অর্থবিজ্ঞান কুইজ-২
অর্থবিজ্ঞান কুইজ-২
অর্থবিজ্ঞান কুইজ-২
প্ৰশ্নঃ গিফেন সামগ্ৰী কি?
উত্তৰঃ যেতিয়া কোনো এটা সামগ্ৰীৰ দাম বৃদ্ধিৰ লগে লগে চাদিহাৰ পৰিমাণ বৃদ্ধি পায় আৰু দাম হ্রাস হোৱাৰ লগে লগে চাহিদা হ্রাস পায়, তেনে সামগ্ৰীক ‘গিফেন সামগ্ৰী’ বুলি কোৱা হয়।
প্ৰশ্নঃ উত্তল অগ্ৰাধিকাৰ কি?
উত্তৰঃ উপভোক্তা এজনে যেতিয়া কোনো এটা সামগ্ৰীৰ এক গোটৰ কাৰণে আন এটা সামগ্ৰী হ্রাসমান হাৰত ত্যাগ কৰিব বিচাৰে তেনে কাৰ্যকেই ‘উত্তল অগ্ৰাধিকাৰ‘ (বাউত্তল পছন্দতা) বুলি কোৱা হয়।
প্ৰশ্নঃ নিৰেপক্ষ ৰেখা কি?
উত্তৰঃ নিৰেপক্ষ ৰেখা হ’ল এনে এডাল ৰেখা যিডালৰ বিভিন্ন বিন্দুত দুটা সামগ্ৰীৰ বিভিন্ন টোপোলাৰ পৰা উপভোক্তা এজনে সমপৰিমাণৰ সন্তুষ্টি লাভ কৰে।
প্ৰশ্নঃ মুঠ উপযোগিতা কি?
উত্তৰঃ এজন উপভোক্তাই কোনো এটা বিশেষ দ্ৰব্যৰ কেইটামান নিৰ্দিষ্ নির্দিষ্ট গোট উপভোগ কৰি আহৰণ কৰা সৰ্বমুঠ সন্তুষ্টিকেই ‘মুঠ উপযোগিতা’ বুলি কোৱা হয়।
প্ৰশ্নঃ প্ৰান্তিক উপযোগিতাৰ সংজ্ঞা দিয়া।
উত্তৰঃ কোনো এটা দ্ৰব্যৰ অতিৰিক্ত এটা একক উপভোগ কৰি আহৰণ কৰা অতিৰিক্ত উপযোগিতাই হ’ল ‘প্ৰান্তিক উপযোগিতা’।
প্ৰশ্নঃ প্ৰান্তিক উপযোগিতাৰ পৰা মুঠ উপযোগিতা কিদৰে নিৰ্ধাৰণ কৰা হয়?
উত্তৰঃ প্ৰান্তিক উপযোগিতাসমূহ যোগ কৰি মুঠ উপযোগিতা নিৰ্ধাৰণ কৰা হয়।
প্ৰশ্নঃ উপভোক্তাৰ ভাৰসাম্যতা মানে কি?
উত্তৰঃ উপভোক্তা এজনে তেওঁৰ নিৰ্দিষ্ট উপাৰ্জনেৰে দ্ৰব্য সামগ্ৰী উপভোগ কৰি সৰ্বাধিক লাভ আহৰণ কৰিবলৈ সক্ষম হ’লে উপভোক্তাজনে ভাৰসাম্যতা লাভ কৰে বুলি কোৱা হয়।
প্ৰশ্নঃ প্ৰতিকল্পনৰ প্ৰান্তিক হাৰ কিয় হ্রাস পাই আহে?
উত্তৰঃ উপভোক্তাএজনে তেওঁ উপভোগ কৰা দ্ৰব্যৰ ভিতৰত যিটো দ্ৰব্য অধিক পৰিমাণে ব্যৱহাৰ কৰে, সেই দ্ৰব্যটোৰ প্ৰান্তিক উপযোগিতা আন দ্ৰব্যৰ তুলনাত হ্রাস পাই অহা বাবে প্ৰতিকল্পনৰ প্ৰান্তিক হাৰ ক্ৰমান্বয়ে হ্রাস পাই আহে।
অর্থবিজ্ঞান কুইজ-২
প্ৰশ্নঃ নিৰেপক্ষ ৰেখা বিশ্লেষণ অনুসৰি উপভোক্তা এজনে কেতিয়া ভাৰসাম্যতা লাভ কৰে?
উত্তৰঃ যিটো বিন্দুত নিৰেপক্ষ ৰেখা আৰু বাজেট ৰেখাডালে পৰস্পৰ স্পৰ্শ কৰে, সেই বিন্দুত উপভোক্তা এজনে ভাৰসাম্যতা লাভ কৰে। সেই ভাৰসাম্য বিন্দুত নিৰেপক্ষ ৰেখা আৰু বাজেট ৰেখাৰ ঢাল সমান হয়।
প্ৰশ্নঃ নিৰেপক্ষ ৰেখাৰ ধাৰণাটো কোনে অৱতাৰণা কৰে?
উত্তৰঃ নিৰেপক্ষ ৰেখাৰ ধাৰণাটো অৰ্থনীতিবিদ জে. আৰ. হিক্ছ আৰু আৰ. জি. ডি. এলেনে অৱতাৰণা কৰে।
প্ৰশ্নঃ চাহিদা বুলিলে কি বুজা?
উত্তৰঃ এক নিৰ্দিষ্ট সময়ত এক নিৰ্দিষ্ট দৰত উপভোক্তা এজনে ক্ৰয় কৰিব বিচৰা দ্ৰব্য এটাৰ পৰিমাণকে দ্ৰব্যটোৰ ‘চাহিদা’ বুলি কোৱা হয়।
প্ৰশ্নঃ চাহিদাৰ দুটা নিৰ্ধাৰক উল্লেখ কৰা।
উত্তৰঃ চাহিদাৰ দুটা নিৰ্ধাৰক হ’ল– উপভোক্তাৰ উপাৰ্জন আৰু তেওঁ ক্ৰয় কৰিব বিচৰা দ্ৰব্য এটাৰ দৰ।
প্ৰশ্নঃ চাহিদা পৰিৱৰ্তনৰ তিনিটা কাৰক উল্লেখ কৰা।
উত্তৰঃ চাহিদা পৰিৱৰ্তনৰ তিনিটা কাৰক হ’ল – (ক) দ্ৰব্যটোৰ মূল্য, (খ) উপভোক্তাৰ উপাৰ্জন আৰু (গ) বিকল্প দ্ৰব্যৰ দৰ।
অর্থবিজ্ঞান কুইজ-২
প্ৰশ্নঃ চাহিদা ফলন কি?
উত্তৰঃ অন্যান্য সকলো অৱস্থা অপৰিৱৰ্তন থাকোতে চাহিদা ফলনে এটা দ্ৰব্যৰ দৰ আৰু দ্ৰব্যটোৰ চাদিহাৰ মাজৰ সম্পৰ্কৰ এক ব্যাখ্যা আগবঢ়ায়।
প্ৰশ্নঃ চাহিদা বিধিটো উল্লেখ কৰা।
উত্তৰঃ অৰ্থনীতিত চাহিদা বিধিটো হ’ল- দ্ৰব্যৰ দাম বাঢ়িলে চাহিদা কমে আৰু দাম কমিলে চাহিদা বাঢ়ে ।
প্ৰশ্নঃ চাহিদা ৰেখাডাল কিয় নিম্নগামী ঢালযুক্ত হয়?
উত্তৰঃ ক্ৰমহ্রাসমান প্ৰান্তিক উপযোগিতাৰ বাবে চাহিদা ৰেখাডাল নিম্নগামী ঢালযুক্ত হয়।
প্ৰশ্নঃ যদি x দ্ৰব্যৰ মূল্য বৃদ্ধিৰ ফলত y দ্ৰব্যৰ চাহিদা বৃদ্ধি পায়, তেন্তে দ্ৰব্য দুটা কিদৰে সম্পৰ্কিত?
উত্তৰঃ দুয়োটা দ্ৰব্য এটা আনটোৰ প্ৰতিকল্প দ্ৰব্য।
প্ৰশ্নঃ যদি x দ্ৰব্যৰ দৰ বৃদ্ধিৰ ফলত y দ্ৰব্যৰ চাহিদা হ্রাস পায়, তেন্তে দুয়োটা দ্ৰব্য কিদৰে সম্পৰ্কিত?
উত্তৰঃ দুয়োটা দ্ৰব্য এটা আনটোৰ পৰিপূৰক।
প্ৰশ্নঃ ‘অৰ্থনীতিত এটা কাৰ্যৰ লেখ চিত্ৰ অংকনৰ বাবে অভিলম্বীয় অক্ষৰ লগতে নিৰ্ভৰশীল চলক জোখা হয়।’– সঁচা নে মিছা লিখা।
উত্তৰঃ সঁচা।
প্ৰশ্নঃ যিকোনো দুটা চলক x আৰু y ক বিবেচনাৰ বাবে লোৱা হ’ল। yৰ মূল্য নিৰ্ভৰ কৰে x ৰ মূল্যৰ ওপৰত। দুয়োটা চলকৰ মাজৰ কাৰ্যমূলক সম্পৰ্ক কি?
উত্তৰঃ Y= f(x)
প্ৰশ্নঃ এজন উপভোক্তাই কোনো সামগ্ৰীৰ ১০ টা গোট উপভোগ কৰি মুঠ উপযোগিতা লাভ কৰে ৮০। দ্ৰব্যটোৰ ১১ নং গোট উপভোগ কৰিলে তেওঁ প্ৰান্তিক উপযোগিতা লাভ কৰে ৯। ১১ নং গোট উপভোগৰ পিছত উপভোক্তাৰ মুঠ উপযোগিতা কিমান হ’ব?
উত্তৰঃ মুঠ উপযোগিতা হ’ব ৮০+৯=৮৯।
অর্থবিজ্ঞান কুইজ-২
প্ৰশ্নঃ কোনো সামগ্ৰীৰ ১০ টা গোট উপভোগ কৰি এজন উপভোক্তাই মুঠ উপযোগিতা লাভ কৰে ৭০। যদি ভোক্তাজনে এটা গোট কমকৈ ভোগ কৰে তেন্তে মুঠ উপযোগিতা ৬০ লৈ হ্রাস পায়। ভোক্তাজনৰ প্ৰান্তিক উপযোগিতা নিৰ্ণয় কৰা।
উত্তৰঃ ভোক্তাৰ প্ৰান্তিক উপযোগিতা হ’ব (৭০-৬০=১০)।
প্ৰশ্নঃ কোনো সামগ্ৰীৰ চাহিদাৰ শতাংশৰ পৰিৱৰ্তন দামৰ শতাংশৰ পৰিৱৰ্তনৰ সমান হ’লে, চাহিদাৰ স্থিতিস্থাপকতা কি হ’ব?
উত্তৰঃ চাহিদাৰ স্থিতিস্থাপকতা ১ হ’ব।
প্ৰশ্নঃ যদি চাহিদাৰ স্থিতিস্থাপকতা শূন্য হয় আৰু সামগ্ৰীৰ দৰ ১০ শতাংশ হ্রাসস পায়, তেন্তে সামগ্ৰীৰ চাহিদাৰ শতাংশৰ পৰিৱৰ্তন কিমান হ’ব?
উত্তৰঃ সামগ্ৰীৰ চাহিদাৰ শতাংশৰ পৰিৱৰ্তন শূন্য হ’ব।
প্ৰশ্নঃ বিকল্প দ্ৰব্যৰ সংজ্ঞা দিয়া।
উত্তৰঃ কোনো অভাৱ পূৰণৰ বাবে এটা দ্ৰব্যৰ পৰিৱৰ্তে আন এটা সামগ্ৰী ব্যৱহাৰ কৰিলে তাক ‘বিকল্প দ্ৰব্য’ বোলে।
প্ৰশ্নঃ এবিধ দ্ৰব্যৰ দৰৰ পৰিৱৰ্তন সত্বেও যদি চাহিদাৰ পৰিমাণৰ কোনো পৰিৱৰ্তন নহয়, তেনেহ’লে চাহিদাৰ দৰ স্থিতিস্থাপকতা (Cp) কিমান হ’ব?
উত্তৰঃ চাহিদাৰ দৰ স্থিতিস্থাপকতা সম্পূৰ্ণ অস্থিতিস্থাপক হ’ব।
প্ৰশ্নঃ গড় উৎপাদন কি?
উত্তৰঃ মুঠ উৎপাদনক মুঠ পৰিৱৰ্তনশীল উপাদানেৰে ভাগ কৰিলে যি অৱশিষ্ট থাকে সেয়েই মুঠ উৎপাদন।
প্ৰশ্নঃ প্ৰান্তিক উৎপাদন কি?
উত্তৰঃ উৎপাদন প্ৰক্ৰিয়াত অতিৰিক্ত উপাদান ব্যৱহাৰ কৰি যি অধিক উৎপাদন কৰা হয় তাকে ‘প্ৰান্তিক উৎপাদন’ বোলে।
প্ৰশ্নঃ ব্যৱসায়িক প্রতিষ্ঠানৰ ব্যয় কাৰ্যই কি সূচায়?
উত্তৰঃ ব্যৱসায় প্রতিষ্ঠান এটিৰ উৎপাদন কাৰ্যত ব্যবহৃত ব্যয় আৰু উৎপাদনৰ যি সম্পৰ্ক তাকে ‘ব্যয় কাৰ্য’ বুলি কোৱা হয়।
অর্থবিজ্ঞান কুইজ-২
প্ৰশ্নঃ আনুপাতিক বিস্তাৰৰ ফলে কি সূচায়?
উত্তৰঃ আনুপাতিক বিস্তাৰৰ ফলে ব্যৱসায়িক প্রতিষ্ঠানৰ উপাদানবোৰৰ সলনিৰ লগে লগে উৎপাদনৰ পৰিমাণ কিদৰে পৰিৱৰ্তন হয় তাকে সূচায়।
প্ৰশ্নঃ আনুপাতিক বিস্তাৰত বৰ্দ্ধমান ফল কি?
উত্তৰঃ আনুপাতিক বিস্তাৰত বৰ্দ্ধমানৰ ফল হ’ল উপাদানৰ পৰিমাণ বৃদ্ধি কৰি গৈ থাকিলে উৎপাদনৰ পৰিমাণো বৃদ্ধি হ’ব কিন্তু সেই বৃদ্ধিৰ পৰিমাণ উপাদানতকৈ বেছি হাৰত হ’ব।
প্ৰশ্নঃ সম-উৎপাদন ৰেখা মানে কি?
উত্তৰঃ যেতিয়া উৎপাদন কাৰ্যত নিয়োগ কৰা উপাদানৰ বিভিন্ন জোঁটে সামগ্ৰী এটাৰ একে পৰিমাণৰ উৎপাদন কৰে তেতিয়া তেনে উৎপাদনৰ উপাদানক ‘সম-উৎপাদন ৰেখা’ বোলে।
প্ৰশ্নঃ উৎপাদন প্ৰক্ৰিয়াত উপভোক্তাই উপাদান একত্ৰিত কৰে আৰু উৎপন্নৰ সৃষ্টি কৰে। (শুদ্ধনে অশুদ্ধ)
উত্তৰঃ অশুদ্ধ।
অর্থবিজ্ঞান কুইজ-২
প্ৰশ্নঃ এখন ব্যৱসায়িক প্রতিষ্ঠানৰ ৰাজহ অৰ্জনক লাভ বুলি কোৱা হয়।(শুদ্ধনে অশুদ্ধ)
উত্তৰঃ অশুদ্ধ।
প্ৰশ্নঃ এটা ব্যৱসায়িক প্রতিষ্ঠানৰ উৎপাদন কাৰ্যই তাৰ ব্যবহৃত উপাদান আৰু সৃষ্ট উৎপন্নৰ মাজৰ সম্পৰ্ক দেখুৱায়। (শুদ্ধনে অশুদ্ধ)
উত্তৰঃ শুদ্ধ।
প্ৰশ্নঃ উৎপাদন কাৰ্যত ব্যবহৃত তিনিটা পৰিৱৰ্তনশীল উপাদান উল্লেখ কৰা।
উত্তৰঃ কেঁচা সামগ্ৰী, শ্ৰমিক আৰু শক্তি।
প্ৰশ্নঃ প্ৰান্তিক উৎপাদন ৰেখাৰ আকৃতি কেনেকুৱা?
উত্তৰঃ প্ৰান্তিক উৎপাদন ৰেখা ওলোটা ‘U’ আকৃতিৰ।
প্ৰশ্নঃ প্ৰতিদানৰ মাত্ৰা বুলিলে কি বুজা?
উত্তৰঃ উৎপাদনৰ আনুপাতিক পৰিৱৰ্তনৰ ফলস্বৰূপে মুঠ উৎপাদনৰ পৰিৱৰ্তনেই হ’ল ‘প্ৰতিদানৰ মাত্ৰা’।
প্ৰশ্নঃ উপাদানৰ প্ৰতিদান কি?
উত্তৰঃ স্থায়ী উপাদান অপৰিৱৰ্তিত থকা অৱস্থাত পৰিৱৰ্তনশীল উপাদানৰ পৰিৱৰ্তন ঘটালে উৎপাদনৰ যি পৰিৱৰ্তন হয়, তাকেই ‘উপাদানৰ প্ৰতিদান’ বুলি কোৱা হয়।
প্ৰশ্নঃ যেতিয়া প্ৰান্তিক উৎপাদন হ্রাস পাই থাকিব আৰু ধনাত্মক হ’ব, তেতিয়া মুঠ উৎপাদন কিদৰে পৰিৱৰ্তন হ’ব?
উত্তৰঃ মুঠ উৎপাদন ক্ৰমহ্রাসমান হাৰত বৃদ্ধি পাই থাকিব।
প্ৰশ্নঃ মুঠ উৎপাদন সৰ্বাধিক হোৱা অৱস্থাত প্ৰান্তিক উৎপাদন কি হ’ব?
উত্তৰঃ মুঠ উৎপাদন সৰ্বাধিক হোৱা অৱস্থাত প্ৰান্তিক উৎপাদন শূন্য হ’ব।
অর্থবিজ্ঞান কুইজ-২
প্ৰশ্নঃ মুঠ উৎপাদন ক্ৰমবৰ্দ্ধমান হাৰত বৃদ্ধি হোৱা অৱস্থাত প্ৰান্তিক উৎপাদন কি হ’ব?
উত্তৰঃ প্ৰান্তিক উৎপাদন বৃদ্ধি হৈ থাকিব।
প্ৰশ্নঃ এটা ব্যৱসায় প্রতিষ্ঠানৰ মুঠ ৰাজহৰ সংজ্ঞা দিয়া।
উত্তৰঃ প্রতিষ্ঠান এখনে এটা নিৰ্দিষ্ট পৰিমাণৰ সামগ্ৰী বজাৰত বিক্ৰী কৰি পোৱা মুঠ উপাৰ্জনক ‘মুঠ ৰাজহ’ বুলি কোৱা হয়।
প্ৰশ্নঃ প্ৰান্তিক আয় কি?
উত্তৰঃ সামগ্ৰী এটাৰ অতিৰিক্ত গোট বিক্ৰী কৰি পোৱা আয়ক ‘প্ৰান্তিক আয়’ বোলে।
প্ৰশ্নঃ যোগানৰ স্থিতিস্থাপকতা বুলিলে কি বুজা?
উত্তৰঃ সামগ্ৰী এটাৰ দামৰ পৰিৱৰ্তনৰ লগে লগে ইয়াৰ যোগানৰ পৰিমাণ যি হাৰত পৰিৱৰ্তন ঘটে, তাকে ‘যোগানৰ স্থিতিস্থাপকতা’ বোলে।
প্ৰশ্নঃ এডাল উলম্ব যোগান ৰেখাই কি বুজায়?
উত্তৰঃ সম্পূৰ্ণ অস্থিতিস্থাপক যোগান।
প্ৰশ্নঃ তিনিটা স্থিৰ উপাদান উল্লেখ কৰা।
উত্তৰঃ যন্ত্ৰপাতি, ভূমি আৰু কাৰখানা। ০ ০ ০
অর্থবিজ্ঞান কুইজ-২
বিজ্ঞপ্তিঃ আমি আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰা সত্বেও কিবা ভুল-ভ্রান্তি থাকি যাব পাৰে। আমাৰ প্রিয় সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনালে আমি চিৰ কৃতাৰ্থ হৈ থাকিম। ধন্যবাদ —ৰাব্বি মছৰুৰ
অর্থবিজ্ঞান কুইজ-২
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)
- বিবিধ …
অতিৰিক্ত অনুসন্ধান: