আপুনি যদি ‘অর্থবিজ্ঞান কুইজ-৫‘ বিচাৰি আছে, তেন্তে আপুনি সঠিক স্থানত উপনীত হৈছে । ইয়াত অর্থবিজ্ঞান সম্পর্কে বিভিন্ন উৎসৰ পৰা আমি কুইজবোৰ সংগ্রহ কৰিছোঁ আমি আশাবাদী যে ছাত্ৰ-ছাত্ৰী তথা সাধাৰণ পাঠকসমাজে কুইজবোৰ ভাল পাব ।
অর্থবিজ্ঞান কুইজ-৫
অর্থবিজ্ঞান কুইজ-৫
প্ৰশ্নঃ নগদ সংৰক্ষণ অনুপাত মানে কি?
উত্তৰঃ বাণিজ্যিক বেংকসমূহে মুঠ আমানতৰ যিটো অংশ কেন্দ্ৰীয় বেংকত জমা থব লাগে, তাকে ‘নগদ সংৰক্ষণ অনুপাত’ বুলি কোৱা হয়।
প্ৰশ্নঃ বিধিবদ্ধ তাৰল্য অনুপাত কি?
উত্তৰঃ বাণিজ্যিক বেংকসমূহে সৰ্বমুঠ চাহিদা আৰু কাল আমানতৰ যিটো অংশ নগদ সদৃশ পৰিসম্পদ ৰূপত জমা ৰাখিব লাগে সেই অনুপাতটোকেই ‘বিধিবদ্ধ তাৰল্য অনুপাত’ বুলি কোৱা হয়।
প্ৰশ্নঃ মুদ্ৰাৰ লেনদেনৰ চাহিদাৰ সমীকৰণত MdT= KT ত সোঁফালে থকা T ৰ অৰ্থ কি?
উত্তৰঃ T ৰ অৰ্থ হ’ল এক নিৰ্দিষ্ট সময়ৰ ভিতৰত হোৱা মুঠ লেনদেনৰ মূল্য।
অর্থবিজ্ঞান কুইজ-৫
প্ৰশ্নঃ এজন মানুহে মাহিলি ৭০০ টকা উপাৰ্জন কৰে। তেওঁৰ গড় নগদ জমা কি?
উত্তৰঃ মানুহজনৰ মাহিলি আয় = ৭০০ টকা
গড় নগদ জমা হ’ল = (৭০০ + ০ টকা) ÷ ২ =৩৫০ টকা।
প্ৰশ্নঃ বাণিজ্যিক বেংকে কেনেদৰে কোনো ব্যক্তিৰ ঋণ লাভ কৰাৰ যোগ্যতা নিৰূপন কৰে?
উত্তৰঃ বাণিজ্যিক বেংকে কোনো ব্যক্তিৰ ঋণ লাভ কৰাৰ যোগ্যতা তেওঁৰ চলিত সম্পত্তি বা তেওঁ প্ৰদান কৰা আনুসঙ্গিক পত্ৰ যেনে– ঋণ পৰিশোধৰ বাবে দিয়া বন্ধকী পত্ৰৰ দ্বাৰা নিৰূপণ কৰে।
প্ৰশ্নঃ বাণিজ্যিক বেংকৰ ধাৰ কৰা হাৰ কি?
উত্তৰঃ বাণিজ্যিক বেংকে আমানতকাৰীক যি সুদৰ হাৰ দিয়ে, তাক ‘বাণিজ্যিক ধাৰ কৰা হাৰ’ বোলে।
প্ৰশ্নঃ ভাৰতীয় ৰিজাৰ্ভ বেংকে বাণিজ্যিক বেংকসমূহৰ পৰা সংৰক্ষিত পুঁজি ৰখাটো প্ৰয়োজনীয় কিয়?
উত্তৰঃ ভাৰতীয় ৰিজাৰ্ভ বেংকে বাণিজ্যিক বেংকসমূহৰ সংৰক্ষিত আমানত অনুপাত সুচলভাৱে আগবঢ়াই নিবলৈ সেই বেংকসমূহৰ পৰা সংৰক্ষিত পুঁজি ৰখাটো প্ৰয়োজনীয়।
প্ৰশ্নঃ বাণিজ্যিক বেংকসমূহৰ বাবে ৰিজাৰ্ভ বেংকত সংৰক্ষিত পুঁজি ৰখাটো ব্যয়বহুল কিয়?
উত্তৰঃ বাণিজ্যিক বেংকসমূহৰ বাবে ৰিজাৰ্ভ বেংকত সংৰক্ষিত পুঁজি ৰখাটো ব্যয়বহুল কাৰণ বেংকসমূহে সেই পৰিমাণৰ মুদ্ৰা সুদ অৰ্জন কৰা বিনিয়োগমূলক আঁচনিৰ বাবে ধাৰলৈ দিব পাৰে।
অর্থবিজ্ঞান কুইজ-৫
প্ৰশ্নঃ কাগজী মুদ্ৰা প্ৰচলন কৰা ভাৰতবৰ্ষৰ মুদ্ৰা কৰ্তৃপক্ষৰ নাম কি?
উত্তৰঃ ভাৰতীয় ৰিজাৰ্ভ বেংক।
প্ৰশ্নঃ আধুনিক অৰ্থ ব্যৱস্থাত মানুহে দুটা উদ্দেশ্যত নগদ ধন হাতত জমা ৰাখে। তাৰে এটা হ’ল লেনদেনৰ অভিপ্ৰায় আৰু আনটো কি?
উত্তৰঃ কল্পনাপ্ৰসূত অভিপ্ৰায়।
প্ৰশ্নঃ প্ৰসাৰণ ক্ষমতা সম্পন্ন মুদ্ৰা কি?
উত্তৰঃ দেশৰ মুদ্ৰা কৰ্তৃপক্ষৰ সৰ্বমুঠ আৰ্থিক দায় মুদ্ৰাৰ ভিত্তি হিচাপে বা সম্প্ৰসাৰণ ক্ষমতা সম্পন্ন মুদ্ৰা হিচাপে বিবেচিত হয়।
প্ৰশ্নঃ কোনো ব্যক্তিৰ মুদ্ৰাৰ লেনদেনৰ প্ৰতি গড় লেনদেনত চাহিদা কি?
উত্তৰঃ কোনো ব্যক্তিৰ মুদ্ৰাৰ গড় লেনদেন চাহিদা হ’ল তেওঁৰ মাহিলি লেনদেনৰ আধা।
প্ৰশ্নঃ প্ৰত্যক্ষ কৰৰ এটা উদাহৰণ দিয়া।
উত্তৰঃ আয় কৰ।
প্ৰশ্নঃ অনা-কৰ ৰাজহৰ এটা উদাহৰণ দিয়া।
উত্তৰঃ মাচুল, সুদ, জৰিমনা আদি।
প্ৰশ্নঃ মূলধনী ব্যয়ৰ এটা উদাহৰণ দিয়া।
উত্তৰঃ অংশপত্ৰ বিনিয়োগ।
অর্থবিজ্ঞান কুইজ-৫
প্ৰশ্নঃ ৰাজস্ব নীতি কি?
উত্তৰঃ অথনৈতিক সুস্থিৰতা ৰক্ষা কৰাৰ উদ্দেশ্যে চৰকাৰে সময়ে সময়ে কৰৰ হাৰ আৰু ব্যয় আঁচনিসমূহৰ পৰিৱৰ্তন কৰি ব্যয়, ৰাজহ, ঋণ আদি নিয়ন্ত্ৰণ ব্যৱস্থাৰে দেশৰ সকলো ধৰণৰ সম্পদক ব্যৱহাৰ তথা নিয়োগৰ দ্বাৰা উপাৰ্জন, মূল্যস্তৰ, নিয়োগ আদিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে, তাকেই ‘ৰাজস্ব নীতি’ বুলি কোৱা হয়।
প্ৰশ্নঃ ৰাজহ ঘাটি কি?
উত্তৰঃ ৰাজহ প্ৰাপ্তিতকৈ ৰাজহ ব্যয় অধিক হ’লে তাক ‘ৰাজহ ঘাটি’ বুলি কোৱা হয়।
প্ৰশ্নঃ চৰকাৰে কেতিয়া ঘাটি বাজেট সৃষ্টি কৰে?
উত্তৰঃ যেতিয়া দেশ এখনৰ অৰ্থনীতিত চাহিদাৰ অভাৱ ঘটি নিবনুৱাৰ অৱস্থিতিত ভাৰসাম্য লাভ কৰে। তেতিয়া চৰকাৰে ইয়াৰ সমাধানৰ বাবে পৰিকল্পিত আঁচনি যুগুত কৰে। ইয়াকে ঘাটি বাজেট Îবালে।
প্ৰশ্নঃ ৰাজহ বাজেট কি?
উত্তৰঃ বিভিন্ন উৎসৰ পৰা চৰকাৰে সংগ্ৰহ কৰা ৰাজহৰ পৰিমাণক যেতিয়া দেশৰ উন্নয়নৰ বাবে ব্যয় কৰাৰ আঁচনি গ্ৰহণ কৰে তাক ৰাজহ বাজেট বোলে।
অর্থবিজ্ঞান কুইজ-৫
প্ৰশ্নঃ প্ৰাথমিক ঘাটি কি?
উত্তৰঃ ৰাজকোষীয় ঘাটিৰ পৰা পৰিশোধ কৰিবলগীয়া সুদৰ পৰিমাণক বাদ দিলে যি থাকে তাকে ‘প্ৰাথমিক ঘাটি’ বোলে।
প্ৰশ্নঃ ৰাজস্ব ঘাটি কি?
উত্তৰঃ চৰকাৰী বাজেটৰ মুঠ ব্যয় মুঠ আয়তকৈ অধিক হ’লে তাক ৰাজস্ব ঘাটি বুলি কোৱা হয়।
প্ৰশ্নঃ ৰাজহুৱা দ্ৰব্যৰ দুটা উদাহৰণ দিয়া।
উত্তৰঃ ৰাস্তা-ঘাট, স্কুল-কলেজ ।
প্ৰশ্নঃ ব্যক্তিগত দ্ৰব্যৰ দুটা উদাহৰণ দিয়া।
উত্তৰঃ গাড়ী-মটৰ, খাদ্য সামগ্ৰী।
প্ৰশ্নঃ কৰ ৰাজহৰ দুটা উদাহৰণ দিয়া।
উত্তৰঃ আয় কৰ আৰু নিগম কৰ।
প্ৰশ্নঃ চৰকাৰী বাজেটৰ দুটা ভাগ কি কি?
উত্তৰঃ ৰাজহ বাজেট আৰু মূলধনী বাজেট।
প্ৰশ্নঃ বাজেট গ্ৰহণৰ এটা উদ্দেশ্য লিখা।
উত্তৰঃ আয় আৰু সম্পদৰ অসমতা দূৰ কৰা।
অর্থবিজ্ঞান কুইজ-৫
প্ৰশ্নঃ বাজেট মানে কি?
উত্তৰঃ বাজেট হৈছে কোনো এক বিত্তীয় বছৰৰ চৰকাৰী আয় আৰু ব্যয়ৰ এক বাৰ্ষিক প্ৰতিেবদন।
প্ৰশ্নঃ চৰকাৰৰ বণ্টনমূলক কাৰ্য মানে কি?
উত্তৰঃ ব্যক্তিগত ব্যয়যোগ্য আয় প্ৰভাৱিত হোৱাকৈ কৰ সংগ্ৰহ, হস্তান্তৰিত পৰিশোধ আদিৰ জৰিয়তে চৰকাৰে আয় বিতৰণৰ যি কাম কৰে তাকে ‘চৰকাৰৰ বণ্টনমূলক কাৰ্য’ বোলে।
প্ৰশ্নঃ পৰোক্ষ কৰৰ দুটা উদাহৰণ দিয়া।
উত্তৰঃ আবকাৰী শুল্ক আৰু বিক্ৰী কৰ।
প্ৰশ্নঃ পৰিকল্পনা বৰ্হিভূত ব্যয় বুলিলে কি বুজা?
উত্তৰঃ পৰিকল্পনা বৰ্হিভূত ব্যয় বুলিলে সাধাৰণতে প্ৰশাসন, অৰ্থনৈতিক উন্নয়ন আৰু সামাজিক সেৱাৰ বাবে যিবোৰ ব্যয় বহন কৰা হয় তাকে বুজায়।
অর্থবিজ্ঞান কুইজ-৫
প্ৰশ্নঃ ৰাজহুৱা সামগ্ৰী বুলিলে কি বুজা?
উত্তৰঃ সমূহীয়া অভাৱ পূৰণ কৰিবৰ বাবে চৰকাৰে যোগান ধৰা কেতবোৰ সেৱা আৰু সামগ্ৰীক ৰাজহুৱা সামগ্ৰী বুলি কোৱা হয়।
প্ৰশ্নঃ চৰকাৰী ৰাজহৰ উৎস কি কি?
উত্তৰঃ চৰকাৰী ৰাজহৰ প্ৰধান উৎসেবাৰ হৈছে– কৰ, মাচুল, দান-বৰঙণি, জৰিমনা, ঔদ্যোগিক প্রতিষ্ঠানৰ পৰা হোৱা লাভ আদি।
প্ৰশ্নঃ মূলধনী ব্যয়ৰ দুটা ভাগ কি কি?
উত্তৰঃ পৰিকল্পিত মূলধনী ব্যয় আৰু পৰিকল্পনা বৰ্হিভূত মূলধনী ব্যয়।
প্ৰশ্নঃ স্বয়ংক্ৰিয় সুস্থিৰক কি?
উত্তৰঃ ৰাষ্ট্ৰীয় আয় পৰিৱৰ্তনৰ প্ৰতি চৰকাৰৰ সংগ্ৰহ আৰু ব্যয় হ্রাস -বৃদ্ধিৰ স্বয়ংক্ৰিয় সঁহাৰিক ‘স্বয়ংক্ৰিয় সুস্থিৰ’ বুলি কোৱা হয়।
প্ৰশ্নঃ স্ব-ইচ্ছামূলক ৰাজকোষীয় নীতি মানে কি?
উত্তৰঃ অৰ্থনৈতিক সুস্থিৰতা ৰক্ষাৰ উদ্দেশ্যে চৰকাৰে সময়ে সময়ে কৰৰ হাৰ আৰু ব্যয় আঁচনিসমূহৰ পৰিৱৰ্তনৰ বাবে লোৱা ব্যৱস্থাকে ‘স্ব-ইচ্ছামূলক ৰাজকোষীয় নীতি’ বুলি কোৱা হয়।
অর্থবিজ্ঞান কুইজ-৫
প্ৰশ্নঃ প্ৰত্যক্ষ কৰৰ সংজ্ঞা দিয়া।
উত্তৰঃ যি কৰৰ প্ৰাথমিক আৰু শেষ বোজা একেজন ব্যক্তিৰ ওপৰত পৰে তাকে ‘প্ৰত্যক্ষ কৰ’ বোলে।
প্ৰশ্নঃ পৰোক্ষ কৰৰ সংজ্ঞা দিয়া।
উত্তৰঃ যি কৰৰ প্ৰাথমিক বোজা এজন ব্যক্তিৰ ওপৰত আৰু শেষ বোজা আন এজন ব্যক্তিৰ ওপৰত পৰে আৰু যি কৰৰ বোজা স্থানান্তৰ কৰিব পাৰি তাকে পৰোক্ষ কৰ বোলে।
প্ৰশ্নঃ মূলধনী প্ৰাপ্তি বুলিলে কি বুজা?
উত্তৰঃ মূলধনী বাজেটৰ অন্তৰ্গত প্ৰাপ্তিসমূহকে ‘মূলধনী প্ৰাপ্তি’ বুলি কোৱা হয়।
প্ৰশ্নঃ ৰাজহ প্ৰাপ্তি বুলিলে কি বুজা?
উত্তৰঃ ৰাজহ হিচাপৰ অধীনত যিখিনি প্ৰাপ্তি থাকে তাকে ‘ৰাজহ প্ৰাপ্তি’ বোলে।
প্ৰশ্নঃ উন্নয়নমূখী ব্যয় বুলিলে কি বুজা?
উত্তৰঃ অৰ্থনৈতিক আৰু সামাজিক সেৱা প্ৰদান কৰাৰ উদ্দেশ্যে চৰকাৰে যি পৰিমাণৰ ৰাজহ ব্যয় বহন কৰিবলগা হয় তাকে ‘উন্নয়নমূখী ব্যয়’ বুলি কোৱা হয়।
অর্থবিজ্ঞান কুইজ-৫
প্ৰশ্নঃ ফলাফল বাজেটৰ অৰ্থ লিখা।
উত্তৰঃ যি বাজেটত বিভিন্ন শিতানত আবণ্টিত ধনৰাশিৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ পৰিৱৰ্তে বাজেটত ধাৰ্য কৰা ধনৰাশিৰ বিভিন্ন শিতানৰ উৎপাদনৰ পৰিমাণৰ ওপৰত অধিক প্ৰাধান্য দিয়া হয়, সেই বাজেটক ‘ফলাফল বাজেট’ বুলি কোৱা হয়।
প্ৰশ্নঃ ৰাজগামী কি?
উত্তৰঃ উত্তৰাধিকাৰীবিহীন কোনো নাগৰিকৰ মৃত্যৰ পিছত তেওঁৰ সা-সম্পত্তি চৰকাৰী কোষলৈ লৈ যোৱা প্ৰক্ৰিয়াটোক ‘ৰাজগামী’ বুলি কোৱা হয়।
প্ৰশ্নঃ কাগজী কৰ বুলিলে কি বুজা?
উত্তৰঃ যিবোৰ প্ৰত্যক্ষ কৰৰ জৰিয়তে কেৱল সামান্য পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰিব পাৰি তাক ‘কাগজী কৰ’ বুলি কোৱা হয়।
প্ৰশ্নঃ বাজেট ঘাটি কিদৰে দূৰ কৰিব পাৰি?
উত্তৰঃ কৰৰ হাৰ বৃদ্ধি কৰি, ঋণ সংগ্ৰহ কৰি আৰু চৰকাৰী ব্যয় হ্রাস কৰি বাজেট ঘাটি দূৰ কৰিব পাৰি।
প্ৰশ্নঃ কৰক মূলধন প্ৰাপ্তি হিচাপে ধৰা হয়নে?
উত্তৰঃ নহয়।
প্ৰশ্নঃ চৰকাৰী ঋণক মূলধন প্ৰাপ্তি বুলি ক’ব পাৰিনে?
উত্তৰঃ পাৰি। অর্থবিজ্ঞান কুইজ-৫
প্ৰশ্নঃ চৰকাৰী ঋণ পৰিশোধৰ এটা উপায় উল্লেখ কৰা।
উত্তৰঃ প্ৰতিপূৰক নিধি গঠন।
প্ৰশ্নঃ সাম্প্ৰতিক সময়ত চৰকাৰী ব্যয় বৃদ্ধিৰ এটা কাৰণ উল্লেখ কৰা।
উত্তৰঃ দ্ৰব্য-সামগ্ৰীৰ মূল্য বৃদ্ধি।
প্ৰশ্নঃ উদাৰীকৰণৰ মূল লক্ষ্য কি?
উত্তৰঃ বিনিয়োগকাৰীক প্ৰশাসনিক বান্ধোনৰ পৰা মুক্ত কৰি অথনৈতিক কাৰ্যকলাপক ক্ষিপ্ৰতা প্ৰদান কৰা।
প্ৰশ্নঃ পৰোক্ষ কৰৰ বোজা সাধাৰণতে কোনে বহন কৰিব লগা হয়?
উত্তৰঃ দ্ৰব্য সামগ্ৰীৰ উপভোক্তা আৰু গ্ৰাহকে।
প্ৰশ্নঃ ক্ৰমবৰ্দ্ধমান কৰ কি?
উত্তৰঃ যি কৰ ব্যৱস্থাত ব্যক্তিবিশেষৰ উপাৰ্জন বৃদ্ধিৰ লগে লগে কৰৰ হাৰো বৃদ্ধি পায় তাকে ‘ক্ৰমবৰ্দ্ধমান কৰ’ বোলে। ০ ০ ০
অর্থবিজ্ঞান কুইজ-৫
বিজ্ঞপ্তিঃ আমি আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰা সত্বেও কিবা ভুল-ভ্রান্তি থাকি যাব পাৰে। আমাৰ প্রিয় সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনালে আমি চিৰ কৃতাৰ্থ হৈ থাকিম। ধন্যবাদ —ৰাব্বি মছৰুৰ অর্থবিজ্ঞান কুইজ-৫
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)
- বিবিধ …
অতিৰিক্ত অনুসন্ধান:
- অর্থবিজ্ঞান
- অর্থনীতি
- বিজ্ঞান কুইজ ..