Home Literary Criticism হজৰত ওমৰ। Hazarat Omar

হজৰত ওমৰ। Hazarat Omar

0

হজৰত ওমৰ (ৰাঃ) আছিল ইছলাম ধর্মৰ প্ৰৱৰ্তক হজৰত মহম্মদ (ছাঃ)ৰ এজন বিখ্যাত চাহাবা (সংগী), ইছলাম প্ৰচাৰক, ইছলামৰ দ্বিতীয় ন্যায়সংগত খলিফা আৰু দিগ্বিজয়ী বীৰ।

হজৰত ওমৰ। Hazarat Omar

হজৰত ওমৰ । Hazarat Omar

হজৰত ওমৰ (ৰাঃ) আছিল ইছলাম ধর্মৰ প্ৰৱৰ্তক হজৰত মহম্মদ (ছাঃ)ৰ এজন বিখ্যাত চাহাবা (সংগী), ইছলাম প্ৰচাৰক, ইছলামৰ দ্বিতীয় ন্যায়সংগত খলিফা আৰু দিগ্বিজয়ী বীৰ। তেওঁৰ জন্ম হৈছিল ৫৮৩ খ্ৰীষ্টাব্দত আৰবৰ বিখ্যাত বানু আদী গোত্ৰত। তেওঁৰ দেউতাকৰ নাম আছিল খাত্তাব বিন নুফাইল আৰু মাকৰ নাম আছিল হানতামা বিন হিশ্বাম।
 
ডেকা কালত তেওঁ দেউতাকৰ লগত ভেড়া চৰোৱাৰ লগতে কঠোৰ পৰিশ্ৰমৰ কাম কৰিছিল। তেওঁ আছিল এজন অতি কঠোৰ প্ৰকৃতিৰ লোক। জীৱনৰ প্ৰথমাৰ্ধত তেওঁ ইছলামৰ ঘোৰ বিৰোধীতা কৰিছিল আৰু নবীজীক হত্যা কৰাৰো ষড়যন্ত্ৰ কৰিছিল। কিন্তু পিছলৈ তেওঁৰ নিজৰ ভনীয়েকৰ কণ্ঠত কোৰান পাঠ শুনি মুগ্ধ হয় আৰু ইছলাম গ্ৰহণ কৰে। ইছলাম গ্ৰহণ কৰি তেওঁ নবীজীৰ এজন বিশ্বস্ত সহচৰত পৰিণত হয় আৰু আজীৱন ইছলামৰ সেৱাত নিজকে নিয়োজিত কৰে।
৬২২ খ্ৰীষ্টাব্দত তেওঁ নবীজীৰ আমন্ত্ৰণক্ৰমে মক্কাৰ পৰা মদীনালৈ হিজৰত কৰে আৰু নবীজীৰ লগত ইছলাম প্ৰচাৰ কৰি থাকে। ৬৩২ খ্ৰীষ্টাব্দত নবীজীৰ ইন্তেকাল হয় আৰু হজৰত আবু বকৰ মদীনাক কেন্দ্ৰ কৰি নবীজীয়ে স্থাপন কৰা ইছলামী ৰাষ্ট্ৰৰ খলিফা নিযুক্ত হয়। আবু বকৰে মাত্ৰ দুই বছৰ ৰাজত্ব কৰাৰ পিছত পৰলোক গমন কৰে আৰু হজৰত ওমৰ তেওঁৰ স্থলাভিষিক্ত হয়।
 
খলিফা পদত অধিষ্ঠিত হৈ তেওঁ ইছলামী সাম্ৰাজ্য নিষ্কণ্টক কৰিবলৈ সাম্ৰাজ্য অভিযান আৰম্ভ কৰে আৰু তেওঁৰ ৰাজত্বকালৰ মাত্ৰ দহ বছৰৰ ভিতৰতে বাইজান্টাইন সাম্ৰাজ্যৰ লগতে ৰোমান সাম্ৰাজ্যৰ বহু অংশ ইছলামী সাম্ৰাজ্যৰ অন্তৰ্ভূক্ত কৰে। তেওঁ আনকি আফ্রিকালৈকে সাম্ৰাজ্য বিস্তাৰ কৰি বিশ্বৰ প্ৰায় আধা অংশৰ অধিপতি হয়।
 
তেওঁ অকল দিগ্বিজয়ী বীৰ যোদ্বাই নাছিল, তেওঁ এজন সুদক্ষ প্ৰশাসকো আছিল। তেওঁ জয় কৰা সকলো ৰাষ্ট্ৰতে ইছলামী শাসন প্ৰৱৰ্তন কৰিছল আৰু সেইবোৰ ৰাষ্ট্ৰত শান্তি আৰু নিৰাপত্তা সুদৃঢ় কৰিছিল। তেওঁ বহুতো জনহিতকৰ কামো কৰিছিল। তেওঁ প্ৰায় ৮০০ মছজিদ নিৰ্মাণ কৰাইছিল আৰু বহুতো মাদ্ৰাছা স্থাপন কৰিছিল।
 
তেওঁ সুশাসন সুদৃঢ় কৰিবলৈ ইছলামী ৰাষ্ট্ৰক কেইবাটাও প্ৰদেশত ভাগ কৰিছিল আৰু প্ৰদেশবোৰ কেইবাটাও উপভাগত ভাগ কৰিছিল।  ইয়াৰ উপৰিও তেওঁ এক স্থায়ী সেনাবাহিনী গঠন কৰিছিল আৰু সৈনিকসকলক জাইগীৰি দিয়াৰ পৰিৱৰ্তে দৰ্মহা দিয়াৰ ব্যৱস্থা কৰিছিল।
 
এনে এক বিশাল সাম্ৰাজ্যৰ অধিপতি হজৰত ওমৰক ৬৪৪ খ্ৰীষ্টাব্দৰ এদিনাখন মদীনা মছজিদত সমেবত নামাজ পঢ়াই থকা অৱস্থাত আবু লুলু ফিৰোজ নামৰ এজন পাৰ্চী যুৱকে চুৰীৰে আঘাত কৰি শ্বহীদ কৰে।
 
আৰবী ভাষা-সাহিত্যলৈ অৱদানঃ হজৰত ওমৰ এজন শিক্ষিত ব্যক্তি আছিল। ইছলাম গ্ৰহণৰ পূর্বেই তেওঁ আৰবী ভাষা আয়ত্ব কৰিছিল আৰু হিব্রূ ভাষাত পাৰদৰ্শীতা লাভ কৰিছিল। তেওঁৰ বাকশক্তি আছিল অসাধাৰণ।
 
তেওঁ কবিতা ৰচনা কৰিছিল যদিও তেওঁ বৃত্তিধাৰী কবি নাছিল। তেওঁ যুদ্ধ ক্ষেত্ৰত কবিতা ৰচনা কৰি বা আন কবিৰ কবিতা আবৃত্তি কৰি যোদ্ধাসকলৰ মনোবল বৃদ্ধি কৰিছিল। তেওঁ নবীজীৰ বহুতো হাদীছ মুখস্থ কৰিছিল আৰু সেইবোৰ জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিছিল। ইয়াৰ উপৰিত তেওঁ প্ৰতি শুক্ৰবাৰ সাপ্তাহিক নামাজৰ সময়ত ধৰ্মনীতি, সমাজনীতি, ৰাষ্ট্ৰনীতি আদিৰ ওপৰত বহুতো বক্তৃতা প্ৰদান কৰিছিল।
 
তেওঁৰ ভাষণ আছিল শক্তিশালী, আকৰ্ষণীয়, পৰিচ্ছন্ন, উদাত্ত  আৰু হৃদয়গ্ৰাহী। তেওঁৰ বাকপটুতা, প্ৰকাশভংগী আৰু লালিত্যই অনান্য বক্তাসকলক আকৰ্ষিত কৰিছিল। তেওঁৰ আৰবী গদ্যৰ নমুনাস্বৰূপ তেওঁ খলিফা পদত নিযুক্তি পোৱাৰ পিছত প্ৰথম যি ভাষণ প্ৰদান কৰিছিল তাৰ কেইশাৰীমান তলত উদ্বৃত কৰা হ’ল–
 
“হে আল্লাহ! মই বৰ কঠোৰ, মোক কোমল কৰি দিয়া। হে আল্লাহ! মই বৰ দুৰ্বল, মোক শক্তি দিয়া। আৰববাসীসকল অবাধ্য উটৰ দৰে, সিহঁতৰ লাগাম মোৰ হাতত অৰ্পণ কৰা হৈছে, সিহঁতক সঠিক পথত পৰিচালিত কৰাৰ শক্তি মোক দিয়া।”
 
হজৰত ওমৰ (ৰাঃ)ৰ বহু বাক্য প্ৰবচনত পৰিণত হৈছে, যেনেঃ
 
(ক) আজিৰ কাম কেতিয়াও অহাকালিৰ বাবে পেলাই নথবা।
(খ) যাক তুমি ঘৃণা কৰা তেওঁক অন্তৰৰ পৰা ভয়ো কৰিবা।
(গ) সংসাৰ জীৱনত যিমান আসক্তহীন হবা সিমানেই স্বাধীন থাকিবা।
(ঘ)  মানুহৰ নামাজ, ৰোজা চাই তেওঁৰ বিচাৰ নকৰিবা, তেওঁৰ জ্ঞান আৰু সাধুতা কিমান সেয়া লক্ষ্য কৰিবা।
(ঙ) যি লোক নিজৰ  বুদ্ধিমতে চলে তেওঁ বিষয়কৰ্ম নিজৰ আয়ত্বাধীন।
 
ইয়াৰ উপৰি প্ৰশাসনিক কালছোৱাত তেওঁৰ তলতীয়া কৰ্মচাৰীলৈ বহুতো চিঠি-প্ৰত্ৰ, চুক্তি পত্ৰ আদি লিখিবলগা হৈছিল। এনেদৰে তেওঁ ভাষণ, চিঠিপত্ৰ, হাদীছ প্ৰচাৰ আদিৰ জৰিয়তে আৰবী গদ্যৰ বিকাশত অৱদান আগবঢ়াইছিল। ০ ০ ০.

হজৰত ওমৰ -জীবনী 

আৰম্ভণি

হজৰত ওমৰ (ৰ.) আছিল দ্বিতীয় খলিফা তথা ইছলামৰ ইতিহাসত অন্যতম বিশিষ্ট ব্যক্তিত্ব। ইছলামৰ প্ৰচাৰ আৰু বিকাশত তেওঁ গভীৰ প্ৰভাৱ বিস্তাৰ কৰিছিল। হজৰত ওমৰ (ৰ.)ৰ নেতৃত্ব, ন্যায়বোধ আৰু সাহসিকতা ইছলামৰ ইতিহাসত এক নতুন দিশ দৰ্শাইছিল। তেখেতৰ জীৱন কাহিনী, চৰিত্ৰ, নেতৃত্ব গুণ আৰু ন্যায়ৰ বোধ বিশ্ববাসীৰ বাবে প্ৰেৰণা।

জন্ম আৰু শৈশৱ

হজৰত ওমৰ (ৰ.)ৰ পূৰ্ণ নাম আছিল ওমৰ ইবন খাত্তাব। তেখেতৰ জন্ম মক্কাৰ কোৰাইশ গোত্ৰৰ বনু শাখাত হৈছিল। তেখেতৰ পিতৃ আছিল খাত্তাব ইবন নুফাইল আৰু মাতৃ আছিল হান্তমা বিনতে হিছাম। তেখেতৰ শৈশৱ সৰল আৰু কঠোৰ পৰিবেশত কটাইছিল ।

ইছলাম গ্ৰহণ

প্রথম অৱস্থাত তেখেত ইছলামী ধৰ্মৰ কঠোৰ  বিরোধী আছিল আৰু তেখেত মুহাম্মদ (চ.)কো চাৰ্মথ্য কৰিছিল। কিন্তু এদিন, তেখেতৰ ভগ্নী আৰু ভগ্নীপতি ইছলাম ধৰ্ম গ্ৰহণ কৰা জানি, তেখেতৰ মনত এক অলংঘ্য পৰিবৰ্তন আহে। কিছু দিনৰ পিছত হজৰত ওমৰ (ৰ.) ইছলাম গ্ৰহণ কৰে। ইছলামৰ ইতিহাসত ইয়াক এক বিশেষ পৰিবৰ্তন হিচাপে গণ্য কৰা হয়।

খিলাফত কাল

হজৰত ওমৰ (ৰ.) ইছলামৰ  দ্বিতীয় খলিফা হিচাপে দায়িত্ব গ্রহণ কৰে। তেখেতৰ খিলাফতৰ সময় প্ৰায় ১০ বছৰ ধৰি চলিছিল। তেখেতৰ নেতৃত্বৰ সময়ত ইছলামিক সাম্ৰাজ্যৰ বিস্তৃতি বৃদ্ধি পায়। তেওঁ যুদ্ধ আৰু কূটনীতিৰ সহায়ত নতুন নতুন অঞ্চল দখল কৰি সাম্ৰাজ্যৰ বিস্তৃতি ঘটাইছিল। ইছলামৰ নতুন চৰিয়াহ (ইছলামিক আইন)ৰ প্ৰৱন্ধনৰ ক্ষেত্ৰত তেওঁ এক অগ্ৰগণ্য ভূমিকা পালন কৰিছিল।

হজৰত ওমৰ (ৰ.)ৰ নেতৃত্ব

হজৰত ওমৰ (ৰ.) আছিল এজন শক্তিশালী আৰু বিচক্ষণ নেতা। তেখেতৰ নেতৃত্বৰ সময়ত ইছলামিক সাম্ৰাজ্য মিচৰ আৰু ইৰাণৰ দৰে শক্তিশালী ৰাষ্ট্ৰক পৰাজিত কৰি সাফল্য লাভ কৰিছিল। যুদ্ধত সাহস আৰু ন্যায়ৰ প্ৰদৰ্শন কৰি তেখেতে এক আদৰ্শ স্থাপন কৰিছিল।

ন্যায় আৰু শাসন ব্যৱস্থা

হজৰত ওমৰ (ৰ.)ৰ শাসন ব্যৱস্থাৰ মূল ভিত্তি আছিল ন্যায়বোধ। তেখেতৰ সময়ত ইছলামিক আইন সঠিকভাৱে ৰূপায়ণ কৰা হৈছিল। সৰ্বত্ৰ ন্যায়ৰ প্ৰভাৱ বিস্তাৰ কৰাৰ বাবে তেখেত বিচাৰ ব্যৱস্থাক অধিক সক্ৰিয় কৰি তুলিছিল। নিৰুপায় লোকৰ সহায়, সম্পদৰ বন্টন আৰু দৰিদ্ৰলোকৰ অধিকাৰৰ সুৰক্ষাৰ ক্ষেত্ৰত তেখেতৰ শাসন ব্যৱস্থা প্ৰশংসিত।

সাম্প্ৰদায়িক সম্প্ৰীতি

হজৰত ওমৰ (ৰ.)ৰ শাসন কালত বিভিন্ন ধৰ্ম আৰু জাতিৰ লোকৰ মাজত সম্প্ৰীতি ৰক্ষা কৰা হৈছিল। ইহুদী, খ্ৰীষ্টান আৰু আন ধৰ্মীয় লোকৰ সুৰক্ষা আৰু অধিকাৰৰ ক্ষেত্ৰত তেখেতে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছিল। তেখেতে এক নতুন দৃষ্টিভঙ্গীৰে ইছলামিক সমাজ গঠন কৰিছিল। তেখেতৰ চেষ্টাৰ ফলতেই ইছলামিক সাম্ৰাজ্যৰ বিস্তৃতি আৰু স্থায়িত্ব সম্ভৱ হৈছিল।

মৃত্যু

হজৰত ওমৰ (ৰ.)ৰ মৃত্যুৰ কাহিনী অত্যন্ত বেদনাদায়ক। এক ষড়যন্ত্ৰৰ ফলত তেখেতৰ মৃত্যু হয়। এই ঘটনাই ইছলামিক সমাজত এক গভীৰ শূন্যতা সৃষ্টি কৰিছিল। কিন্তু তেখেতৰ দৰ্শন আৰু কৰ্মৰাজি যুগে যুগে প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস হৈ থাকিব।

উপসংহাৰ

হজৰত ওমৰ (ৰ.)ৰ জীৱন এক প্ৰকৃত আদৰ্শৰ প্ৰতিচ্ছবি। তেখেতৰ নেতৃত্ব, ন্যায়বোধ, সাহসিকতা আৰু আদৰ্শ ইছলামিক সমাজৰ বাবে এক ধাৰা সৃষ্টি কৰিছিল। হজৰত ওমৰ (ৰ.)ৰ জীৱন কাহিনী বিশ্ববাসীৰ বাবে প্ৰেৰণা।

.
বি দ্রঃ উক্ত ‘হজৰত ওমৰ । Hazarat Omar’ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘আৰবী সাহিত্যৰ ইতিহাস-প্রাথমিক ইছলামী যুগ‘ গ্রন্থখনৰ পৰা লোৱা হৈছে।
.

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Additional Searches:

LEAVE A REPLY

Please enter your comment!
Please enter your name here