আপুনি যদি ‘কম্পিউটাৰ কুইজ‘ বিচাৰি আছে, তেন্তে আপুনি সঠিক স্থানত উপনীত হৈছে । ইয়াত কম্পিউটাৰ কুইজ সম্পর্কে বিভিন্ন উৎসৰ পৰা আমি কুইজবোৰ সংগ্রহ কৰিছোঁ। আমি আশাবাদী যে ছাত্ৰ-ছাত্ৰী তথা সাধাৰণ পাঠকসমাজে কুইজবোৰ ভাল পাব ।
কম্পিউটাৰ কুইজ
কম্পিউটাৰ কুইজ-1
প্ৰঃ বিংশ শতাব্দীৰ বিজ্ঞানৰ এক বিষ্ময়কৰ আৱিষ্কাৰৰ নাম কোৱা।
উঃ কম্পিউটাৰ।
প্ৰঃ কোনজন ব্যক্তিক আধুনিক কম্পিউটাৰৰ পিতৃ বুলি কোৱা হয়?
উঃ চাৰ্লছ বেবেজ।
প্ৰঃ আদিতে কম্পিউটাৰ কি কামত ব্যৱহাৰ কৰিবলৈ উদ্ভাৱন কৰা হৈছিল?
উঃ দ্ৰুতভাৱে গণনা কাৰ্য সম্পাদন কৰিবলৈ।
প্ৰঃ পৃথিৱীত আৱিষ্কৃত প্ৰথম গণনা যন্ত্ৰটোৰ নাম কি আছিল?
উঃ এবেকাছ (Abacus)।
প্ৰঃ কম্পিউটাৰৰ প্ৰ’গ্ৰেমিং লেংগুৱেৰ মাতৃ কাক কোৱা হয়?
উঃ এ. এ. বি. লাভলেছ।
প্ৰঃ কম্পিউটাৰৰ প্ৰ’ছেছিং কৰিবলৈ ব্যৱহাৰ কৰা আহিলাক কি বোলে?
উঃ প্ৰ’ছেছিং আহিলা।
প্ৰঃ কম্পিউটাৰে যিকোনো কাৰ্য কৰিব পাৰে নে?
উঃ নোৱাৰে। কম্পিউটাৰ কুইজ
প্ৰঃ কম্পিউটাৰৰ দুটা ইনপুট আহিলাৰ নাম কোৱা।
উঃ কী-ব’ৰ্ড আৰু মাউচ।
প্ৰঃ কম্পিউটাৰৰ আচল যন্ত্ৰটো কি?
উঃ চেন্টেল প্ৰ’ছেছিং ইউনিট (Central Processing Unit).
You May Like:
- Ready Guide Seba English IX
- Ready Guide Seba English X
- Ready Guide HS 1st Yr English
- Ready Guide HS 2nd Yr English
Note: Our Ready Guides contain textual and important additional questions and answers prepared by experienced teachers. Our language is easy and simple to understand and remember.
প্ৰঃ প্ৰথম জেনেৰেশ্যনৰ কম্পিউটাৰ যুগ কোনটো?
উঃ 1949 চনৰ পৰা 1955 চনলৈ।
প্ৰঃ প্ৰথম জেনেৰেশ্যনৰ কম্পিউটাৰ এটিৰ নাম কোৱা।
উঃ এনিয়েক।
প্ৰঃ দ্বিতীয় জেনেৰেশ্যনৰ কম্পিউটাৰ যুগ কোনটো?
উঃ 1956 চনৰ পৰা 1975 চনলৈ।
প্ৰঃ দ্বিতীয় জেনেৰেশ্যনৰ কম্পিউটাৰ এটিৰ নাম কোৱা।
উঃ আইএমবি-1401.
প্ৰঃ তৃতীয় জেনেৰেশ্যনৰ কম্পিউটাৰ যুগ কোনটো?
উঃ 1976 চনৰ পৰা 1999 চনলৈ।
প্ৰঃ তৃতীয় জেনেৰেশ্যনৰ কম্পিউটাৰ এটিৰ নাম কোৱা।
উঃ আইএমবি-360।
প্ৰঃ চতুৰ্থ জেনেৰেশ্যনৰ কম্পিউটাৰ যুগ কোনটো?
উঃ 2000 চনৰ পৰা বৰ্তমানলৈ।
প্ৰঃ চতুৰ্থ জেনেৰেশ্যনৰ কম্পিউটাৰ এটিৰ নাম কোৱা।
উঃ পেন্টিয়াম।
প্ৰঃ হাতেৰে স্পৰ্শ কৰি চাব পৰা কম্পিউটাৰ আহিলাবোৰক কি বোলে?
উঃ হাৰ্ডৱেৰ। কম্পিউটাৰ কুইজ
প্ৰঃ কম্পিউটাৰে নিজে কোনো কথা চিন্তা কৰিব পাৰেনে?
উঃ নোৱাৰে।
প্ৰঃ কম্পিউটাৰৰ মনিটৰ, প্ৰিন্টাৰ আদি কি আহিলা?
উঃ আউটপুট আহিলা।
প্ৰঃ PC ৰ সম্পূৰ্ণ ৰূপটো কি?
উঃ Personal Computer.
প্ৰঃ Palm Top কি?
উঃ এবিধ Personal Computer.
প্ৰঃ LapTop কি?
উঃ এবিধ Personal Computer.
প্ৰঃ কম্পিউটাৰৰ Storage Media প্ৰসঙ্গত WORM কি?
উঃ Write Once Read Many.
প্ৰঃ BURN Proof প্ৰযুক্তিটো কোন কোম্পানীৰ সৃষ্টি?
উঃ Sanyo.
প্ৰঃ কম্পিউটাৰৰ ভাষাত ATM মানে কি?
উঃ AsunchronousTransfer Mode.
প্ৰঃ নেপীয়াৰ ব’নছ গননাকাৰী যন্ত্ৰটো কেতিয়া আৱিষ্কাৰ কৰা হৈছিল?
উঃ 1617 চনত।
প্ৰঃ Leibnitz Calculator ৰ আৱিষ্কাৰক কোন?
উঃ গটফ্রাইট লেইবনিটজ্।
প্ৰঃ Leibnitz Calculator কেতিয়া আৱিষ্কাৰ কৰা হৈছিল?
উঃ 1671 চনত। কম্পিউটাৰ কুইজ
প্ৰঃ Leibnitz Calculator -ক আন কি নামেৰ জনা গৈছিল?
উঃ Stepped Calculator.
প্ৰঃ Leibnitz Calculator ৰ দ্বাৰা কি কি কাৰ্য কৰিব পৰা গৈছিল?
উঃ পূৰণ আৰু হৰণ।
প্ৰঃ দুটা ম’ডেমে hand shaking কৰা মানে কি বুজায়?
উঃ তথ্য আদান-প্ৰদান কৰা বুজায়।
প্ৰঃ Abacus ৰ জৰিয়তে কি কি কাৰ্য কৰা হৈছিল?
উঃ যোগ আৰু বিয়োগ।
প্ৰঃ নেপীয়েৰ ব’নছৰ জৰিয়তে গণিতৰ কি কি কাৰ্য কৰিব পৰা হৈছিল?
উঃ যোগ, বিয়োগ, পূৰণ আৰু হৰণ।
প্ৰঃ Pascaline নামৰ গণনা যন্ত্ৰটো কোনে আৱিষ্কাৰ কৰিছিল?
উঃ ব্লেইজ পাস্কেল।
কম্পিউটাৰ কুইজ-2
প্ৰঃ Pascalineনামৰ গণনা যন্ত্ৰটো কিমান চনত আৱিষ্কাৰ কৰা হৈছিল?
উঃ 1642 চনত।
প্ৰঃ Pascaline নামৰ গণনা যন্ত্ৰটোৰ আন এটা নাম কি?
উঃ পাস্কেল কেলকুলেটৰ।
প্ৰঃ Pascaline নামৰ গণনা যন্ত্ৰটোৰ জৰিয়তে কি কি কাৰ্য কৰিব পৰা হৈছিল?
উঃ সোনকালে যোগ আৰু বিয়োগ কৰিব পাৰিছিল।
প্ৰঃ Pre-programming মতে কাৰ্য সম্পন্ন কৰিব পৰা প্ৰথম গণনা যন্ত্ৰটোৰ নাম কি আছিল?
উঃ Mark -I.
প্ৰঃ Mark -I কম্পিউটাৰবিধৰ উদ্ভাৱক কোন আছিল?
উঃ Professor Howard Aiken.
প্ৰঃ বিশ্বৰ প্ৰথমটো Electromechanical Computer ৰ নাম কি?
উঃ Mark -I.
প্ৰঃ 1890 চনত আমেৰিকাত লোকপিয়ল কামত ব্যৱহাৰ কৰা যন্ত্ৰবিধৰ নাম কি আছিল?
উঃ Hollerith’s Machine.
প্ৰঃ Difference Engine ৰ পৰিকল্পনাকাৰী কোন আছিল?
উঃ চাৰ্লছ বেবেজ।
প্ৰঃ কম্পিউটাৰত যোগান ধৰা তথ্যসমূহ ক’ত জমা থাকে?
উঃ মেম’ৰীত।
প্ৰঃ LapTop প্ৰাইমেৰী মেম’ৰীত কোনো তথ্য স্থায়ীভাৱে জমা ৰাখিব পাৰিনে?
উঃ নোৱাৰি।
প্ৰঃ Command কি?
উঃ Command হ’ল কম্পিউটাৰক দিয়া নিৰ্দেশ যাৰ দ্বাৰা ই আমাক কাঙ্খিত ফল যোগান ধৰে।
প্ৰঃ Control Unit য়ে তথ্য গ্ৰহণ কৰি ক’লৈ পঠিয়ায়?
উঃ মেম’ৰীলৈ। কম্পিউটাৰ কুইজ
প্ৰঃ Process Box কাক কয়?
উঃ এল. চি. ইউ।
প্ৰঃ প্ৰাইমেৰী মেম’ৰীৰ কোনটো অংশত তথ্য অকল পঢ়িবহে পাৰি, সম্পাদনা কৰিব নোৱাৰি?
উঃ ROM.
প্ৰঃ প্ৰাইমেৰী মেম’ৰীৰ কোনটো অংশত তথ্য পঢ়াৰ উপৰিও লিখি ৰাখিব পাৰি আৰু প্ৰয়োজন সাপেক্ষে সম্পাদনা কৰিব পাৰি?
উঃ RAM.
প্ৰঃ Manufecturer Defined Memory কাক বোলা হয়?
উঃ ROM.
প্ৰঃ Fixed Instruction Programme কাক বোলা হয়?
উঃ ROM. কম্পিউটাৰ কুইজ
প্ৰঃ HLL ৰ সম্পূৰ্ণ ৰূপটো কি?
উঃ High Level Language.
প্ৰঃ LLL ৰ সম্পূৰ্ণ ৰূপ কি?
উঃ Low Level Language.
প্ৰঃ HDD সম্পূৰ্ণ ৰূপ কি?
উঃ Hard Disk Drive.
প্ৰঃ LCD ৰ সম্পূৰ্ণ ৰূপটো কি?
উঃ Liquid Crystal Display.
প্ৰঃ CD মানে কি?
উঃ Compact Disk.
কম্পিউটাৰ কুইজ-3
প্ৰঃ Syntax কি?
উঃ ই হ’ল কম্পিউটাৰৰ ভাষা ব্যৱহাৰ কৰি কম্পিউটাৰলৈ দিয়া নিৰ্দেশ লিখাৰ শুদ্ধ ব্যাকৰণিক ৰূপ।
প্ৰঃ GB মানে কি?
উঃ Gigabite. কম্পিউটাৰ কুইজ
প্ৰঃ MB কি?
উঃ Megabite.
প্ৰঃ KB কি?
উঃ Kilobyte.
প্ৰঃ TB কি?
উঃ Terabyte.
প্ৰঃ 1 TB ত কিমান GB?
উঃ 1024 GB. কম্পিউটাৰ কুইজ
প্ৰঃ Prompt কি?
উঃ ই হ’ল এটা চিহ্ন অথবা সংকেত যাৰ জৰিয়তে কম্পিউটাৰে যিকোনো তথ্য গ্ৰহণ কৰিবলৈ প্ৰস্তুত হোৱাৰ ইংগিত দিয়ে।
প্ৰঃ LOGO ৰ সম্পূৰ্ণ ৰূপটো কি?
উঃ Language of Graphic Oriented.
প্ৰঃ ‘Life Begins at 80’ নামৰ নেট কিতাপখনৰ সম্পাদকৰ নাম কি?
উঃ Eric Shackle.
প্ৰঃ বিশ্বৰ প্ৰথমখন Multinational e-book ৰ নাম কি?
উঃ http://bdb.co.za/shackle.
প্ৰঃ বিশ্বৰ প্ৰথমখন Multinational e-book ৰ লিখক কোন?
উঃ Eric Shackle.
প্ৰঃ এছিয়াৰ বৃহত্তম কম্পিউটাৰ নিৰ্মাতা কোম্পানীটোৰ নাম কি?
উঃ Lenovo.
প্ৰঃ You Tube নামৰ ভিডিঅ’ শ্বেয়াৰিং চাৰি্ভছটো কোনে উদ্ভাৱন কৰিছে?
উঃ Google. কম্পিউটাৰ কুইজ
প্ৰঃ ALGOL মানে কি?
উঃ Algorithmic Language.
প্ৰঃ ‘God Father of the Net’ বুলি কাক কোৱা হয়?
উঃ Vinton Cerf.
প্ৰঃ ‘Computer Society of India’ ৰ সভাপতিজন কোন?
উঃ ড০ ৰাঙ্গস্বামী নৰসিংহ।
প্ৰঃ এখন ফ্লোপি ডিক্সৰ কিমান ট্রেক থাকে?
উঃ 192 ।
প্ৰঃ Machine Language ৰ সংখ্যা দুটা কি কি?
উঃ 1, 0.
প্ৰঃ মহাকাশ গৱেষণাৰ বাবে গুগোল নামৰ ৱেবছাইটটোৱে প্ৰৱৰ্তন কৰা সেৱাৰ নাম কি?
উঃ Google Sky. কম্পিউটাৰ কুইজ
প্ৰঃ Windows ৰ কেইটামান সংস্কৰণৰ নাম কোৱা?
উঃ Windows 98, Windows 2000, Windows XP.
প্ৰঃ PROLOG কি?
উঃ পঞ্চম জেনেৰেশ্যন কম্পিউটাৰৰ বাবে জাপানী বৈজ্ঞানিকসকলে আগতীয়াকৈ নিৰ্বাচন কৰি থোৱা এটা Artificial Intelligence Language ৰ নাম।
প্ৰঃ এক পেটাবাইটত কিমান গেগাবাইট থাকে?
উঃ এক মিলিয়ন গিগাবাইট।
প্ৰঃ ভাৰতৰ প্ৰথমটো ‘General Purpose Digital Computer’ কোনে ডিজাইন কৰিছিল?
উঃ Dr. Rangaswamy Narasimhan.
প্ৰঃ ‘Muse India’ নামৰ ৱেব মেগাজিনখনৰ মূল উদ্যোক্তা কোন আছিল?
উঃ G. S. P. Rao.
কম্পিউটাৰ কুইজ-4
প্ৰঃ বায়ুত কাম কৰা (works in the air) মাউচটো কোন কোম্পানীয়ে উলিয়াইছিল?
উঃ Logitech.
প্ৰঃ Easy Writer নামৰ ছফটৱেৰবিধৰ উদ্ভাৱক কোন?
উঃ জন দ্ৰপাৰ। কম্পিউটাৰ কুইজ
প্ৰঃ ‘ডিভাইছ’ মানে কি?
উঃ ‘ডিভাইছ’ হ’ল এনে এবিধ যন্ত্ৰ যি নিজে নিজৰ কাম কৰিব পাৰে।
প্ৰঃ Wordstar নামৰ চফটৱেৰবিধ কোনে উন্নীত কৰিছিল?
উঃ ৰব বাৰ্ণাবি আৰু ছেম’ৰ ৰুৱেনষ্টেইন।
প্ৰঃ Video Disc কোন কোম্পানীয়ে উদ্ভাৱন কৰিছিল?
উঃ Philips Co. কম্পিউটাৰ কুইজ
প্ৰঃ আমেৰিকাত ‘আডা’ নামৰ এটা কম্পিউটাৰৰ ভাষা প্ৰচলিত। এই নামটো কাৰ সন্মানাৰ্থে ৰখা হৈছিল?
উঃ কম্পিউটাৰ প্ৰ’গ্ৰেমিং লেংগুৱেজৰ মাতৃস্বৰূপ আগষ্টা আডা বাইৰন লাভলেছৰ সন্মানাৰ্থে।
প্ৰঃ কম্পিউটাৰৰ ‘ইনপুট ডিভাইছ’ কি?
উঃ কম্পিউটাৰৰ যি অংশৰ জৰিয়তে কম্পিউটাৰত তথ্যৰ যোগান ধৰা হয় তাকে ‘ইনপুট ডিভাইছ’ বোলে।
প্ৰঃ কম্পিউটাৰৰ ‘আউটপুট ডিভাইছ’ কি?
উঃ কম্পিউটাৰৰ যিটো অংশৰ জৰিয়তে আমি কাঙ্খিত ফল পাওঁ সেইটোকে ‘আউটপুট ডিভাইছ’ বোলে।
প্ৰঃ বিশ্বৰ প্ৰথম কম্পিউটাৰ প্ৰ’গ্ৰেমাৰ কোন?
উঃ আগষ্টা আডা বাইৰন লাভলেছ।
প্ৰঃ ‘Computer Disc Player’ কোন কোম্পানীয়ে আৱিষ্কাৰ কৰিছিল?
উঃ Sony, Philips Co. 0 0 0
নোট: যদি আপুনি উক্ত ‘কম্পিউটাৰ কুইজ’ পঢ়ি ভাল পাইছে বা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ।
বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)
- বিবিধ …
অতিৰিক্ত অনুসন্ধান:







Thank You. This All Questions are very important for us.
Thank you for provide informational Knowledge.
My website