হজৰত আদম কুইজ
হজৰত আদম কুইজ
হজৰত আদম কুইজ
প্ৰঃ মানৱ জাতিৰ আদি পুৰুষ কোন?
উঃ হজৰত আদম (আঃ)।
প্ৰঃ আল্লাহই কি উদ্দেশ্যত আদম সৃষ্টি কৰিছে?
উঃ খেলাফত (প্ৰতিনিধি) আৰু আল্লাহৰ দাসত্ব কৰাৰ বাবে ।
প্ৰঃ আদমক কিহেৰে সৃষ্টি কৰা হৈছিল?
উঃ মাটিৰে।
প্ৰঃ আদম সৃষ্টিৰ বাবে ক’ৰ পৰা কোনে মাটি লৈ গৈছিল?
উঃ আদম সৃষ্টিৰ বাবে আল্লাহৰ আদেশত হজৰত আজৰাইলে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা মাটি লৈ গৈছিল।
প্ৰঃ আদম (আঃ)ক কোনে আকৃতি দিছিল?
উঃ হাদীছ মতে আদমৰ দেহ আৰু অংগ-প্ৰত্যংগসমূহ ফিৰিস্তাসকলে আৰু মুখমণ্ডল আল্লাহ নিজ হাতে আকাৰ দিছে।
প্ৰঃ মানুহক মূখমণ্ডলত মাৰিবলৈ কিয় হাক দিছে?
উঃ হজৰত মুহাম্মদ (ছাঃ) য়ে কৈছে যে মানুহৰ মুখমণ্ডলত মাৰিব নালাগে কাৰণ মানুহৰ মুখমণ্ডল আল্লাহই নিজ হাতে তৈয়াৰ কৰিছে।
প্ৰঃ হজৰত আদমক ক’ত সৃষ্টি কৰা হৈছিল?
উঃ তায়েফৰ পথাৰত।
প্ৰঃ আদমৰ অৱয়ব তৈয়াৰ কৰাৰ কিমান বছৰ পিছত তাৰ শৰীৰত আত্মা দিয়া হয়?
উঃ 120 বছৰ পিছত।
প্ৰঃ হজৰত আদম(আঃ)ৰ প্ৰথম বাক্য (কথা) কি আছিল?
উঃ আলহামদুলিল্লাহ।
প্ৰঃ হজৰত আদম (আাঃ)ৰ জন্ম কোন সময় হৈছিল?
উঃ শুক্ৰবাৰ আছৰৰ সময়ৰ পিছত।
প্ৰঃ আদম (আঃ) কিমান বছৰ বিহিস্তত বাস কৰিছিল?
উঃ 100 বছৰ।
প্ৰঃ আল্লাহই আদমক সিজদা কৰিবলৈ ফিৰিস্তাসকলক নিৰ্দেশ দিয়াত কোন ফিৰিস্তাই প্ৰথমতে সিজদা কৰিছিল?
উঃ হজৰত ইস্ৰাফিল (আঃ)।
প্ৰঃ আজাজিল (চয়তান)ৰ গলত লানত (অভিশাপৰ) ৰ তবক দেখি ফিৰিস্তাসকলে কি কৰিছিল?
উঃ আজাজিলৰ ডিঙিত লানতৰ তবক আৰু বিকট চেহেৰা দেখি ফিৰিস্তাসকল আল্লাহৰ ৰহমত (দয়া)ৰ মাজত আছে বুলি কৃতজ্ঞতাস্বৰূপ পুনৰাই আৰু একটি সিজদা দিয়ে। সেয়ে নামাজৰ প্ৰত্যেক ৰাকাতত দুটিকৈ সিজদা কৰিব লাগে।
প্ৰঃ আদমৰ সৃষ্টিৰ কিমান বছৰ পিছত আল্লাহই হজৰত হাওৱা (আঃ) ক সৃষ্টি কৰিছিল?
উঃ 40 বছৰ পিছত।
প্ৰঃ ‘আদম’ শব্দৰ অৰ্থ কি?
উঃ মানৱ জাতিৰ পিতা।
প্ৰঃ ‘হাওৱা’ শব্দৰ অৰ্থ কি?
উঃ অংশ।
প্ৰঃ হাওৱাৰ শৰীৰৰ ৰং কেনেকুৱা আছিল?
উঃ শ্যামল বৰণৰ।
প্ৰঃ গন্ধম ফল খোৱাৰ ফলত আদম আৰু হাওৱা (আঃ)ৰ কি শাস্তি হয়?
উঃ গন্ধম ফল খোৱাৰ পিছত আদম (আঃ) আৰু হাওৱা (আঃ)ৰ পৰিধানত থকা বিহিস্তি পোছাক খহি পৰে আৰু শাস্তিস্বৰূপ সিহঁতক বিহিস্তৰ পৰা পৃথিৱীলৈ নমাই দিয়ে।
প্ৰঃ গন্ধম ফল খোৱাৰ পিছত যেতিয়া আদম আৰু হাওৱা (আঃ)ৰ পৰিধানত থকা বস্ত্ৰ খহি পৰে তেতিয়া সিহঁতে লজ্জা নিবাৰণৰ বাবে কি কৰিছিল?
উঃ আদম (আঃ) তিনটি পেয়াৰা (আঞ্জৰ) গছৰ পাত আৰু হাওৱাই একে গছৰ পাঁচটা পাত পৰিধান কৰিছিল। সেই কাৰণে মানুহ মৰিলে পুৰুষৰ বাবে তিনিটা আৰু মহিলাৰ বাবে পাঁচ খণ্ড কাপোৰ দি দাফন কৰা হয়।
প্ৰঃ আদম (আঃ) আৰু হাওৱাক পৃথিৱীৰ ক’ত নিক্ষেপ কৰা হৈছিল?
উঃ আদম (আঃ)ক সিংহলত আৰু হাওৱাক জেদ্দাত পেলাই দিয়া হৈছিল।
প্ৰঃ বিহিস্তত থাকোঁতে আদম আৰু হাওৱাক কোনে গন্ধম খোৱাৰ বাবে প্ৰৰোচিত কৰিছল?
উঃ চয়তানে। এই কাৰ্যত আৰু দুটি প্ৰাণীয়ে সহায় কৰিছিল। সেই প্ৰাণী দুটিৰ এটি সাপ আৰু আনটো ময়ুৰ।
প্ৰঃ আল্লাহই চয়তান, সাপ, আৰু ময়ুৰক ক’ত নিক্ষিপ্ত কৰিছিল?
উঃ চয়তানক বসৰা নগৰত, ময়ুৰক কাবুলত আৰু সাপক স্পেইনত নিক্ষেপ কৰিছিল।
প্ৰঃ বিহিস্তৰ পৰা পৃথিৱীলৈ নিক্ষেপিত হোৱাৰ কিমান বছৰ পিছত আদম আৰু হাওৱা (আঃ) পুনৰ মিলিত হৈছিল?
উঃ 300 বছৰ পিছত আৰাফতৰ ময়দানত।
প্ৰঃ পৃথিৱীত আদম আৰু হাওৱাই কি খাদ্য গ্ৰহণ কৰিছিল?
উঃ গমৰ ৰুটি।
প্ৰঃ হজৰত আদম (আঃ)ৰ উপাধি কি আছিল?
উঃ ছফিউল্লাহ আৰু আবুল বাশাৰ।
প্ৰঃ হজৰত হাওৱা কিমানবাৰ গৰ্ভ ধাৰণ কৰিছিল?
উঃ 120 বাৰ। প্ৰতিবাৰতে এজনী কন্যা আৰু এজন পুত্ৰ সন্তান জন্ম গ্ৰহণ কৰিছিল। একমাত্ৰ শীস (আঃ) এককভাৱে জন্ম গ্ৰহণ কৰিছিল।
প্ৰঃ আদম আৰু হাওৱাৰ সন্তানসকলৰ মাজত প্ৰথম দুজন আৰু শেষ দুজনৰ নাম কি আছিল?
উঃ প্ৰথম দুজনৰ নাম হ’ল হাবিল (পুত্ৰ) আৰু আকলিমা (কন্যা)। আৰু শেষ দুজনৰ নাম আছিল আব্দুল মুগিছ (পুত্ৰ) আৰু উম্মুল মুগিছ (কন্যা)।
প্ৰঃ কাবিলে তেওঁৰ ককায়েক হাবিলক ক’ত হত্যা কৰিছিল?
উঃ দামাষ্কৰ উত্তৰ দিশত থকা মাগাৰাত আদদাম নামে পৰ্বতৰ গুহাত।
প্ৰঃ হাবিলক হত্যা কৰি কাবিলে কিমান বছৰ ককায়েকৰ মৃতদেহ কান্ধত কঢ়িয়াই ফুৰিছিল?
উঃ এক বছৰ। হজৰত আদম কুইজ
প্ৰঃ পৃথিৱীত সৰ্বপ্ৰথম কাৰ জানাজা অনুষ্ঠিত হয়?
উঃ হাবিলৰ। হাবিলৰ মৃত্যু সংবাদ শুনি হজৰত আদম (আঃ)য়ে জিব্রাইলৰ নিৰ্দেশ অনুসাৰে হাবিলৰ মৃতদেহ কবৰৰ পৰা তুলি গা ধোৱাই কাফন পৰিধান কৰাই দাফন কৰে।
প্ৰঃ আদম (আঃ) জীৱনকালত কিমানজন বংশধৰ দেখি গৈছিল?
উঃ 40,000।
প্ৰঃ আদম (আঃ) কিমান বছৰ পৃথিৱীত জীৱিত আছিল?
উঃ 960 বছৰ।
প্ৰঃ আদম (আঃ)ৰ কবৰ ক’ত দিয়া হৈছিল?
উঃ মক্কাৰ আবি কাবিছ পাহাৰৰ পদদেশত ৰত্ন গুহাত।
প্ৰঃ নিজ ভাতৃক হত্যা কৰাৰ অপৰাধত কাবিলৰ কি শাস্তি হৈছিল?
উঃ ভাতৃ হত্যাৰ শাস্তি স্বৰূপ আদম (আঃ)য়ে বিচাৰ কৰি কাবিলক প্ৰাণদণ্ড দিছিল।
প্ৰঃ হাবিলৰ মৃত্যুৰ পিছত কাৰ জন্ম হয়?
উঃ হজৰত শীস (আঃ)ৰ।
প্ৰঃ ‘শীস’ শব্দৰ অৰ্থ কি?
উঃ আল্লাহৰ উপহাৰ।
প্ৰঃ হজৰত আদম (আঃ)ৰ পিছত কোনজন নবী হয়?
উঃ হজৰত শীস আলাইহে ৱা ছালাম। ০ ০ ০
হজৰত আদম কুইজ
বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)
- বিবিধ …
অতিৰিক্ত অনুসন্ধান: