Home Knowledge ৰাজেন ৰাভা | Rajen Rava

ৰাজেন ৰাভা | Rajen Rava

0

ৰাজেন ৰাভা | Rajen Rava

ৰাজেন ৰাভা,  Rajen Rava

 

ৰাজেন ৰাভা

ৰাজেন ৰাভা | Rajen Rava

ৰাজেন ৰাভা (Rajen Rava) অসমৰ ৰাভা জনজাতিৰ এজন কৃতী শিক্ষক, প্ৰথিতযশা সাহিত্যিক আৰু গৱেষক আছিল। ৰাজেন ৰাভাৰ জন্ম হয় ১৯২০ চনৰ ১৮ ছেপ্তেম্বৰত দুধনৈত।

ৰাজেন ৰাভাৰ শিক্ষা জীৱন আৰম্ভ হয় স্থানীয় এটি বিদ্যালয়ত। কিন্তু পৰিয়ালৰ আৰ্থিক অৱস্থা অতি দুৰ্বল হোৱা বাবে প্ৰাথমিক শিক্ষা সাং কৰি মাত্ৰ পাঁচ টকা পাৰিতোষিকেৰে এখন মাৰোৱাৰী দোকানত কাম কৰিবলৈ লয়। পিছত সংকল্পৰ দৃঢ়তাৰ বাবেই প্ৰাইেভটকৈ মেট্ৰিক; আই. এ. আৰু শেষত অসমীয়া বিভাগত এম এ পৰীক্ষাত উর্ত্তীর্ণ হৈ  ৰাভা আৰু সমাজ-সংস্কৃতি বিষয়ত অধ্যয়ন আৰু গৱেষণা কৰিবলৈ লয়। 

কিছুদিন তেওঁ কৃষিকাৰ্যতো মনোনিৱেশ কৰাৰ লগতে মণিহাৰী বস্তুৰো বেপাৰ কৰিছিল। মহাত্মা গান্ধীৰ নেতৃত্বত চলা ভাৰতৰ স্বাধীনতা আন্দোলনতো তেওঁ যোগদান কৰি ‘কৰিম কিম্বা মৰিম’ বাহিনীত ভৰ্তি হৈছিল। 

ছাত্ৰ অৱস্থাৰে পৰা ৰাজেন ৰাভাই সাহিত্যৰ প্ৰতি আকৰ্ষিত হয়। পিছলৈ তেওঁ ‘ৰাভা সাধু’, ‘ৰাভা জনজাতি’ আদিৰ উপৰিও দুকুৰিৰো অধিক প্ৰৱন্ধ ৰচনা কৰে। 

তেওঁ অসম সাহিত্য সভাৰ বঙাইগাঁও অধিৱেশনৰ উপসভাপতি আৰু দুধনৈ অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি আছিল। তেওঁক অসম চৰকাৰে সাহিত্যিক পেঞ্চন প্ৰদান কৰাৰ লগতে ১৯৪৬ চনত ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰো বঁটা প্ৰদান কৰে। ০ ০ ০

Read More: বিশ্ব ব্যক্তি পৰিচয়

বি. দ্র. উক্ত ‘ৰাজেন ৰাভা | Rajen Rava ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়’ গ্রন্থৰ অন্তর্গত।

 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here