Home Essay হজৰত আবু বকৰ । Hazarat Abu Bakr

হজৰত আবু বকৰ । Hazarat Abu Bakr

0

হজৰত আবু বকৰৰ—ইসলামৰ প্ৰথম খলিফা, নবী মুহাম্মদৰ সংগী, আৰু এটি অসামান্য নেতৃত্বৰ উদাহৰণ। তেওঁৰ আধ্যাত্মিকতা, বিচক্ষণতা আৰু অনুকৰণীয় জীৱনশৈলী সম্বন্ধে জানক।”

হজৰত আবু বকৰ । Hazarat Abu Bakr

হজৰত আবু বকৰ  । Hazarat Abu Bakr

(নিবন্ধ )

চমু পৰিচয়:

হজৰত আবু বকৰ (ৰাঃ) আছিল ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদ (ছাঃ)ৰ চিৰ সহচৰ, ইছলাম ধৰ্মত দীক্ষিত হোৱা প্ৰথমজন পুৰুষ, দাতা, নবীয়ে স্থাপন কৰা ইছলামী ৰাষ্ট্ৰৰ প্ৰথমজন ন্যাপৰায়ণ খলিফা, কোৰানৰ সংকলক আৰু সুদক্ষ প্ৰশাসক। তেওঁৰ জন্ম হয় ৫৭৩  খৃঃত মক্কাৰ বিখ্যাত বানু তাইফ গোত্ৰত। তেওঁৰ দেউতাকৰ নাম আছিল আবু কাহাফ আৰু মাকৰ নাম আছিল উম্মে খায়ৰ। তেওঁৰ জন্ম পৌত্তলিক গোত্ৰত হৈছিল যদিও সৰুৰে পৰা তেওঁ মূৰ্তিপূজা বেয়া পাইছিল আৰু একেশ্বৰবাদত বিশ্বাসী আছিল। তেওঁ সৰু কালৰ পৰাই আছিল অমায়িক, নম্ৰ আৰু পৰোপকাৰী স্বভাৱৰ।  তেওঁৰ দেউতাক এজন ব্যৱসায়ী আছিল আৰু আবু বকৰেও সৰু কালৰ পৰা দেউতাকৰ লগত ব্যৱসায-বাণিজ্যত জড়িত হৈ পৰিছিল।
 
৫১০ খৃঃত হজৰত মহম্মদ (ছাঃ)য়ে নবুৱত লাভ কৰে আৰু হজৰত আবু বকৰে প্ৰথমে নবীজীৰ পৰা ইছলাম ধৰ্ম গ্ৰহণ কৰে আৰু তেতিয়াৰ পৰাই তেওঁ নবীজীৰ এজন প্ৰধান চাহাবী (সহচৰ)ত পৰিণত হয় আৰু আজীৱন নবীজীৰ লগত থাকি ইছলাম প্ৰচাৰ কৰাত নিজকে নিয়োজিত কৰে। নবুৱত লাভ কৰাৰ পিছত এবাৰ আল্লাহই নবীজীক উৰ্দ্ধলোক (মেৰাজ) ভ্ৰমণ কৰায়। এই বাতৰি কাফেৰকসলে বিশ্বাস কৰিবলৈ টান পাইছিল কিন্তু হজৰত আবু বকৰে কোনো প্ৰশ্ন নকৰাকৈয়ে বিশ্বাস কৰিছিল বাবে নবীজীয়ে আবু বকৰক ‘ছিদ্দিক’ (বিশ্বাসী) উপাধী প্ৰদান কৰে।
 
৬২২ খ্ৰীষ্টাব্দত হজৰত মহম্মদ (ছাঃ) মক্কাৰ অধিবাসীসকলৰ অত্যাচাৰত অতিষ্ঠ হৈ মক্কাৰ পৰা মদীনালৈ হিজৰত কৰাৰ সময়ত হজৰত আবু বকৰেও নবীজীৰ লগত মদীনালৈ হিজৰত কৰে। মদীনাৰ পৰা  হজৰত মহম্মদ (ছাঃ)য়ে বিভিন্ন ইছলাম বিৰোধী কাফেৰ সকলৰ বিৰুদ্ধে কৰা সকলোবোৰ অভিযানতে সক্ৰিয় অংশ গ্ৰহণ কৰিছিল আৰু ধন দি সহায় কৰিছিল। ৬৩২ খ্ৰীষ্টাব্দৰ ২৯ আগষ্টত হজৰত মহম্মদ (ছাঃ)ৰ ইন্তেকাল হয় আৰু হজৰত আবু বকৰ (ৰাঃ) নবীজীৰ পিছত হজৰত মহম্মদ (ছাঃ)য়ে মদীনাক কেন্দ্ৰ কৰি স্থাপন কৰা ইছলামী ৰাষ্ট্ৰৰ প্ৰথমজন ন্যায়সংগত খলিফা নিযুক্ত হয়।
 
হজৰত মহম্মদ (ছাঃ)ৰ ইন্তকালৰ পিছত কেইবাজনো ব্যক্তিয়ে নিজকে ‘নবী’ বুলি দাবী কৰে আৰু বহুতো নৱদীক্ষিত মুছলমানে ইছলাম ত্যাগ কৰি ইছলামৰ বিৰোধীতা কৰিবলৈ লয়। নৱনিযুক্ত খলিফা আবু বকৰে বৰ কঠোৰ হাতেৰে ভণ্ড নবীসকল আৰু ইছলাম ত্যাগীসকলক দমন কৰে আৰু ইছলাম ধৰ্মক অৰাজক অৱস্থাৰ পৰা ৰক্ষা কৰে।
 
হজৰত মহম্মদ (ছাঃ)ৰ ওপৰত নাজিল হোৱা কোৰানখন তেখেতৰ জীৱন কালত সংকলন হোৱা নাছিল। কোৰানখন চাহাবাসকলে মুখস্থ কৰি ৰাখিছিল। কিন্তু ৰিদ্দাৰ যুদ্ধত কোৰানৰ বহুতো হাফিজ (কোৰন মুখস্থকাৰী) শ্বহীদ হয়। সেয়ে কোৰানখন সুৰক্ষিত কৰিবলৈ হজৰত ওমৰ (ৰাঃ)ৰ পৰামৰ্শ অনুযায়ী আবু বকৰে হাছান বিন ছাবিতৰ নেতৃত্বত কোৰানখন গ্ৰন্থ আকাৰে সংকলন কৰে।
 
ইয়াৰ পিছত আবু বকৰে বাইজেন্টাইন সাম্ৰাজ্যৰ অন্তৰ্গত চিৰিয়া আৰু ইৰাক অভিযান কৰে।  এই অভিযান চলি থাকেতে ৬৩৪ খ্ৰীষ্টাব্দত তেওঁ পৰলোক গমন কৰে।

আৰবী ভাষা-সাহিত্যলৈ অৱদানঃ

হজৰত আবু বকৰ এজন শিক্ষিত লোক আছিল। কবিতাৰ প্ৰতি তেওঁৰ অভিৰুচি আছিল আৰু কিছু কবিতাও ৰচনা কৰিছিল যদিও তেওঁ বৃত্তিধাৰী কবি নাছিল। কিন্তু আৰবী ভাষা আৰু সাহিত্যৰ বিকাশত তেওঁৰ অৱদান আছে। তেওঁ নিজে নবীজীৰ বহুতো হাদীছ মুখস্থ ৰাখিছিল আৰু সেইবোৰ জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিছিল।
 
বক্তা হিচাপে তেওঁ আছিল বাগ্মী। তেওঁৰ বক্তৃতাসমূহ ভাৱৰ গাম্ভীৰ্য, শব্দ নিৰ্বাচন, উপলব্ধিৰ গভীৰতা আদিৰ দিশৰ পৰা আছিল অতুলনীয় আৰু প্ৰভাৱশীল।  হজৰত মহম্মদ (ছাঃ)ৰ পৰলোক গমনৰ পিচত পৰৱৰ্তী খলিফা নিৰ্বাচনক হৈ বহু বিতৰ্কৰ সৃষ্টি হয়। তেতিয়া হজৰত আবু বকৰ (ৰাঃ)য়ে আনছাৰ সম্প্ৰদায়ক উদ্দেশ্যি যি বক্তব্য প্ৰদান কৰিছিল তাৰ কিয়দাংশ তেওঁৰ গদ্যৰ নুমনাস্বৰূপ তলত উদ্বৃত কৰা হ’ল–
 
“হে আনছাৰ সম্প্ৰদায়! ধৰ্মৰ প্ৰতি তোমালোকৰ ত্যাগ আৰু সেৱাৰ বিষয় আৰু ইছলামৰ প্ৰতি তোমালোকৰ গৌৰৱময় শ্ৰেষ্ঠত্বৰ কথা কোনেও অস্বীকাৰ কৰিব নোৱাৰে। আল্লাহ তোমালোকক পছন্দ কৰে তাৰ ধৰ্মৰ আৰু ৰছুলৰ সাহাৰ্যকাৰী হিচাপে তোমালোকৰ ওচৰলৈ নবীজীৰ হিজৰত ঘটাইছে। তেখেতৰ শ্ৰেষ্ঠ চাহাবাবৃন্দ তোমালোকৰ মাজতেই বিদ্যমান। প্ৰাথমিক পৰ্যায়ৰ মোহাজিৰসকলৰ পিছত আমি অন্য কাকো তোমালোকৰ সমতুল্য বুলি নাভােবা। সেয়ে আমালোক শাসক আৰু তোমালোক মন্ত্ৰী। তোমালোকৰ লগত পৰামৰ্শ নকৰি আমি একো নকৰো আৰু তোমালোকৰ পৰামৰ্শ অবিহনে আমি কোনো সিদ্ধান্ত গ্ৰহণ নকৰো।”
 
উদ্ববৃত  গদ্যফাকিয়ে প্ৰমাণ কৰে, হজৰত আবু বকৰৰ গদ্য কিমান সৰল, যুক্তিসংগত আৰু প্ৰভাৱশালী আছিল।
 
ইয়াৰ উপৰিও তেওঁ শুক্ৰবাৰৰ সমেবত নামাজৰ সময়ত দিয়া (খুৎবা)ভাষণেবাৰৰ দ্বাৰাও আৰবী গদ্যৰ বিকাশ আৰু প্ৰচাৰ হৈছিল। এনেদৰে নিজে লিখক নহৈয়ো আবু বকৰে আৰবী গদ্যৰ বিকাশত অৱদান আগবঢ়াইছিল। ০ ০ ০.
.

হজৰত আবু বকৰ  । Hazarat Abu Bakr

(নিবন্ধ )

হজৰত আবু বকৰ (ৰাঃ)

জন্ম আৰু পৰিয়াল

হজৰত আবু বকৰ (ৰাঃ) ৫৭৩ খ্ৰীষ্টাব্দত মক্কাত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতাৰ নাম আছিল উসমান ইবনে আমৰ আৰু মাতাৰ নাম আছিল সালমা বিনতে সখৰ। তেওঁ কুৰাইশ বংশৰ বানু তাইম গোত্ৰৰ অন্তৰ্গত আছিল।

শৈশৱ আৰু যুৱকাল

আবু বকৰ (ৰাঃ) শৈশৱৰ পৰাই সৎ আৰু ন্যায়বান আছিল। তেওঁ বাল্যকালৰ পৰা ব্যৱসায়ৰ সৈতে জড়িত আছিল আৰু মক্কাত এজন ধনী ব্যৱসায়ী হিচাপে পৰিচিত হৈছিল। তেওঁ সত্য কথা আৰু সদাচাৰিতাৰ বাবে জনাজাত আছিল।

ইছলাম গ্ৰহণ

হজৰত মুহাম্মদ (ছাঃ) ইছলামৰ প্ৰচাৰ আৰম্ভ কৰাৰ পিছত আবু বকৰ (ৰাঃ) প্ৰথমে ইছলাম গ্ৰহণ কৰা লোকসকলৰ ভিতৰত এজন আছিল। তেওঁ মুহাম্মদ (ছাঃ)ৰ ঘনিষ্ঠ বন্ধু আছিল আৰু তেওঁৰ প্ৰচাৰ কাজত সহায় কৰিছিল।

ইছলামৰ প্ৰচাৰ আৰু সহায়তা

আবু বকৰ (ৰাঃ) ইছলামৰ প্ৰচাৰত তেওঁৰ ধন-সম্পত্তি ব্যৱহাৰ কৰিছিল। তেওঁ বহু দাসক মুক্ত কৰিছিল আৰু ইছলামৰ প্ৰচাৰ কাজত সহায় কৰিছিল। তেওঁ মুহাম্মদ (ছাঃ)ৰ সৈতে মদিনালৈ হিজৰত কৰিছিল।

খিলাফত আৰু শাসনকাল

মুহাম্মদ (ছাঃ)ৰ মৃত্যুৰ পিছত আবু বকৰ (ৰাঃ) প্ৰথম খলিফা হিচাপে নিৰ্বাচিত হৈছিল। তেওঁৰ শাসনকালত তেওঁ বহু বিদ্ৰোহ দমন কৰিছিল আৰু ইছলামিক সাম্ৰাজ্যৰ বিস্তাৰ ঘটাইছিল। তেওঁ কুৰআনৰ সংকলনত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল।

মৃত্যু আৰু সমাধি

আবু বকৰ (ৰাঃ) ৬৩৪ খ্ৰীষ্টাব্দত মৃত্যু বৰণ কৰিছিল। তেওঁক মদিনাৰ মছজিদে নবৱীত মুহাম্মদ (ছাঃ)ৰ সমাধিৰ কাষত সমাধিস্থ কৰা হৈছিল। তেওঁৰ শাসনকালত ইছলামিক সাম্ৰাজ্যৰ বিস্তাৰ আৰু স্থিতিশীলতা নিশ্চিত হৈছিল।

উপসংহাৰ

হজৰত আবু বকৰ (ৰাঃ) ইছলামৰ ইতিহাসত এজন গুৰুত্বপূর্ণ ব্যক্তি আছিল। তেওঁৰ সৎ আৰু ন্যায়বান জীৱন, ইছলামৰ প্ৰচাৰকাজত সহায়তা আৰু খিলাফতৰ সময়ৰ শাসনকালে তেওঁক ইছলামিক ইতিহাসত এক বিশেষ স্থান দান কৰিছে। 0 0 0

.
বি দ্রঃ উক্ত ‘হজৰত আবু বকৰ  । Hazarat Abu Bakr’ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘আৰবী সাহিত্যৰ ইতিহাস-প্রাথমিক ইছলামী যুগ‘ গ্রন্থখনৰ পৰা লোৱা হৈছে।
.

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Additional Searches:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here