Home Literary Criticism হাতিম ত্বাঈ আৰু তেওঁৰ কবিতা | Hatim Tai and His Poetry

হাতিম ত্বাঈ আৰু তেওঁৰ কবিতা | Hatim Tai and His Poetry

0

হাতিম ত্বাঈ আৰু তেওঁৰ কবিতা

হাতিম ত্বাঈ

 

হাতিম ত্বাঈ আৰু তেওঁৰ কবিতা

হাতিম ত্বাঈ আৰু তেওঁৰ কবিতা | Hatim Tai and His Poetry

হাতিম ত্বাঈ চমু  পৰিচয়:

প্ৰাক-ইছলামী যুগৰ কবিসকলৰ মাজৰ এজন ব্যতিক্ৰমধৰ্মী কবি আছিল হাতিম ত্বাঈ। তেওঁ মানৱতা আৰু মহৎ মানৱীয় গুণৰ ওপৰত কবিতা ৰচনা কৰিছিল। তেওঁৰ জন্ম হৈছিল মদিনাৰ উত্তৰ-পূৱত অৱস্থিত নজদ নামৰ ঠাইত। তেওঁৰ জন্মকাল সম্পৰ্কে ইতিহাস নিমাত। অনুমান কৰা হয় তেওঁ ষষ্ঠ শতাব্দীৰ প্ৰথমাৰ্ধত জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ দেউতাকৰ নাম আছিল আব্দুল্লা ইবনে ছা‘দ। তেওঁ এটি খ্ৰীষ্টান পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ মাকৰ নাম আছিল  ইনাবা। তাই এজনী ধৰ্মপৰায়না, সহানুভূতিশীল আৰু দানশীল মহিলা আছিল। হাতিম ত্বাঈয়ে মাকৰ পৰা মহৎ মানৱীয় গুণৰ অধিকাৰী হৈছিল। তেওঁৰ জন্ম সৰ্ম্পকে এটি লোক-কাহিনী প্ৰচলিত আছে যে যেতিয়া তেওঁৰ মাক গৰ্ভৱতী হৈছিল তেতিয়া সপোনত তাইক কোনোবাই কৈছিল, “তুমি কি পছন্দ কৰা- এজন দানশীল সন্তান, নে সিংহৰ দৰে যোদ্ধা সন্তান, নে দহজন শক্তিশালী  পুত্ৰ সন্তান।” তেওঁৰ মাকে কৈছিল, “এজন দানশীল সন্তান।” এই সপোন দেখাৰ পিছত যিজন সন্তানৰ জন্ম হৈছিল মাকে তেওঁৰ নাম ৰাখিছিল ‘হাতিম’ অৰ্থাৎ দানশীল সন্তান।
 
কথিত আছে যে হাতিম ত্বাঈ সৰু কালৰ পৰাই ধাৰ্মিক, পৰোপকাৰী আৰু অতি দানশীল আছিল আৰু প্ৰতিদিনৰ প্ৰতিটো সাজতে তেওঁ অতিথি লগত লৈহে আহাৰ গ্ৰহণ কৰিছিল। তেওঁৰ বিষয়ে আন এক কাহিনী প্ৰচলিত আছে যে এদিনাখন তেওঁৰ ককাদেউতাই হাতিমক  উট চৰাবলৈ পঠিয়াইছিল। হাতিমে তিনিশ উটৰ আটাইকেইটাই দান কৰি দিছিল।  এই ঘটনাৰ পিছত ককাদেউতাকে হাতিম তাইক এৰি বেলেগ স্থানত বসবাস কৰিবলৈ লৈছিল।  কথিত আছে যে হাতিম তাইয়ে প্ৰতি বছৰ ৰজব মাজত দহোটাকৈ উট জবেহ কৰি মানুহক খুৱাইছিল। তেওঁ নাৱাৰ নামে এগৰাকী মহিলাক বিয়া কৰাইছিল আৰু তিনিজন সন্তানৰ পিতৃ হৈছিল। সিহঁতৰ দুইজনে পিছত ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। হাতিম ত্বাইয়ে গোটেই জীৱন আনৰ সেৱাত নিয়োগ কৰি ৬০৫ খ্ৰীষ্টাব্দত মৃত্যু বৰণ কৰিছিল।

হাতিম ত্বাঈ – কাব্যিক প্ৰতিভাঃ

হাতিম ত্বাঈ আছিল প্ৰাক-ইছলামী যুগৰ এজন ব্যতিক্ৰমধৰ্মী কবি। তেওঁৰ কবিতাৰ ওপৰত তেওঁৰ পূৰ্বৰ বা সমসাময়িক কবিসকলৰ প্ৰভাৱ দেখা নাযায়। কিয়নো তেওঁ সম্পূৰ্ণ মানৱতাবাদী বিষয়ৰ ওপৰত কবিতা ৰচনা কৰিছিল। অতিথিপৰায়ণতা, পৰোপকাৰীতা, বদান্যতা, সাহসিকতা, প্রতিবেশীৰ লগত সদ্ভাৱ আদি আছিল তেওঁৰ কবিতাৰ বিষয়বস্তু। অৰ্থাৎ তেওঁৰ কবিতা আছিল সম্পূৰ্ণৰূপে মানৱতাবাদী। উল্লেখ্য যে তেওঁৰ কবিতাত প্ৰেম, নাৰীৰ দেহৰ বৰ্ণনা, সুৰা, আমোদ-প্ৰমোদ আদিৰ কোনো স্থান নাই।
 
তেওঁৰ কবিতাত একেশ্বৰবাদী ধৰ্মৰ প্ৰভাৱ স্পষ্ট। তেওঁ ইহকাল, পৰকাল, স্বৰ্গ, নৰক আদিত বিশ্বাসী আছিল আৰু এইবোৰ দৰ্শনো তেওঁৰ কবিতাত প্ৰকাশ পাইছিল। এটি কবিতাত পোৱা যায়-
 
”হে মাৰিয়া, যি ধন সম্পদ মই কৰিছো দান
তাৰ বাবে পাম মই কৃতজ্ঞতা আৰু পৰজনমত মান।”
 
আন এটি কবিতাত কৈছে,
 
“কিহৰ বাবেনো সঞ্চয় কৰা অৰ্থ প্ৰাণপণে
তোমাৰ মৃত্যুৰ পিছত সকলো লুটিব আত্মীয়-স্বজনে।
 
জাহেলী যুগত তেওঁৰ কবিতা আছিল পোহৰ স্বৰূপ। তেওঁ কবিতাৰ জৰিয়তে মানুহৰ মনৰ অন্ধকাৰ দূৰ কৰি এক সুন্দৰ মানৱতাবাদী সমাজ প্ৰতিষ্ঠা কৰিব বিচাৰিছিল যেন লাগে।
 
তেওঁৰ কবিতাৰ ভাষা আছিল সৰল, মাৰ্জিত আৰু মনোৰম। তেওঁ জীৱনৰ সৰল সত্য সৰ্বসাধাৰণৰ মাজত প্ৰচাৰ কৰাৰ পক্ষপাতী আছিল। সেয়ে প্ৰাক-ইছলামী যুগৰ কবি হিচাপে তেওঁ আছিল অনন্য আৰু মৌলিক। ০ ০ ০.
 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

LEAVE A REPLY

Please enter your comment!
Please enter your name here