অর্থবিজ্ঞান কুইজ-৯. প্ৰশ্নঃ ক্ষুদ্ৰ উদ্যোগৰ বিনিয়োগ সীমা কিমান? উত্তৰঃ ১ কোটি। প্ৰশ্নঃ WTO – ৰ সদৰ ঠাই ক’ত? উত্তৰঃ জেনেভাত।
অর্থবিজ্ঞান কুইজ-৯
অর্থবিজ্ঞান কুইজ-৯
প্ৰশ্নঃ ক্ষুদ্ৰ উদ্যোগৰ বিনিয়োগ সীমা কিমান?
উত্তৰঃ ১ কোটি।
প্ৰশ্নঃ WTO – ৰ সদৰ ঠাই ক’ত?
উত্তৰঃ জেনেভাত।
প্ৰশ্নঃ ভাৰতৰ এটা ৰাষ্ট্ৰীয়কৃত বেংকৰ নাম লিখা।
উত্তৰঃ ষ্টেট বেংক অৱ ইণ্ডিয়া।
প্ৰশ্নঃ ভাৰতৰ বেংক আৰু বিত্তীয় অনুষ্ঠানসমূহ কাৰ দ্বাৰা নিয়ন্ত্ৰিত কৰা হয়?
উত্তৰঃ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ দ্বাৰা।
প্ৰশ্নঃ কৰ পুনৰ্গঠন বুলিলে কি বুজা?
উত্তৰঃ কৰ পুনৰ্গঠন হৈছে চৰকাৰৰ কৰ আৰু ৰাজহুৱা ব্যয়ৰ পুনৰ্গঠন। ইয়াক সামগ্ৰীকভাৱে ৰাজহ কৌশল হিচাপে জনা যায়।
প্ৰশ্নঃ ১৯৯১ চনত ভাৰতত লেন-দেনৰ ভাৰসাম্যতাৰ সংকট দূৰ কৰাৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছিল?
উত্তৰঃ বিদেশী মুদ্ৰাৰ তুলনাত ভাৰতীয় মুদ্ৰাৰ তৎকালীনভাৱে অৱমূল্যায়ন ঘটোৱা হৈছিল।
প্ৰশ্নঃ কৰ ফাকি দিয়াৰ এটি গুৰুত্বপূৰ্ণ কাৰণ উল্লেখ কৰা।
উত্তৰঃ উচ্চ হাৰৰ আয় কৰ।
অর্থবিজ্ঞান কুইজ-৯
প্ৰশ্নঃ প্ৰত্যক্ষ কৰ কাক বোলে ?
উত্তৰঃ যি কৰৰ বোজা যি গৰাকী ব্যক্তিৰ ওপৰত পৰে, মাত্ৰ তেৱেঁই বহন কৰিব লাগে তাকে প্ৰত্যক্ষ কৰ বোলে।
প্ৰশ্নঃ ৰাজহুৱা খণ্ডৰ কোম্পানীসমূহ কেনেদৰে ব্যক্তিগতকৰণ কৰিব পৰা যায়?
উত্তৰঃ ৰাজহুৱা খণ্ডৰ কোম্পানীসমূহ দুই ধৰণে ব্যক্তিগতকৰণ কৰিব পৰা যায়। প্ৰথম, ৰাজহুৱা খণ্ডৰ কোম্পানীসমূহ কোনো ব্যক্তি বা প্রতিষ্ঠানলৈ বিক্ৰী কৰি দিয়া। দ্বিতীয়, ৰাজহুৱা খণ্ডৰ কোম্পানীসমূহৰ মালিকীস্বত্ব আৰু পৰিচালনাৰ পৰা চৰকাৰক আঁতৰাই ৰখা।
প্ৰশ্নঃ বহিঃউৎস গ্ৰহণ মানে কি?
উত্তৰঃ সাধাৰণতে অন্যদেশৰ পৰা বহিঃউৎস গ্ৰহণৰ ক্ষেত্ৰত এটা কোম্পানীয়ে নিয়মিতভাৱে বহিঃউৎসৰ পৰা আৰু বিদেশৰ পৰা সেৱা ভাড়ালৈ লোৱাক বুজায়।
প্ৰশ্নঃ ভাৰতৰ আটাইতকৈ বেছি দৰিদ্ৰ লোক বাস কৰা ৰাজ্য কোনখন?
উত্তৰঃ উৰিষ্যা।
অর্থবিজ্ঞান কুইজ-৯
প্ৰশ্নঃ ‘দৰিদ্ৰ সীমাৰেখা’ বুলিলে কি বুজা?
উত্তৰঃ দৰিদ্ৰ সীমাৰেখা বুলিলে মানুহে তেওঁলোকৰ মৌলিক ন্যূনতম প্ৰয়োজনীয়তাখিনি ক্ৰয় কৰিব পৰা ক্ষমতাক বুজায়।
প্ৰশ্নঃ ভাৰতবৰ্ষত ১৯৯৯-২০০০ চনত কিমান শতাংশ লোক দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰিছিল?
উত্তৰঃ ২৬.১ শতাংশ।
প্ৰশ্নঃ UNICEF ৰ মতে ভাৰতবৰ্ষত পাঁচ বছৰৰ তলত কিমান শিশু মৃত্যু মুখত পৰে?
উত্তৰঃ প্ৰায় ২.৩ মিলিয়ন।
প্ৰশ্নঃ বিশ্বৰ দুখীয়ালোকৰ কিমান শতাংশ লোক ভাৰতত বসবাস কৰে?
উত্তৰঃ এক পঞ্চমাংশ।
প্ৰশ্নঃ বয়োজ্যেষ্ঠ লোক, দৰিদ্ৰলোক আৰু নিঠৰুৱা মহিলাসকলৰ বাবে চৰকাৰে কি আঁচনি গ্ৰহণ কৰিছে?
উত্তৰঃ NSAP আঁচনি।
প্ৰশ্নঃ প্ৰধান মন্ত্ৰী গ্ৰামোদ্যোগ কোন চনত আৰম্ভ কৰা হৈছিল?
উত্তৰঃ ২০০০-২০০১ চনত।
অর্থবিজ্ঞান কুইজ-৯
প্ৰশ্নঃ গ্ৰাম্য আৰু চহৰাঞ্চলত প্ৰয়োগ কৰা এখন আত্মনিয়োগ আঁচনিৰ নাম লিখা।
উত্তৰঃ প্ৰধান মন্ত্ৰী গ্ৰামোদ্যোগ যোজনা।
প্ৰশ্নঃ দৰিদ্ৰতাৰ সংজ্ঞা দিয়া।
উত্তৰঃ দৰিদ্ৰতা হ’ল এনেকুৱা এক আৰ্থিক অৱস্থা য’ত সমাজৰ এক শ্ৰেণীৰ মানুহ সিহঁতৰ কোনো দোষ নথকা সত্বেও জীয়াই থকাৰ বাবে ন্যূনতম প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰাৰ ক্ষমতাৰ পৰা বঞ্চিত হয়।
প্ৰশ্নঃ “আমাৰ এই সফলতা (স্বাধীনতা) হৈছে মাত্ৰ এক পদক্ষেপ, আমাৰ বাবে অপেক্ষাৰত এক মহান বিজয়োল্লাস আৰু সিদ্ধি লাভৰ সুযোগৰ আৰম্ভণি …. ই হৈছে দৰিদ্ৰতা, অজ্ঞতা, ৰোগ আৰু সুযোগৰ অসমতাৰ অৱসান।”– উক্তিটো কোনে, কেতিয়া, কাক সম্বোধি কৈছিল?
উত্তৰঃ এই উক্তিটো জৱাহৰলাল নেহৰুয়ে ১৯৪৭ চনত ভাৰতৰ সংবিধান সভাক সম্বোধন কৰি কৈছিল।
প্ৰশ্নঃ দৰিদ্ৰতা সম্পৰ্কীয় তথ্যসমূহ কোনে প্ৰকাশ কৰে?
উত্তৰঃ পৰিকল্পনা আয়োগে।
প্ৰশ্নঃ মূৰ গণনা অনুপাত বুলিলে কি বুজা?
উত্তৰঃ দাৰিদ্ৰ সীমাৰেখাৰ তলত থকা লোকৰ অনুপাতক দুখীয়াৰ সংখ্যা হিচাপে গণনা কৰিলে, তাক ‘মূৰ গণনা অনুপাত’ বুলি কোৱা হয়।
প্ৰশ্নঃ চহৰ অঞ্চলৰ লোক এজনৰ বাবে প্ৰয়োজনীয় কেলৰিৰ পৰিমাণ কিমান?
উত্তৰঃ ২১০০ কেলৰি।
প্ৰশ্নঃ বিশ্বৰ কিমান সংখ্যক লোকে প্ৰাথমিক প্ৰয়োজনখিনি পূৰণ কৰিবলৈ সক্ষম হোৱা নাই?
উত্তৰঃ বিশ্বৰ ২৬০ নিযুততকৈ অধিক লোকে।
প্ৰশ্নঃ কোন চনত পৰিকল্পনা আয়োগে দুখীয়াৰ সংখ্যা নিৰূপণৰ বাবে এটা অধ্যয়ন গোট গঠন কৰিছিল?
উত্তৰঃ ১৯৬২ চনত।
প্ৰশ্নঃ ১৯৭৯ চনত গঠন কৰা নিকায়টোৰ নাম কি?
উত্তৰঃ Task Force on Projections of Minimum Need and Effective Consumption Demand.
অর্থবিজ্ঞান কুইজ-৯
প্ৰশ্নঃ প্ৰাক-স্বাধীনতাৰ কালছোৱাত ভাৰতবৰ্ষত দাৰিদ্ৰ সীমাৰেখাৰ ধাৰণাটো কোনে পোন প্ৰথমতে আলোচনা কৰিছিল?
উত্তৰঃ দাদাভাই নৌৰজীয়ে।
প্ৰশ্নঃ বিশ্ব বেংকে দাঙি ধৰা দৰিদ্ৰতাৰ সংজ্ঞা দিয়া।
উত্তৰঃ বিশ্বেবংকৰ ‘বিশ্ব উন্নয়ন খতিয়ান’ অনুসৰি দৰিদ্ৰতা হ’ল , ‘ন্যূনত্যম জীৱন ধাৰণৰ মান অৰ্জনত অক্ষমতা’।
প্ৰশ্নঃ মানৱ মূলধন বুলিলে কি বুজা?
উত্তৰঃ মানৱ মূলধন বুলিলে এখন দেশৰ মুঠ উৎপাদনক্ষম লোকক বুজায়।
প্ৰশ্নঃ মানৱ সম্পদ গঠনৰ মূল উৎস কি?
উত্তৰঃ শিক্ষা, প্ৰশিক্ষণ, সুস্বাস্থ্য, প্ৰব্রজন, তথ্য বিনিয়োগ আদি মানৱ মূলধন গঠনৰ মূল উৎস।
প্ৰশ্নঃ মানৱ মূলধন গঠন বুলিলে কি বুজা?
উত্তৰঃ দেশৰ মানৱ মূলধনক শিক্ষা আৰু স্বাস্থ্যত বিনিয়োগৰ যোগেদি শাৰীৰিক আৰু মানসিকভাৱে কাৰ্যক্ষম আৰু পাৰদৰ্শী কৰি তোলা প্ৰক্ৰিয়াক ‘মানৱ মূলধন গঠন’ বুলি কোৱা হয়।
প্ৰশ্নঃ ভাৰতত গাঁৱৰ পৰা চহৰলৈ প্ৰব্রজনৰ মূল কাৰণ কি?
উত্তৰঃ নিবনুৱা।
অর্থবিজ্ঞান কুইজ-৯
প্ৰশ্নঃ ভৌতিক মূলধন কি?
উত্তৰঃ চকুৰে চাব পৰা আৰু হাতেৰে চুব পৰা মূলধনকেই ‘ভৌতিক মূলধন’ বোলে।
প্ৰশ্নঃ মানৱ মূলধন আৰু ভৌতিক মূলধনৰ মাজত থকা এটা সাদৃশ্য উল্লেখ কৰা।
উত্তৰঃ মানৱ মূলধন আৰু ভৌতিক মূলধন সময়ৰ লগত অৱক্ষয় হয়।
প্ৰশ্নঃ শিক্ষাৰ ক্ষেত্ৰত ভাৰতৰ কোনখন ৰাজ্যত জনমূৰি ব্যয় সৰ্বনিম্ন?
উত্তৰঃ বিহাৰত।
প্ৰশ্নঃ প্ৰব্রজনৰ বাবে হোৱা খৰচ মানৱ মূলধন গঠনৰ উৎস হয় নে?
উত্তৰঃ হয়।
প্ৰশ্নঃ শিক্ষাৰ ক্ষেত্ৰত কোনখন ৰাজ্যত জনমূৰি ব্যয় সর্ব্বোচ ?
উত্তৰঃ লাক্ষাদ্বীপ।
প্ৰশ্নঃ ১৯৬৪-৬৬ চনত শিক্ষা আয়োগৰ মতে মুঠ ঘৰুৱা উৎপাদনৰ কিমান শতাংশ শিক্ষা খণ্ডত ব্যয় কৰা হৈছিল?
উত্তৰঃ ৬ শতাংশ।
অর্থবিজ্ঞান কুইজ-৯
প্ৰশ্নঃ কোন চনত ১৪ বছৰৰ শিশুৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাক মৌলিক অধিকাৰ হিচাপে ঘোষণা কৰা হৈছে?
উত্তৰঃ ২০০২ চনত।
প্ৰশ্নঃ অৰ্থনৈতিক উন্নয়নৰ বাবে শিক্ষিত আৰু অশিক্ষিত লোকৰ ভিতৰত কাৰ অৱদান বেছি?
উত্তৰঃ শিক্ষিত লোকৰ।
প্ৰশ্নঃ অৰ্থনৈতিক বৃদ্ধি বুলিলে কি বুজা?
উত্তৰঃ দেশ এখনৰ প্ৰকৃত জাতীয় আয় বৃদ্ধি হোৱাকে অৰ্থনৈতিক বৃদ্ধি বোলে।
প্ৰশ্নঃ শিক্ষা আৰু স্বাস্থ্য খণ্ডক নিয়ন্ত্ৰণ কৰা দুটা চৰকাৰী প্রতিষ্ঠানৰ নাম লিখা।
উত্তৰঃ (ক) ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ। (খ) সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদ।
প্ৰশ্নঃ ২০০৪-৫ চনত কেন্দ্ৰীয় বাজেটত সকলো কেন্দ্ৰীয় কৰৰ ওপৰত কিমান শতাংশ শিক্ষা উপ-কৰ নিৰ্ধাৰণ কৰা হৈছে?
উত্তৰঃ ২ শতাংশ।
অর্থবিজ্ঞান কুইজ-৯
প্ৰশ্নঃ কোন চনত ভাৰতত জাতীয় শিক্ষা নীতি আৰম্ভ কৰা হয়?
উত্তৰঃ ১৯৮৬ চনত।
প্ৰশ্নঃ UGC ৰ সম্পূৰ্ণ ৰূপ কি?
উত্তৰঃ University Grants Commission.
প্ৰশ্নঃ NCERT ৰ সম্পূৰ্ণ ৰূপ কি?
উত্তৰঃ National Council for Educational Research and Training.
প্ৰশ্নঃ ICRM ৰ সম্পূৰ্ণ ৰূপ কি?
উত্তৰঃ Indian Council for Medical Research.
প্ৰশ্নঃ AICTE ৰ সম্পূৰ্ণ ৰূপ কি?
উত্তৰঃ All India Council for Technical Education.
প্ৰশ্নঃ গ্ৰাম্য উন্নয়নৰ প্ৰধান উৎস কি?
উত্তৰঃ কৃষি।
অর্থবিজ্ঞান কুইজ-৯
প্ৰশ্নঃ ‘সেউজ মৰ্যাদা’ প্ৰাপ্ত মাৰ্কেটত কি বিপনন কৰা হয়?
উত্তৰঃ জৈৱ খাদ্য।
প্ৰশ্নঃ মাছৰ ৰপ্তানি বিপননৰ ক্ষেত্ৰত কিমান শতাংশ মহিলাই শ্ৰম প্ৰদান কৰে?
উত্তৰঃ ৬০ শতাংশই।
প্ৰশ্নঃ সামুদ্ৰিক মাছ উৎপাদন কৰা ভাৰতৰ প্ৰধান ৰাজ্যকেইখনৰ নাম উল্লেক কৰা।
উত্তৰঃ সামুদ্ৰিক মাছ উৎপাদন কৰা ভাৰতৰ প্ৰধান ৰাজ্যকেইখন হ’ল– কেৰেলা, গুজৰাট, মহাৰাষ্ট্ৰ আৰু তামিলানডু।
প্ৰশ্নঃ মহাত্মা গান্ধীয়ে প্ৰকৃত প্ৰগতিৰ কথা ক’বলৈ যাওঁতে কোন অঞ্চলৰ উন্নতিৰ কথা বুজাইছে?
উত্তৰঃ গাওঁবিলাকৰ উন্নতিৰ কথা বুজাইছে।
প্ৰশ্নঃ ভাৰতত পহুধন খণ্ডই কিমান শ্ৰমিকক জীৱিকাৰ সুবিধা প্ৰদান কৰে।
উত্তৰঃ ৭০ নিযুতৰো অধিক উপান্ত আৰু ক্ষুদ্ৰ কৃষকক।
প্ৰশ্নঃ ১৯৯৭ চনত ভাৰতত কিমান গোধন আছিল?
উত্তৰঃ ৭০ নিযুত ম’হৰ লগতে ২৮৭ নিযুত গোধন আছিল।
প্ৰশ্নঃ ‘প্লাৱনা অভিযান’ কেতিয়া আৰম্ভ কৰা হৈছিল?
উত্তৰঃ ১৯৬৬ চনত।
অর্থবিজ্ঞান কুইজ-৯
প্ৰশ্নঃ মাছমৰীয়া সম্প্ৰদায়ে জলধাৰসমূহক কি বুলি জ্ঞান কৰে?
উত্তৰঃ মাতৃ বা প্ৰদাত্ৰী বুলি।
প্ৰশ্নঃ ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক কোন চনত গঠন কৰা হয়?
উত্তৰঃ ১৯৮২ চনত।
প্ৰশ্নঃ NABARD ৰ সম্পূৰ্ণ ৰূপ কি?
উত্তৰঃ National Bank for Agriculture and Rural Development.
প্ৰশ্নঃ কুদুম্বশ্ৰী কি?
উত্তৰঃ ‘কুদুম্বশ্ৰী’ হৈছে কেৰালাত সামূহিক ভিত্তিত ৰূপায়িত কৰা এখন মহিলামুখী দৰিদ্ৰতা হ্রাসকৰণ কাৰ্যসূচী।
প্ৰশ্নঃ ক্ষুদ্ৰ সঞ্চয় বেংক কোন চনত আৰম্ভ কৰা হৈছিল?
উত্তৰঃ ১৯৯৫চনত।
প্ৰশ্নঃ ভাৰতৰ আভ্যন্তৰীণ উৎসসমূহৰ পৰা মাছৰ উৎপাদন মুঠ মীন উৎপাদনলৈ কিমান শতাংশ বৰঙণি যোগায়?
উত্তৰঃ ৪৯ শতাংশ।
প্ৰশ্নঃ ভাৰতত বৰ্তমান মুঠ মাছ উৎপাদন সৰ্বমুঠ ঘৰুৱা উৎপাদনৰ কিমান শতাংশ?
উত্তৰঃ ১.৪ শতাংশ।
প্ৰশ্নঃ ‘কৃষি কাৰ্যত তামিলনাডু মহিলাসকল’ (TANWA) কি?
উত্তৰঃ ‘কৃষি কাৰ্যত তামিলনাডু মহিলাসকল’ হৈছে কৃষি কৌশল সম্বন্ধে মহিলাসকলক প্ৰশিক্ষণ দিবলৈ গ্ৰহণ কৰা এক প্ৰকল্প।
প্ৰশ্নঃ চৰকাৰী অভিকৰণ আৰু ভোক্তা সমবায়সমূহে নিয়ন্ত্ৰণ কৰা কৃষিজাত উৎপাদনৰ পৰিমাণ কিমান?
উত্তৰঃ ১০ শতাংশ।
অর্থবিজ্ঞান কুইজ-৯
প্ৰশ্নঃ কৃষি বিপনন বুলিলে কি বুজা?
উত্তৰঃ কৃষি বিপনন হৈছে এক প্ৰক্ৰিয়া যি কৃষিজাত সামগ্ৰীৰ একত্ৰীকৰণ, মজুতকৰণ, প্ৰক্ৰিয়াকৰণ, পৰিবহণ, মান অনুযায়ী ক্ৰমাংকন আৰু বিতৰণ কাৰ্যৰ লগত জড়িত।
প্ৰশ্নঃ ‘Avian Influenza’ বুলিলে কি বুজা?
উত্তৰঃ ই এবিধ চৰাইৰ বেমাৰ।
প্ৰশ্নঃ শ্ৰমিক কাক বোলে ?
উত্তৰঃ অৰ্থনৈতিক কাৰ্যত লিপ্ত থকা ব্যক্তিক ‘শ্ৰমিক’ বোলে।
প্ৰশ্নঃ ভাৰতত মুঠ শ্ৰমিকৰ কিমান শতাংশ পুৰুষ?
উত্তৰঃ প্ৰায় ৭০ শতাংশ।
প্ৰশ্নঃ ১৯৯৯-২০০০ তথ্যমতে ভাৰতত কিমান শ্ৰমিক আছে?
উত্তৰঃ ৪০০ নিযুত।
প্ৰশ্নঃ ‘সাধাৰণতে নিয়োগকৰ্তাৰ পৰা দৰমহা পোৱা সকলকহে আমি শ্ৰমিক বুলি বুজোঁ।’– কথাষাৰ সঁচা নে?
উত্তৰঃ নহয়।
প্ৰশ্নঃ শ্ৰমিকসকল স্ব-নিয়োজিত হ’ব পাৰে নে ?
উত্তৰঃ পাৰে।
প্ৰশ্নঃ মুঠ ঘৰুৱা উৎপাদন (GDP) বুলিলে কি বুজা?
উত্তৰঃ কামত নিয়োজিত হোৱা ব্যক্তিসকলে একোটা বছৰত যিমান পৰিমাণৰ সামগ্ৰী আৰু সেৱা কাৰ্য যোগান ধৰে, তাৰ সমষ্টিয়েই হ’ল ‘মুঠ ঘৰুৱা উৎপাদন’ (GDP) ।
প্ৰশ্নঃ আৰ্থিক কাম-কাজ কাক বোলে ?
উত্তৰঃ যিবোৰ কৰ্মই মুঠ জাতীয় উৎপাদনলৈ অৰিহণা যোগায়, সেইবোৰ কাম-কাজকে ‘আৰ্থিক কাম-কাজ’ বোলে।
প্ৰশ্নঃ মুঠ জাতীয় উৎপাদন বুলিলে কি বুজা?
উত্তৰঃ দেশ এখনৰ মুঠ উৎপাদনৰ সৈতে দেশৰ বাহিৰৰ পৰা লাভ কৰা আয়ৰ পৰিমাণ যোগ কৰিলে যি আয় পোৱা যায়, তাক মুঠ জাতীয় উৎপাদন বোলে। 0 0 0
অর্থবিজ্ঞান কুইজ-৯
বিজ্ঞপ্তিঃ আমি আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰা সত্বেও কিবা ভুল-ভ্রান্তি থাকি যাব পাৰে। আমাৰ প্রিয় সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনালে আমি চিৰ কৃতাৰ্থ হৈ থাকিম। ধন্যবাদ —ৰাব্বি মছৰুৰ অর্থবিজ্ঞান কুইজ-৯
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)
- বিবিধ …
অতিৰিক্ত অনুসন্ধান: