Home Literary Criticism বন্ধুবোৰ–এক সমালোচনাত্মক বিশ্লেষণ | Ismail Hossain Bandhuboor

বন্ধুবোৰ–এক সমালোচনাত্মক বিশ্লেষণ | Ismail Hossain Bandhuboor

0

বন্ধুবোৰ–এক সমালোচনাত্মক বিশ্লেষণ | Ismail Hossain Bandhuboor

 

Ismail

বন্ধুবোৰ–এক সমালোচনাত্মক বিশ্লেষণ

বন্ধুবোৰ–এক সমালোচনাত্মক বিশ্লেষণ

ৰাব্বি মছৰুৰ

‘বন্ধুবোৰ’ কবিতাটি দুটা পৰস্পৰ বিপৰীত আদৰ্শবাদৰ কবিতা। কবিতাটি ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ অসমত চলা সাম্প্ৰদায়িক আন্দোলনক লৈ লিখা হৈছে। সেই আন্দোলনত সাম্প্ৰদায়িকতাবাদৰ বশৱৰ্তী হৈ কিছুমান আন্দোলনকাৰীয়ে নিৰীহ জনগণক হত্যা কৰিছিল; কিন্তু সময় যোৱাৰ লগে লগে সিহঁতবোৰ কেনেকৈ আত্মজাহ গ’ল বা মৃত্যু মূখত পৰিল তাকেই কবিয়ে  কবিতাটিত স্পষ্টভাৱে প্ৰকাশ কৰিছে।

কবিৰ বাবে সকলোৱেই কবিৰ বন্ধু। সকলোৱেই তেওঁৰ আপোন। সেয়ে কবিক হত্যা কৰিব বিচৰাসকলকো কবিয়ে বন্ধু বুলি ভাবিছে। অসম আন্দোলনৰ সময়ত কবিক হত্যা কৰিবলৈ কবিৰ বন্ধুসকলে হত্যাৰ আঁচনিত স্বাক্ষৰ কৰিছিল। কিন্তু পিছত কবিয়ে দেখা পালে যে সিহঁত নিজেই আত্ম হত্যা কৰিছে। কবিৰ ভাষাত–

“মোক হত্যা কৰাৰ আঁচনিত বন্ধুবোৰেই স্বাক্ষৰ কৰিছিল এদিন

সম্প্ৰতি মোৰ সন্মুখতেই নিবিৰ্ববাদে আত্মহত্যা কৰিছে 

কাপুৰুষ বন্ধুবোৰ।”

কবিৰ বুকু সিহঁতৰ দুৰ্দ্দান্ত দুহাতেৰে চিৰাচিৰ কৰাৰ কথা আছিল। কিন্তু এতিয়া  সিহঁতেই সিহঁতৰ স্বনাভিমূল কাটিছে। কবিৰ তেজেৰে সিহঁতৰ হাত ৰাঙলী কৰাৰ কথা আছিল; কিন্তু বৰ্তমান সিহঁতৰ নিজৰেই হৃদপিণ্ড হত্যাৰ অভিযোগত ধৰ্মঘট কৰিছে। কবিৰ ভাষাত–

“যি দুৰ্দ্দান্ত দুহাতেৰে চিৰাচিৰ কৰাৰ কথা আছিল মোৰ বুকু

সেই দুহাতেৰে বন্ধুবোৰে স্বনাভিমূল কাটিছে, 

উভালিছে নিজৰেই চকু

মোৰ ধমনীৰ তেজেৰে ৰাঙলী কৰাৰ কথা আছিল

বন্ধুবোৰৰ হাত

এতিয়া নিজৰেই হৃদপিণ্ড হত্যাৰ অভিযোগত 

নিজৰ মাজতেই ধৰ্মঘট।”

কবিৰ বন্ধুবোৰ এতিয়া নিজেই ধবংশৰ পিনে আগবাঢ়িছে। সিহঁতে নিজৰ বুকু ফালি তেজবোৰ কবিৰ গালৈ ছটিয়াইছে। আনকি ইজনে -সিজনৰ পোছাক খুলি ইজ্জত বিক্ৰিৰ পাইকাৰী সমাৰোহ চলাইছে। কবিৰ ভাষাত–

“মই নিষ্পলক দৃষ্টিৰে চাই আছো বন্ধুবোৰৰ চকুলে’

মোৰ চকু মেলি

ক’ব নোৱাৰাকৈ মোৰ চকুলৈ ছটিয়াইছে তেজ, 

সিহঁতৰেই বুকু ফালি।

এতিয়া অন্ধ হৈ বন্ধুবোৰে ইজনে -সিজনৰ 

পোছাক খুলিছে অহৰহ

এন্ধাৰত মুখ ঢাকি আয়োজন কৰিছে

ইজ্জত বিক্ৰিৰ পাইকাৰী সমাৰোহ।”

কবিতাটি ভাষাশৈলী নাইবা কাব্যিক অলংকাৰৰ দিশৰ পৰা চহকী নহয়,  যদিও কবিতাটিয়ে ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ চলা অসম আন্দোলনৰ চিত্ৰ আনকি বৰ্তমান সময়লৈকে হৈ থকা তাৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ  স্বাক্ষৰ বহন কৰিছে। কবিতাটি নৈতিক বুলিও ক’ব পাৰি। কিয়নো ইয়াৰ দ্বাৰা কবিয়ে “লোকলৈ বুলি হুল পুতি নিজে মৰিল ফুটি”-  এই নৈতিক যোজনাটোৰ গূঢ়ার্থ প্ৰকাশ কৰিছে। ০ ০ ০

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here