ৰাঘৱ মৰাণ | Raghav Maran
ৰাঘৱ মৰাণ
ৰাঘৱ মৰাণ | Raghav Maran
ৰাঘৱ মৰাণ (Raghav Maran) আছিল আহোম ৰাজত্বৰ শেষ ভাগত সংঘটিত হোৱা মোৱামৰীয়া গণবিপ্লৱৰ প্ৰধান নেতা । ছশ বছৰীয়া আহোম ৰাজত্বৰ শেষৰ ফালে স্বেচ্ছাচাৰী হৈ উঠা ৰাজতন্ত্ৰৰ চৰম অন্যায়-অবিচাৰ, শোষণ-নিষ্পেষণৰ কবলৰ পৰা ৰাজ্যখনৰ সকলো জাতি-উপজাতিৰ নিস্তাৰৰ হকে এইজনা বীৰৰ নেতৃত্বতে সূচনা হৈছিল এই সৰ্বাত্মক বিপ্লৱ। উল্লেখযোগ্য যে ইতিহাস প্ৰসিদ্ধ ফৰাচী বিপ্লৱৰ বিশ বছৰ পূর্বেই এই বিপ্লৱ সংঘটিত হৈছিল।
সাধাৰণ কৃষক সন্তান ৰাঘৱ মৰাণে যুদ্ধবিদ্যাত অপ্ৰশিক্ষিত সাধাৰণ প্ৰজাক, বাঁহৰ লাঠি, যাঠি, ধনু-কাঁড় আদি সাধাৰণ অস্ত্ৰেৰে সজ্জ্বিত কৰি বিৰাট ৰাজকীয় বাহিনীক পৰাস্ত কৰি ৰাজশাসন ওফৰাই দিছিল। এনে ঘটনা বিশ্ব ইতিহাসত অতি বিৰল।
ৰাঘৱৰ আহ্বানত জাতি-গোষ্ঠী নির্বিশেষে সকলো প্ৰজা জাগৰিত হৈ সদলবলে ওলাই আহিছিল। এই ঘটনাই প্ৰমাণ কৰে যে তেওঁ এজন সৰ্বজন গ্ৰহণীয় নেতা আছিল। ৰাজ্যখনৰ চাৰিওফালে ৰাজতন্ত্ৰক ঘেৰাও কৰি বিপ্লৱী বাহিনীক গোট গোট কৈ তৈয়াৰ কৰা, যুদ্ধত গেৰিলা কৌশল প্ৰয়োগ আদিয়ে ৰাঘৱ মৰাণৰ প্ৰচুৰ সাংগঠনিক দক্ষতা আৰু সামৰিক-কুশলতা দাঙি ধৰে। তদুপৰি ৰজা লক্ষী সিংহক বন্দী কৰি ৰাজকীয় মৰ্যাদা দিয়া, প্ৰকৃত গণশতৰুসকলক মৃত্যুদণ্ড দিয়াৰ বাহিৰে লঘু দোষত দোষীসকলকৰ সামান্য শাস্তি দি ৰেহাই দিয়া আদি গুণে তেওঁৰ উদাৰনৈতিক গণতান্ত্ৰিক চৰিত্ৰকে প্ৰতিফলিত কৰে।
সেয়ে সকলো মানুহে বিচৰা শ্ৰেণী বৈ ষম্যবিহীন সমাজ গঢ়াৰ পথ-প্ৰদৰ্শকৰূপে এইজনা বীৰনায়ক যুগ যুগলৈ প্ৰাসংগিক হৈ থাকিব। । ০ ০ ০
Read More: বিশ্ব ব্যক্তি পৰিচয়
বি. দ্র. উক্ত ‘ৰাঘৱ মৰাণ | Raghav Maran’ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়’ গ্রন্থৰ অন্তর্গত।
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
অতিৰিক্ত অনুসন্ধান: