হেমচন্দ্ৰ গোস্বামীৰ প্ৰৱন্ধ ‘প্ৰাচীন ভাৰতীয় শিক্ষা’ –এক বিশ্লেষণাত্মক অধ্যয়ন
হেমচন্দ্ৰ গোস্বামীৰ প্ৰৱন্ধ ‘প্ৰাচীন ভাৰতীয় শিক্ষা’ –এক বিশ্লেষণাত্মক অধ্যয়ন
পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে ৰচনা কৰা ‘প্ৰাচীন ভাৰতীয় শিক্ষা’ নামৰ প্ৰৱন্ধটিত প্ৰাচীন ভাৰতীয় শিক্ষাৰ লক্ষ্য আৰু প্ৰাচীন ভাৰতবৰ্ষত থকা বিখ্যাত বিশ্ববিদ্যালয়সমূহৰ চমু পৰিচয় দাঙি ধৰিছে।
হেমচন্দ্ৰ গোস্বামীয়ে কৈছে যে প্ৰাচীন ভাৰতীয় (আৰ্য) শিক্ষাৰ মূলমন্ত্ৰ আছিল মোক্ষ (আত্মাৰ মুক্তি) লাভ। এই মোক্ষ লাভ কৰ্ম, ভক্তি আৰু জ্ঞানৰ যোগেদি পোৱাৰহে বিধান আছিল। প্ৰতিজন মানুহৰ পুৰুষাৰ্থ চাৰি ভাগত বিভক্ত আছিল, যেনে—ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ। মোক্ষক পৰম পুৰুষাৰ্থ বুলি ধৰা হৈছিল আৰু সৰ্বসাধাৰণ মানুহৰ নিমিত্তে ধৰ্ম, অৰ্থ আৰু কাম এই তিনি বৰ্গৰ সাধনা কৰাৰ বিধান কৰিছিল।
হেমচন্দ্ৰ গোস্বামীৰ প্ৰৱন্ধ ‘প্ৰাচীন ভাৰতীয় শিক্ষা’
ইয়াৰ পিছত লিখকে প্ৰাচীন ভাৰতীয় বিশ্ববিদ্যালয়ৰ বিষয়ে আলোচনা কৰিছে। লিখকে কৈছে যে প্ৰাচীন কালত ভাৰতবৰ্ষত ছয়খন বিখ্যাত বিশ্ববিদ্যালয় আছিল, যথা —তক্ষশীলা, শ্ৰীধান্যকটক, নালন্দা, উদান্তপুৰী, দেৱবিহাৰ বা বিক্ৰমশীলা আৰু উজ্জয়িনী।
হেমচন্দ্ৰ গোস্বামীৰ প্ৰৱন্ধ ‘প্ৰাচীন ভাৰতীয় শিক্ষা’
তক্ষশীলা বিশ্ববিদ্যালয় প্ৰাচীন উত্তৰ-পূৱ ভাৰতৰ (বৰ্তমান পাকিস্থানৰ) তক্ষশীলাত অৱস্থিত আছিল। এই বিশ্ববিদ্যালয়খন খ্ৰীষ্টপূৰ্ব এক শতিকালৈকে বৰ্তি আছিল। এই বিশ্ববিদ্যালয়ৰ তলত কেইবাখনো চতুষ্পাঠী আছিল আৰু তাত ওঠৰ বিধ বিষয় শিক্ষা দিয়া হৈছিল। সেইবোৰৰ ভিতৰত ভাস্কৰ-বিদ্যা, চিত্ৰাংকন, মূৰ্তিকটা আৰু আন আন হাতেৰে কৰা বহুতো বিদ্যা-শিক্ষা দিয়া হৈছিল। এইখন বিশ্ববিদ্যালয়তে অত্ৰেয় ঋষিয়ে আয়ুর্বেদ শাস্ত্ৰ শিক্ষা দিছিল। বুদ্ধদেৱৰ চিকিৎসক ‘জীৱক’ এই অত্ৰেয় ঋষিৰ ছাত্ৰ আছিল। এই বিদ্যালয়তে জীৱকে সাত বছৰ বিদ্যাচৰ্চা কৰিছিল। প্ৰখ্যাত ব্যাকৰণবিদ পাণিনি আৰু পণ্ডিত চাণক্যও এই বিশ্ববিদ্যালয়ৰে ছাত্ৰ আছিল। এই বিশ্ববিদ্যালয়খনলৈ পশ্চিমৰ পাৰস্য দেশ, বেকট্ৰিয়া আৰু মগধ দেশৰ পৰা ছাত্ৰ আহি শিক্ষা লাভ কৰিছিল। আদিতে ই হিন্দু বিশ্ববিদ্যালয় আছিল যদিও পিছলৈ ই বৌদ্ধ বিশ্ববিদ্যালয় হয় আৰু তেতিয়াৰ পৰা ইয়ালৈ চীনদেশৰ পৰাও বহুত ছাত্ৰ আহি পঢ়িছিল।
শ্ৰীধান্যকটক বিশ্ববিদ্যালয় প্ৰাচীন অম্ৰাৱতী নগৰৰ ওচৰত আছিল। ইয়াত হিন্দু আৰু বৌদ্ধ দুয়োবিধ শাস্ত্ৰ পঢ়াৰ সুবিধা আছিল। এই বিশ্ববিদ্যালয়ো খ্ৰীষ্টপূৰ্ব এক শতিকালৈ বৰ্তমান আছিল। এই বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল নাগাৰ্জুন।
হেমচন্দ্ৰ গোস্বামীৰ প্ৰৱন্ধ ‘প্ৰাচীন ভাৰতীয় শিক্ষা’
প্ৰাচীন ভাৰতবৰ্ষৰ আন এক প্ৰখ্যাত বিশ্ববিদ্যালয় আছিল নালান্দা বিশ্ববিদ্যালয়। ইয়াত হিন্দু শাস্ত্ৰ যেনে –বেদ, উপনিষদ, ব্যাকৰণ, তৰ্কশাস্ত্ৰ, চিকিৎসাশাস্ত্ৰ, দৰ্শনশাস্ত্ৰ, অংকশাস্ত্ৰ আৰু আধ্যাত্ম্যবিজ্ঞানৰ শিক্ষা দিয়া হৈছিল। এই বিশ্ববিদ্যালয় খ্ৰীষ্টপূৰ্ব এক শতিকাৰ পৰা অষ্টম খ্ৰীষ্টাব্দলৈকে চলি আছিল। এই বিশ্ববিদ্যালয়ৰ বাহিৰে-ভিতৰে দহ হাজাৰ ছাত্ৰই অধ্যয়ন কৰিছিল। শীলভদ্ৰ নামে এজন উদাসীন পণ্ডিত এই বিশ্ববিদ্যালয়ৰ অধ্যক্ষ আছিল। ইয়াত ছাত্ৰসকলে বিনা খৰচতে পঢ়িব পাৰিছিল। ইয়াৰ পুথিভঁৰালটো ভাৰতবৰ্ষৰ সকলো পুথিভঁৰালতকৈ ডাঙৰ আাছিল। পুথিভঁৰালটো ন-তলীয়া আছিল আৰু তাৰ নাম আছিল ‘ৰত্নোদধি’। শিক্ষাগাৰটোত এশটা কোঠালিত এশটা শ্ৰেণী বহিব পাৰিছিল। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ ছাত্ৰ আহিছিল।। ইয়াৰ শিক্ষাৰ মান আৰু আদৰ্শ ইমান ওখ আছিল যে কম ছাত্ৰইহে তাত প্ৰৱেশৰ সুবিধা পাইছিল। চীনদেশৰ পৰিব্রাজক হিউয়েনচাঙে এইখন বিশ্ববিদ্যালয়তে যোগশাস্ত্ৰ পঢ়িবলৈ আহিছিল। তেওঁক কামৰূপ ৰাজ্য ভ্ৰমণ কৰিবলৈ সেইসময়ৰ কামৰূপৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মাই আমন্ত্ৰণ জনাইছিল।
উদান্তপুৰ বিশ্ববিদ্যালয় পাল ৰজাবিলাকৰ আগৰে পৰা আছিল। এই বিশ্ববিদ্যালয়খন খ্ৰীষ্টীয় ৮ম শতাব্দীত বিশেষ খ্যাতি লাভ কৰে। এই বিশ্ববিদ্যালয়ৰ এটা বহুমূলীয়া পুথিভঁৰাল আছিল, যাক মুছলমানবিলাকে ১২০২ খ্ৰীষ্টাব্দত ধ্বংস কৰে।
হেমচন্দ্ৰ গোস্বামীৰ প্ৰৱন্ধ ‘প্ৰাচীন ভাৰতীয় শিক্ষা’
প্ৰাচীন ভাৰতবৰ্ষৰ আন এক প্ৰখ্যাত বিশ্ববিদ্যালয় হ’ল বিক্ৰমশীলা বা দেৱবিহাৰ বিশ্ববিদ্যালয়। ই খ্ৰীষ্টীয় অষ্টম শতিকাত আৰম্ভ হয় দ্বাদশ শতাব্দীলৈ বৰ্তি আছিল বুলি জনা যায়। এই বিশ্ববিদ্যালয়ৰ তলত ছটা উচ্চ বিদ্যালয় আৰু ১০৮ জন অধ্যাপক আছিল। ছাত্ৰ থাকিবৰ বাবে বিদ্যালয়ৰ গাতে লগা চাৰিখন সত্ৰ অৰ্থাৎ ছাত্ৰাবাস আছিল। তাত ছাত্ৰবিলাকে বিনা খৰচে খাবলৈ আৰু থাকিবলৈ পাইছিল।
উজ্জয়িনী বিশ্ববিদ্যালয় হ’ল প্ৰাচীন ভাৰতবৰ্ষৰ আন এক প্ৰখ্যাত বিশ্ববিদ্যালয়। ৰজা বিক্ৰমাদিত্যৰ ৰাজত্বৰ কালছোৱাত এইখন বিশ্ববিদ্যালয় ভাৰতবৰ্ষৰ পণ্ডিত লোকসকলৰ মিলনক্ষেত্ৰ আছিল। এই বিশ্ববিদ্যালয়ত বিশেষকৈ জ্যোতিষশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল। এই বিশ্ববিদ্যালয় বুদ্ধদেৱৰ দিনতো প্ৰখ্যাত আছিল।
আৰ্যশিক্ষাৰ ৬৪ কলাবিদ্যাৰ ভিতৰত ১১ টা বিদ্যা উক্ত বিশ্ববিদ্যালয়বিলাকত শিক্ষা দিয়া হৈছিল। সেইবোৰ হ’লঃ (১) সাহিত্য, (২) গৃহপাল বিদ্যা, (৩) ৰন্ধন বিদ্যা, (৪) সাজ-সজ্জা আৰু পৰিচ্ছদ বিদ্যা, (৫) হাতেৰে কাম কৰা বিদ্যা, (৬) শিল্প বিদ্যা, (৭) বিজ্ঞান, (৮) সংগীত বিদ্যা, (৯) নাট্য বিদ্যা, (১০) শিষ্টাচাৰ বিদ্যা, আৰু (১১) শাৰীৰিক ব্যায়াম বিদ্যা। 0 0 0.
হেমচন্দ্ৰ গোস্বামীৰ প্ৰৱন্ধ ‘প্ৰাচীন ভাৰতীয় শিক্ষা’
বি. দ্র. ‘হেমচন্দ্ৰ গোস্বামীৰ প্ৰৱন্ধ ‘প্ৰাচীন ভাৰতীয় শিক্ষা’ –এক বিশ্লেষণাত্মক অধ্যয়ন | Hemchandra Goswami Prachin Bharatiya Shikhya‘ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘নির্বাচিত অসমীয়া প্রবন্ধ সমালোচনা‘ গ্রন্থৰ পৰা লোৱা হৈছে।
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
অতিৰিক্ত অনুসন্ধান: