হাতিম ত্বাঈ । Hatim Tai

0

হাতিম ত্বাঈ (Hatim Tai)

হাতিম ত্বাঈ Hatim Tai

হাতিম ত্বাঈ । Hatim Tai

হাতিম ত্বাঈ । Hatim Tai

প্ৰাক-ইছলামী যুগৰ সাহিত্যিকসকলৰ মাজৰ এজন ব্যতিক্ৰমধৰ্মী সাহিত্যিক আছিল হাতিম ত্বাঈ (Hatim Tai)। তেওঁ এজন কবি আৰু বক্তা আছিল। তেওঁ মানৱতা আৰু মহৎ মানৱীয় গুণৰ ওপৰত কবিতা ৰচনা কৰিছিল আৰু বক্তৃতা প্ৰদান কৰিছিল। তেওঁৰ জন্ম হৈছিল মদিনাৰ উত্তৰ-পূৱত অৱস্থিত নজদ নামৰ ঠাইত। তেওঁৰ জন্মকাল সম্পৰ্কে ইতিহাস নিমাত। অনুমান কৰা হয় তেওঁ ষষ্ঠ শতাব্দীৰ প্ৰথমাৰ্ধত জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ দেউতাকৰ নাম আছিল আব্দুল্লা ইবনে ছা‘দ। সম্ভৱতঃ তেওঁ এটি খ্ৰীষ্টান পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ মাকৰ নাম আছিল  ইনাবা। তাই এজনী ধৰ্মপৰায়ণা, সহানুভূতিশীল আৰু দানশীল মহিলা আছিল। হাতিম ত্বাঈয়ে মাকৰ পৰা মহৎ মানৱীয় গুণৰ অধিকাৰী হৈছিল। তেওঁৰ জন্ম সৰ্ম্পকে এটি লোক কাহিনী প্ৰচলিত আছে যে যেতিয়া তেওঁৰ মাক গৰ্ভৱতী হৈছিল তেতিয়া সপোনত তাইক কোনোৱাই কৈছিল, “তুমি কি পছন্দ কৰা- এজন দানশীল সন্তান, নে সিংহৰ দৰে যোদ্ধা সন্তান, নে দহজন শক্তিশালী  পুত্ৰ সন্তান।” তেওঁৰ মাকে কৈছিল, “এজন দানশীল সন্তান।” এই সপোন দেখাৰ পিছত যিজন সন্তানৰ জন্ম হৈছিল মাকে তেওঁৰ নাম ৰাখিছিল ‘হাতিম’ অৰ্থাৎ দানশীল সন্তান।
 
কথিত আছে যে হাতিম ত্বাঈ সৰু কালৰ পৰাই ধাৰ্মিক, পৰোপকাৰী আৰু অতি দানশীল আছিল আৰু প্ৰতিদিনৰ প্ৰতিটো সাজতে তেওঁ অতিথি লগত লৈহে আহাৰ গ্ৰহণ কৰিছিল। তেওঁৰ বিষয়ে আন এক কাহিনী প্ৰচলিত আছে যে এদিনাখন তেওঁৰ ককাদেউতাই হাতিমক  উট চৰাবলৈ পঠিয়াইছিল। হাতিমে তিনিশ উটৰ আটাইকেইটাই দান কৰি দিছিল।  এই ঘটনাৰ পিছত ককাদেউতাকে হাতিম ত্বাঈক এৰি বেলেগ স্থানত বসবাস কৰিবলৈ লৈছিল। কথিত আছে যে হাতিম ত্বাইয়ে প্ৰতি বছৰ ৰজব মাজত দহোটাকৈ উট জবেহ কৰি মানুহক খুৱাইছিল। তেওঁ নাৱাৰ নামে এগৰাকী মহিলাক বিয়া কৰাইছিল আৰু তিনিজন সন্তানৰ পিতৃ হৈছিল। সিহঁতৰ দুইজনে পিছত ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। হাতিম ত্বাঈয়ে গোটেই জীৱন আনৰ সেৱাত নিয়োগ কৰি ৬০৩ খ্ৰীষ্টাব্দত মৃত্যু বৰণ কৰিছিল।
 
তেওঁ সম্পূৰ্ণ মানৱতাবাদী বিষয়ৰ ওপৰত কবিতা ৰচনা কৰিছিল আৰু বক্তৃতা প্ৰদান কৰিছিল। অতিথিপৰায়ণতা, পৰোপকাৰীতা, বদান্যতা, সাহসিকতা, প্রতিবেশীৰ লগত সদ্ভাৱ আদি আছিল তেওঁৰ বক্তব্যৰ বিষয়বস্তু। অৰ্থাৎ তেওঁৰ কবিতা আৰু গদ্য ৰচনা আছিল সম্পূৰ্ণৰূপে মানৱতাবাদী। উল্লেখ্য যে তেওঁৰ ৰচনাত প্ৰেম, নাৰীৰ দেহৰ বৰ্ণনা, সুৰা, আমোদ-প্ৰমোদ আদিৰ কোনো স্থান নাই।
 
তেওঁৰ কবিতা আৰু গদ্য উভয়তে একেশ্বৰবাদী ধৰ্মৰ প্ৰভাৱ স্পষ্ট। তেওঁ ইহকাল, পৰকাল, স্বৰ্গ, নৰক আদিত বিশ্বাসী আছিল আৰু এইবোৰ দৰ্শনো তেওঁৰ ভাষণত প্ৰকাশ পাইছিল। 
 
জাহিলী যুগত তেওঁৰ ৰচনাৰাজি আছিল পোহৰ স্বৰূপ। তেওঁ কবিতা আৰু গদ্যত প্ৰদান কৰা বক্তব্যৰ জৰিয়তে মানুহৰ মনৰ অন্ধকাৰ দূৰ কৰি এক সুন্দৰ মানৱতাবাদী সমাজ প্ৰতিষ্ঠা কৰিব বিচাৰিছিল যেন লাগে।
 
তেওঁৰ ভাষা আছিল সৰল, মাৰ্জিত আৰু মনোৰম। তেওঁ জীৱনৰ সৰল সত্য সৰ্বসাধাৰণৰ মাজত প্ৰচাৰ কৰাৰ পক্ষপাতী আছিল। সেয়ে প্ৰাক-ইছলামী যুগৰ কবি আৰু বক্তা হিচাপে তেওঁ আছিল অনন্য আৰু মৌলিক। 
 
এইদৰে হাতিম ত্বাঈয়ে আৰবী কাব্য আৰু গদ্য সাহিত্যৰ বিকাশৰ ক্ষেত্ৰত যথেষ্ট বৰঙনি যোগাইছিল। ০ ০ ০.
 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here