Home Ass Grammar প্ৰতিশব্দ বা সমাৰ্থক শব্দ। Assamese Synonyms

প্ৰতিশব্দ বা সমাৰ্থক শব্দ। Assamese Synonyms

0

প্ৰতিশব্দ বা সমাৰ্থক শব্দ। Assamese Synonyms

প্ৰতিশব্দ বা সমাৰ্থক শব্দ। Assamese Synonyms

 

প্ৰতিশব্দ বা সমাৰ্থক শব্দ

প্ৰতিশব্দ বা সমাৰ্থক শব্দ । Assamese Synonyms

ভাষা এটিত এনে বহুত শব্দ থাকে যিবোৰ অৰ্থৰ পিনৰ পৰা প্ৰায় সমধৰ্মীয়। এনে সমধৰ্মীয় বা প্ৰায় একে অৰ্থ থকা শব্দবোৰক প্ৰতিশব্দ  বা  সমাৰ্থক শব্দ বা একার্থবোধক শব্দ (Synonyms) বোলা হয়। 

তলত কিছুমান সমাৰ্থক শব্দৰ তালিকা দিয়া হ’ল।

প্ৰতিশব্দ বা সমাৰ্থক শব্দ

প্ৰতিশব্দ বা সমাৰ্থক শব্দ-১

চকু—নেত্ৰ, নয়ন, লোচন, অক্ষি  আদি।

বতাহ—সমীৰ, বায়ু, অনিল, মলয়া, সমীৰণ, পৱন আদি।

লাঠি—টোকোন, টাঙ্গুন, লাখুটি আদি।

জুই—অগ্নি, বহ্নি, অনল, হুতাশন, পাৱক আদি।

পৃথিৱী—মহী, মেদিনী, ক্ষিতি, অৱনী, ভূ, ধৰিত্ৰী, বসুন্ধৰা, বসুমতী, ধৰণী, ধৰা আদি।

মেঘ—ডাৱৰ, বাৰিদ, জলধৰ, নীৰদ, জলদ আদি।

বন্ধু—সখা, মিতা, মিত্ৰ, বান্ধৱ, লগৰীয়া, সহচৰ, সুহূদ, বান্ধৈ আদি।

ইচ্ছা—হাবিয়াস, আগ্ৰহ, অভিপ্ৰায়, আকাঙ্খা, অভিলাস, কামনা, বাঞ্ছা, স্পৃহা আদি।

আকাশ—গগন, নীলিমা, শূন্য, বৌম আদি।

ঘৰ—গৃহ, ভৱন, নিলয়, আলয় আদি।

সূৰ্য—দিবাকৰ, অৰুণ, ভানু, ভাস্কৰ, আদিত্য, ৰবি, বেলি, দিনকৰ, মিহিৰ, তপন, অংশুমালী, প্ৰভাকৰ, দিনবন্ধু, সবিতা, মাৰ্কণ্ড, দিননাথ আদি।

বন—হাবি, জঙ্গল, অৰণ্য, কাঠনি আদি।

হাতী—কুঞ্জৰ, হস্তী, ঐৰাৱত, মাতঙ্গ, কৰী, গজ  আদি।

ছিদ্ৰ—বিন্ধা, ফুটা, জলঙা  আদি।

ঈশ্বৰ—নাৰয়ণ, হৰি, বিষ্ণু, পৰম পিতা, ঈশ, ইলা, বিধাতা, ভগৱান, প্ৰভু, পৰমেশ্বৰ,  জগতপতি, পতিত-পাৱন, জগত স্ৰষ্টা, ধাতা, কৰুণাময়, দীনবন্ধু, পৰাৎপৰ, দয়াময় আদি।

নদী—নৈ, প্ৰৱাহিনী, সৰিৎ, তটিনী, স্ৰোতস্বিনী, তৰঙ্গিনী আদি।

পবৰ্বত—অদ্ৰি, শৈল, অচল, গিৰি, আদি।

চন্দ্ৰ—শশধৰ, নিশাপতি, নিশাকৰ, সুধাকৰ, জোন, জোনবাই, শশী, শুধাংসু আদি।

লোহিত—লুইত, ব্রহ্মপুত্ৰ, বৰনদী, মহাবাহু, পদ্মা আদি। 

ললিত—সুন্দৰ, ধুনীয়া, শুৱনি, মনোমোহা, সুৱদি আদি।

প্ৰতিশব্দ বা সমাৰ্থক শব্দ-২

প্ৰতিশব্দ বা সমাৰ্থক শব্দ-১

 

ৰং—আনন্দ, বিনোদ, হৰ্ষ, স্ফূর্তি, সন্তোষ, পুলক, উল্লাস, বিনন্দ, বিনন্দীয়া আদি।

ৰমনী—তিৰোতা, অৱলা, নাৰী, স্ত্ৰী, মহিলা, বণিতা, অঙ্গনা আদি।

ৰাতি—নিশা, ৰজনী, যামিনী, বিভাৱৰী আদি।

পদ্ম—পদুম, কমল, উৎপল, অব্জ, সৰজিত, সৰোজ, নীৰজ, কমলিনী, নলিনী, অৰবিন্দ, পঙ্কজ, শতপত্ৰ, শতদল আদি।

ঐশ্বৰ্য–বৈভৱ, সম্পদ, ধন, বিভূতি আদি।

শঙ্কৰ—শিৱ, ভোলানাথ, মহাদেৱ, ত্ৰিনয়ন, ত্ৰিলোচন, চন্দ্ৰশেখৰ, দিগম্বৰ, হৰ, গিৰীশ আদি। 

শ্ৰীকৃষ্ণ—যাদৱ, মাধৱ, ভগৱান, নাৰায়ণ, হৰি, কানাই, দৈৱকীনন্দন, যদুপতি, বাসুদেৱ আদি। 

সৰস্বতী—বাকদেৱী, বীনাপাণি, ভাৰতী, বিদ্যাৱতী আদি।

গঙ্গা—জাহ্নবী, ভাগিৰথী, পদ্মা আদি।

ঠগী—শৰাই, নৈবদ্য আদি। 

জননী—আই, মাতৃ, মা  আদি।

ৰজা—মহাপতি, নৃপতি, ভূপাল, মহীপাল, ক্ষিতিশ, ৰাজন, নৰেশ্বৰ, নৰপতি, সম্ৰাট, চুলতান, খলিফা আদি।

সাগৰ—সমুদ্ৰ, সিন্ধু, বাৰিদ আদি।

প্ৰতিশব্দ বা সমাৰ্থক শব্দ

প্ৰতিশব্দ বা সমাৰ্থক শব্দ-৩

দুৰ্গা—জগদ্মা, তাৰিনী, মঙ্গলচণ্ডী, কাত্যায়নী, কৌশিকী, গৌৰবৰ্ণা, মুণ্ডমালিনী, চামুণ্ডা, মহিষমৰ্দ্দিনী, পাবৰ্বতী, গৌৰী,  উমা, মনসা, ভৈৰবী, দশভুজা, ইন্দ্ৰানী, শিৱানী, ভদ্ৰানী, কল্যাণী, কমলা, ভগৱতী, পদ্মাৱতী, বিষহৰি, মিনাক্ষী, সন্তোষী, মাতঙ্গী, বাসন্তী, ভবানী আদি।

দিন— দিবা, দিবস আদি।

ইন্দ্ৰ—শশীপতি, বাসৱ, দেৱৰাজ, সহস্ৰলোচন,আদি।

আৰ্হি—চানেকী, আদৰ্শ, উদাহৰণ, পটন্তৰ আদি।

উত্তম–শ্রেষ্ঠ, উৎকৃষ্ট, ভাল, সুন্দৰ আদি।

সোণ—স্বৰ্ণ, কাঞ্চন, হেম, সুৱৰ্ণ আদি।

অমৃত—পীযুষ, সুধা  আদি।

অন্ধকাৰ—নিশি, তমঃ, তিমিৰ, আন্ধাৰ আদি।

ঋণ—ধাৰ, কৰ্জ, দেনা আদি।

তেজ—শোণিত, ৰক্ত আদি।

ঊষা—ৰাতিপুৱা, প্ৰাতঃ, ফেঁহুজালি, আদি।

মৃত্যু—মৰণ, ইহলোক, পৰলোক, তিৰোধান, স্বৰ্গী, শেষ নিশ্বাস, চিৰ বিদায়, স্বৰ্গগামী, দেহান্তৰ  আদি।

কিৰণ–পোহৰ, দীপ্তি, জেউতি, বন্তী আদি।

তৰঙ্গ—ঢৌ, উৰ্মি, হিল্লোল, লহৰ আদি।

কথা—বাণী, শব্দ, বাক্য, বচন, উক্তি আদি।

পণ্ডিত—বিদ্বজন, বিজ্ঞ, সুধী, মনীষী, বিদ্বান, প্ৰাজ্ঞ আদি।

পতি—স্বামী, নাথ, ভতৰা, ভাতাৰ, দৰা, প্ৰভু, কান্তা, অধীশ্বৰ আদি।

কুসুম—পুষ্প, ফুল আদি।

প্ৰতিশব্দ বা সমাৰ্থক শব্দ-৪

হানি— ক্ষতি, অনিষ্ট, লোকচান, অপকাৰ আদি।

আধুনিক—অৰ্বাচীন, নতুন আদি।

গোলাম— ভৃত্য, চাকৰ, দাস আদি।

কল্যাণ—কুশল, মঙ্গল আদি। 

জোলোঙা—মোনা,বেগ, থৈলা আদি।

প্ৰকাণ্ড—ডাঙৰ, বৃহৎ, আদি।

চেষ্টা—কাম, অধ্যাৱসায়, যত্ন আদি।

দক্ষতা—পাকৈত, ক্ষমতা, পটুতা আদি।

খ্যাতি—যশ, কীৰ্তি আদি।

কৰুণা—দয়া, কৃপা আদি।

চিত্ৰ—ফটো, ছবি, কল্পচিত্ৰ আদি।

দৃঢ়—স্থায়ী, অটল, গজগজীয়া আদি।

কপাল—ভাগ্য, ললাট আদি। 

প্ৰতিজ্ঞা—পণ, অঙ্গীকাৰ, সংকল্পবদ্ধ আদি।

প্ৰসিদ্ধ—খ্যাতিমান, জনাজাত, বিখ্যাত, প্ৰখ্যাত, সুখ্যাত আদি।

বৰঙণি—অৰিহনা, মূল্য, দাম আদি।

দৈনিক—সদায়, নিতৌ আদি।

পদ্ধতি—প্ৰথা, নিয়ম, প্ৰণালী আদি।

প্ৰাচীৰ—দেৱাল আদি। 

পটু—নিপুণ, কৌশলী, পাৰ্গত, পাকৈত আদি।

মৰম—স্নেহ, ভালেপাৱা আদি।

প্ৰতিশব্দ বা সমাৰ্থক শব্দ

প্ৰতিশব্দ বা সমাৰ্থক শব্দ-৫

সংগ্ৰাম—যুদ্ধ, যুঁজ, ৰণ, সমৰ আদি।

শুকুলা—বগা, শুক্ল আদি।

সৌম্য— স্থিৰ, শান্ত, ধীৰ আদি।

হুবহু—অবিকল, একে, সদৃশ আদি। 

বাট—পথ, ৰাস্তা, আলি, আলিবাট আদি।

মেধাৱী—জ্ঞানী, বুদ্ধিমান আদি।

সভ্য—উন্নত, ভদ্ৰ, শিষ্ট, সদস্য আদি।

জিভা—ৰসনা, জিহ্বা আদি।

নিদ্ৰা—টোপনি, ঘুমটি, তন্দ্ৰা আদি।

তুষাৰ—হিম, বৰফ আদি।

নিয়ম—কানুন, প্ৰথা আদি।

বৃক্ষ—গছ, তৰু, বিটপ, বিৰিষ আদি। ০ ০ ০

প্ৰতিশব্দ বা সমাৰ্থক শব্দ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here