Home Essay মোৰ কৰ্তব্য | মোৰ অধ্যয়ন | My Duty Essay in Assamese

মোৰ কৰ্তব্য | মোৰ অধ্যয়ন | My Duty Essay in Assamese

0
যদি আপুনি ‘মোৰ কৰ্তব্য অথবা মোৰ অধ্যয়ন’ৰ বিষয়ে এখন ৰচনা বা নিবন্ধ বিচাৰিছে আৰু ইয়াৰ বিষয়ে সবিশেষ জানিব খোজে, তেন্তে এইখন নিবন্ধ আপোনাৰ বাবে উপযুক্ত। এই নিবন্ধখন ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ পাঠকসকলে সহজে বুজিব পৰাকৈ সৰল ভাষাত লিখা হৈছে।

মোৰ কৰ্তব্য মোৰ অধ্যয়ন My Duty Essay in Assamese

মোৰ কৰ্তব্য | মোৰ অধ্যয়ন | My Duty Essay in Assamese

(ৰচনা )

মই এজন ছাত্ৰ আৰু অধ্যয়নেই হৈছে মোৰ একমাত্ৰ কৰ্তব্য। মই কিতাপ পঢ়ো  যাতে মই অধিক তথ্য আৰু জ্ঞান আহৰণ কৰি দেশৰ এজন সু-নাগৰিক হ’ব পাৰো। 

যদিও অধ্যয়ন মোৰ প্ৰধান কৰ্তব্য তথাপি মই অকল অধ্যয়নতেই মোৰ সকলো সময় আৰু শক্তি খৰচ নকৰো। মই মোৰ এজন শ্ৰদ্ধেয় শিক্ষকৰ পৰামৰ্শ অনুসৰি  অধ্যয়নৰ এটি সময়সূচী প্ৰস্তুত কৰি লৈছো আৰু সেইটো মই বৰ কঠোৰভাবে  মানি চলো। মই বিদ্যালয়লৈ যোৱা  দিনবোৰত  ৰাতিপুৱা নিয়মিত তিনি ঘন্টাকৈ পাঠ্যপুথি অধ্যয়ন কৰো।  ৰাতি মই তিনিৰ পৰা চাৰি ঘন্টা বিজ্ঞান, গণিত আৰু ইংৰাজী বিষয়সমূহ  অধ্যয়ন কৰো।

কিন্তু বন্ধৰ দিনবোৰত  মই এই কাৰ্যসূচী কঠোৰভাবে  পালন নকৰো। মই এজন অনুসন্ধিৎসু ছাত্ৰ; সেয়ে মই মোৰ পাঠ্যপুথি অধ্যয়ন  কৰাৰ উপৰিও  অন্যান্য কিতাপ বিশেষকৈ সাহিত্য আৰু ধৰ্ম বিষয়ক কিতাপ বৰ আগ্ৰহেৰে অধ্যয়ন কৰো।  মই বিখ্যাত লোকৰ জীৱনী, আত্মজীৱনী আৰু ভ্ৰমণ কাহিনী পঢ়িও ভাল পাওঁ। মই ইতিমধ্যে ৰজনীকান্ত বৰদলৈ, লক্ষ্মীনাথ বেজবৰুৱা,  সত্যনাথ বৰা, হিতেশ ডেকা আদি সাহিত্যিকসকলৰ   লিখনিবোৰ পঢ়ি অটাঁইছো।

বাহিৰা কিতাপ অধ্যয়ন কৰি মই বহুত উপকৃত হৈছো। বাহিৰা কিতাপ (পাঠ্যপুথিৰ বাদে) অধ্যয়ন কৰি মই এনেকুৱা কিছুমান মূল্যৱান কথা শিকিছো যিবোৰ  স্কুল-কলেজত শিকোৱা নহয়। 

মই ঈশ্বৰক প্ৰাৰ্থনা কৰো যেন ঈশ্বৰে মোৰ গা-মন ভালে ৰাখে যাতে মই গোটেই জীৱন অধ্যয়নত ব্রতী থাকিব পাৰো আৰু অধ্যয়নৰ পৰা পোৱা সুফল মানৱ জাতিৰ কল্যাণৰ হকে প্ৰয়োগ কৰিব পাৰো। 0 0 0

মোৰ কৰ্তব্য | মোৰ অধ্যয়ন

(ৰচনা )

আৰম্ভণি

মই এজন ছাত্ৰ, আৰু মোৰ প্ৰধান কৰ্তব্য হৈছে অধ্যয়ন কৰা। মই কিতাপ পঢ়ো যাতে অধিক জ্ঞান আহৰণ কৰি ভবিষ্যতে দেশৰ এজন সুকীয়া নাগৰিক হ’ব পাৰো।

মোৰ অধ্যয়ন

যদিও অধ্যয়ন মোৰ মুখ্য কৰ্তব্য, মই সকলো সময় কিতাপত নুসুমুৱাওঁ। মই মোৰ শিক্ষকৰ পৰামৰ্শ অনুসৰি এটি সময়সূচী বনাইছো আৰু তাৰ অনুসৰি অধ্যয়ন কৰো। বিদ্যালয়ৰ দিনবোৰত, মই ৰাতিপুৱা তিনিঘন্টাকৈ নিয়মিত পঢ়া-শুনা কৰো আৰু ৰাতি তিনিৰ পৰা চাৰিঘন্টা বিজ্ঞান, গণিত আৰু ইংৰাজী অধ্যয়ন কৰো।

বন্ধৰ দিনবোৰত মই এই সময়সূচী কঠোৰভাৱে পালন নকৰো যদিও পঢ়া-শুনা অব্যাহত ৰাখো। মই বিভিন্ন প্ৰকৃতিৰ কিতাপ পঢ়িবলৈ ভাল পাওঁ। পাঠ্যপুথিৰ বাহিৰে সাহিত্য, ধৰ্মৰ কিতাপ, বিখ্যাত ব্যক্তিৰ জীৱনী, আত্মজীৱনী, আৰু ভ্ৰমণ কাহিনী পঢ়ো। ইতিমধ্যে, মই ৰজনীকান্ত বৰদলৈ, লক্ষ্মীনাথ বেজবৰুৱা, সত্যনাথ বৰা, আৰু হিতেশ ডেকাৰ লেখাসমূহ পঢ়িছো।

অধ্যয়নৰ সঁহাৰি

বাহিৰা কিতাপ পঢ়ি মই বহু মূল্যৱান জ্ঞান আহৰণ কৰিছো, যিবোৰ স্কুল-কলেজত নুশিকোৱা হয়।

উপসংহাৰ

মই সদায় ঈশ্বৰক প্ৰাৰ্থনা কৰো যাতে তেওঁ মোৰ গা-মন সুস্থ ৰাখে আৰু মই গোটেই জীৱন পঢ়া-শুনাত মনোনিৱেশ কৰি সকলো দৰকাৰী জ্ঞান মানৱ জাতিৰ কল্যাণৰ বাবে ব্যৱহাৰ কৰিব পাৰো।

নোট: যদি আপুনি এই ‘মোৰ কৰ্তব্য | মোৰ অধ্যয়ন নিবন্ধখনটো ভাল পাইছে / পছন্দ কৰে, অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ । 0 0 0

Read More: অসমীয়া ৰচনা শিক্ষা

মোৰ কৰ্তব্য | মোৰ অধ্যয়ন

বি. দ্র. উক্ত ‘মোৰ কৰ্তব্য | মোৰ অধ্যয়ন | My Duty Essay in Assamese ৰচনাটি ৰাব্বি মছৰুৰ ৰচিতঅসমীয়া ৰচনা শিক্ষা গ্রন্থৰ অন্তর্গত। মোৰ কৰ্তব্য | মোৰ অধ্যয়ন

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here