Home Ass Grammar আন্তাৰা বিন শ্বাদ্দাদ | Antara bin Shaddad

আন্তাৰা বিন শ্বাদ্দাদ | Antara bin Shaddad

1

আন্তাৰা বিন শ্বাদ্দাদ | Antara bin Shaddad

আন্তাৰা বিন শ্বাদ্দাদ Antara bin Shaddad

আন্তাৰা বিন শ্বাদ্দাদ | Antara bin Shaddad

আন্তাৰা বিন শ্বাদ্দাদ: চমু পৰিচয়:

আন্তাৰা বিন শ্বাদ্দাদ আছিল প্ৰাক-ইছলামী যুগৰ শ্ৰেষ্ঠ মুৱাল্লাকা কবিসকলৰ মাজৰ এজন। তেওঁ জীৱনত বহুতো যুদ্ধত অংশ গ্ৰহণ কৰি বীৰত্ব প্ৰদৰ্শন কৰা বাবে তেওঁক ‘সৈনিক কবি’ বুলিও কোৱা হয়।
 
আন্তাৰা বিন শ্বাদ্দাদ ৫২৫ খ্ৰীষ্টাব্দত বিখ্যাত আবচ গোত্ৰত নজদ নামৰ ঠাইত জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ দেউতাৰ নাম আছিল শ্বাদ্দাদ আৰু মাক আছিল এজনী আবিচিনিয়াৰ দাসী। দাসীৰ গৰ্ভত জন্ম হোৱা বাবে দেউতাকে তেওঁক প্ৰথমতে পুত্ৰ হিচাপে স্বীকৃতি দিয়া নাছিল। কিন্তু আন্তাৰা আছিল অতি সাহসী, আত্মসন্মান সচেতন, বীৰ স্বভাৱৰ আৰু তেওঁ যিকোনো প্ৰকাৰে দেউতাকৰ পৰা পুত্ৰৰ স্বীকৃতি আদায় কৰাৰ বাবে দৃঢ় সংকল্প লৈছিল। উল্লেখ্য যে সেই সময়ৰ আৰবত এজনী দাসীৰ গৰ্ভত জন্ম গ্ৰহণ কৰা সন্তানে যেতিয়ালৈকে কোনো উল্লেখযোগ্য সন্মানৰ কাম কৰিব নোৱাৰিছিল তেতিয়ালৈকে তেওঁ পুত্ৰৰ স্বীকৃতি পোৱা নাছিল আৰু দাস হিচাপে  জীৱন যাপন কৰিব লাগিছিল। পিতৃৰ পৰা পুত্ৰৰ স্বীকৃতি পোৱা আৰু দাসৰ পৰা স্বাধীন হোৱাৰ আশাৰে আন্তাৰাই সৰু কালৰ পৰাই বৰ্শা চালনা, অশ্ব চালনা আৰু তৰোৱালেৰে যুদ্ধ কৰা বিদ্যাত পাৰ্গত হৈ উঠিছিল।
 
কথিত আছে যে এদিনাখন প্রতিবেশী গোত্ৰৰ লোক কিছুমানে আবচ গোত্ৰৰ উট আৰু ভেড়াৰ পাল বলপূৰ্বকভাৱে সিহঁতৰ পৰা কাঢ়ি লয়। আন্তাৰাৰ দেউতাকে প্ৰতি আক্ৰমণ কৰি জন্তুবোৰ উদ্ধাৰ কৰাৰ বাবে আন্তাৰাক নিৰ্দেশ দিয়ে। কিন্তু আন্তাৰাই কয়, “মই এজন দাসহে। দাস এজনে যুদ্ধ কৰিব নোৱাৰে।” তেতিয়া দেউতাকে তেওঁক কৈছিল, “আজিৰ পৰা তুমি স্বাধীন। তুমি যুদ্ধ কৰা।” এই কথাত উদ্বুদ্ধ হৈ আন্তাৰাই হাতত তৰোৱাললৈ বীৰ বিক্ৰমেৰে আক্ৰমণকাৰীসকলৰ ওপৰত জঁপিয়াই পৰে আৰু সিহঁতৰ হাতৰ পৰা আটাইকেইটা জন্তু উদ্ধাৰ কৰে। এই ঘটনাৰ পিছত দেউতাকে তেওঁক স্বাধীন বুলি ঘোষণা কৰাৰ লগতে তেওঁক পুত্ৰ বুলি স্বীকৃতি দিয়ে।
 
জনা যায় যে আন্তাৰাই তেওঁৰ সম্বন্ধীয় খুড়ায়েকৰ ছোৱালী এজনীৰ প্ৰেমত পৰিছিল। ছোৱালীজনীৰ নাম আছিল ‘আবলা’। কিন্তু আন্তাৰা এজন দাসীৰ পুত্ৰ হোৱা বাবে আবলাই তেওঁৰ প্ৰেমৰ প্ৰতি কোনো সঁহাৰি নিদিলে। প্ৰেমত প্ৰত্যাখিত হৈ আন্তাৰাই  মনত দুখ পালে যদিও তেওঁ দাসৰ পৰা স্বাধীন হোৱাৰ আনন্দত কবিতা ৰচনা কৰিবলৈ লয়।
তেওঁ ৯০ বছৰকাল আয়ু ভোগ কৰি ৬১৫ খৃঃত মৃত্যু বৰণ কৰে।
 

আন্তাৰা বিন শ্বাদ্দাদ: কাব্য প্ৰতিভাঃ

আন্তাৰা বিন শ্বাদ্দাদে সৰু-বৰ বহুতো কবিতা ৰচনা কৰিছিল যদিও সেইবোৰৰ মাজৰ মাত্ৰ ১৬০০ টামান শাৰীহে বৰ্তমানলৈ সংৰক্ষিত হৈ আছে।  আন্তাৰা বিন ছাদ্দাদৰ কবিতা আছিল তেওঁৰ ব্যক্তিগত জীৱনৰ আশা-নিৰাশা, প্ৰেম-প্ৰণয়, সাহসীকতা, বীৰত্ব, আভিজাত্যৰ বিৰুদ্ধে বিদ্ৰোহ আদিৰ প্ৰতিফলন।
 
আন্তাৰাৰ মুৱাল্লাকা কবিতাখন ৯২ শাৰীৰ এক বৰ্ণনামূলক কবিতা। এই কবিতাটি তেওঁ ইতিহাস বিখ্যাত বাছুচ যুদ্ধৰ অৱসানৰ পটভূমিত ৰচনা কৰিছিল। অন্যান্য প্ৰাক-ইছলামী মুৱাল্লাকা কবিৰ দৰে আন্তাৰাইও তেওঁৰ মুৱাল্লাকা কবিতাটো প্ৰেমৰ কাহিনীৰে আৰম্ভ কৰিছে। ইয়াত প্ৰেয়সীৰ লগত হোৱা তেওঁৰ বিচ্ছেদ বেদনা, প্ৰেয়সীৰ ৰূপ-লাৱণ্য আদিৰ বৰ্ণনা কৰি কবিয়ে যুদ্ধ, সুৰাপানৰ আনন্দ, উটনীৰ সৌন্দৰ্য, ধৈৰ্য আদিৰ বৰ্ণনা দিছে। মুৱাল্লাকা কবিতাটিৰ বাকীছোৱাত কবিৰ মানৱীয় গুণ যেনে- সৎ ব্যক্তিৰ প্ৰতি কোমল মনোভাৱ, নিৰ্দয় ব্যক্তিৰ প্ৰতি কঠোৰ মনোভাৱ, দানশীলতা আদিৰ বাস্তৱসন্মত বৰ্ণনা দাঙি ধৰি কবিতাটি শেষ কৰিছে।
 
আন্তাৰাৰ বৰ্ণনা আছিল বিচিত্ৰ আৰু বাস্তৱধৰ্মী। তেওঁৰ ভাষা আছিল সৰল, ছন্দময় আৰু লালিত্যপূৰ্ণ। তেওঁৰ কল্পচিত্ৰ আছিল অপূৰ্ব আৰু উপমা অলংকাৰৰ দ্বাৰা চহকী। তেওঁৰ বৰ্ণনা আছিল সংযমী আৰু শালীন। কোনো অশ্লীলতা তেওঁৰ কবিতাত পোৱা নাযায়।

সামৰণি

সামৰণিত ক’ব পাৰি যে আন্তাৰা বিন শ্বাদ্দাদৰ মুৱাল্লাকা কবিতাটি তেওঁৰ সমসাময়িক ইমৰাউল কাইচৰ মুৱাল্লাকাৰ আৰ্হিত ৰচিত যদিও ইয়াত ইমৰাউল কাইছৰ দৰে অশ্লীল বৰ্ণনা নাই। ০ ০ ০.
আন্তাৰা বিন শ্বাদ্দাদ 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here