Home Biography অমৃতা প্ৰীতম | Amrita Pritam

অমৃতা প্ৰীতম | Amrita Pritam

0

অমৃতা প্ৰীতম

অমৃতা প্ৰীতম  Amrita Pritam

অমৃতা প্ৰীতম | Amrita Pritam

অমৃতা প্ৰীতম (Amrita Pritam)  আছিল এজন ভাৰতীয় পঞ্জাৱী আৰু হিন্দী কবি আৰু ঔপন্যাসিক। তেওঁৰ জন্ম হয় ১৯১৯ চনৰ ৩১আগষ্টত পঞ্জাবৰ গুজৰানৱালাত (বৰ্তমান পাকিস্তানত) । পিতৃৰ নাম আছিল কাৰ্তাৰ সিং। তেওঁ আছিল সাহিত্য একাডেমী পুৰষ্কাৰ লাভ কৰা প্ৰথম মহিলা লিখক।

ওঠৰখন কাব্য সংকলন, ৩০ খন উপন্যাস আৰু ১০ খন গল্প সংকলনৰ ৰচয়িতা অমৃতা প্ৰীতমৰ বিভিন্ন ৰচনা বিশ্বৰ বিভিন্ন ভাষালৈ অনূদিত হৈছে। তেওঁ নাৰীৰ মৰ্যাদা আৰু অধিকাৰ সম্পৰ্কে অত্যন্ত সচেতন আছিল আৰু নিজৰ উপলব্ধি আৰু অন্তৰৰ কথা দ্বিধাহীনভাৱে তেওঁৰ লিখনিত প্ৰকাশ কৰিছিল। তেওঁৰ ৰচনাত নাৰী মনৰ মনস্তাত্বিক আৰু আনুভূতিক উপলব্ধি, নৈতিকতা আত্মবিশ্লেষণ আৰু সৌন্দৰ্য লিপ্সা প্ৰকাশ পাইছে। তেওঁ পঞ্জাবী মাহেকীয়া পত্ৰিকা ‘নাগমণি’ সম্পাদনৰ দায়িত্ব পালন কৰিছিল। তাই ৰাজ্যসভাৰ সদস্যাৰূপেও মনোনীত হৈছিল। 

তাইৰ প্ৰকাশিত পুথিসমূহৰ ভিতৰত উল্লেখযোগ্য কেইখনমান হ’ল: ‘ডাক্টৰ দেৱ’, ‘ৰেভিনিউ ষ্টাম্প’, ‘কাগজ তে কেনভাছ’, ‘পিঞ্জৰ’, ‘সুনেহৰে’ আদি। ‘কাগজ তে কেনভাছ’ কাব্য সংকলনৰ বাবে তেওঁ ১৯৮১ চনত ভাৰতীয় জ্ঞানপীঠ বঁটা লাভ। তেওঁ ‘সুনেসৰে’ কাব্য সংকলনখনৰ বাবে সাহিত্য অকাডেমী বঁটা  (১৯৫৬), লাভ কৰাৰ উপৰিও  ‘পদ্মশ্ৰী‘ (১৯৬৯), দিল্লী বিশ্ববিদ্যালয়লৰ সন্মানীয় ডি লিট (১৯৭৩) আদি সন্মানেৰে ভূষিত হয়। তেওঁ হৈছে পদ্মশ্ৰী সন্মান লাভ কৰা প্ৰথম মহিলা।

২০০৫ চনৰ ৩১ অক্টোবৰত তেওঁৰ মৃত্যু হয়। ০ ০ ০

Read More: বিশ্ব ব্যক্তি পৰিচয়

 

বি. দ্র. উক্ত ‘অমৃতা প্ৰীতম | Amrita Pritam ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়’ গ্রন্থৰ অন্তর্গত।

 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here