অসমীয়া শব্দৰ আধাৰ আৰু প্ৰকৰণ
অসমীয়া শব্দৰ আধাৰ আৰু প্ৰকৰণ
অসমীয়া ভাষা সংস্কৃত ভাষাৰ পৰা বিৱৰ্তন হৈ বৰ্তমান এক স্বতন্ত্ৰ ভাষা হিচাপে প্রতিষ্ঠিত হৈছে। সেয়ে অসমীয়া ভাষাৰ শব্দ ভঁৰালত থকা শব্দবোৰৰ সৰহভাগেই মূল সংস্কৃতৰ পৰা আহিছে যদিও ই অন্যান্য দেশী আৰু বিদেশী ভাষাৰ পৰাও সময়ে সময়ে বহু শব্দ গ্ৰহণ কৰিছে। আকৌ স্বতন্ত্ৰৰীয়াকৈ স্থানীয়ভাৱেও কিছুমান শব্দৰ উৎপত্তি হৈছে। এই দিশসমূহ বিবেচনা কৰি অসমীয়া ভাষাৰ শব্দ ভাণ্ডাৰক মুঠতে ছয়টা ভাগত ভাগ কৰিব পাৰি, যথা–
(১) তৎসম শব্দ (২) তদ্ভৱ শব্দ (৩) নৱ্য ভাৰতীয় ভাষাৰ শব্দ (৪) দেশীয় শব্দ (৫) বিদেশী শব্দ আৰু (৬) অনাৰ্যমূলীয় শব্দ ।
অসমীয়া শব্দৰ আধাৰ আৰু প্ৰকৰণ
(১) তৎসম শব্দ
যিবোৰ মূল সংস্কৃত শব্দ হুবহু ৰূপত অসমীয়া ভাষাতো ব্যৱহাৰ হৈ আহিছে সেই বিলাক শব্দক তৎসম শব্দ বোলে।
উদাহৰণ: গগন, চন্দ্ৰ, লতা, ধন, ফুল, ফল, অস্ত্ৰ, নদী, আকাশ, বায়ু, পুষ্প, অগ্নি, বৃক্ষ ইত্যাদি।
তৎসম শব্দৰ এটি ভাগ হ’ল অৰ্দ্ধতৎসম শব্দ। যিবোৰ তৎসম শব্দ মূল সংস্কৃতৰ পৰা অসমীয়ালৈ আহোতে বানান বা উচ্চাৰণৰ বিকৃতি ঘটিছে বা সামান্য পৰিৱৰ্তন হৈছে সেইবোৰ শব্দক অৰ্দ্ধতৎসম শব্দ বুলি কোৱা হয়। উদাহৰণ:
ধৰ্ম্ম —- ধৰম
কৰ্ম্ম —- কৰম
ৰত্ন —- ৰতন
পদ্ম — পদুম
যত্ন — যতন
পদ্ম — পদুম
দৰ্শন —- দৰশন
মিথ্যা —- মিছা
তৃষ্ণা —- তৃষা
বৃক্ষ —- বিৰিখ
স্থিৰ —- থিৰ
মিত্ৰ —- মিতিৰ ইত্যাদি।
অসমীয়া শব্দৰ আধাৰ আৰু প্ৰকৰণ
(২) তদ্ভৱ শব্দ
মূল সংস্কৃতৰ পৰা প্ৰকৃত আৰু প্ৰকৃতৰ পৰা অসমীয়ালৈ পৰিৱৰ্তিত হৈ অহা শব্দবোৰক তদ্ভৱ শব্দ বোলে। উদাহৰণ–
পিতৃ — পিতা
হস্তী —- হাতী
পত্ৰ — পাত
ব্যঘ্ৰ — বাঘ
হস্ত — হাত
চক্ষু — চকু ইত্যাদি।
অসমীয়া শব্দৰ আধাৰ আৰু প্ৰকৰণ
(৩) নৱ্য ভাৰতীয় ভাষাৰ শব্দ
একে মূলৰ পৰা ওপজা ভাৰতীয় ভাষাসমূহৰ শব্দৰ ক্ষেত্ৰত ইটো ভাষাৰ শব্দ সিটো ভাষাৰ শব্দৰ মাজত সহজে সোমাই পৰে। এনেদৰে আন ভাৰতীয় ভাষাৰ পৰা অসমীয়া ভাষালৈ সোমাই অহা শব্দসমূহকে নৱ্য ভাৰতীয় ভাষাৰ শব্দ বো লে। উদাহৰণ–
হিন্দুস্থানী ভাষাৰ পৰা অহা শব্দ ‘আবীৰ’ (ফাঁকু)
বঙালী ভাষাৰ পৰা অহা ৰসগোল্লা ইত্যাদি।
অসমীয়া শব্দৰ আধাৰ আৰু প্ৰকৰণ
(৪) দেশীয় শব্দ
আৰ্যসকলৰপূর্বেভাৰতত বাস কৰা দ্ৰাবিড়, কোল আদি অনাৰ্য জাতিৰ ভাষাৰ পৰা পৰিৱৰ্তিত হৈ অসমীয়ালৈ অহা যিবোৰ শব্দৰ মূল বিচাৰি পোৱা নাযায় সেইবোৰ শব্দক দেশীয় শব্দ বোলে। উদাহৰণ–
পেট, গাড়ী, ঢোল, গাওঁবুঢ়া, থোপা ইত্যাদি।
অসমীয়া শব্দৰ আধাৰ আৰু প্ৰকৰণ
(৫) বিদেশী শব্দ
ইতিহাসৰ বিভিন্ন সময়ত ভাৰতলৈ আগমন কৰা নানান বিদেশী ভাষাগোষ্ঠীৰ লোকৰ ভাষাৰ পৰা অসমীয়া ভাষাই কিছুমান শব্দ গ্ৰহণ কৰিছে। এনেদৰে বিদেশী ভাষাৰ পৰা অসমীয়া ভাষালৈ অহা শব্দবোৰক বিদেশী শব্দ বোলে। বিদেশী ভাষাৰ ভিতৰত বিশেষকৈ আৰবী, পাৰ্চী, তুৰ্কী, ইংৰাজী, ফৰাচী, পৰ্তুগীজ আদি ভাষাৰ পৰা বহুত শব্দ আমাৰ অসমীয়া ভাষাত প্ৰৱেশ ঘটিছে। উদাহৰণ–
(ক) আৰবী শব্দ: জাহাজ, তাৰিখ, মচজিদ, হুকুম, খাজনা, কলম, দলিল, আচামী, উকিল, তলব, খবৰ ইত্যাদি।
(খ) পাৰ্চী শব্দ: মচগুল, ৰাস্তা, চচমা, চৰকাৰ, কুস্তি, বজাৰ, বাগান, কাৰখানা, বন্দোবস্ত, আইন ইত্যাদি।
(গ) ইংৰাজী শব্দ: গভৰ্ণমেন্ট, পেন, ব্রাচ, মটৰ, ডায়েৰী, গ্লাচ, কেচেট, টি ভি, ৰেডিঅ, স্কুল, কলেজ, মাষ্টাৰ, পোষ্ট অফিচ, ইঞ্জিনিয়াৰ, ডক্তৰ, নোট, পকেট, পেন্ট, ট্ৰাউজাৰ ইত্যাদি।
(ঘ) ফৰাচী শব্দ: ফিৰিঙ্গি, কুপন, বৰ্জোৱা, কাৰ্টুন ইত্যাদি।
(ঙ) পৰ্তুগীজ শব্দ: আলকাতৰা, চােবান, Îবহেলা, চাবি, নিলাম, আলমাৰি, পাওৰুটি, অনাৰস, বুতাম, Îবাতল, বাল্টি, চাগু ইত্যাদি।
অসমীয়া শব্দৰ আধাৰ আৰু প্ৰকৰণ
(৬) অনাৰ্যমূলীয় শব্দ
অষ্ট্ৰো-এচিয়াটিক, তিবৰ্বত-বৰ্মী আৰু আহোমসকলৰ টাই ভাষাৰ পৰা যিবোৰ শব্দ পৰিৱৰ্তিত হৈ অসমীয়া ভাষাত প্ৰৱেশ কৰিছে সেইবোৰ শব্দক অনাৰ্যমূলীয় শব্দ বোলে। উদাহৰণ–
(ক) অষ্ট্ৰে-এচিয়াটিক:
খাচী:কাৰো — কােবৗ, সোহলং — সোলেং ইত্যাদি।
কোলবিয়ান— ওেবাব — ওবুৰিয়া ইত্যাদি ।
মালয়ান–বপাই — বোপাই ইত্যাদি।
(খ) তিবৰ্বত-বৰ্মী:
বড়ো: (নদীৰ নাম) দিচাং, দিহিং, দিবং, দিক্ৰিং, আদি। অন্যান্য শব্দ যেনে– ৰাংঙা — ৰঙা, জাংখলা — জখলা ইত্যাদি।
(গ) টাই ভাষা: কাৰং —- কাৰেং, জান — জান, বুৰঞ্জী — বুৰুঞ্জী ইত্যাদি । সেইদৰে আন কিছুমান শব্দ যেনে– নামদাং, নামচাং, ৰংঘৰ, চোমদেউ, চাংমাই, হেংডাং, বৰফুকন, বৰপাত্ৰ গোহাঁই ইত্যাদি।
(১) অসমীয়া ভাষাৰ শব্দ ভাণ্ডাৰত কি কি ভাষাৰ শব্দ আছে লিখা ?
(২) তৎসম শব্দ বুলিলে কি বুজা ? উদাহৰণ দিয়া।
(৩) তদ্ভৱ শব্দ বুলিলে কি বুজা? উদাহৰণ দিয়া।
(৪) নৱ্য ভাৰতীয় ভাষাৰ শব্দ বুলিলে কি বুজা? উদাহৰণ দিয়া।
(৫) দেশীয় শব্দ বুলিলে কি বুজা? উদাহৰণ দিয়া।
(৬) বিদেশী শব্দ বুলিলে কি বুজা ? উদাহৰণ দিয়া ।
(৭) অনাৰ্যমূলীয় শব্দ বুলিলে কি বুজা? উদাহৰণ দিয়া।
(৮) তলত দিয়া শব্দবোৰৰ উৎসবোৰৰ নাম লিখা–
পাওৰুটি, অনাৰস, বুতাম, বোতল, বাল্টি, চাগু, চাংমাই, বৰফুকন, বোপাই, বাগান, কাৰখানা, বন্দোবস্ত, গাওঁবুঢ়া, থোপা, পেট, অগ্নি, বৃক্ষ, গগন, চন্দ্ৰ, আবীৰ। ০ ০ ০
অসমীয়া শব্দৰ আধাৰ আৰু প্ৰকৰণ
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
Additional Searches: