Home Essay হাতী ৰচনা | The Elephant Essay in Assamese

হাতী ৰচনা | The Elephant Essay in Assamese

0

হাতী ৰচনা | The Elephant Essay

হাতী ৰচনা  The Elephant Essay in Assamese

হাতী | Elephant

হাতী ৰচনা | The Elephant Essay in Assamese

আৰম্ভিণি: হাতী চাৰিঠেঙীয়া  প্ৰকাণ্ড জন্তু। হাতী সাধাৰণতে বনৰীয়া যদিও ইয়াক পোহ  মনাব পাৰি। 

বিৱৰণ: হাতীৰ দুটা চকু, দুখন বিচনীৰ দৰে কাণ, এডাল দীঘল শুঁৰ আছে। ইয়াৰ শুঁৰ ডালেই ইয়াৰ নাক।  হাতীৰ দুটা দাঁত আছে। ইয়াৰ দাঁত বৰ মূল্যৱান। পোহনীয়া হাতীয়ে মানুহক নানান ধৰণে সহায় কৰে।  ই গধুৰ বয়-বস্তু কঢ়িয়াব  পাৰে। ই চিকাৰীসকলৰ বন্ধু । চিকাৰীসকলে ইয়াৰ পিঠিত উঠি  চিকাৰলৈ যায়।  পোহনীয়া হাতীৰ দ্বাৰা বনৰীয়া হাতী চিকাৰ কৰা হয়। এচিয়া আৰু আফ্ৰিকা মহাদেশত হাতী বেছিকৈ পোৱা যায়।কিন্তু অসমৰ হাতী পৃথিৱী বিখ্যাত। ভাৰতবৰ্ষৰ ভিতৰত অসমতেই সৰ্বাধিক হাতী পোৱা যায়। অসমৰ হাতীবোৰৰ  বৰণ কলা। কিন্তু আফ্রিকাৰ  হাতীবোৰৰ  বৰণ বগা। 

হাতীয়ে গছৰ পাত, ঘাঁহ, ধান. মাহ আদি খায়। কলগছ ইয়াৰ প্ৰিয় খাদ্য। হাতীয়ে গড়ে দৈনিক তিনিশ কিলোগ্ৰাম খাদ্য খায়। 

হাতীয়ে বছৰেকত এটাকৈ পোৱালি দিয়ে। পোহনীয়া হাতীয়ে মানুহক নানা ধৰণে সহায় কৰে যদিও কিছুমান হাতীক প্ৰশিক্ষণ দি ছাৰ্কাচতো ব্যৱহাৰ কৰা হয়। ই নানান ধৰণৰ খেল দেখুৱাব পাৰে। 

হাতীৰ দাঁতেৰে অলংকাৰ বনোৱা হয়। ইয়াৰ হাড়ৰ দ্বাৰা বিভিন্ন বস্তু  বনোৱা হয়। ইয়াৰ ছালেৰে বেগ, মোনা, বেল্ট, পেটী  আদি তৈয়াৰ কৰা হয়। 

বনাঞ্চাল হৈছে হাবিৰ প্ৰিয় বাসভূমি। কিন্তু বৰ্তমান বনাঞ্চালৰ পৰিমাণ কমি অহাত হাতীৰ জীৱনলৈ প্রত্যাহ্বান  নামি আহিছে। বনৰীয়া হাতীয়ে কেতিয়াবা কেতিয়াবা খাদ্যৰ সন্ধানত গাওঁ অঞ্চললৈ সোমাই আহি কৃষকৰ খেতি-বাতিও নষ্ট কৰে।চৰকাৰে বৰ্তমানে হাতী সংৰক্ষণ আইন প্ৰণয়ন কৰি ইয়াক সুৰক্ষাৰ ব্যৱস্থা কৰিছে। চৰকাৰে হাতী দাঁত বিক্রী  কৰি বহুত বৈদেশিক মুদ্ৰা অৰ্জন কৰে। 

সামৰণি: হাতী হৈছ প্ৰকৃতিৰ এক আপুৰুগীয়া সম্পদ। আমি বানঞ্চল বৃদ্ধি কৰি আৰু চোৰাং চিকাৰীৰ  হাতৰ পৰা হাতীক সুৰক্ষা দি এই আপুৰুগীয়া জন্তুবিধক ৰক্ষণাবেক্ষণ  দিয়া উচিত। 0 0 0

হাতী ৰচনা

Read More: অসমীয়া ৰচনা শিক্ষা

হাতী ৰচনা

বি. দ্র. উক্ত ‘হাতী ৰচনা | The Elephant Essay ৰচনাটি ৰাব্বি মছৰুৰ ৰচিতঅসমীয়া ৰচনা শিক্ষা গ্রন্থৰ অন্তর্গত। হাতী ৰচনা

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here