Home Literary Criticism ৰঘুনাথ চৌধাৰীৰ কবিতা ‘ভিক্ষা’–এক আলোচনা | Raghunath Chaudhury Vikhya

ৰঘুনাথ চৌধাৰীৰ কবিতা ‘ভিক্ষা’–এক আলোচনা | Raghunath Chaudhury Vikhya

0

ৰঘুনাথ চৌধাৰীৰ কবিতা ‘ভিক্ষা’–এক আলোচনা

ৰাব্বি মছৰুৰ
ৰঘুনাথ চৌধাৰীৰ কবিতা ‘ভিক্ষা’--এক আলোচনা  Raghunath Chaudhury Vikhya

ৰঘুনাথ চৌধাৰীৰ কবিতা ‘ভিক্ষা’

ৰঘুনাথ চৌধাৰীৰ কবিতা ‘ভিক্ষা’– এক আলোচনা

অসমীয়া কাব্য সাহিত্যৰ ইতিহাসত কবি ৰঘুনাথ চৌধাৰী এটি চিৰ নমস্য নাম যিজনে জন্মতেই  কাব্য দেৱতাৰ ষোড়শোপচাৰেৰে অংলকৃত হৈ অসমীয়া কাব্য কাননত আৱিৰ্ভাব হৈছিল।  তেওঁ প্ৰধানকৈ প্ৰকৃতিৰ কবি যদিও তেওঁৰ কিছুমান কবিতা দাৰ্শনিক আৰু আধ্যাত্মিক ভাৱধাৰাৰে পুষ্ঠ। ৰঘুনাথ চৌধাৰীৰ আধ্যাত্মিক তথা দাৰ্শনিক কবিতাবোৰৰ ভিতৰত ‘ভিক্ষা’ শিৰোনামেৰে লিখা কবিতাটি এক অনোন্যপম কবিতা। এই কবিতাটিৰ মাজেদি কবিয়ে জাগতিক সুখৰ পৰা নিজকে আঁতৰাই মহাশক্তিমান ঈশ্বৰৰ চৰণত নিজকে সঁপি দিছে।  তাৰোপৰি কবিতাটিৰ মাজেদি কবিৰ ব্যক্তিগত জীৱনৰ আশা-আকাঙ্খা, হতাশা, নিৰাশা, সফলতা, বিফলতা আদিৰ অনুভৱ কৰুণ সুৰত মূৰ্ত হৈ উঠিছে।

কবিৰ ব্যক্তিগত জীৱন আছিল কাৰুণ্যৰে ভৰপুৰ। জীৱনৰ আদি ছোৱাত আন দহজনৰ দৰেই তেঁৱো সপোন দেখিছিল জীৱনটোক সুখী সম্পদেৰে ভৰাই তোলাৰ।  কিন্তু সময়ৰ সোঁতত জীৱনৰ সকলো সপোন ভাঙি থানবান হৈ যায়। দৰিদ্ৰতাৰ লাওলোটা তেওঁৰ হাতৰ পৰা নুগুচিল। অৱশেষত অসহনীয় দৰিদ্ৰতাকেই জীৱনৰ অতুল বৈভৱ বুলি আত্ম সন্তুষ্টি লাভ কৰি কৈছে–

‘নেলাগে তোমাৰ প্ৰভু ঐশ্বৰ্য বিভূতি

ৰাজপদ সন্মান গৌৰৱ,

দাৰিদ্ৰৰ লাওলোটা ভিক্ষাৰ সঁজুলি 

সেয়ে মোৰ অতুল বৈভৱ।’

কবিসকলে সাধাৰণতে কোনো পাৰ্থিৱ উদ্দেশ্য আগত ৰাখি কবিতা ৰচনা নকৰে।  সম্ভ্ৰমৰ মালা সিহঁতৰ বাবে স্বাৰ্থপৰতাৰ নামান্তৰ মাথোন। কবি চৌধাৰীয়েও ডিঙিত কোনো সম্ভ্ৰমৰ মালা আঁৰি ল’বলৈ বিচৰা নাই। মানুহৰ পৰা পোৱা অপমান, অপযশ আৰু লাঞ্ছনাকেই তেওঁ পৰম আগ্ৰহৰে মুৰত তুলি লৈছে। কবিৰ ভাষাতঃ

‘নলওঁ ডিঙিত আঁৰি সম্ভ্ৰমৰ মালা

ভাবো তাক অতি হেয় বুলি,

অপমান, অপযশ, লাঞ্ছনা শিৰত

লম প্ৰভু আগ্ৰহেৰে তুলি।’

কবি চৌধাৰীয়ে জীৱনত কোনো উচ্চাকাঙ্খা হাবিয়াস কৰা নাই। পাৰ্থিৱ সম্পদৰ প্ৰতি তেওঁৰ কোনো লোভ নাই। তেওঁৰ মতে সুন্দৰ, কান্তি, কমনীয় দেহ, ধুনেপচ, আনন্দ বিলাস সকলো ৰূপৰ ছলনা মাত্ৰ। কবিয়ে লিখিছেঃ

‘নালাগে সুন্দৰ দেহ কান্তি কমনীয়

ধুনেপচ আনন্দ বিলাস,

ৰূপৰ ছলনা মাত্ৰ, মোহৰ বিকাৰ

সিবোৰত নাই অভিলাস।’

জীৱনত প্ৰেম অহাৰ দৰে কবি চৌধাৰীৰ জীৱনলৈয়ো প্ৰেম আহিছিল। ভাল পাইছিল কোনোৱা এক সুন্দৰী নাৰীক। কিন্তু নাৰীসকল অধিক কামনা-বিলাসী বাবে কবিয়ে নিজকে এই কামনাৰ পৰা আঁতৰাই ৰাখি চিৰকুমাৰ হৈ ৰৈছে। তেওঁ ভাৱে দৈহিক প্ৰেম অন্ধ। এই প্ৰেমৰ সাগৰত যি পৰিছে সি কেতিয়াও পূৰ্ণ আধ্যাত্মিকতাৰ সোৱাদ লাভ কৰিব নোৱাৰে।  সেয়ে তেওঁ তেওঁৰ স্বাৰ্থান্বেষী, কামনাত অন্ধ প্ৰেমিকাক উদ্দেশ্যি কৈছে–

‘পিচাশিনী কামনাক দিছোঁ আঁতৰাই

সি মোক দিছে বহু দুখ

শৰীৰ শিঁয়ৰি উঠে মনত পৰিলে

ৰাক্ষসীৰ কদাকাৰ মুখ।’

কবিয়ে জানে যে অভাৱ চিৰদিন নাথাকে। দুখৰ পিছত সুখ আহে। কিন্তু ভৱিষ্যতৰ সুখ-সম্পদৰ প্ৰতি কবিৰ কোনো আকাঙ্খা নাই। সেয়ে কবিয়ে ঈশ্বৰক প্ৰাৰ্থনা কৰি কৈছে–

‘সমুখত ধনৰ যি আছে অন্ধকুপ

তাত যেন নিপিছলে ভৰি,

চিৰদিন চিৰ দুখী হ’ম লাগে প্ৰভু

অভাৱৰ যন্ত্ৰণাত পৰি।’

কবিৰ মন চঞ্চল আৰু অনিশ্চয়তাত দোদুল্যমান। তেওঁ কৈছে যে কেতিয়াবা যদি কিবা ছলনাত পৰি হলাহলো পান কৰে তথাপি সি দুখ নকৰি সকলো বিষ-যন্ত্ৰণা সহি থাকিব। দুখ-যন্ত্ৰণাৰ বাবে তেওঁ কোনো বেজাৰ নকৰে। কবিয়ে কৈছে–

‘ভুগিছো ভুগিম আৰু দগ্ধ হৃদয়ত

শত শত বৃশ্চিক দংশন

নকৰোঁ বেজাৰ প্ৰভু, তোমাৰ কাষত

আনন্দত থাকিম মগন।’

কবিয়ে জীৱনত সকলো হেৰুৱাইছে। সুখ-সম্পদ, আশা-আকাঙ্খা, বিলাস, হাবিয়াস আদিৰ পৰা বঞ্চিত হ’লেও তেওঁৰ মুখত সদায় আনন্দৰ হাঁহি বিৰিঙিছে। তেওঁ ভগৱানক প্ৰাৰ্থনা কৰিছে যে যদি মুখৰ হাঁহিটিও মাৰ যায় তথাপিও তেওঁৰ কোনো ক্ষেদ নাথাকিব। আনন্দত বিষাদৰ চকুলো টুকিয়ে জীৱনত সান্ত্বনা লভিব। তেওঁ গাইছে–

‘মুখৰ হাঁহিটি সিও যদি মাৰ যায়

ছিন্ন হয় আশালতা জুপি

সান্ত্বনা দিওতা মোৰ আছে লগৰীয়া 

বিষাদৰ চকুলো এটুপি।’

কবিয়ে পাৰ্থিৱ সুখ, শান্তি, আশা, প্ৰেম, বাসনা, তৃপ্তি সকলো মৰীচিকা (ভ্ৰম) বুলি অভিহিত কৰিছে। তেওঁৰ মতে এইবোৰ বহুৰূপী হৈ মানুহৰ চিত্তত বিভ্ৰমহে ওপজায়। সেয়ে কবিয়ে সকলো সুখ, আশা, শান্তি, প্ৰেম আদি পৰিহাৰ কৰি কৈছে–

আশা, সুখ, শান্তি, প্ৰেম, বাসনা, তৃপ্তি

সকলো যে মৰীচিকা ভ্ৰম

বহুৰূপী হৈ মোক ভুৱা দি মাথোন

ওপজায় চিত্তত বিভ্ৰম।’

কবিয়ে জানে যে সুখ, দুখ, হৰ্ষ, বিষাদ, সকলো ঈশ্বৰৰেই দান। এইবোৰ ঈশ্বৰৰ পৰা আহে আৰু ঈশ্বৰলৈ ঘূৰি যায়। সেয়ে তেওঁ সুখৰ সলনি দুখকেই সানন্দে আঁকোৱালি ল’বলৈ সাজু। তেওঁ সকলো বস্তুতে ঈশ্বৰৰ অস্তিত্ব দেখা পাইছে। কবিয়ে কৈছে–

সুখ, দুখ, হাঁহি , অশ্ৰু, হৰ্ষ বা বিষাদ

তোমাতেই উদ্ভৱ, বিলয়

অনুকুল প্ৰতিকুল তুমিয়েই জীৱৰ

সকলোতে দেখো তুমিময়।

অৱশেষত কবিয়ে ঈশ্বৰৰ প্ৰতি গভীৰ বিশ্বাস স্থাপন কৰি ঈশ্বৰক প্ৰাৰ্থনা কৰি কৈছে–

‘দয়াময় মাগো এটি চৰণত ভিক্ষা

দিয়া মোক প্ৰাণত আশ্বাস

শিলৰ ৰেখাৰ দৰে তোমাতে সদায়

থাকে যেন অটল বিশ্বাস।’

ওপৰৰ বিশ্লেষণৰ পৰা দেখা যায় যে কবিয়ে দুখ, শোক, বিষাদ, বেদনাৰে ভৰা পাৰ্থিৱ জীৱনৰ প্ৰতি বিতশ্ৰুদ্ধ হৈ ঈশ্বৰৰ ওচৰত নিজকে সঁপি দি শান্তি লভিছে।

আধ্যাত্মিক কবিতা হিচাপে ‘ভিক্ষা’ কবিতাটি ভাৰতীয় হিন্দু দৰ্শনৰ ওপৰত প্রতিষ্ঠিত। ভাৱ, ভাষা, ছন্দ, শব্দ চয়ন আদিৰ দিশৰ পৰা কবিতাটি ৰঘুনাথ চৌধাৰীৰ এক মহান কবিতা। ০ ০ ০

ৰঘুনাথ চৌধাৰীৰ কবিতা ‘ভিক্ষা’ — এক আলোচনা

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here