণচালি

ৰামৰ কথা কৈ মহম্মদৰ বুকুত মাৰিছো ছুৰি।”

সাম্প্ৰদায়িকতা অন্ধ আৰু কলা। ই একো নেদেখে বা একোৱেই নুশুনে। ইয়াৰ ওচৰত কোনো  নৈতিকতা নাইবা কোনো মানৱতা নাই। সেয়ে ই শ্ৰীচৈতন্য, কবীৰ, শংকৰদেৱ বা আজান ফকীৰ কোন তাক নাজানে। সেয়ে কবিয়ে কৈছে–

“বঙ্গ হৈ পৰিভ্ৰমণ কৰোতে মোক সোধা হৈছিল-

শ্ৰীচৈতন্য আৰু কবীৰ কোন

অসমলৈ আহিব খোজোতে মোক সোধা হৈছিল–

শ্ৰী শংকৰদেৱ আৰু আজন ফকীৰ কোন?

মইতো এনে কোনো মহাপুৰুষৰ নাম নেজানো

যাৰ স্মৰণে কঢ়িয়ায় সম্প্ৰীতিৰ বতৰা

মইতো এনে কোনো কথাই নেজানো

যাৰ বাবে অক্ষত থাকে মন্দিৰ অথবা মছজিদৰ চূড়া।”

সাম্প্ৰদায়িকতাৰ মাথোন এটাই কাম, এটাই উদ্দেশ্য- সৃষ্টিৰ আদৰ্শক বিনাশ কৰা। ই হত্যা কৰে মাকৰ বুকুৰ শিশুৰ কথা, সেউজ সপোন স্বাধীনতা। সেয়ে কবিয়ে সাম্প্ৰদায়িকতাক মানৱতাৰে হত্যা কৰিবলৈ আহ্বান কৰিছে–

“মোৰ এটাই মাথোন কাম

সৃষ্টিৰ সৌধবোৰ ধবংস কৰা

মই হত্যা কৰো মাকৰ বুকুৰ শিশুৰ কথা

মই হত্যা কৰো সেউজ সপোন স্বাধীনতা।

তুমি মোক হত্যা কৰা, হে মানৱতা

মোৰ নাম সাম্প্ৰদায়িকতা।”

কবিতাটি সাম্প্ৰদায়িকতাক লৈ ৰচিত যদিও ই কবিৰ কল্পনাতে আৱদ্ধ নাথাকি বাস্তৱমূখী হৈ পৰিছে। আন কথাত কবিতাটিত কোনো আকাশলঙঘী কল্পনা নাই। কবিয়ে বৰ্তমান পৃথিৱীত  সাম্প্ৰদায়িকতাৰ যি তাণ্ডৱ-নৃত্য দেখিছে ঠিক তাকেই ভাষাৰ সাজপাৰ পিন্ধাই পাঠকৰ সন্মুখত দাপোণৰ দৰে মেলি ধৰিছে। কবিতাটি সেয়ে সমাজ সচেতনতাৰ এক প্ৰাগলভ দলিল বুলি ক’ব পাৰি। কবিতাটিৰ ভাষা স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে অনুশীলন বহীত লিখা  সাধাৰণ গদ্য যেনেই লাগে। ইয়াত কোনো কাব্যিক অলংকাৰো নাই। কিন্তু কবিতাটিৰ বাস্তৱতা আৰু কল্পনাহীনতাই বাস্তৱ কবিতা হিচাপে ইয়াৰ মূল্য বাৰুকৈয়ে বৃদ্ধি কৰিছে। কবিতাটিত কোনো বিশেষ অলংকাৰ নাই যদিও কবিতাটিত উল্লেখ থকা ৰাম, কৃষ্ণ, কবীৰ, শ্ৰীচৈতন্য, মহম্মদ, আজান, শংকৰদেৱ আদি মহাপুৰুষৰ নামেৰে পৰিপূৰ্ণ। কবিতাটিত বহুতো স্থানৰ নামো আছে যেনে – গাজীপুৰ, অযোধ্যা, মীৰাট, ঢাকা, পাকিস্থান, বোম্বে, আদি। অসমীয়া ভাষাত সাম্প্ৰদায়িতকতাবাদক লৈ বহুতো কবিতা বিভিন্ন কবিয়ে ৰচনা কৰিছে যদিও তাৰে ভিতৰত এই কবিতাটিও সাম্প্ৰদায়িকতাবাদৰ ওপৰত লিখা এটি উল্লেখযোগ্য কবিতা। ০ ০ ০

.

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here