Home Quiz হাদিছ কুইজ

হাদিছ কুইজ

0

হাদিছ কুইজ

হাদিছ কুইজ

 

হাদিছ কুইজ, Hadith Quiz

হাদিছ কুইজ 

প্ৰঃ হাদিছ কাক কয়?

উঃ বিশ্বনবী হজৰত মুহাম্মদ (ছাঃ) য়ে ব্যক্তি জীৱন, সমাজ জীৱন, ৰাষ্ট্ৰীয় জীৱন সম্পৰ্কে যিবোৰ নীতি-নিয়ম, কাম-কাজ, আদেশ-নিষেধ, ভাল-বেয়া ইত্যাদি বিষয়ে কথা বা বাণী ব্যক্ত কৰিছে সেইবোৰকেই হাদিছ বোলে । হাদিছবোৰ হজৰত মুহাম্মদ (ছাঃ)ৰ মুখৰ বাণী যদিও এইবোৰ কোৰাণৰ বিৰোধী নহয়। বৰং কোৰাণৰ সৰল ব্যাখ্যা বুলি ক’ব পাৰি।

প্ৰঃ ‘হাদিছ’ শব্দৰ অৰ্থ কি?

উঃ বাণী বা সংবাদ।

প্ৰঃ কোৰাণ আৰু হাদিছৰ মাজত পাৰ্থক্য কি?

উঃ কোৰাণ সৰ্বশক্তিমান বিশ্ব নিয়ন্তা আল্লাহৰ বাণী আৰু হাদিছ হৈছে সেই বাণীসমূহৰ বাস্তৱ আৰু সৰল ব্যাখ্যা।

প্ৰঃ হাদিছ কেই প্ৰকাৰৰ আৰু কি কি?

উঃ  হাদিছ চাৰি প্ৰকাৰৰ, যথা– কওলী, ফেলী, তাকৰীৰী আৰু কুদসী।

প্ৰঃ পৱিত্ৰ কোৰাণৰ ভাষা কি?

উঃ আৰবী।

প্ৰঃ হাফেজে হাদিছ (হাদিছ বিশাৰদ বা হাকিম) কাক কয়?

উঃ যিজনে চনদ আৰু সমস্ত বৃত্তান্তসহ এক লাখ হাদিছ আয়ত্ব কৰে তাকে হাফেজে হাদিছ (হাদিছ বিশাৰদ বা হাকিম) বোলে।

প্ৰঃ হুজুৰ ছাল্লাল্লাহু আলাইহে ৱাছাল্লামে হাদিছ লিখাৰ অনুমতি কোন কোন ছাহাবাক দিছিল?

উঃ ৰাফে বিন খাদিজ (ৰাঃ), আৰু আব্দুল্লাহ বিন আমৰ বিন আস (ৰাঃ)।

প্ৰঃ হুজুৰ (ছাঃ)ৰ সময়ছোৱাত যি হাদিছ গ্ৰন্থ সংকলিত হৈছিল তাৰ নাম কি? তাত কিমান হাদিছ বৰ্ণনা কৰা আছিল?

উঃ সাদিকা, তাত 1000 হাদিছ বৰ্ণনা কৰা আছিল।

প্ৰঃ হুজুৰ (ছাঃ) ৰ হাদিছসমূহ সৰ্বপ্ৰথম কোনে একত্ৰিত কৰে?

উঃ ইমাম ইবনে শিহাব জুহুৰী (ৰঃ)।

প্ৰঃ ইমাম ইবনে শিহাব জুহুৰী (ৰঃ) য়ে কাৰ নিৰ্দেশত হাদিছসমূহ সংগ্ৰহ কৰে?

উঃ হজৰত ওমৰ বিন আব্দুল আজিজ (ৰাঃ)ৰ নিৰ্দেশত।

প্ৰঃ হাদিছ বৰ্ণনাকাৰী চাহাবীসকলৰ সংখ্যা কিমান?

উঃ  7500 জন। হাদিছ কুইজ

প্ৰঃ পুৰুষৰ মাজত সৰ্বাধিক হাদিছ বৰ্ণনাকাৰী কোন?

উঃ হজৰত আবু হুৰাইৰা (ৰাঃ)।

প্ৰঃ নাৰীসকলৰ মাজত সৰ্বাধিক হাদিছ বৰ্ণনাকাৰী কোন?

উঃ হজৰত আয়েশা (ৰাঃ)।

প্ৰঃ 1000 তকৈ অধিক হাদিছ বৰ্ণনাকাৰী কোন?

উঃ 1000 তকৈ অধিক হাদিছ বৰ্ণনাকী চাহাবা বহুত আছে, যথা– হজৰত আব্দুল্লাহ বিন আববাছ, হজৰত আব্দুল্লাহ বিন ওমৰ (ৰাঃ), হজৰত আনাছ বিন মালিক (ৰাঃ), হজৰত জাৰিৰ বিন আব্দুল্লাহ (ৰাঃ), হজৰত আবু সাইদ খুদৰী (ৰাঃ)।

প্ৰঃ বিশুদ্ধতাৰ দিশৰ পৰা হাদিছ কেই ভাগত বিভক্ত?

উঃ 3 ভাগত, যেনে– সহীহ (বিশুদ্ধ), হাসান (উত্তম) আৰু জইফ (দুৰ্বল)।

প্ৰঃ ছিহাহ সিত্তাহ হাদিছ গ্ৰন্থ কোনবোৰ?

উঃ বুখাৰী, মুছলিম, আবু দাউদ, তিৰমিজী, নাসায়ী আৰু ইবনে মাজাহ।

প্ৰঃ ছিহাহ ছিত্তাহ  হাদিছসমূহৰ সংকলকসকলৰ নাম কি?

উঃ (ক) বুখাৰী শ্বৰিফ: আবু আব্দুল্লাহ মুহাম্মদ বিন ইছমাইল বিন ইব্রাহিম বিন মুগীৰাহ বুখাৰী (ৰঃ)। তেখেতৰ জন্ম 21 জুলাই, 810 খ্ৰীঃ  আৰু মৃত্যু 872 খ্ৰীঃ।

(খ) মুছলিম শ্বৰিফ: আবুল হুছাইন  মুছলিম বিন হাজ্জাজ বিন ওৱাৰদ খোৰাছানী (817- 875 খ্ৰীঃ)।

(গ) আবু দাউদ শ্বৰিফ: আবু দাউদ চুলেইমান বিন আগমাছ সিজিস্থানী (817-889 খ্ৰীঃ)।

(ঘ) তিৰমিজী শ্বৰিফ: আবু ঈছা মুহাম্মদ বিন ঈছা তিৰমিজী (815-892খ্ৰীঃ)।

(ঙ) নাসাৰী শ্বৰিফ: আবু আব্দুৰ ৰহমান আহমাদ বিন শুৱাইব নাসাৰী (830-891 খ্ৰী ঃ)।

(চ) ইবনে মাজাহ শ্বৰিফ: আবু আব্দুল্লাহ মহম্মদ বিন ইয়াজিদ মাজাহ (কাজবিনী, ইৰান  824 -887 খ্ৰীঃ)।

প্ৰঃ ছিহাহ সিত্তাহৰ বাহিৰে অন্য কোনো হাদিছ আছে নে?

উঃ আছে, যেনে — ইমাম মালিক (ৰঃ)ৰ ‘মুয়াত্তা’, ইমাম আহমাদে (ৰঃ)ৰ ‘মুছনাদ’, ইমাম চুলেইমান বিন তিবৰীন (ৰঃ)ৰ ‘ময়াজামুল কাবীৰ’ ইত্যাদি।

প্ৰঃ বুখাৰী শ্বৰিফত মুঠ কিমান হাদিছ আছে?

উঃ 7,275 টা।

প্ৰঃ মুছলিম শ্বৰিফত কেইটা হাদিছ আছে?

উঃ 4000 টা।

প্ৰঃ আবু দাউদ শ্বৰিফত কেইটা হাদিছ  আছে?

উঃ 5,400 টা?

প্ৰঃ তিৰমিজী শ্বৰিফত কিমান হাদিছ আছে?

উঃ 3,812 টা। হাদিছ কুইজ

প্ৰঃ নাসায়ী শ্বৰিফত কেইটা হাদিছ আছে?

উঃ 4,482 টা।

প্ৰঃ ইবনে মাজাহ শ্বৰিফত কেইটা হাদিছ আছে?

উঃ 4,338 টা। হাদিছ কুইজ

প্ৰঃ মহাদ্দিছ কাক বোলে?

উঃ হাদিছ শাস্ত্ৰত পাৰদৰ্শী ব্যক্তিক।

প্ৰঃ ভাৰতবৰ্ষত হাদিছ শিক্ষাৰ প্ৰৱৰ্তন কৰে কোনে?

উঃ মুহাদ্দিছ আব্দুল হক দেহলভী (ৰঃ)।

প্ৰঃ ‘মুত্তাফাকুন আলাইহি হাদিছ কি?

উঃ যিবোৰ হাদিছ একেজন চাহাবীৰ বৰ্ণনা সূত্ৰে বুখাৰী শ্বৰিফ আৰু মুছলিম শ্বৰিফত আছে তাকে ‘মুত্তাফাকুন আলাইহি হাদিছ’ বোলে।

প্ৰঃ মুত্তাফাকুন আলাইহি হাদিছ কেইটা?

উঃ 2,326 টা। 

প্ৰঃ মুহাদ্দিছৰ ৰজা কাক কোৱা হয়?

উঃ ইমাম তিৰমিজী (ৰঃ)। 0 0 0

হাদিছ কুইজ, Hadith Quiz

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ

হাদিছ কুইজ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here