হেম বৰুৱাৰ প্ৰৱন্ধ ‘ভাৰতীয় সংস্কৃতি’–এক বিশ্লেষণাত্মক অধ্যয়ন
হেম বৰুৱাৰ প্ৰৱন্ধ ‘ভাৰতীয় সংস্কৃতি’–এক বিশ্লেষণাত্মক অধ্যয়ন
‘ভাৰতীয় সংস্কৃতি’ নামৰ পাঠটিত লিখক হেম বৰুৱাই ভাৰতীয় সংস্কৃতি যে দেশী-বিদেশী বিভিন্ন জাতি-উপজাতিৰ সমন্বয়ত গঢ়ি উঠিছে তাকেই ফাঁহিয়াই দেখুৱাইছে।
ভাৰতীয় সংস্কৃতি হৈছে আৰ্য, অনাৰ্য, দ্ৰাবিড়, মংগোলীয, গ্ৰীক, মোগল, পাঠান আদি বিভিন্ন জাতি আৰু উপজাতিৰ সমন্বয়ৰ সংস্কৃতি। উদাহৰণস্বৰূপে গ্ৰীকসকল, শূণসকল, পাঠানসকল, মোগলসকল আদি বিভিন্ন জাতি গোষ্ঠীৰ লোক ইতিহাসৰ বিভিন্ন যুগত ভাৰতলৈ আক্ৰমণকাৰীৰ বেশত আহিছিল যদিও ভাৰতৰ মোহত পৰি ভাৰততে নিগাজীকৈ থাকিবলৈ লৈছিল। পিছলৈ ভাৰতকে আপোন দেশ বুলি আঁকোৱালি লৈছিল। ভাৰতৰ বিভিন্ন কলা, সংস্কৃতি, শিল্প, ভাস্কৰ্য আদিত এই সমন্বয় লক্ষণীয়।
হেম বৰুৱাৰ প্ৰৱন্ধ ‘ভাৰতীয় সংস্কৃতি’
ভাৰতীয় সংস্কৃতিত যে বিভিন্ন জাতি আৰু জনজাতিৰ সাংস্কৃতিক বৈশিষ্ট্য থুপ খাই আছে তাৰ প্ৰমাণ ৰাজপুত চিত্রবোৰ। আকৌ আৰ্যসকলে ভাৰতলৈ আগমন কৰি সিহঁতৰ স্বকীয় সংস্কৃতিৰ লগতে লাহ লাহে ভাৰতীয় সংস্কৃতিও গ্ৰহণ কৰিছিল। উদাহৰণ-হিন্দু ধৰ্মত প্ৰচলিত লিঙ্গ পূজা অনাৰ্য যুগৰ বস্তু। হিন্দুৰ শ্ৰাদ্ধ বিধিও অনাৰ্য সকলৰ। কিন্তু পিছলৈ আৰ্যসকলেও এইবোৰ গ্ৰহণ কৰি লয় আৰু ই এক ভাৰতীয় সংস্কৃতিত পৰিণত হয়। তেনেদৰে কালক্ৰমত অনাৰ্য দেৱতা শিৱই আৰ্যৰ বেদীত ঠাই পায়। অসমৰ কামাখ্যা দেৱীও অনাৰ্য আছিল; পিছত আৰ্যসকলে ইয়াক দুৰ্গা বা কালিৰ ৰূপান্তৰ হিচাপে গ্ৰহণ কৰে।
ভাস্কৰ্যৰ ক্ষেত্ৰখনতো দেশীয় আৰু বিদেশীয় সমন্বয়ৰ ছাপ স্পষ্ট। বিশেষকৈ ইছলামী ভাস্কৰ্যৰ প্ৰভাৱ মোগল যুগত ভাৰতীয় ভাস্কৰ্যত পৰে। গঠনৰ সৰলতা আৰু সুক্ষ্মতা ইছলামীয় ভাস্কৰ্যৰ মূল বৈশিষ্ট্য। ইছলামীয় ভাস্কৰ্যই হিন্দু ভাস্কৰ্যক কাৰু-কাৰ্য প্ৰদান কৰিছে। আনহাতে হিন্দু ভাস্কৰ্যই ইছলামীয় ভাস্কৰ্যৰ জটিলতা হ্রাস কৰিছে। এনেদৰেই এক নতুন ধাৰাৰ সৃষ্টি হৈছে। তাজমহলেই তাৰ উৎকৃষ্ট উদাহৰণ।
হেম বৰুৱাৰ প্ৰৱন্ধ ‘ভাৰতীয় সংস্কৃতি’
মোগল সম্ৰাট বাবৰৰ দিনত ভাৰতীয় চিত্ৰ শিল্পত এক নতুন ধাৰাৰ আনয়ন হয়। এই চিত্ৰ শিল্পৰ মূলতে আছিল প্ৰচুৰ ব্যক্তি বোধ। ইয়াৰ লক্ষ্য আছিল ব্যক্তিৰ জীৱন প্ৰকাশ। ইয়াৰ জন্ম হৈছিল টাইমুৰ খাঁ আৰু চেংগীজ খাঁৰ ৰাজদৰবাৰত। ব্যক্তিবাদে সাময়িকভাৱে হ’লেও চিত্ৰ-শিল্পত সংকেতৰ স্থান প্ৰায় নোহোৱা কৰিছিল। মোগল আমোলত বাহিৰৰ সুস্থ ব্যক্তিবাদী চিত্ৰকলাৰ লগত ভাৰতত প্ৰচলিত চিত্ৰধাৰাৰ মিলন ঘটিছিল। এই দুয়োটাৰ সংমিশ্ৰণত এটি নতুন পদ্ধতিৰ উদ্ভৱ হৈছিল।
ভাৰতৰ অজন্তা গুহাৰ চিত্রবোৰে ভাৰতীয় সংস্কৃতিৰ বৌদ্ধ যুগৰ কথা সোঁৱৰায়। অজন্তাৰ চিত্রবোৰত দুটা ভাৱৰ প্ৰকাশ দেখা যায়। এটা হৈছে সন্ন্যাস জীৱন আনটো হৈছে সমূহীয়া জীৱন। দুয়োবিধ ছবি একেলগে অংকিত হৈছে। দ্বিতীয় পৰ্যায়ৰ ছবিবোৰ হৈছে জীৱনৰ আনন্দময় উচ্ছাসৰ চিত্ৰ। এইবোৰত ফুটি উঠিছে শক্তি, খ্যাতি, প্ৰেম আৰু যৌৱন। আনহাতে প্ৰথম বিধত আছে দয়া, ধ্যান আৰু মৌনতা। ভাৱ-বস্তুৰ পিনৰ পৰা দুয়োবিধ চিত্ৰই বেলেগ। দুয়োবিধতে দুখন বেলেগ বেলেগ জগত প্ৰতিফলিত হৈছে।
হেম বৰুৱাৰ প্ৰৱন্ধ ‘ভাৰতীয় সংস্কৃতি’
ভাৰতীয় উচ্চঙ্গ সংগীত দাক্ষিণাত্যৰ ভাস্কৰ্য কলাৰ দৰেই গাম্ভীৰ্য আৰু বিচিত্ৰ। উত্তৰ ভাৰতৰ সংগীতে এটা নতুন বস্তু আমাৰ চকুত পেলায়। গাম্ভীৰ্যৰ লগে লগে এই সংগীতত এক উৰণীয়া ভাৱৰ সংযোগ দেখিবলৈ পোৱা যায়। ইয়াকেই সুৰ-বস্তুৰ ওপৰত লোক-সংগীতৰ প্ৰভাৱ বুলিব পাৰি।
সেইদৰে ধৰ্মীয় চিন্তা ধাৰাতো পূৰ্ব আৰু পাশ্চাত্যৰ মিলন সমন্বয় হৈছিল। উদাহৰণস্বৰূপে ‘ছুফিবাদ’ৰ মূল কোৰাণ যদিও উপনিষদৰ দৰ্শনৰ লগত ইয়াৰ এক অভূতপূৰ্ব মিল আছে।
মুঠতে ভাৰতীয় সংস্কৃতি এনেদৰেই বিভিন্ন সংস্কৃতিৰ সমন্বয়ত গঢ়ি উঠিছে। 0 0 0.
হেম বৰুৱাৰ প্ৰৱন্ধ ‘ভাৰতীয় সংস্কৃতি’
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
অতিৰিক্ত অনুসন্ধান: