৬ ডিচেম্বৰ-এক সমালোচনাত্মক বিশ্লেষণ
—ৰাব্বি মছৰুৰ
৬ ডিচেম্বৰ –এক সমালোচনাত্মক বিশ্লেষণ
৬ ডিচেম্বৰ-এক সমালোচনাত্মক বিশ্লেষণ
১৯৯২ চনৰ ৬ ডিচেম্বৰত মৌলবাদী হিন্দু পৰিষদৰ উচটনিত ভাৰতৰ ঐতিহাসিক বাবৰি মছজিদ ধবংশ কৰা হয় আৰু সেই পটভূমিতেই কবিয়ে শোক কৰি কবিতাটি ৰচনা কৰিছে।
কবিতাটিত কবিয়ে ৬ ডিচেম্বৰত ভাৰতবাসীৰ মৃত্যু ঘোষণাৰ দিন বুলি শোক কৰিছে। কিয়নো বাবৰি মছজিদ ধবংশৰ ঘটনাই ভাৰতৰ সাম্প্ৰদায়িকতাৰ জুইত ঘিউ ঢালিলে। আনকি সমগ্ৰ ইছলাম জগতক হিন্দুসকলৰ দ্বাৰা উপহাস কৰা যেন হ’ল। সেয়ে কবিয়ে শোক কৰি কৈছে যে কবিৰ মূৰৰ ওপৰৰ আকাশটো অন্ধকাৰ হৈ আহিছে, কবিৰ ভৰিৰ তলৰ পৰা মাটি গুচি পানী বাঢ়ি আহিছে। কবিৰ ভাষাত–
“আজি আমাৰ মৃত্যু ঘোষণাৰ দিন
আহা আমি দিনটোৰ বাবে ক’লা পোছাক পৰিধান কৰো
আমাৰ মূৰৰ ওপৰত এ আকাশ অন্ধকাৰ
ভৰিৰ তলত এসাগৰ পানী।”
কবিয়ে আঞ্চলিকতাবাদী, সন্ত্ৰাসবাদী আৰু সকলো ধৰণৰ সমাজ বিৰোধীসকলৰ মৃত্যু কামনা কৰিছে আৰু সিহঁতৰ বিৰুদ্ধে উঠি-পৰি লাগিবলৈয়ো কবি বদ্ধপৰিকৰ। কিন্তু আজি সেই বিৰোধী শক্তিসমূহ ইমানেই শক্তিশালী যে সিহঁতে শান্তিপ্ৰিয় জনসাধাৰণৰ মৃত্যুৰ শঙ্খধবনি বজাইছে। কবিৰ ভাষাত–
“যুগে যুগে আমি যাৰ মৃত্যু ঘোষণা কৰি আহিছো
সেয়েই আমাৰ কাণত বজায় মৃত্যুৰ শঙ্খধবনি।”
কবিয়ে ক্ষোভ কৰি কৈছে যে শান্তিপ্ৰিয় জনসাধাৰণে আৰু কবিয়ে যিকোনো উপায়ে শান্তি বিৰুদ্ধ শক্তিবোৰৰ বিৰুদ্ধে উঠি-পৰি লাগিব। সেইবাবে জনগণক উদ্দেশ্যি কবিয়ে ছালৰ আবৰণ খুলি জুইৰ পোছাক পিন্ধিবলৈ আহ্বান কৰিছে। কবিৰ ভাষাত–
আহা, আমি জুইৰ পো ছাক পিন্ধো
খুলি থওঁ ছালৰ আৱৰণ।”
উদ্ধৃত কথাফাকি অসম্ভৱ যেন লাগিলেও ইয়াৰ এক প্ৰতীকি অৰ্থ আছে। কবিয়ে ‘জুইৰ পোছাক’ এইবাবেই পৰিধান কৰিব বিচাৰে যে কবিয়ে জুইৰ দৰে অজেয় হৈ সকলো বিৰুদ্ধ শক্তিক চিৰদিনৰ বাবে নাশ কৰিব।
শেষত কবিয়ে ৬ ডিচেম্বৰক উদ্দেশ্যি কৈছে যে এই দিনটোত বাবৰি মছজিদ ধবংশ কৰা হ’ল মানে ধৰ্মৰ নামত কলংকহে হ’ল আৰু সেইবাবে কৈছে–
“আজি ঈশ্বৰ আল্লাৰ আত্মহত্যাৰ দিন
আহা, তেওঁলোকৰ শৱদেহত আমি ফুল ছটিয়াই দিওঁ
গেৰুৱা, শুকুলা আৰু শ্যামল ৰঙৰ ফুল।”
কবিতাটি যদিও শোক কবিতা- ই পৰম্পৰাগত শোক কবিতাৰ কটকটীয়া নিয়মৰ অধীনত ৰচিত নহয়; ই আধুনিক আউলীয়া গদ্যময় জীৱনৰ দৰে মুক্ত ছন্দত ৰচিত। কবিতাটিৰ ছন্দ আৰু বিষয়-বস্তু স্পষ্ট নহ’লেও কবি ইছমাইলে লিখা এইখন সম্ভৱতঃ ভাল আধুনিক শোক কবিতা -যি কবিতাটিৰ জৰিয়তে বিশাল মানৱ জাতিৰ বিশ্বাসৰ অপমৃত্যুক অংকিত কৰিছে। ০ ০ ০
.
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
অতিৰিক্ত অনুসন্ধান:






