৬ ডিচেম্বৰ-এক সমালোচনাত্মক বিশ্লেষণ | Ismail Hossain 6 December

0

৬ ডিচেম্বৰ-এক সমালোচনাত্মক বিশ্লেষণ

ৰাব্বি মছৰুৰ

৬ ডিচেম্বৰ --এক সমালোচনাত্মক বিশ্লেষণ

৬ ডিচেম্বৰ –এক সমালোচনাত্মক বিশ্লেষণ

৬ ডিচেম্বৰ-এক সমালোচনাত্মক বিশ্লেষণ

১৯৯২ চনৰ ৬ ডিচেম্বৰত মৌলবাদী হিন্দু পৰিষদৰ উচটনিত ভাৰতৰ ঐতিহাসিক বাবৰি মছজিদ ধবংশ কৰা হয় আৰু সেই পটভূমিতেই কবিয়ে শোক কৰি কবিতাটি ৰচনা কৰিছে। 

কবিতাটিত কবিয়ে ৬ ডিচেম্বৰত ভাৰতবাসীৰ মৃত্যু ঘোষণাৰ দিন বুলি শোক কৰিছে। কিয়নো বাবৰি মছজিদ ধবংশৰ ঘটনাই ভাৰতৰ সাম্প্ৰদায়িকতাৰ জুইত ঘিউ ঢালিলে।  আনকি সমগ্ৰ ইছলাম জগতক হিন্দুসকলৰ দ্বাৰা উপহাস কৰা যেন হ’ল। সেয়ে কবিয়ে শোক কৰি কৈছে যে  কবিৰ মূৰৰ ওপৰৰ আকাশটো অন্ধকাৰ হৈ আহিছে, কবিৰ ভৰিৰ তলৰ পৰা মাটি গুচি পানী বাঢ়ি আহিছে। কবিৰ ভাষাত–

“আজি আমাৰ মৃত্যু ঘোষণাৰ দিন

আহা আমি দিনটোৰ বাবে ক’লা পোছাক পৰিধান কৰো

আমাৰ মূৰৰ ওপৰত এ আকাশ অন্ধকাৰ

ভৰিৰ তলত এসাগৰ পানী।”

কবিয়ে আঞ্চলিকতাবাদী, সন্ত্ৰাসবাদী আৰু সকলো ধৰণৰ সমাজ বিৰোধীসকলৰ মৃত্যু কামনা কৰিছে আৰু  সিহঁতৰ বিৰুদ্ধে উঠি-পৰি লাগিবলৈয়ো কবি বদ্ধপৰিকৰ। কিন্তু আজি সেই বিৰোধী শক্তিসমূহ ইমানেই শক্তিশালী যে সিহঁতে শান্তিপ্ৰিয় জনসাধাৰণৰ মৃত্যুৰ শঙ্খধবনি বজাইছে। কবিৰ ভাষাত–

“যুগে যুগে আমি যাৰ মৃত্যু ঘোষণা কৰি আহিছো 

সেয়েই আমাৰ কাণত বজায় মৃত্যুৰ শঙ্খধবনি।”

কবিয়ে ক্ষোভ কৰি কৈছে যে শান্তিপ্ৰিয় জনসাধাৰণে আৰু কবিয়ে যিকোনো উপায়ে শান্তি বিৰুদ্ধ শক্তিবোৰৰ বিৰুদ্ধে উঠি-পৰি লাগিব। সেইবাবে জনগণক উদ্দেশ্যি কবিয়ে ছালৰ আবৰণ খুলি জুইৰ পোছাক পিন্ধিবলৈ  আহ্বান কৰিছে। কবিৰ ভাষাত–

আহা, আমি জুইৰ পো ছাক পিন্ধো

খুলি থওঁ ছালৰ আৱৰণ।”

উদ্ধৃত কথাফাকি অসম্ভৱ যেন লাগিলেও ইয়াৰ এক প্ৰতীকি অৰ্থ আছে। কবিয়ে ‘জুইৰ পোছাক’ এইবাবেই পৰিধান কৰিব বিচাৰে যে কবিয়ে জুইৰ দৰে অজেয় হৈ সকলো বিৰুদ্ধ শক্তিক চিৰদিনৰ বাবে নাশ কৰিব। 

শেষত কবিয়ে ৬ ডিচেম্বৰক উদ্দেশ্যি কৈছে যে এই দিনটোত বাবৰি মছজিদ ধবংশ কৰা হ’ল মানে  ধৰ্মৰ নামত কলংকহে হ’ল আৰু সেইবাবে কৈছে–

“আজি ঈশ্বৰ আল্লাৰ আত্মহত্যাৰ দিন

আহা, তেওঁলোকৰ শৱদেহত আমি ফুল ছটিয়াই দিওঁ

গেৰুৱা, শুকুলা আৰু শ্যামল ৰঙৰ ফুল।”

কবিতাটি যদিও শোক কবিতা- ই পৰম্পৰাগত শোক কবিতাৰ কটকটীয়া নিয়মৰ অধীনত ৰচিত নহয়;  ই আধুনিক আউলীয়া গদ্যময় জীৱনৰ দৰে মুক্ত ছন্দত ৰচিত। কবিতাটিৰ ছন্দ আৰু বিষয়-বস্তু স্পষ্ট নহ’লেও কবি ইছমাইলে লিখা এইখন সম্ভৱতঃ  ভাল আধুনিক শোক কবিতা -যি কবিতাটিৰ জৰিয়তে বিশাল মানৱ জাতিৰ বিশ্বাসৰ অপমৃত্যুক অংকিত কৰিছে। ০ ০ ০

.

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here