Home Literary Criticism হজৰত ওমৰ। Hazarat Omar

হজৰত ওমৰ। Hazarat Omar

0

হজৰত ওমৰ । Hazarat Omar

হজৰত ওমৰ। Hazarat Omar

হজৰত ওমৰ

হজৰত ওমৰ । Hazarat Omar

হজৰত ওমৰ (ৰাঃ) আছিল ইছলাম ধর্মৰ প্ৰৱৰ্তক হজৰত মহম্মদ (ছাঃ)ৰ এজন বিখ্যাত চাহাবা (সংগী), ইছলাম প্ৰচাৰক, ইছলামৰ দ্বিতীয় ন্যায়সংগত খলিফা আৰু দিগ্বিজয়ী বীৰ। তেওঁৰ জন্ম হৈছিল ৫৮৩ খ্ৰীষ্টাব্দত আৰবৰ বিখ্যাত বানু আদী গোত্ৰত। তেওঁৰ দেউতাকৰ নাম আছিল খাত্তাব বিন নুফাইল আৰু মাকৰ নাম আছিল হানতামা বিন হিশ্বাম।
 
ডেকা কালত তেওঁ দেউতাকৰ লগত ভেড়া চৰোৱাৰ লগতে কঠোৰ পৰিশ্ৰমৰ কাম কৰিছিল। তেওঁ আছিল এজন অতি কঠোৰ প্ৰকৃতিৰ লোক। জীৱনৰ প্ৰথমাৰ্ধত তেওঁ ইছলামৰ ঘোৰ বিৰোধীতা কৰিছিল আৰু নবীজীক হত্যা কৰাৰো ষড়যন্ত্ৰ কৰিছিল। কিন্তু পিছলৈ তেওঁৰ নিজৰ ভনীয়েকৰ কণ্ঠত কোৰান পাঠ শুনি মুগ্ধ হয় আৰু ইছলাম গ্ৰহণ কৰে। ইছলাম গ্ৰহণ কৰি তেওঁ নবীজীৰ এজন বিশ্বস্ত সহচৰত পৰিণত হয় আৰু আজীৱন ইছলামৰ সেৱাত নিজকে নিয়োজিত কৰে।
৬২২ খ্ৰীষ্টাব্দত তেওঁ নবীজীৰ আমন্ত্ৰণক্ৰমে মক্কাৰ পৰা মদীনালৈ হিজৰত কৰে আৰু নবীজীৰ লগত ইছলাম প্ৰচাৰ কৰি থাকে। ৬৩২ খ্ৰীষ্টাব্দত নবীজীৰ ইন্তেকাল হয় আৰু হজৰত আবু বকৰ মদীনাক কেন্দ্ৰ কৰি নবীজীয়ে স্থাপন কৰা ইছলামী ৰাষ্ট্ৰৰ খলিফা নিযুক্ত হয়। আবু বকৰে মাত্ৰ দুই বছৰ ৰাজত্ব কৰাৰ পিছত পৰলোক গমন কৰে আৰু হজৰত ওমৰ তেওঁৰ স্থলাভিষিক্ত হয়।
 
খলিফা পদত অধিষ্ঠিত হৈ তেওঁ ইছলামী সাম্ৰাজ্য নিষ্কণ্টক কৰিবলৈ সাম্ৰাজ্য অভিযান আৰম্ভ কৰে আৰু তেওঁৰ ৰাজত্বকালৰ মাত্ৰ দহ বছৰৰ ভিতৰতে বাইজান্টাইন সাম্ৰাজ্যৰ লগতে ৰোমান সাম্ৰাজ্যৰ বহু অংশ ইছলামী সাম্ৰাজ্যৰ অন্তৰ্ভূক্ত কৰে। তেওঁ আনকি আফ্রিকালৈকে সাম্ৰাজ্য বিস্তাৰ কৰি বিশ্বৰ প্ৰায় আধা অংশৰ অধিপতি হয়।
 
তেওঁ অকল দিগ্বিজয়ী বীৰ যোদ্বাই নাছিল, তেওঁ এজন সুদক্ষ প্ৰশাসকো আছিল। তেওঁ জয় কৰা সকলো ৰাষ্ট্ৰতে ইছলামী শাসন প্ৰৱৰ্তন কৰিছল আৰু সেইবোৰ ৰাষ্ট্ৰত শান্তি আৰু নিৰাপত্তা সুদৃঢ় কৰিছিল। তেওঁ বহুতো জনহিতকৰ কামো কৰিছিল। তেওঁ প্ৰায় ৮০০ মছজিদ নিৰ্মাণ কৰাইছিল আৰু বহুতো মাদ্ৰাছা স্থাপন কৰিছিল।
 
তেওঁ সুশাসন সুদৃঢ় কৰিবলৈ ইছলামী ৰাষ্ট্ৰক কেইবাটাও প্ৰদেশত ভাগ কৰিছিল আৰু প্ৰদেশবোৰ কেইবাটাও উপভাগত ভাগ কৰিছিল।  ইয়াৰ উপৰিও তেওঁ এক স্থায়ী সেনাবাহিনী গঠন কৰিছিল আৰু সৈনিকসকলক জাইগীৰি দিয়াৰ পৰিৱৰ্তে দৰ্মহা দিয়াৰ ব্যৱস্থা কৰিছিল।
 
এনে এক বিশাল সাম্ৰাজ্যৰ অধিপতি হজৰত ওমৰক ৬৪৪ খ্ৰীষ্টাব্দৰ এদিনাখন মদীনা মছজিদত সমেবত নামাজ পঢ়াই থকা অৱস্থাত আবু লুলু ফিৰোজ নামৰ এজন পাৰ্চী যুৱকে চুৰীৰে আঘাত কৰি শ্বহীদ কৰে।
 
আৰবী ভাষা-সাহিত্যলৈ অৱদানঃ হজৰত ওমৰ এজন শিক্ষিত ব্যক্তি আছিল। ইছলাম গ্ৰহণৰ পূর্বেই তেওঁ আৰবী ভাষা আয়ত্ব কৰিছিল আৰু হিব্রূ ভাষাত পাৰদৰ্শীতা লাভ কৰিছিল। তেওঁৰ বাকশক্তি আছিল অসাধাৰণ।
 
তেওঁ কবিতা ৰচনা কৰিছিল যদিও তেওঁ বৃত্তিধাৰী কবি নাছিল। তেওঁ যুদ্ধ ক্ষেত্ৰত কবিতা ৰচনা কৰি বা আন কবিৰ কবিতা আবৃত্তি কৰি যোদ্ধাসকলৰ মনোবল বৃদ্ধি কৰিছিল। তেওঁ নবীজীৰ বহুতো হাদীছ মুখস্থ কৰিছিল আৰু সেইবোৰ জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিছিল। ইয়াৰ উপৰিত তেওঁ প্ৰতি শুক্ৰবাৰ সাপ্তাহিক নামাজৰ সময়ত ধৰ্মনীতি, সমাজনীতি, ৰাষ্ট্ৰনীতি আদিৰ ওপৰত বহুতো বক্তৃতা প্ৰদান কৰিছিল।
 
তেওঁৰ ভাষণ আছিল শক্তিশালী, আকৰ্ষণীয়, পৰিচ্ছন্ন, উদাত্ত  আৰু হৃদয়গ্ৰাহী। তেওঁৰ বাকপটুতা, প্ৰকাশভংগী আৰু লালিত্যই অনান্য বক্তাসকলক আকৰ্ষিত কৰিছিল। তেওঁৰ আৰবী গদ্যৰ নমুনাস্বৰূপ তেওঁ খলিফা পদত নিযুক্তি পোৱাৰ পিছত প্ৰথম যি ভাষণ প্ৰদান কৰিছিল তাৰ কেইশাৰীমান তলত উদ্বৃত কৰা হ’ল–
 
“হে আল্লাহ! মই বৰ কঠোৰ, মোক কোমল কৰি দিয়া। হে আল্লাহ! মই বৰ দুৰ্বল, মোক শক্তি দিয়া। আৰববাসীসকল অবাধ্য উটৰ দৰে, সিহঁতৰ লাগাম মোৰ হাতত অৰ্পণ কৰা হৈছে, সিহঁতক সঠিক পথত পৰিচালিত কৰাৰ শক্তি মোক দিয়া।”
 
হজৰত ওমৰ (ৰাঃ)ৰ বহু বাক্য প্ৰবচনত পৰিণত হৈছে, যেনেঃ
 
(ক) আজিৰ কাম কেতিয়াও অহাকালিৰ বাবে পেলাই নথবা।
(খ) যাক তুমি ঘৃণা কৰা তেওঁক অন্তৰৰ পৰা ভয়ো কৰিবা।
(গ) সংসাৰ জীৱনত যিমান আসক্তহীন হবা সিমানেই স্বাধীন থাকিবা।
(ঘ)  মানুহৰ নামাজ, ৰোজা চাই তেওঁৰ বিচাৰ নকৰিবা, তেওঁৰ জ্ঞান আৰু সাধুতা কিমান সেয়া লক্ষ্য কৰিবা।
(ঙ) যি লোক নিজৰ  বুদ্ধিমতে চলে তেওঁ বিষয়কৰ্ম নিজৰ আয়ত্বাধীন।
 
ইয়াৰ উপৰি প্ৰশাসনিক কালছোৱাত তেওঁৰ তলতীয়া কৰ্মচাৰীলৈ বহুতো চিঠি-প্ৰত্ৰ, চুক্তি পত্ৰ আদি লিখিবলগা হৈছিল। এনেদৰে তেওঁ ভাষণ, চিঠিপত্ৰ, হাদীছ প্ৰচাৰ আদিৰ জৰিয়তে আৰবী গদ্যৰ বিকাশত অৱদান আগবঢ়াইছিল। ০ ০ ০.
.
বি দ্রঃ উক্ত ‘হজৰত ওমৰ । Hazarat Omar’ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘আৰবী সাহিত্যৰ ইতিহাস-প্রাথমিক ইছলামী যুগ‘ গ্রন্থখনৰ পৰা লোৱা হৈছে।
.

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Additional Searches:

LEAVE A REPLY

Please enter your comment!
Please enter your name here