Home Literary Criticism ৰহমত গিৰিহঁত তুমি আল্লা চাহাব ঐ–এক আলোচনা। Ajan Fakiror Rahamat Girihot’

ৰহমত গিৰিহঁত তুমি আল্লা চাহাব ঐ–এক আলোচনা। Ajan Fakiror Rahamat Girihot’

0

ৰহমত গিৰিহঁত তুমি আল্লা চাহাব ঐ–এক আলোচনা

ৰাব্বি মছৰুৰ
ৰহমত গিৰিহঁত তুমি আল্লা চাহাব ঐ

ৰহমত গিৰিহঁত তুমি আল্লা চাহাব ঐ

ৰহমত গিৰিহঁত তুমি আল্লা চাহাব ঐ– এক আলোচনা

আজান ফকিৰ ৰচিত ‘ৰহমত গিৰিহঁত তুমি আল্লা চাহাব ঐ’ জিকিৰটো এক আধ্যাত্নিক ভাৱ সম্পন্ন জিকিৰ (গীত)। জিকিৰটোৰ জৰিয়তে কবিয়ে অনিত্য সংসাৰৰ মায়া মোহত বন্ধী নহৈ ঈশ্বৰ চিন্তাত নিমগ্ন হোৱাৰ বাবে মানুহক আহ্বান জনাইছে।

মানুহ বৰ নির্বোধ। ঈশ্বৰ যে প্ৰত্যেকজন মুমিন (ঈশ্বৰ বিশ্বাসী) ব্যক্তিৰ হৃদয়তে বিৰাজমান বা ঈশ্বৰ যে মুমিনসকলৰ অতি ওচৰতে থাকে সেই কথা উপলব্ধি কৰিব নোৱাৰে। পানীয়ে তৃষ্ণা নিবাৰণ কৰে। তেনেদৰে জুইৰো প্ৰচণ্ড উত্তাপ শক্তি আছে। কিন্তু পানী আৰু জুইয়ে নিজৰ নিজৰ ক্ষমতা বা গুণাগুণৰ বিষয়ে অৱগত নহয়। ঠিক তেনেদৰে মুৰ্খমতি মানুহে নিজৰ অন্তৰতে যে ভগৱান বিৰাজ কৰি আছে সেই কথা উপলব্ধি কৰিব নোৱাৰি হাবাথুৰি খাই মৰে।

ভাৰতৰ ‘প্ৰয়াগ’ নামে ঠাইত গংগা, যমুনা আৰু সৰস্বতী নামৰ তিনিখন নদী মিলিত হৈছে। সেই স্থানখনক ‘ত্রিবেণী ঘাট’ বুলি কোৱা হয়। হিন্দুসকলে ত্রিবেণী ঘাটক  তীৰ্থস্থান হিচাপে গণ্য কৰি প্ৰতি বছৰ তালৈ তীৰ্থ কৰিবলৈ যায়। ঠিক তেনেদৰে মক্কা হৈছে মুছলমানসকলৰ ত্রিবেণী ঘাট অৰ্থাৎ পুণ্য স্থান। তাত প্ৰতি বছৰ লাখ লাখ মানুহ তীৰ্থ কৰিবলৈ যায়। তীৰ্থ কৰিলে মানুহৰ পাপ মোচন হয় আৰু পুণ্য সঞ্চয় হয় অৰ্থাৎ মানুহে মোক্ষ (মুক্তি) লাভ কৰিব পাৰে। কিন্তু কবিয়ে ক’ব বিচাৰিছে যে পুুণ্য সঞ্চয় মাত্ৰ সেইসকল লোকৰ বাবেহে সম্ভৱ হয় যিসকলে সংসাৰৰ মায়া-মোহৰ পৰা মুক্ত। কিন্তু মানুহ বিষয়-ভাৱনাত লিপ্ত থকা বাবে তীৰ্থ কৰিও পুণ্য সঞ্চয় বা মোক্ষ লাভ কৰিব নোৱাৰে।

মানৱ জীৱন অনিত্য অৰ্থাৎ ক্ষণভঙ্গুৰ। কোন মুহূৰ্তত মানুহৰ শৰীৰৰ পৰা আত্মা ওলাই গুচি যায়গৈ কোনেও নাজানে। আত্মা এবাৰ গুচি গ’লে দুনাই ঘূৰি নাহে। ঠিক সজাত বন্ধী কৰি ৰখা মইনা চৰাই এটিৰ দৰে। সজাৰ মইনা চৰাই এটি যদি কিবা প্ৰকাৰে সজাৰ পৰা ওলাই যাব পাৰে তেন্তে সি আৰু দুনাই ঘূৰি নাহে। সেয়ে মানুহে সংসাৰৰ অনিত্যতা অনুধাৱন কৰি মায়া-মোহত আবদ্ধ নাথাকি ঈশ্বৰ চিন্তাত মগ্ন থকা উচিত। ০ ০ ০

ৰহমত গিৰিহঁত তুমি

Read More: অসমীয়া ৰচনা শিক্ষা

ৰহমত গিৰিহঁত তুমি

বি. দ্র. উক্ত ‘আজান ফকিৰৰ জিকিৰ ‘ৰহমত গিৰিহঁত তুমি আল্লা চাহাব ঐ’ — এক আলোচনা । Ajan Fakiror Rahamat Girihot ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘নিৰ্বাচিত  অসমীয়া  কবিতা সমালোচনা‘ গ্রন্থৰ পৰা লোৱা হৈছে । ৰহমত গিৰিহঁত তুমি

 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here