বৰ্ণ বিভাজন। Barna Bivajon
বৰ্ণ বিভাজন । Barna Bivajon
বৰ্ণ বিভাজন । Barna Bivajon
বৰ্ণ বিভাজন: আৰম্ভণি:
আমি শিকি আহিলো যে মানুহৰ মুখৰ ধ্বনিক প্ৰতিনিধিত্ব কৰিবলৈ যি চিন বা প্ৰতীক ব্যৱহাৰ কৰা হয়, তাক বৰ্ণ বা আখৰ বোলে। অসমীয়া ভাষাত মুঠ ৫২ টা বৰ্ণ বা আখৰ আছে। উচ্চাৰণৰ প্ৰকৃতি অনুযায়ী অসমীয়া বৰ্ণমালাৰ বর্ণবোৰক প্ৰধানকৈ দুই শ্ৰেণীত ভাগ কৰা হৈছে, যথা– (১) স্বৰবৰ্ণ আৰু (২) ব্যঞ্জন বৰ্ণ
বৰ্ণ বিভাজন:স্বৰবৰ্ণ
অসমীয়া বৰ্ণমালাত এনে কিছুমান বৰ্ণ আছে যিবোৰৰ উচ্চাৰণ স্বতন্ত্ৰ। অৰ্থাৎ সেই বৰ্ণবোৰ উচ্চাৰণ কৰোতে আন কোনো বৰ্ণৰ সহায় নালাগে বা উচ্চাৰণ কৰোতে অইন কোনো বৰ্ণৰ ধ্বনি উচ্চাৰিত নহয়। সেই বৰ্ণবোৰক স্বৰবৰ্ণ (Vowel) বোলে। অসমীয়া ভাষাত স্বৰবৰ্ণৰ সংখ্যা ১১ টা, যথা–
বৰ্ণ বিভাজন । Barna Bivajon
অ আ ই ঈ
উ ঊ ঋ
এ ঐ ও ঔ
উচ্চাৰণৰ হ্রস্ব আৰু দীৰ্ঘ মাত্ৰালৈ লক্ষ্য কৰি স্বৰবৰ্ণবোৰক আকৌ দুটা ভাগত ভাগ কৰা হৈছে, যথা–
(ক) হ্রস্বস্বৰ (Short Vowel) আৰু (খ) দীৰ্ঘস্বৰ (Long Vowel)
যিবিলাক স্বৰবৰ্ণৰ উচ্চাৰণ চুটি সিবোৰ স্বৰবৰ্ণক হ্রস্বস্বৰ (Short Vowel) বোলে। অসমীয়া স্বৰবৰ্ণবিলাকৰ ভিতৰত হ্রস্বস্বৰ ৪টা, যথা–
অ ই উ ঋ
আনহাতে যিবিলাক স্বৰবৰ্ণৰ উচ্চাৰণ দীৰ্ঘ সেইবোৰ স্বৰবৰ্ণক দীৰ্ঘস্বৰ (Long Vowel) বোলে। অসমীয়া ভাষাত দীৰ্ঘস্বৰ ৭ টা, যথা–
আ ঈ ঊ
এ ঐ ও ঔ
বৰ্ণ বিভাজন: ব্যঞ্জনবৰ্ণ
অসমীয়া বৰ্ণমালাত এনে কিছুমান বৰ্ণ আছে যিবোৰ উচ্চাৰণ কৰোতে স্বতঃস্ফূর্তভাৱেই স্বৰবৰ্ণৰ ধবনি উচ্চাৰিত হয় তেনে বৰ্ণবোৰক ব্যঞ্জনবৰ্ণ (Consonant) বোলে। অসমীয়াত ব্যঞ্জনবৰ্ণৰ সংখ্যা ৩৩ টা, যথা–
ক খ গ ঘ ঙ
চ ছ জ ঝ ঞ
ট ঠ ঢ ড ণ
ত থ দ ধ ন
প ফ ভ ব ম
য ৰ ল ৱ
শ ষ স হ
বৰ্ণ বিভাজন । Barna Bivajon
বি দ্ৰ: কিছুমানে পণ্ডিতে অসমীয়া ক্ষ ড় ঢ় য় আৰু ৎ ক মৌলিক বৰ্ণ বুলি স্বীকাৰ নকৰে বাবে এইবোৰক ব্যঞ্জণবৰ্ণ বুলি ধ’ৰা নহ’ল।
বৰ্ণ বিভাজন । Barna Bivajon
অনুশীলনী
(১) উচ্চাৰণৰ প্ৰকৃতি অনুযায়ী অসমীয়া বৰ্ণমালাক কেই শ্ৰেণীত ভাগ কৰা হৈছে?
(২) স্বৰবৰ্ণ কাক বোলে? অসমীয়া স্বৰবৰ্ণ মুঠ কেইটা?
(৩) স্বৰবৰ্ণক কেই ভাগত ভাগ কৰা হৈছে ?
(৪) ব্যঞ্জনবৰ্ণ কাক বোলে?
(৫) অসমীয়া বৰ্ণমালাত ব্যঞ্জনবৰ্ণ কেইটা আৰু কি কি? ০ ০ ০.
বৰ্ণ বিভাজন । Barna Bivajon
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…






