Home Ass Grammar উপভাষা আৰু মান্য ভাষা । Upobhasha Aru Manya Bhasha

উপভাষা আৰু মান্য ভাষা । Upobhasha Aru Manya Bhasha

0

উপভাষা আৰু মান্য ভাষা

উপভাষা আৰু মান্য ভাষা । Upobhasha Aru Manya Bhasha

 

উপভাষা আৰু মান্য ভাষা । Upobhasha Aru Manya Bhasha

উপভাষা আৰু মান্য ভাষা । Upobhasha Aru Manya Bhasha

উপভাষা আৰু মান্য ভাষা: আৰম্ভণি

আমি জানো যে ভাষাৰ মূল উপাদান হৈছে ধ্বনি যি আমাৰ মুখৰ ভিতৰত সোমাই যোৱা বায়ু আৰু মুখৰ পৰা ওলাই যোৱা বায়ুৰ মাজত হোৱা সংঘৰ্ষৰ ফলত সৃষ্টি হয়। এই  ধ্বনিৰ অৰ্থপূৰ্ণ সমষ্টিয়েই হৈছে ভাষা। পৃথিৱীত কেইবা হাজাৰ ভাষা আছে আৰু সেইবোৰৰ প্ৰতিটো ভাষাৰে কিছুমান স্বকীয় বৈশিষ্ট্য থকাৰ লগতে কিছুমান ভাষাৰ মাজত প্ৰকৃতিগত সাদৃশ্যও আছে। ভাষাৰ প্ৰকৃতিগত মিলৰ ওপৰত ভিত্তি কৰি ভাষাতত্ববিদসকলে পৃথিৱীৰ ভাষাবোৰক কেইবাটাও পৰিয়াল বা গোষ্ঠীত ভাগ কৰিছে। ভাষাৰ গোষ্ঠী বা পৰিয়ালৰ ভিতৰত ইণ্ডো-ইউৰোপীয় (Indo-European Family) পৰিয়ালটো বিশাল। এই ভাষা পৰিয়ালটোক আকৌ প্ৰাচ্য (Eastern Group) আৰু প্ৰাচাত্য (Western Group) – এই দুই উপ-ভাগত ভাগ কৰা হৈছে।  ভাৰতীয় ভাষাবোৰৰ সৰহভাগ ভাষাই ইণ্ডো- ইউৰোপীয় পৰিয়ালৰ প্ৰাচ্য ভাগৰ অন্তৰ্গত।

উপভাষা (Dialect)

ভাষা এটাই  সামাজিক স্তৰ, সময়  আৰু ভৌ গোলিক অৱস্থান অনুসৰি ঠাই বিশেষে সুকীয়া সুকীয়া ৰূপ লয়।  ফলস্বৰূপে অঞ্চল ভেদে এটি  ভাষাৰ ধ্বনিগত, শব্দগত  আৰু বাক্য গঠণ প্ৰণালীত বৈসাদৃশ্য্য দেখা যায়।  এনেদৰে গঢ়  লোৱা ভাষাকে মূল ভাষাটোৰ উপভাষা (Dialect) বুলি কোৱা হয়। উদাহৰণস্বৰূপে, আমি দেখা পাওঁ যে গোটেই অসমত অসমীয়া ভাষাটো প্ৰচলিত যদিও এই  অসমীয়া ভাষাটো ডিব্রূগড়, নলবাৰী, গোৱালপাৰা, বৰেপটা আদি অঞ্চলত মানুহে বেলেগ বেলেগ আংগিকত কয়।

উপভাষা (Dialect)

বৃহৎ অঞ্চল একোটাত অস্তিত্ব থকা ভাষা এটাৰ কেইবাটাও উপভাষা থাকিব পাৰে। ফলত সকলো উপভাষাতে উমৈহতীয়া কাম-কাজ চলোৱাত নানা ধৰণৰ অসুবিধাই দেখা দিয়ে। এনে অসুবিধা দূৰ কৰিবলৈ উপভাষাটোৰ মাজৰ পৰা এটি ভাষাক উমৈহতীয়া ভাষা হিচাপে ব্যৱহাৰ কৰা হয় । এনেদৰে উমৈহতীয়া কাম-কাজ চলোৱাৰ উদ্দ্যেশ্যে গ্ৰহণ কৰা উপভাষাটোৱেই মান্য ভাষা (Standard Language) ৰ মৰ্যদা লাভ কৰে।

সামৰণি: উপভাষা আৰু মান্য ভাষা

বৰ্তমান পৃথিৱীৰ সৰহভাগ মান্য ভাষাই লিখিত ৰূপ পাইছে আৰু প্ৰায় সকলোবোৰ লিখিত ভাষাৰেই ব্যাকৰণ (Grammar) প্ৰনয়ণ কৰা হৈছে। ব্যাকৰণত ভাষা এটিৰ ধবনি, বৰ্ণ, শব্দ গঠণ, বাক্য গঠণ, বাক্যত শব্দৰ সম্বন্ধ আদি বিজ্ঞানসন্মতভাৱে আলোচনা কৰা হয়। ব্যাকৰণ অধ্যয়ন কৰিলে কোনো এটি ভাষা শুদ্ধকৈ ক’ব আৰু লিখিবলৈ শিকিব পাৰি। ব্যাকৰণে ভাষা এটিক সাবৰ্বজনীনতা প্ৰদান কৰে। 0 0 0.

উপভাষা আৰু মান্য ভাষা । Upobhasha Aru Manya Bhasha

বি দ্রঃ উক্ত ‘উপভাষা আৰু মান্য ভাষা । Upobhasha Aru Manya Bhasha’ ৰচনাটি ৰাব্বি মছৰুৰ  ৰচিত  ‘অসমীয়া ব্যাকৰণ ক‘ অংশৰ পৰা লোৱা হৈছে।

অনুশীলনী

(১) অসমীয়া ভাষাটো কোনটো ভাষা পৰিয়ালৰ অন্তৰ্গত?

(২) ভাষাৰ ইণ্ডো-ইউৰোপীয় পৰিয়ালটোক কেইটা ভাগত ভাগ কৰা হৈছে? ভাগ দুটা কি কি?

(৩) উপভাষা আৰু মান্য ভাষা বুলিলে কি বুজা?

(৪) ভাষাৰ মূল উপাদান কি? ০ ০ ০

 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here