Home Literary Criticism হাছান ইবনে ছাবিৎ | Hasan Ibne Sabid

হাছান ইবনে ছাবিৎ | Hasan Ibne Sabid

0

হাছান ইবনে ছাবিৎ

হাছান ইবনে ছাবিৎ  Hasan Ibne Sabid

হাছান ইবনে ছাবিৎ | Hasan Ibne Sabid

হাছান ইবনে ছাবিৎ: চমু পৰিচয়ঃ

প্ৰাথমিক ইছলামী যুগৰ এজন জনপ্ৰিয় আৰু বিখ্যাত কবি আছিল হাছান ইবনে ছাবিৎ। ইতিহাসত তেওঁ ‘শ্বায়েৰুৰ ৰছুল’ (ৰছুলৰ কবি) বুলি বিখ্যাত । কাৰণ হজৰত মহম্মদ (ছাঃ)ৰ জীৱিত কালত তেঁৱেই একমাত্ৰ কবি আছিল যিজনে কবিতাৰে অমুছলীম কবিসকলে ইছলাম তথা ৰছুলক নিন্দা কৰি ৰচনা কৰা কবিতাৰ প্ৰতুৎউত্তৰ দিছিল। ইয়াৰ উপৰিও তেওঁ ৰছুলুল্লাহ (ছাঃ)ক প্ৰশংসা কৰি বহু কবিতা ৰচনা কৰিছিল। তেওঁৰ কাৰ্যত হজৰত মহম্মদ (ছাঃ)য়ে সন্তুষ্ট হৈ তেওঁক উদ্দেশ্যি কৈছিল, “হে হাছান, পৰকালত আল্লাহ তায়ালাৰ ওচৰত তোমাৰ পুৰস্কাৰ হৈছে জান্নাত (বিহেস্ত)।”
 
হাছান ইবনে ছাবিৎ আনুমাননিক ৫৬৩ খৃঃত মদীনাত খাজৰাজ বংশত জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ প্ৰকৃত নাম আছিল আবুল হাছান ওলীদ হাছান ইবনে ছাবিৎ আল আনছাৰী।  মাকৰ ফালৰ পৰা তেওঁ হজৰত মহম্মদ (ছাঃ)ৰ আত্মীয় আছিল। প্ৰাক-ইছলামী যুগতেই তেওঁ নিজকে এজন বৃত্তিধাৰী কবি হিচােপ প্ৰতিষ্ঠা কৰিছিল।  মক্কাৰ বিখ্যাত উকাজ মেলাত তেওঁ কবি আল আ’শ্বা আৰু খানচাৰ লগত কবিতা আবৃতি কৰিছিল। তেওঁ গাচ্ছানাইড বংশৰ ৰাজকুমাৰ আৰু ৰাজকুমাৰীসকলৰ প্ৰশংসা কৰি কবিতা ৰচনা কৰি নিয়মিত বৃত্তি লাভ কৰিছিল।  তেওঁ হীৰাৰ ৰজাসকলৰ প্ৰতি প্ৰশংসাসূচক কবিতা ৰচনা কৰি বহু পুৰস্কাৰ লাভ কৰিছিল।
 
হজৰত মহম্মদ (ছাঃ)য়ে মদীনালৈ হিজৰত কৰাৰ পিছত অন্যান্য মদীনাবাসীৰ লগত তেঁৱো ইছলাম ধৰ্মত দীক্ষিত হয় আৰু নবীজীক ধন-জন দি বিভিন্ন প্ৰকাৰে সহায় কৰিছিল।  কথিত আছে যে তেওঁ শাৰীৰিকভাৱে দুবৰ্বল আছিল বাবে নবীজীক কোনো যুদ্ধতে অংশ গ্ৰহণ কৰি সহায় কৰিব পৰা নাছিল। কিন্তু তেওঁ কবিতাৰে ইছলাম প্ৰচাৰ কৰাত সহায় কৰিছিল।
 
হজৰত মহম্মদ (ছাঃ)য়ে মদীনালৈ হিজৰত কৰাৰ পিছৰ পৰা ইছলামৰ ক্ৰমে উত্থান আৰম্ভ হয় আৰু এই উত্থানত শংকিত হৈ মক্কাৰ চাৰজিন প্ৰভাৱশালী ব্যক্তি যথা- আবু ছফিয়ান বিন আল হাৰিছ, আবদ বনি মুত্তালিব, আব্দুল্লা বিন আল-জিবাৰা, আমৰ বিন আল-আছ আৰু দিৰাৰ বিন আল-খাত্তাব আল-ফিহৰিয়ে ৰছুলুল্লাৰ ঘোৰ বিৰোধীতা  কৰিবলৈ লয়। সিহঁতৰ বিৰুদ্ধাচৰণ অসহনীয় হোৱাত নবীজীয়ে চাহাবাসকলৰ লগত পৰামৰ্শ কৰি সিহঁতৰ বিৰোধীতাৰ যোগ্য প্ৰত্যুউত্তৰ দিয়াৰ উদ্দেশ্যে তিনিজন ব্যক্তি যথা-হাছান ইবনে ছাবিৎ, আব্দুল্লা বিন ৰাৱাহা, আৰু কা’ব বিন মালিকক দায়িত্ব দিয়ে।  হাছান বিন ছাবিৎ আৰু কা’ব বিন মালিকে কবিতাৰে ইছলাম বিৰোধী কবিসকলে নবীজী আৰু ইছলামক নিন্দা কৰি ৰচনা কৰা কবিতাৰ জবাব দিয়ে। আব্দুল্লাহ বিন ৰাৱাহাই কোৰাইশসকলৰ অন্ধবিশ্বাস, কুসংস্কাৰ আৰু কলুষিত সমাজ ব্যৱস্থাৰ ওপৰত ব্যঙ্গ কৰি কবিতা ৰচনা কৰিবলৈ লয়।
 
বৰ্ণিত আছে যে নবীজীয়ে মদীনাৰ মছজিদৰ মিনাৰত উঠি হাছান বিন ছাবিৎক তেওঁৰ কবিতা আবৃত্তি কৰিবলৈ দিছিল। ৬৩২ খৃঃত হজৰত মহম্মদ (ছাঃ)ৰ ইন্তেকাল হয় আৰু ইয়াৰ পিছত ছাবিতৰ কাব্য ৰচনা হ্রাস পায় যদিও হজৰত ওমৰ (ৰাঃ) আৰু হজৰত ওছমান (ৰাঃ)ৰ গুণ বৰ্ণনা কৰি কিছুমান প্ৰশংসাসূচক আৰু শোক গীত ৰচনা কৰিছল।
 
কবিতাৰে ইছলমাৰ সেৱা কৰা হাছান বিন ছাবিতে ৬৭৪ খৃঃত পৰলোক গমন কৰে।

হাছান ইবনে ছাবিৎ: কাব্যিক প্ৰতিভাঃ

হাছান বিন ছাবিৎ এজন স্বভাৱ কবি আছিল আৰু মুখে মুখে বহুতো কবিতা ৰচনা কৰিছিল । তেওঁৰ কবিতাসমূহক ৫ ভাগত শ্ৰেণীবিভাগ কৰিব পাৰি- ব্যঙ্গ কবিতা, শোক কবিতা, প্ৰশংসাসূচক কবিতা, প্ৰেমমূলক কবিতা আৰু হৰ্ষোদ্বীপক কবিতা।
 
হাছান বিন ছাবিতে দুই হেজাৰতকৈ অধিক ব্যঙ্গ আৰু শোক কবিতা ৰচনা কৰিছিল। তেওঁ তিনি শাৰীৰ পৰা বিশ শাৰীৰ ভিতৰত প্ৰায় এহেজাৰ কবিতা ৰচনা কৰিছিল বুলি উল্লেখ পোৱা যায়। সেইবোৰ কবিতা আবু ছুফিয়ান, ইবন আল-জিবাৰা, আমৰ বিন আল-আছ, হাতিম বিন হিশ্বাম আৰু আবু জেহেলক ব্যঙ্গ কৰি ৰচনা কৰিছিল। তেওঁ সিহঁতক বান্দৰ, ছাগলী, উৰহ পোক আৰু শিয়ালৰ লগত তুলনা কৰি সিহঁতক তুচ্ছ কৰিছিল।
 
তেওঁৰ শোক কবিতাবোৰ বদৰ, উহুদ আদি যুদ্ধত শ্বহীদ হোৱা যোদ্ধাসকলকৰ ওপৰত ৰচিত হৈছিল। তেওঁ হজৰত মহম্মদ (ছাঃ)ৰ মৃত্যুত শোক কৰি এটি ডাঙৰ কবিতা ৰচনা কৰিছিল।  ইয়াৰ উপৰিও তেওঁ হজৰত ওছমান (ৰাঃ), হজৰত ওমৰ (ৰাঃ), হামজা বিন আব্দুল মুত্তালিব আদি ব্যক্তিৰ ওপৰতো শোক কবিতা ৰচনা কৰিছিল।
 
কিছুমান কবিতাত তেওঁৰ নিজৰ গোত্ৰৰ গুণ আৰু গৌৰৱ বৰ্ণনা কৰিছিল।
 
ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হোৱাৰ আগতে হাছান ইবনে ছাবিৎ (Hasan Ibne Thabid) য়ে বহুতো প্ৰেমৰ কবিতা ৰচনা কৰিছিল আৰু সেইবোৰ কবিতাত নাৰীৰ কমনীয় সৌন্দৰ্যৰ বৰ্ণনা পোৱা যায়।
 
ধৰ্মান্তৰিত হোৱাৰ পিছত তেওঁ ৰচনা কৰা কবিতাবোৰ সম্পূৰ্ণৰূপে ইছলামী দৰ্শনৰ ওপৰত প্ৰতিষ্ঠিত। এটি কবিতাত তেওঁ লিখিছে–
 
“O Lord, you have been exalted from those who believe in other gods else.
You are only having the whole creativity, blessings, and the entire matter. 
We are only guided by you and thee (alone) we worship.”
(হে প্ৰভু, যিসকলে আন দেৱতাক বিশ্বাস কৰে, সেইসকলৰ পৰা আপোনাৰ স্থান অতি উচ্চ আৰু মৰ্যদাশীল
 
অকল আপোনাৰেই আছে সকলো সৃষ্টিশীলতা, আশীৰ্বাদ আৰু সমগ্ৰতা
আমি অকল আপোনাৰ দ্বাৰাই পৰিচালিত আৰু আমি অকল আপোনাকেই উপাসনা কৰো।’)
 
তেওঁৰ কবিতাৰ ভাষা আছিল  স্পষ্ট, গহীন আৰু অলংকাৰপূৰ্ণ। তেওঁৰ কোনো কোনো কবিতাত অপৰিচিত আৰু জটিল শব্দৰ প্ৰয়োগো লক্ষ্য কৰা যায়। 
 
মুঠতে হাছান বিন ছাবিতে প্ৰাথমকি ইছলামী যুগত কবিতাৰ জৰিয়তে ইছলাম ধৰ্ম আৰু নবীজীক প্ৰতিনিধিত্ব কৰাৰ লগতে কবিতাৰ জৰিয়তে নবীজীক অনা-মুছলমান শত্রূৰ পৰা সুৰক্ষা প্ৰদান কৰিছিল। প্ৰাথমিক ইছলামী যুগৰ কবিসকলৰ ভিতৰত তেওঁ নিঃসন্দেহে এজন প্ৰথম শ্ৰেণীৰ কবি আছিল। কিন্তু দুখৰ বিষয় যে সংৰক্ষণৰ অভাৱত তেওঁৰ বহুতো কবিতা কালৰ বুকুত হেৰাই গৈছে। আৰবী ভাষা আৰু সাহিত্যৰ বাবে এয়া এক অপূৰণীয় ক্ষতি। 0 0 0.
হাছান ইবনে ছাবিৎ (Hasan Ibne Sabid)
বি দ্রঃ উক্ত ‘হাছান ইবনে ছাবিৎ | Hasan Ibne Sabid’ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘আৰবী সাহিত্যৰ ইতিহাস-প্রাথমিক ইছলামী যুগ‘ গ্রন্থখনৰ পৰা লোৱা হৈছে।
.

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

Additional Searches:

LEAVE A REPLY

Please enter your comment!
Please enter your name here