Home Quiz হজৰত চুলেইমান কুইজ 

হজৰত চুলেইমান কুইজ 

0

হজৰত চুলেইমান কুইজ

হজৰত চুলেইমান কুইজ 

হজৰত চুলেইমান কুইজ

হজৰত চুলেইমান কুইজ 

প্ৰঃ ‘চুলেইমান শব্দৰ অৰ্থ  কি?

উঃ সুস্থ আৰু হৃষ্ঠ- পুষ্ঠ।

প্ৰঃ কিমান খ্ৰীষ্টপূৰ্বত চুলেইমান (আঃ) জেৰুজালেমৰ সিংহাসনত অধিষ্ঠিত হয়?

উঃ 937 খ্ৰীষ্টপূৰ্বত।

প্ৰঃ চুলেইমান (আঃ)য়ে কিমান বছৰ ৰাজত্ব কৰে?

উঃ 37 বছৰ।

প্ৰঃ কোন নবী সকলো জীৱ-জন্তু, চৰাই, চিৰিকতি, কীট-পতঙ্গৰ ভাষা বুজিব পাৰিছিল আনকি ক’বও পাৰিছিল?

উঃ  হজৰত চুলেইমান (আঃ)।

প্ৰঃ হজৰত চুলেইমান (আঃ)ৰ সৈন্য বাহিনীত কি সৈন্য আছিল?

উঃ মানুহ, জ্বিন, পশু-পক্ষী ইত্যাদি।

প্ৰঃ পৰুৱাৰ নেতাই চুলেইমান (আঃ)ক নিমন্ত্ৰণ কৰি কিহেৰে আপ্যায়ন কৰিছিল?

উঃ এক টিড্ডিৰ ঠেং ৰান্ধি সেইটোৰে সকলোকে আপ্যায়ন কৰিছিল। সকলোৱে বিছমিল্লাহ কৈ খোৱাৰ পিছতো কিছু অংশ ৰাহি হৈছিল।

প্ৰঃ কাৰ দ্বাৰা চুলেইমান (আঃ)য়ে বাইতুল মোকাদ্দছ পুনঃনিৰ্মাণ কৰিছিল?

উঃ মানৱ আৰু একদল জ্বিনৰ দ্বাৰা।

প্ৰঃ চুলেইমান (আঃ)ৰ কিমানজনী স্ত্ৰী আছিল?

উঃ 1000 জনী। ইয়াৰ 700 জনী পত্নী আৰু 300 জনী দাসী।

প্ৰঃ কোন পত্নীৰ ওচৰত তেখেতে হাতৰ আঙুঠি ৰাখিছিল?

উঃ  পত্নী আমিনাৰ ওচৰত।

প্ৰঃ কোনে চুলেইমান (আঃ)ৰ আঙুঠি হস্তগত কৰে আৰু কিদৰে সেইটো উদ্ধাৰ হয়?

উঃ চুলেইমান (আঃ) নিজৰ হাতৰ আঙুঠিটো দুষ্ট জ্বিন চুলেইমানৰ ৰূপ ধাৰণ কৰি চুলেইমান (আঃ)ৰ পত্নী আমিনাৰ পৰা আঙুঠিটো হস্তগত কৰি জেৰুজালেমৰ সিংহাসন অধিকাৰ কৰে। 40 দিন পিছত এই ৰহস্যটো জনাৰ পিছত আঙুঠিটো নদীত পেলাই দিয়াত এক মাছে সেই আঙুঠিটো গিলি পেলায়। পিছত সেই মাছটো এজন মাছমৰীয়াৰ জালত উঠাত সি মাছটো চুলেইমান (আঃ)ৰ ওচৰত বিক্ৰী কৰে। শেষত মাছটোৰ পেটৰ পৰা আঙুঠিটো উদ্ধাৰ হয়।

প্ৰঃ  য়েমেনৰ সাবা গোত্ৰৰ ৰাণী বিলকিছৰ খবৰ কোনে হজৰত চুলেইমানক দিয়ে?

উঃ হুদ হুদ নামৰ এক চৰাইয়ে।

প্ৰঃ  চুলেইমান (আঃ)ৰ ৰাজধানী জেৰুজালেমৰ পৰা বিলকিছ ৰাণীৰ ৰাজ্য কিমান দূৰত আছিল?

উঃ 1500 মাইল।

প্ৰঃ  চুলেইমান (আঃ) কিমান বছৰ বয়সত কিদৰে  ইন্তেকাল কৰিছিল?

উঃ 180 বছৰ বয়সত লাঠিৰ ওপৰত ভৰ দি থিয় হৈ থকা অৱস্থাত ইন্তেকাল কৰিছিল আৰু  ইন্তেকালৰ পিছতো লাঠিৰ ওপৰত ভৰ দি এক বছৰ থিয় হৈ আছিল। ইয়াৰ কাৰণ হ’ল সেই সময়ত জেৰুজালেমৰ মছজিদৰ নিৰ্মাণ কাৰ্য চলি আছিল। তেওঁৰ উপস্থিতি লক্ষ্য কৰি কোনেও যাতে মছজিদ নিৰ্মাণৰ কামত অৱহেলা নকৰে সেই বাবেই এনে হৈছিল। 

প্ৰঃ  কোন নবীয়ে সমুদ্রৰ পৰা প্ৰথমতে মুকুতা সংগ্ৰহ কৰিছিল?

উঃ হজৰত চুলেইমান (আঃ)। 0 0 0

হজৰত চুলেইমান কুইজ

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here