Home Literary Criticism ৰোৱনীজনী তোৰ বিজন অৰণ্যত–এক সমালোচনাত্মক বিশ্লেষণ | Ismail Hossain Ruwanijoni Tur Bijon...

ৰোৱনীজনী তোৰ বিজন অৰণ্যত–এক সমালোচনাত্মক বিশ্লেষণ | Ismail Hossain Ruwanijoni Tur Bijon Aronnyot

0

ৰোৱনীজনী তোৰ বিজন অৰণ্যত–এক সমালোচনাত্মক বিশ্লেষণ

ৰাব্বি মছৰুৰ
ৰোৱনীজনী তোৰ বিজন অৰণ্যত--এক সমালোচনাত্মক বিশ্লেষণ Ismail Hossain Ruwanijoni Tur Bijon Aronnyot

ৰোৱনীজনী তোৰ বিজন অৰণ্যত

ৰোৱনীজনী তোৰ বিজন অৰণ্যত–এক সমালোচনাত্মক বিশ্লেষণ

‘ৰোৱনীজনী-তোৰ বিজন অৰণ্যত’ নামৰ কবিতাটি কবি ইছমাইল হোছেইনৰ ‘জীৱন আৰু মানুহ বিষয়ক’ কবিতা সংকলনৰ সপ্তম কবিতা। কবিতাটিত সহজ সৰল গাঁৱলীয়া কোনো এক গাভৰু ৰোৱনীৰ শাৰীৰিক সৌন্দৰ্য, সাম্প্ৰতিক সময়ৰ অধোঃগামী অৱস্থা আৰু কবিৰ আশাবাদী মনৰ প্ৰতিবিম্ব ফুটি উঠিছে।  অৱশ্যে ইয়াত ‘ৰোৱনীজনী’  সমাজৰ ৰোৱনী তিৰোতা শ্ৰেণীৰ প্ৰতিনিধি স্বৰূপ (type) হিচাপেহে অংকিত হৈছে।

বৰ্তমান যুগ বাস্তৱবাদী যুগ। এই যুগত কবি-সাহিত্যিকসকল ৰমন্যাসবাদী কবি সাহিত্যিকসকলৰ দৰে কল্পনা বিলাসী নহয় আৰু শাৰীৰিক সৌন্দৰ্যৰ প্ৰতিও কীটচ, শ্বেলী আৰু ওৱৰ্ডচওৱৰ্থৰ দৰে বিলাসী ভক্ত নহয় যদিও কোনো কবিয়েই ৰমন্যাসবাদৰ বিলাসী বুকুৰ আলফুল সৌন্দৰ্য উপভোগ কৰাৰ প্ৰৱণতাৰ পৰা সম্পূৰ্ণ বিমূখো নহয়। আমাৰ কবি ইছমাইল হোছেইনেও শাৰীৰিক সৌন্দৰ্যৰ পৰা নিজকে সম্পূৰ্ণ মুক্ত ৰাখিব পৰা নাই। এই কবিতাৰ প্ৰথম অনুেচ্ছদত কবিয়ে ৰোৱনীজনীৰ শাৰীৰিক সৌন্দৰ্যৰ গুণ-গান কৰিছে এনেদৰে–

“লহিয়া বেলিটোৱে তোৰ কজলা চুলিত

হেঙুল বুলিয়া ৰঙৰ ফাকু ছটিয়াইছে,

পাট গাভৰু দেহাত তোৰ অপৰূপ লয়লাস

পদুম ফুলিছে বোকাময় বুকুৰ ছাঁত,

বেলিটোৰ দৰেই তোৰ মুখখনি ৰাঙলী হৈ ফুলিছে।”

ৰোৱনীজনী তোৰ বিজন অৰণ্যত–এক সমালোচনাত্মক বিশ্লেষণ

ইয়াৰ পিছত কবিয়ে ‘নদী‘ আৰু ‘অৰণ্য’ৰ প্ৰতীক আহ্বান কৰি বৰ্তমান সমাজৰ অৱক্ষয়ী দিশৰ চিত্ৰ আঁকিছে। কবিয়ে কৈছে যে যেতিয়া সমাজৰ কলুষ-কালিমা বা অৰ্থনৈতিক কাঠিণ্যৰ হেঁচাত পৰি জীয়াই থকাৰ শেষ আশাকনো নাইকীয়া হয় অৰ্থাৎ ‘নদী’ (সুখ-শান্তিৰ প্ৰতীক) আৰু ‘অৰণ্য’ (প্ৰাকৃতিক সুখ শান্তিৰ ভাৰসাম্যতাৰ প্ৰতীক) নাশ হৈ যায় তেতিয়া মানুহে ‘গছৰ কোমল ছাঁ’ (অৰ্থাৎ শান্তিৰ আশ্ৰয়) বিচাৰে। কবিৰ ভাষাত–

“যেতিয়া সমস্ত নদীয়ে শুকাই যায় তাৰ উৎসৰ পৰা

মানুহবোৰে আকণ্ঠ পান কৰে তৃষ্ণাৰ ত্ৰাস 

যেতিয়া সমগ্ৰ অৰণ্যই পুৰি যায় তাৰ উপত্যকাত

মানুহবোৰে বিচাৰে গছৰ কোমল ছাঁ।”

ৰোৱনীজনী তোৰ বিজন অৰণ্যত–এক সমালোচনাত্মক বিশ্লেষণ

প্ৰকৃতিৰ ৰাজ্যত যেতিয়া শান্তিৰ হাহাকাৰ হয় আৰু মানুহবোৰে শান্তিৰ আশ্ৰয়ৰ বাবে দিশ-বিদিশ চলাথ কৰে তেতিয়া ৰোৱনীজনীৰ বুকুত ‘প্ৰেমৰ ৰাগিনী নদী’ বয় অৰ্থাৎ সমগ্ৰ জগত ম্লান পৰিলেও প্ৰেমৰ জগতত প্ৰতিক্ৰিয়া নহয়। সেইবাবেই মানুহে আশ্ৰয় বিচাৰি নাৰীৰ শাৰীৰিক সৌন্দৰ্যৰ প্ৰতি আকৰ্ষিত হৈ সকলো দুখ- শোক পাহৰি থাকিব বিচাৰে। কবিৰ ভাষাত–

“তেতিয়া তোৰেই বুকুৰ সমতলত নিৰিবিলি বয় ৰাগিনী নদী

তাত সুৰৰ ৰাগ টানি তৃষ্ণাৰ্ত মানুহবোৰে মুখত তোলে পানী

তোৰেই বুকুত লহপহকৈ  জীপ দিয়ে এখনি বিজন অৰণ্য

যাৰ সুষমা পথাৰত শইচে খেলা কৰে।”

কবিও আশাবাদী। তেঁৱো প্ৰেমৰ নদীৰ দুয়োপাৰে কাঙ্খিত শান্তিৰ প্ৰতীক দেখা পাইছে–

“তোৰ নদীৰ ইপাৰত মোৰ শইচৰ নিলাম বজাৰ

সিপাৰত আটোম-টোকাৰি ঘৰ, সুদূৰত গাওঁবোৰ।”

ৰোৱনীজনী তোৰ বিজন অৰণ্যত–এক সমালোচনাত্মক বিশ্লেষণ

কিন্তু মনুহবোৰৰ  লগতে কবিয়েও যেতিয়া প্ৰেমৰ নদন-বদন পৃথিৱীৰ সপোন দেখে তেতিয়া আকৌ গাওঁবোৰত দুৰ্দ্দিন আহে, সাম্প্ৰদায়িক সংঘৰ্ষত ঘৰে ঘৰে জুই জ্বলে, মানুহে মানুহক হত্যা কৰি তেজেৰে গা ধোৱে, নদীত বান আহে আৰু কুমাৰী মাটি ধৰ্ষিতা হয় অৰ্থাৎ চাৰিওপিনৰ পৰা অশান্তিৰ লেলিহান অগ্নি শিখা প্ৰজ্জ্বলিত হয়। কবিৰ ভাষাত–

“গাওঁবোৰত দুৰ্দ্দিন আহে, ঘৰে ঘৰে জুই জ্বলে

তেজেৰে মানুহবোৰে গা ধোৱে, নদীত নামে বান

বানে ধৰ্ষণ কৰে শইচৰ কুমাৰী পথাৰ।”

কবি বৰ আশাবাদী লগতে সহানুভূতিশীলো। সেয়ে কবিয়ে নিজৰ শ্ৰমৰ হাত দুখনি ৰোৱনীজনীক দিব বিচাৰে আৰু আশা কৰিছে যে ৰোৱনীজনীৰ হাত আৰু কবিৰ হাত দুয়োটাই মিলি প্ৰাকৃতিক বিপৰ্যয়ক বাধা দিব পাৰিব ফলত সমাজত আনয়ন হ’ব সুখ, সমৃদ্ধি আৰু শান্তি। কবিৰ ভাষাত–

“ৰোৱনীজনী মোৰ শ্ৰমৰ হাত দুখনি তোক দিলোঁ

তোৰ দহো আঙুলি, মোৰ দহো আঙুলি- একুৰি আঙুলি

তাৰেই ভেটা দে বলিয়া বান। তোৰ নদীৰ পানী আনি 

নুমাই দে জুই- তোৰ বিজন বনত পখীয়ে গাওঁক গান।”

ৰোৱনীজনী তোৰ বিজন অৰণ্যত–এক সমালোচনাত্মক বিশ্লেষণ

কবিতাটিৰ ভাষা আৰু শৈলী আন কবিতাৰ দৰেই সৰল। ইয়াত শব্দৰ অভিনৱ প্ৰয়োগ নাই যদিও কবিতাটিৰ আকৰ্ষনীয় দিশটো হৈছে ইয়াত প্ৰয়োগ কৰা কল্পচিত্ৰ। এই কবিতাৰ প্ৰতিটি  স্তৱকেই কল্পচিত্ৰৰ দ্বাৰা সমৃদ্ধ আৰু প্ৰতিটো কল্পচিত্ৰই কাব্যিক সৌন্দৰ্যৰে ভ’ৰপুৰ। তাৰোপৰি ‘নদী’, ‘অৰণ্য’ আদি প্ৰতীক ব্যৱহাৰে কবিতাটিৰ সামগ্ৰীক মানদণ্ড উন্নত কৰিছে। ০ ০ ০

ৰোৱনীজনী তোৰ বিজন অৰণ্যত–এক সমালোচনাত্মক বিশ্লেষণ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here