সৰ্বনাম পদৰ শ্ৰেণী বিভাগ
সৰ্বনাম পদৰ শ্ৰেণী বিভাগ
সৰ্বনাম পদৰ শ্ৰেণী বিভাগ | Classification of Assamese Pronoun
আমি শিকি আহিছো যে বিশেষ্য পদৰ সলনি যি পদ ব্যৱহাৰ কৰা হয় তাকে সৰ্বনাম (Pronoun) বোলে।
বৈশিষ্ট্য অনুযায়ী অসমীয়া সৰ্বনাম পদবোৰক প্ৰধানকৈ চাৰিটা ভাগত ভাগ কৰিব পাৰি, যথা–
(১) ব্যক্তিবোধক সৰ্বনাম ( Personal Pronoun)
(২) স্থানবোধক সৰ্বনাম (Pronominal Adverb of Place)
(৩) কালবোধক সৰ্বনাম (Pronominal Adverb of Time) আৰু
(৪) বিশেষণবোধক সৰ্বনাম (Pronominal Adjective)
তলত এইবোৰৰ বিষয়ে আলোচনা কৰা হ’ল।¸
ব্যক্তিবোধক সৰ্বনাম ( Personal Pronoun)
ব্যক্তি বা প্ৰাণীবাচক বিশেষ্য পদৰ সলনি যি পদ ব্যৱহাৰ হয় তাকে ব্যক্তিবোধক সৰ্বনাম বোলে। উদাহৰণ–
মই, আমি, সি, সিহঁত, তাই, তোমালোক, আমালোক, তেখেতসকল, তেখেত ইত্যাদি।
স্থানবোধক সৰ্বনাম (Pronominal Adverb of Place)
স্থানৰ নাম বুজোৱা বিশেষ্যৰ সলনি যি সৰ্বনাম পদৰ ব্যৱহাৰ হয় তাকে স্থানবোধক সৰ্বনাম বোলে। উদাহৰণ–
তাত, ইয়াত, তালৈ ক’লৈ, ইয়ালৈ ইত্যাদি।
কালবোধক সৰ্বনাম (Pronominal Adverb of Time)
কাল বা সময়ৰ নাম বুজোৱা বিশেষ্যৰ সলনি ব্যৱহাৰ হোৱা সর্বনামবোৰক কালবোধক সৰ্বনাম বোলে। উদাহৰণ–
আজি, এতিয়া, কালি, যেতিয়া, অহাকালি, পৰহি ইত্যাদি।
বিশেষণবোধক সৰ্বনাম (Pronominal Adjective)
সংজ্ঞা শব্দৰ আগত যিবোৰ সৰ্বনামে সেই শব্দই বুজোৱা বস্তুক আন বস্তুৰ পৰা পৃথক কৰা বুজায় সেইবোৰক বিশেষণবোধক সৰ্বনাম বোলে। উদাহৰণ–
এনেদৰে, এনেকৈ, ইমান, যিমান, তিমান, যেনেকৈ ইত্যাদি।
বি. দ্ৰ: ব্যক্তিবোধক সৰ্বনাম পদবোৰৰ বিভক্তি ৰূপ কৰোতে মূল শব্দৰ যি সাধাৰণ পৰিবৰ্তন ঘটে তাকে সৰ্বনামৰ তিৰ্যক ৰূপ (Oblique Form of Pronoun) বোলে । উদাহৰণ–
‘তুমি’ৰ ৰূপ ‘তোমাক’, ‘তোমালোকক’, ‘তোমাৰ’ আদি।
সৰ্বনাম পদৰ শ্ৰেণী বিভাগ
অনুশীলনী
(১) সৰ্বনাম কাক বোলে?
(২) বৈশিষ্ট্য অনুযায়ী অসমীয়া সৰ্বনাম পদক কেই শ্ৰেণীত ভাগ কৰা হৈছে?
(৩) ব্যক্তিবোধক সৰ্বনাম কাক বোলে? উদাহৰণসহ বুজাই লিখা।
(৪) স্থানবোধক সৰ্বনাম কাক বোলে? উদাহৰণসহ বুজাই লিখা।
(৫) কালবোধক সৰ্বনাম কাক বোলে? উদাহৰণসহ বুজাই লিখা।।
(৬) বিশেষণবোধক সৰ্বনাম কাক বোলে? উদাহৰণসহ বুজাই লিখা।
(৭) সৰ্বনামৰ তিৰ্যক ৰূপ কাক বোলে? উদাহৰণসহ বুজাই লিখা। ০ ০ ০
সৰ্বনাম পদৰ শ্ৰেণী বিভাগ.
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
অতিৰিক্ত অনুসন্ধান: