Home Quiz হজৰত মহম্মদ কুইজ

হজৰত মহম্মদ কুইজ

0

হজৰত মহম্মদ কুইজ

হজৰত মহম্মদ কুইজ

 

হজৰত মহম্মদ কুইজ

হজৰত মহম্মদ কুইজ

প্ৰঃ পৰম আল্লাহই মানৱ জাতিলৈ প্ৰেৰণ কৰা সৰ্বশেষ নবী কোন?

উঃ  হজৰত মুহাম্মদ (ছাঃ)।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) হজৰত আদম (আঃ)ৰ কিমানতম পুৰুষ আছিল? 

উঃ 90 তম। হজৰত মহম্মদ

প্ৰঃ ইছমাইল (আঃ)ৰ বংশত কেইজন নবীৰ জন্ম হৈছিল?

উঃ এক জন।

প্ৰঃ ইছমাইল (আঃ)ৰ বংশত জন্ম গ্ৰহণ কৰা একমাত্ৰ নবী (ৰছুল) জন কোন?

উঃ হজৰত মুহাম্মদ (ছাঃ)।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ পিতা-মাতাৰ নাম কি আছিল?

উঃ পিতাৰ নাম আব্দুল্লাহ আৰু মাতাৰ নাম আমিনা।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ জন্ম কেতিয়া হৈছিল?

উঃ 9 আগষ্ট, 570 খ্ৰীষ্টাব্দ (12 ৰবিউল আউৱাল, সোমবাৰ) ফজৰৰ নামাজৰ সময়ত।

প্ৰঃ বিশ্বনবী হজৰত মুহাম্মদ ক’ত কোন বংশত  জন্ম গ্ৰহণ কৰিছিল?

উঃ আৰবৰ মক্কা নগৰত, বিখ্যাত কোৰাইশ বংশত।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ পিতা আব্দুল্লাহ কিমান বছৰ বয়সত মৃত্যু বৰণ কৰে?

উঃ 25 বয়সত হজৰত মুহাম্মদ (ছাঃ) জন্মৰ 6 মাহ আগতে।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ মাতৃ কেতিয়া ক’ত পৰলোক গমন কৰে?

উঃ  হজৰত মুহাম্মদ (ছাঃ)ৰ 6 বছৰ বয়সত মাতা আমিনাই লগত লৈ মদিনাত থকা নিজৰ পিতৃগৃহলৈ যায়। তাত স্বামী আব্দুল্লাহৰ কবৰ জিয়াৰত কৰি উভতি অহা পথত আবওৱা নামে স্থানত ইন্তেকাল কৰে। তেতিয়া সিহঁতৰ লগত থকা দাসী উম্মে আইমনে বালক মুহাম্মদক মক্কালৈ লৈ আহে।

প্ৰঃ নবীজীৰ মাতা কিমান বছৰ বয়সত মৃত্যু বৰণ কৰে?

উঃ 30 বছৰ বয়সত।

প্ৰঃ  হজৰত মুহাম্মদ (ছাঃ)ৰ ককাদেউতা (পিতাৰ দেউতাক) আৰু আতা (মাকৰ দেউতাক) কোন কোন আছিল?

উঃ যথাক্ৰমে আব্দুল মুত্তালিব আৰু অহাব।

প্ৰঃ  হজৰত মুহাম্মদ কাৰ কাৰ দুগ্ধ পান কৰিছিল?

উঃ নিজ মাতৃ আমিনাৰ (9 দিন), সুৱাইবিয়া, হালিমা আৰু উম্মে আইমনৰ।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ দুগ্ধমাতা হালিমাৰ স্বামীৰ নাম কি?

উঃ আব্দুল উজজা। হজৰত মহম্মদ

প্ৰঃ  হজৰত মুহাম্মদ (ছাঃ)ৰ দুগ্ধ ভাতৃ আৰু ভনীৰ নাম কি?

উঃ আব্দুল্লাহ, আনিসা, হুজাইফা আৰু শ্বাইমা।

প্ৰঃ কোনে কিমান দিন পিছত মুহাম্মদ (ছাঃ)ৰ আকিকা কৰে?

উঃ মুহাম্মদ (ছাঃ) জন্মৰ 7 দিন পিছত তেওঁৰ ককাদেউতাক আব্দুল মুত্তালিব।

প্ৰঃ নবীজীৰ নাম কোনে ৰাখে?

উঃ জন্মৰ সপ্তম দিনত ককাদেউতাক আব্দুল মুত্তালিেব নাম ৰাখে ‘মুহাম্মদ’ আৰু মাতৃ আমিনাই নাম ৰাখে ‘আহম্মদ’।

প্ৰঃ ‘মুহাম্মদ’ আৰু ‘আহম্মদ’ নামৰ অৰ্থ কি?

উঃ যথাক্ৰমে চৰম প্ৰশংসিত আৰু চৰম প্ৰশংসাকাৰী।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ জন্মৰ কিমানদিন পিছত দুগ্ধমাতা হালিমাৰ গৃহলৈ যায়?

উঃ 2 সপ্তাহ পিছত। হজৰত মহম্মদ

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) দুগ্ধমাতা হালিমাৰ গৃহত কিমান দিন আছিল?

উঃ 5 বছৰ। হজৰত মহম্মদ

প্ৰঃ আব্দুল মুত্তালিব কিমান বছৰ বয়সত ইন্তেকাল কৰে?

উঃ 82 বছৰ বয়সত।

প্ৰঃ আব্দুল মুত্তালিবৰ ইন্তেকালৰ সময়ত হজৰত মুহাম্মদ (ছাঃ)ৰ বয়স কিমান আছিল?

উঃ 8 বছৰ, 2 মাহ, 10 দিন।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ শ্বিনা চাক (বক্ষ বিদাৰণ) কেইবাৰ হৈছিল?

উঃ 4 বাৰ। প্ৰথমবাৰ 4 বছৰ বয়সত হালিমাৰ গৃহত, দ্বিতীয়বাৰ 12 বছৰ বয়সত, তৃতীয়বাৰ হীৰা গুহাত নবুয়ত প্ৰাপ্তিৰ প্ৰাকঃকালত আৰু চতু্‌ৰ্থবাৰ মি’ৰাজৰ ৰাতি।

প্ৰঃ হজৰত মুহাম্মদ সৰ্বপ্ৰথম কোন যুদ্ধত অংশ গ্ৰহণ কৰে?

উঃ 15 বছৰ বয়সত হাৰবুল ফুজ্জাৰ যুদ্ধত।

প্ৰঃ সেই যুদ্ধখনক কিয় ‘হাৰবুল ফুজ্জাৰ’ বুলি কোৱা হয়?

উঃ এই যুদ্ধ নিষিদ্ধ মাহত সংঘটিত হৈছিল। সেয়ে এই যুদ্ধক হাৰবুল ফুজ্জাৰ (পাপীসকলৰ বিৰুদ্ধে যুদ্ধ) বুলি কোৱা হয়।

প্ৰঃ তৰুণ বয়সত  হজৰত মুহাম্মদে কি কি উপাধি পাইছিল?

উঃ‘আল-আমিন’ (বিশ্বাসী), আৰু ‘আছ ছাদিক’ (সত্যবাদী)।

প্ৰঃ  হজৰত মুহাম্মদ কিমান বছৰ বয়সত ‘হলফুল ফজুল’ নামে সেৱা সংঘ প্ৰতিষ্ঠা কৰিছিল?

উঃ  19 বছৰ বয়সত।

প্ৰঃ  হলফুল ফজুলৰ (কল্যাণৰ শপত) প্রতিজ্ঞাবোৰ কি কি আছিল?

উঃ (ক) নিঃস্ব দুৰ্গত সকলক সেৱা কৰা, (খ) অত্যাচাৰীসকলক প্ৰাণপণে বাধা দিয়া। (গ)  অত্যাচাৰিত হোৱা ব্যক্তিসকলক সহায় কৰা। (ঘ)  দেশৰ শান্তি শৃঙ্খলা ৰক্ষা কৰা। (ঙ) বিভিন্ন গোত্ৰৰ মাজত সম্প্ৰীতি স্থাপন কৰা।

প্ৰঃ  সৰ্ব প্ৰথম হজৰত মুহাম্মদ (ছাঃ) য়ে কিমান বছৰ বয়সত কাক বিবাহ কৰাইছিল?

উঃ 25 বছৰ বয়ত 40 বছৰ বয়স্কা বিধবা খাদিজাক বিবাহ কৰে।

প্ৰঃ  সিহঁতৰ বিবাহ কোনে পঢ়াইছিল?

উঃ খাদিজা (ৰাঃ)ৰ খুড়াদেউ আমৰ বিন আছাদ।

প্ৰঃ কোনে সিহঁতৰ বিবাহৰ খুৎবা পাঠ কৰিছিল?

উঃ  আবু তালিব। হজৰত মহম্মদ

প্ৰঃ ‘হাজৰে আসওৱাদ’ (ক’লা পাথৰ) স্থাপন কৰাৰ সময়ত হজৰত মুহাম্মদ (ছাঃ) ৰ বয়স কিমান আছিল?  

উঃ 35 বছৰ। হজৰত মহম্মদ

প্ৰঃ ‘মক্কাৰ পৰা তিনি মাইল দূৰত থকা হিৰা গুহাত হজৰত মুহাম্মদ (ছাঃ) কিমান বছৰ সাধনা (ধ্যান) কৰিছিল?

উঃ 15 বছৰ।

প্ৰঃ জিব্রাইল (আঃ)ৰ লগত হজৰত মুহাম্মদ (ছাঃ) কেতিয়া ক’ত পোন প্ৰথমবাৰ দেখা হয়?

উঃ 40বছৰ বয়সত, হিৰা গুহাত, 27 ৰমজান (12 ফেব্রূৱাৰী, 610 খ্ৰীষ্টাব্দ)।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ ওপৰত নাজিল (অৱতীৰ্ণ) হোৱা প্ৰথম ছুৰা কি আছিল?

উঃ ছুৰা আলাক।

প্ৰঃ হিৰা গুহাত তেখেতে কি খাদ্য গ্ৰহণ কৰিছিল?

উঃ গমৰ ছাতু আৰু পানী।

প্ৰঃ বিশ্বনবী হজৰত মুহাম্মদ  (আঃ) নবুৱত প্ৰাপ্তিৰ পিছত প্ৰকাশ্যে ইছলাম প্ৰচাৰ কৰিছিল নে?

উঃ প্ৰথম তিনি বছৰ গোপনে ইছলাম প্ৰচাৰ কৰিছিল।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) কিমান বছৰ বয়সত নবুৱত পায়?

উঃ 40 বছৰ বয়সত। হজৰত মহম্মদ

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ শৰীৰৰ কোন স্থানত নবুৱতৰ চিহ্ন আছিল?

উঃ  দুই কান্ধৰ মাজত (নূৰানী গোলাকাৰ চিহ্ন)।

প্ৰঃ মোহৰে নূৰানীত কি লিখা আছিল?

উঃ ‘মুহাম্মাদুৰ ৰাছুলুল্লাহ’  (মুহাম্মদ আল্লাহৰ বার্তাবাহী দূত )।

প্ৰঃ  হজৰত মুহাম্মদ (ছাঃ)ৰ দ্বাৰা প্ৰচাৰিত ইছলাম সৰ্ব প্ৰথম কোনে গ্ৰহণ কৰিছিল?

উঃ যথাক্ৰমে খাদিজা (তেখেতৰ স্ত্ৰী), হজৰত আলি, হজৰত জায়েদ, হজৰত আবুবক্কৰ, হজৰত ওচমান, আবুবক্কৰৰ কন্যা আছমা (ৰাঃ)।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ কিমান বছৰ বয়সত কোৰাইশসকলৰ উদ্দেশ্যি ভাষণ দিছিল?

উঃ 40 বছৰ বয়সত।

প্ৰঃ  হজৰত মুহাম্মদ (ছাঃ) ক’ত আটাইতকৈ বেছি নিষ্ঠুৰভাৱে অত্যাচাৰিত হৈছিল?

উঃ তায়েফ নামে ঠাইত।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) তায়েফত কিমান দিন আছিল?

উঃ 10 দিন। হজৰত মহম্মদ

প্ৰঃ কিমান বছৰ বয়সত হজৰত খাদিজা ইন্তেকাল কৰে?

উঃ 65 বছৰ বয়সত।

প্ৰঃ আবিচিনিয়াৰ খ্ৰীষ্টান বাদশা ইছলাম গ্ৰহণ কৰিছিল নে?

উঃ হয়। হজৰত মহম্মদহ জৰত মহম্মদ কুইজ

প্ৰঃ  মিৰাজৰ সময়ত হজৰত মুহাম্মদ (ছাঃ)ৰ বয়স কিমান হৈছিল?

উঃ 51বছৰ 9 মাহ।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) ক কোনে মিৰাজলৈ লৈ গৈছিল?

উঃ  হজৰত জিব্রাইল (আঃ)।

প্ৰঃ মিৰাজৰ সময়ত ভিন ভিন আকাশত কাৰ কাৰ লগত হজৰত মুহাম্মদ (ছাঃ)ৰ সাক্ষাত হয়?

উঃ  ১ম আকাশত হজৰত আদম (আঃ), ২য় আকাশত ইয়াহহিয়া (আঃ) আৰু ঈছা (আঃ),  ৩য় আকাশত ইউছুফ (আঃ), ৪ৰ্থ আকাশত ইদ্ৰিছ (আঃ), ৫ম আকাশত হাৰুণ (আঃ), ৬ষ্ট  আকাশত মুছা (আঃ) আৰু ৭তম আকাশত হজৰত ইব্রাহিম (আঃ)। 

প্ৰঃ মিৰাজৰ পৰা হজৰত মুহাম্মদ (ছাঃ) য়ে নিজৰ উম্মত (অনুসাৰী)ৰ বাবে কি উপহাৰ লৈ আহিছিল?

উঃ দৈনিক 5 ওৱাক্ত নামাজ।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) মিৰাজলৈ যোৱাৰ আগতে ফৰজ  নামাজ আছিল নে?

উঃ হয়। ফজৰৰ ২ ৰাকাত আৰু আছৰৰ ২ ৰাকাত নামাজ ফৰজ আছিল।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) ৰ চাহাবা (সঙ্গী)সকলৰ মাজত কেইজনে মিৰাজৰ ঘটনা বৰ্ণনা কৰিছে?

উঃ 26 জনে। 21 জন পুৰুষ, 5 জনী মহিলা।

প্ৰঃ কাফেৰসকলৰ ভয়ত হজৰত মুহাম্মদ (ছাঃ) কেতিয়া ক’লৈ হিজৰত কৰিছিল?

উঃ 24 চেপ্তেম্বৰ, 622 খ্ৰীষ্টাব্দত, মদিনালৈ।

প্ৰঃ ‘হিজৰত’ শব্দৰ অৰ্থ কি?

উঃনিজ দেশ ত্যাগ কৰি অন্য ঠাইলৈ যোৱা।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)য়ে  হিজৰত কৰাৰ সময়ত লগত কোন আছিল? 

উঃ আবু বক্কৰ।

প্ৰঃ হিজৰত কৰাৰ বাটত সওৰ পৰ্বত গুহাত নবী মুহাম্মদ (ছাঃ) কিমান দিন আত্মগোপন কৰি আছিল?

উঃ 3দিন 3 ৰাতি।

প্ৰঃ 100 উট লাভ কৰাৰ আশাত কোনে হজৰত মুহাম্মদ (ছাঃ) ক ধৰিবলৈ গৈছিল?

উঃ সুৰাকা। হজৰত মহম্মদ

প্ৰঃ  মদিনাত প্ৰৱেশ কৰি হজৰত মুহাম্মদ (ছাঃ) প্ৰথম ক’ত কিমান দিন অৱস্থান কৰিছিল?

উঃ কোবা গাওঁত বনি আ’ম বংশৰ কুলসুমৰ ঘৰত 12 দিন।

প্ৰঃ হুজুৰ (ছাঃ) য়ে সৰ্বপ্ৰথম জুমাৰ নামাজ ক’ত কিমানজন নামাজীক লগত লৈ আদায় কৰিছিল?

উঃ  বনি ছালিম মহল্লাত প্ৰায় 100 জন অনুগামীক লৈ।

প্ৰঃ মছজিদে নববীৰ দৈর্ঘ আৰু প্ৰস্থ কিমান আছিল? 

উঃ 100 হাত দীঘল আৰু 100 হাত প্রস্থ‌। ভেটি 3 হাত ওখ আছিল।

প্ৰঃ ৰাছুলুল্লাহ (ছাঃ)ৰ জীৱনত সোমবাৰৰ তাৎপৰ্য কি?

উঃ সোমবাৰ দিন জন্ম গ্ৰহণ কৰে, নবুয়ত পায়, হিজৰত কৰে, মিৰাজলৈ যায়, আৰু এই বাৰত ইন্তেকাল কৰে।

প্ৰঃ মদিনাত হজৰত মুহাম্মদ (ছাঃ) কি ধৰণৰ শত্ৰুৰ মুখামুখি হৈছিল?

উঃ  ত্ৰিমুখী। কুৰাইশ, ইহুদি আৰু মুনাফেকীসকলৰ।

প্ৰঃ বিশ্বত সৰ্বপ্ৰথম গণতান্ত্ৰিক ৰাষ্ট্ৰ ব্যৱস্থা আৰু জনগণনা কোনে কৰিছিল?

উঃ হজৰত মুহাম্মদ (ছাঃ)।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) ৰ সময়কালত মদিনাত কেইটা মছজিদ স্থাপন কৰা হৈছিল?

উঃ 10 টা।

প্ৰঃ বিশ্বনবী হজৰত মুহাম্মদৰ ৰাষ্ট্ৰ পৰিচালনাৰ কেন্দ্ৰ ক’ত আছিল?

উঃ মদিনা (মছজিদে নববী)।

প্ৰঃ কোনজন যাদুকৰে হজৰত মুহাম্মদ (ছাঃ)ক যাদু কৰিছিল?

উঃ লবীদ ইবনে আছিম নামৰ এক ইহুদী।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ ওপৰত উক্ত যাদুৰ প্ৰভাৱ কিমান দিন আছিল?

উঃ  6 মাহ। হজৰত মহম্মদ

প্ৰঃ কোনে হজৰত মুহাম্মদ (ছাঃ) খাদ্যত বিষ প্ৰয়োগ কৰিছিল?

উঃ জয়নব নামৰ এক ইহুদী নাৰী।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ ঘোঁৰাৰ নাম কি আছিল?

উঃ নাহীফা। হজৰত মহম্মদ কুইজ

প্ৰঃ  হজৰত মুহাম্মদ (ছাঃ)ৰ খচ্চৰৰ নাম কি আছিল?

উঃ দুলদুল আৰু তাইয়া।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) কি ৰঙৰ পাগুৰী ব্যৱহাৰ কৰিছিল?

উঃ ক’লা ৰঙৰ।

প্ৰঃ  হজৰত মুহাম্মদ (ছাঃ)ৰ পছন্দনীয় ৰং কি আছিল?

উঃ বগা আৰু সেউজীয়া।

প্ৰঃ উত্তৰাধিকাৰী সূত্ৰে পোৱা হুজুৰ (ছাঃ)ৰ তৰোৱালখনৰ নাম কি আছিল?

উঃ মাছুৰ।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ প্ৰথম বিবাহৰ উকালতি কোনে কৰিছিল?

উঃ খাদিজাৰ সহচৰী নফিছা। তাই উভয় পক্ষৰ আত্মীয়া আছিল।

প্ৰঃ ‘দাৰুন নাদওৱা’ কি আৰু কোনে প্ৰতিষ্ঠা কৰিছিল?

উঃ কুৰাইশসকলৰ জাতীয় সংসদ ভৱন। ইয়াক কুছাই’ নামৰ ব্যক্তি এজনে প্ৰতিষ্ঠা কৰিছিল।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) ক হত্যা কৰিবৰ বাবে কিমানজন কাফেৰ নবীজীৰ ঘৰ ঘেৰাও কৰিছিল?

উঃ 14 জন (27 ছফৰৰ ৰাতি)।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) মক্কাৰ পৰা মদিনালৈ হিজৰত কৰোঁতে কিমান দিন লাগিছিল?

উঃ 14 দিন। হজৰত মহম্মদ

প্ৰঃ হজৰত মুহাম্মদ কিমান দিন বায়তুল মুকাদ্দছৰ পিনে মুখ কৰি নামাজ পঢ়াইছিল?

উঃ 16 মাহ।

প্ৰঃ কোন ওৱাক্তৰ নামাজ পঢ়ি থকা সময়ত কিবলা (আল্লাহৰ ঘৰ) দিশ পৰিৱৰ্তন হয়?

উঃ জোহৰৰ নামাজ পঢ়াকালীন তৃতীয় ৰাকাতৰ ৰুকুত থকা অৱস্থাত।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ নাম পবিত্ৰ কোৰাণত কেইবাৰ আছে?

উঃ 4 বাৰ। হজৰত মহম্মদ

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) ৰ ‘আহম্মদ’ নাম পবিত্ৰ কোৰাণত কেইবাৰ আছে?

উঃ 1 বাৰ।

প্ৰঃ কোৰাণত কিমান বাৰ আল্লাহ তায়ালাই নবীজীক ‘ইয়া আইজুহান নাবিয়ে (হে নবী) বুলি সম্বোধন কৰিছে?

উঃ 11 বাৰ।

প্ৰঃ সৰ্বপ্ৰথম মুৱাজ্জিন (মছজিদত আজান দিওঁতা) কোন আছিল?

উঃ হজৰত বিল্লাল (ৰাঃ)।

প্ৰঃ  হজৰত মুহাম্মদ (ছাঃ)ৰ কি ধাতুৰ আঙুঠি আছিল আৰু তাত কি লিখা আছিল?

উঃ ৰূপাৰ। তাত ‘মুহাম্মাদুৰ ৰাছুলুল্লাহ’ লিখা আছিল।

প্ৰঃ  হজৰত মুহাম্মদ (আঃ)ৰ আঙুঠিটো কি হৈছিল?

উঃ হজৰত ওচমান (ৰাঃ) ৰ খিলাফত কালত 650 খ্ৰীষ্টাব্দত মুছাইকীবে   নামৰ এজন চাহাবাৰ হাতৰ পৰা ‘আৰীস’ নামৰ এক জলাহত পৰি যায়।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) ৰ শেষ বয়সত কিমান চুলি বগা হৈছিল?

উঃ 18-20 টা।

প্ৰঃ  নবীজী ভূমিষ্ঠ হোৱা বাৰীত এতিয়া কি কৰা হৈছে?

উঃ বিশাল পুথি ভঁৰাল।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ গাৰ বৰণ কেনেকুৱা আছিল?

উঃ  লাবণ্যময়, ৰক্তিম আভাযুক্ত, উজ্জ্বল গমৰ দৰে ৰংবিশিষ্ট।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) মুঠ কিমান ঘন্টা পৃথিৱীত আছিল?

উঃ 22,330 দিন, 6 ঘন্টা। নবী হিচােপ 8,156 দিন।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) ৰ সমসাময়িক ভাৰতীয় ৰজা কোন আছিল? 

উঃ হৰ্ষবৰ্ধন। হজৰত মহম্মদ

প্ৰঃ বিশ্বত কোন বিপ্লৱ সৰ্বকালৰ বাবে প্ৰযোজ্য?

উঃ হজৰত মুহাম্মদ (ছাঃ) ৰ ইছলামী বিপ্লৱ।

প্ৰঃ হুজুৰ (ছাঃ) য়ে জীৱনত কিমান যুদ্ধ অভিযান কৰিছিল?

উঃ 24 টা। হজৰত মহম্মদ

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) নিজে কিমানটা যুদ্ধৰ সেনাপতি আছিল?

উঃ 19 টা। হজৰত মহম্মদ কুইজ

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)  আৰু কুৰেইশসকলৰ মাজত প্ৰথম যুদ্ধটো ক’ত হৈছিল আৰু কেতিয়া হৈছিল?

উঃ বদৰ নামে ঠাইত, 624 খ্ৰীষ্টাব্দত।  

প্ৰঃ বদৰৰ যুদ্ধত নবীৰ পক্ষত কিমানজন আৰু কোৰায়েশসকলৰ পক্ষত কিমানজন সৈন্য আছিল?

উঃ নবীৰ পক্ষত আছিল 313 জন আৰু কোৰাইশসলৰ পক্ষত আছিল 1000 জন।

প্ৰঃ বদৰৰ যুদ্ধত যুদ্ধবন্ধীসকলৰ লগত হজৰত মুহাম্মদ (ছাঃ) য়ে কেনে আচৰণ কৰিছিল?

উঃ মুছলমান সৈনিকসকলক খোজকাঢ়ি যাবলৈ দি  যুদ্ধ বন্ধীসকলক উটৰ পিঠিত আৰোহণ কৰাই মদিনালৈ লৈ গৈছিল। পিছত সামান্য পৰিমাণৰ মুক্তিপণ লৈ সকলোকে মুক্ত কৰি দিছিল। যিসকলকৰ মুক্তিপণ দিয়াৰ কোনো সামৰ্থ নাছিল সিহঁতক দহজন নিৰক্ষৰ লোকক স্বাক্ষৰ কৰাৰ প্ৰতিশ্ৰুতি লৈ মুক্তি  দিছিল।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ লগত কাফেৰসকলৰ দ্বিতীয় যুদ্ধ কোনটো?

উঃ  উহুদৰ যুদ্ধ।

প্ৰঃ কোন যুদ্ধত সৰ্বপ্ৰথম মুছলমান মহিলাসকলে যোগদান কৰিছিল?

উঃ উহুদৰ যুদ্ধত। হজৰত মহম্মদ

প্ৰঃ উহুদৰ যুদ্ধত হজৰত মুহাম্মদ (ছাঃ)ৰ কিমানটা দাঁত শ্বহীদ হৈছিল?

উঃ তলৰ চাৰিটা দাঁত।

প্ৰঃ  উহুদৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল আৰু এই যুদ্ধত উভয় পক্ষৰ সৈন্য সংখ্যা কিমান আছিল?

উঃ 625 খ্ৰাষ্টাব্দত। ইছলামৰ সৈন্য সংখ্যা আছিল 700 আৰু কাফেৰসকলৰ সৈন্য সংখ্যা আছিল 3000।

প্ৰঃ পৰিখা বা খন্দকৰ যুদ্ধ কেতিয়া হৈছিল?

উঃ 627 খ্ৰীষ্টাব্দত।

প্ৰঃ হুদায়বিয়াৰ সন্ধি কেতিয়া হৈছিল?

উঃ 628 খ্ৰীষ্টাব্দত।

প্ৰঃ খয়বৰৰ যুদ্ধ কোন চনত সংঘটিত হৈছিল?

উঃ 629 খ্ৰীষ্টাব্দত।

প্ৰঃ কিমান খ্ৰীষ্টাব্দত মক্কা বিজয় হৈছিল?

উঃ 630 খ্ৰীষ্টাব্দত।

প্ৰঃ হুনাইন আৰু মুতাৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল?

উঃ 630 খৃষ্টাব্দত।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ জীৱনৰ শেষ যুদ্ধ কোনটো?

উঃ তবুকৰ যুদ্ধ (নৱম হিজৰী)।

প্ৰঃ কোন চনত কিমান সংঙ্গী লগত লৈ হজৰত মুহাম্মদ (ছাঃ) বিদায় হজ পালন কৰে?

উঃ 632 খ্ৰীষ্টাব্দত (দশম হিজৰৰী) 1 লাখ 24 হাজাৰ সংঙ্গী লগত লৈ।

প্ৰঃ হুজুৰ (ছাঃ)ৰ জীৱন কালত কিমান পৰিমাণৰ ভূখণ্ড ইছলামৰ অধীনলৈ  আহিছিল?

উঃ 10 লাখ বৰ্গ কিঃমিঃ।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ জীৱনকালত ইছলামী ৰাষ্ট্ৰৰ কিমানখন প্ৰদেশ আছিল?

উঃ 12 খন।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)মুঠ কিমান দিন ৰোগ যন্ত্ৰণাত ভোগে?

উঃ 12 দিন।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) সৰ্বশেষ কোন ওৱাক্তৰ নামাজ পঢ়ায়?

উঃ মগৰিবৰ ওৱাক্ত।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ শেষ কথা  (বাণী) কি আছিল?

উঃ “আল্লাহই মোৰ শ্রেষ্ঠ  বন্ধু।”

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) ইন্তেকাল কৰাৰ কিমান সময় পিছত কাফন দাফন কৰা হয়?

উঃ 32 ঘন্টা পিছত, মঙ্গলবাৰ।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) কোন খ্ৰীষ্টাব্দত ইন্তেকাল কৰে?

উঃ  632 খ্ৰীষ্ট্ৰাব্দত।

প্ৰঃ  হুজুৰ (ছাঃ)ক কোনে গোছল আৰু কাফন দিয়ে আৰু কোনে জানাজা পঢ়ায়?

উঃ গোছল আৰু কাফন কৰিছিল হজৰত আলি (ৰাঃ) আৰু জানাজা পঢ়াইছিল আবু বক্কৰ।

প্ৰঃ  পৃথিৱীৰ কোন ধৰ্ম পৃথিৱীৰ অন্তিম দিনলৈ বর্তি থাকিব ?

উঃ হজৰত মুহাম্মদ (ছা:) ৰ ইছলাম ধৰ্ম।   0 0 0

হজৰত মহম্মদ কুইজ

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ 

হজৰত মহম্মদ কুইজ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here