Home Quiz হজৰত মহম্মদৰ সহধৰ্মীনি কুইজ

হজৰত মহম্মদৰ সহধৰ্মীনি কুইজ

0

হজৰত মহম্মদৰ সহধৰ্মীনি কুইজ

হজৰত মহম্মদৰ সহধৰ্মীনি কুইজ

 

হজৰত মহম্মদৰ সহধৰ্মীনি কুইজ

হজৰত মহম্মদৰ সহধৰ্মীনি কুইজ 

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) জীৱনত কেইজনী সহধৰ্মীনি গ্ৰহণ কৰিছিল?

উঃ সৰ্বমুঠ 11 জনী।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ সহধৰ্মীনিসকলক আল্লাহতায়ালই কি বুলি অভিহিত কৰিছিল? 

উঃ উম্মহাতুল মুমিনিন’ (মুমিনসকলৰ মাতৃ)।

প্ৰঃ মেৰী আৰু ৰায়হানা কোন আছিল?

উঃ হজৰত মুহাম্মদ (ছাঃ)ৰ বান্দী (দাসী)।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ মৃত্যুকালত কেইজনী স্ত্ৰী জীয়াই আছিল?

উঃ 9 জনী।

হজৰত মহম্মদৰ সহধৰ্মীনি কুইজ

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ জীৱন কালত কেইজনী স্ত্ৰী ইন্তেকাল কৰে?

উঃ দুইজনী। হজৰত খাদিজা (ৰাঃ) আৰু হজৰত জয়নব বিন্তে খোজায়মা (ৰাঃ)।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) ৰ প্ৰথমা স্ত্ৰী খাদিজা (ৰাঃ)ৰ পিতা-মাতাৰ নাম কি আছিল?

উঃ পিতাৰ নাম খোৱাইলিন বিন আসাদ আৰু মাতাৰ নাম ফাতিমা বিন্তে জায়িদ।

প্ৰঃ বিশ্বনবী হজৰত মুহাম্মদ (ছাঃ) ৰ কোন স্ত্ৰীৰ প্ৰতি স্বয়ং আল্লাহই ছালাম পঠিয়াইছিল?

উঃ হজৰত খাদিজাৰ (ৰাঃ) ৰ প্ৰতি।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ একমাত্ৰ কোনজনী স্ত্ৰীৰ জানাজা হোৱা নাছিল?

উঃ হজৰত খাদিজা (ৰাঃ)ৰ, কাৰণ তেতিয়ালৈকে জানাজা প্ৰথাৰ প্ৰৱৰ্তন হোৱা নাছিল।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ ঔৰষত হজৰত খাদিজাৰ গৰ্ভত কেইজন সন্তানৰ জন্ম হৈছিল?

উঃ চাৰিজন পুত্ৰ, যথা– কাশেম, আব্দুল্লাহ, তৈয়িব আৰু তাহিৰ। চাৰি কন্যা, যথাঃ জয়নব, ৰুকাইয়া, উম্মে কুলছুম আৰু ফাতেমা।

প্ৰঃ নবীজীৰ আন কোন স্ত্ৰীৰ গৰ্ভত সন্তান হৈছিল?

উঃ মেৰীৰ গৰ্ভত নবীজীৰ পঞ্চম পুত্ৰ ইব্রাহিমৰ জন্ম হৈছিল। (খাদিজা আৰু মেৰীৰ বাহিৰে অন্যান্য স্ত্ৰীসকলৰ গৰ্ভত কোনো সন্তান হোৱা নাছিল।)

প্ৰঃ  হজৰত মুহাম্মদ (ছাঃ)ৰ দ্বিতীয় বিবাহ কিমান বছৰ বয়সত কাৰ লগত হৈছিল?

উঃ 50 বছৰ বয়সত, সওদা (ৰাঃ)ৰ লগত।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ একমাত্ৰ কুমাৰী স্ত্ৰীৰ নাম কি আছিল?

উঃ হজৰত আয়েশা (ৰাঃ)।

হজৰত মহম্মদৰ সহধৰ্মীনি কুইজ

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ কুমাৰী স্ত্ৰী হজৰত আয়েশা (ৰাঃ)ৰ পিতা-মাতাৰ নাম কি আছিল?

উঃ পিতাৰ নাম আবু বক্কৰ আৰু মাতাৰ নাম আছিল উম্মে ৰুমান।

প্ৰঃ  মুহাম্মদ (ছাঃ)ৰ ইন্তেকালৰ সময়ত হজৰত আয়েশা (ৰাঃ)ৰ বয়স কিমান হৈছিল?

উঃ 18 বছৰ।

প্ৰঃ কোন উম্মত জননীৰ সতীত্বৰ সাক্ষী কোৰাণ ?

উঃ হজৰত আয়েশা (ৰাঃ)।

প্ৰঃ হজৰত আয়েশাই মুঠ কিমানটা হাদিছ বৰ্ণনা কৰিছে?

উঃ 2,210 টা।

হজৰত মহম্মদৰ সহধৰ্মীনি কুইজ

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ চতুৰ্থ স্ত্ৰীৰ নাম কি?

উঃ হজৰত হাফশা (ৰাঃ)।

প্ৰঃ হজৰত হাফশা (ৰাঃ)ৰ পিতাৰ আৰু মাতাৰ নাম কি?

উঃ  পিতাৰ নাম ওমৰ ফাৰুক আৰু মাকৰ নাম জয়নব বিন্তে মায়উন।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)য়ে তেখেতৰ কোন স্ত্ৰীক এক তালাক দি আল্লাহৰ হুকুমত ঘূৰাই লৈছিল?

উঃ হজৰত হাফশা (ৰাঃ)ক।

প্ৰঃ হজৰত হাফশাই সৰ্বমুঠ কিমান হাদিছ বৰ্ণনা কৰিছিল?

উঃ 60 টা।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)পঞ্চমা স্ত্ৰীৰ নাম কি?

উঃ জয়নব বিন্তে খুজাইমাহ।

প্ৰঃ জয়নব (ৰাঃ) কিমান বছৰ  বয়সত মৃত্যু বৰণ কৰিছিল?

উঃ 30 বছৰ।

হজৰত মহম্মদৰ সহধৰ্মীনি কুইজ

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) য়ে নিজৰ স্ত্ৰীসকলৰ মাজত একমাত্ৰ কাৰ জানাজা পঢ়াইছিল?

উঃ হজৰত জয়নব বিন্তে খুজাইমাৰ।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ স্ত্ৰীসকলৰ ভিতৰত কোনজনী দীৰ্ঘায়ু আছিল আৰু সৰ্বশেষত ইন্তেকাল কৰিছিল?

উঃ হজৰত উম্মে ছালমা (ৰাঃ), 84 বছৰ বয়সত ইন্তেকাল কৰে।

প্ৰঃ জয়নব বিন্তে জাহাশৰ আচল নাম বৰ্ৰাহ (বেজী) সলনি কৰি কোনে জয়নব ৰাখিছিল?

উঃ  হুজুৰ মুহাম্মদ (ছাঃ)য়ে।

প্ৰঃ স্বয়ং আল্লাহই কোন জনী নাৰীক হুজুৰ (ছাঃ)য়ে বিবাহ কৰিব লাগে বুলি নিৰ্দেশ পঠাইছিল?

উঃ হজৰত জয়নব বিন্তে জাহাশ (ৰাঃ) ক।

প্ৰঃ হজৰত জয়নব বিন্তে জাহাশৰ পূৰ্ব স্বামীৰ নাম কি আছিল?

উঃ জায়েদ বিন হাৰিছাহ।

প্ৰঃ  জয়নব বিন্তে হাৰিশ মুঠ কিমানটা হাদিছ বৰ্ণনা কৰিছিল?

উঃ মুঠ 11 টা।

হজৰত মহম্মদৰ সহধৰ্মীনি কুইজ

প্ৰঃ হজৰত জুৱাইৰিয়া বিন্তে হাৰিছ কোন যুদ্ধত বন্দিনী হৈ আহিছিল?

উঃ  বানী মুস্তালিক যুদ্ধত।

প্ৰঃ হুজুৰ (ছাঃ) ৰ  নবমা স্ত্ৰী উম্মে হাবিবাৰ পিতাৰ নাম কি?

উঃ কুৰাইছ চৰ্দাৰ আবু সুফিয়ান বিন হাৰব।

প্ৰঃ নবীজীৰ কোন স্ত্ৰী নিজৰ পিতাক মুছলমান নোহোৱা বাবে হুজুৰৰ বিছনাত বহিবলৈ দিয়া নাছিল?

উঃ উম্মে হাবিবা (ৰাঃ)।

প্ৰঃ উম্মে হাবিবা (ৰাঃ) মুঠ কিমানটা হাদিছ বৰ্ণনা কৰিছিল?

উঃ 65 টা।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ  দশমা স্ত্ৰীৰ নাম কি আছিল?

উঃ ছফিয়া (ৰাঃ)।

প্ৰঃ ছফিয়া কোন গোত্ৰৰ কন্যা আছিল?

উঃ ইহুদি বংশৰ বনু নাজিৰ গোত্ৰৰ চৰ্দাৰ হুয়াইয়েৰ কন্যা আছিল।

প্ৰঃ ছফিয়া কোন যুদ্ধত মুছলমানসকলৰ হাতত বন্দিনী হৈ আহিছিল?

উঃ খয়বৰ যুদ্ধত।

হজৰত মহম্মদৰ সহধৰ্মীনি কুইজ

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) সৰ্বশেষত কিমান বছৰ বয়সত কাক বিবাহ কৰাইছিল?

উঃ 59 বছৰ বয়সত, হজৰত মাইমুনা (ৰাঃ)।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ সৰ্বশেষ পত্নী মাইমুনা (ৰাঃ)ৰ পিতাৰ নাম আৰু মাতাৰ কি আছিল?

উঃ পিতাৰ নাম হাৰিশ বিন হাৰিশ আৰু মাতাৰ নাম  হিনদা।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ কোন কোন স্ত্ৰী বিয়াৰ সময়ত ইছলাম গ্ৰহণ কৰিছিল?

উঃ হজৰত ছফিয়া (ৰাঃ) আৰু হজৰত জুৱাইৰিয়া (ৰাঃ)।

প্ৰঃ  হজৰত মুহাম্মদ (ছাঃ)ৰ বহু বিবাহৰ কাৰণ কি আছিল?

উঃ  (ক) আল্লাহৰ নিৰ্দেশ, (খ) ইছলাম প্ৰচাৰৰ সুবিধাৰ্থে, (গ) নাৰী জাতিৰ যথাৰ্থ স্বাধীনতা দিয়াৰ প্ৰমাণ স্বৰূপে, (ঘ) আৰবৰ বিভিন্ন গোত্ৰৰ সমন্বয়ৰ উদ্দেশ্যে।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ স্ত্ৰীসকলৰ বাবে বাৰ্ষিক কিমান পৰিমাণৰ খাদ্য নিৰ্দিষ্ট কৰা আছিল?

উঃ 400 মোণ (40 কেজিত এক মোণ) খেজুৰ আৰু একশ মোণ যব।

প্ৰঃ  হজৰত মুহাম্মদ (ছাঃ) ৰ পত্নীসকল বিশ্বৰ অন্যান্য নাৰীসকলৰ তুলনাত কি বিশেষ মৰ্যদাৰ অধিকাৰিনী আছিল?

উঃ হজৰত মুহাম্মদ (ছাঃ)ৰ পত্নীগণ সকলো লোকৰ মাতৃৰ সমতুল্য। হজুৰ (ছাঃ)ৰ ইন্তেকালৰ পিছত সিহঁতৰ পুনঃবিবাহ হাৰাম।

হজৰত মহম্মদৰ সহধৰ্মীনি কুইজ

প্ৰঃ জান্নাত (বিহিস্ত)ত হজৰত মুহাম্মদ (ছাঃ) য়ে কোন কোন ৰমনীক স্ত্ৰী হিচাপে লাভ কৰিব?

উঃ ইমৰাণ কন্যা মাৰিয়াম, মুজাহিমৰ কন্যা আছিয়া, আৰু মুছা (আঃ)ৰ ভনী কুলছুম।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ স্ত্ৰীসকলৰ মাজত কোন কোন স্ত্ৰী কোৰাইশ বংশীয় আছিল?

উঃ  খাদিজা (ৰাঃ), আয়েশা (ৰাঃ), হাফছা (ৰাঃ), উম্মে ছালমা (ৰাঃ), উম্মে হাবিবা (ৰাঃ), আৰু সওদা (ৰাঃ)। বাকীবোৰ অকোৰাইশ বংশীয় আছিল।  ০ ০ ০

হজৰত মহম্মদৰ সহধৰ্মীনি কুইজ

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ

হজৰত মহম্মদৰ সহধৰ্মীনি কুইজ 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here