Home Essay অসমৰ জাতীয় উৎসৱ বিহু | Bihu National Festival of Assam-Essay in Assamese

অসমৰ জাতীয় উৎসৱ বিহু | Bihu National Festival of Assam-Essay in Assamese

0

অসমৰ জাতীয় উৎসৱ বিহু

অসমৰ জাতীয় উৎসৱ বিহু  Bihu National Festival of Assam

অসমৰ জাতীয় উৎসৱ বিহু

অসমৰ জাতীয় উৎসৱ বিহু | Bihu National Festival of Assam-Essay in Assamese

আৰম্ভিণি: বিহু হ’ল অসমৰ জাতীয় উৎসৱ। ই প্ৰেম, শান্তি, ভাতৃত্ত্ববোধ, একতা আৰু জাতীয় সংহতিৰ প্ৰতীক। বিহু মুঠতে তিনিটা, যথা: বহাগ বিহু, কাতি বিহু আৰু ভোগালী বিহু।

বহাগ বিহু: বহাগ বিহু চ’ত মাহৰ শেষৰ দিনা  আৰম্ভ হয় আৰু ই বহাগ মাহৰ সাত তাৰিখলৈ চলি থাকে। এই বিহুৰ আৰম্ভনী দিনটো ‘গৰু বিহু’ বুলি কোৱা হয় কাৰণ এই দিনা গৰুক নৈ বা পুখুৰীত গা-পা ধুৱাই গৰুৰ শিং, মূৰ, কাণ আদিত তেল ঘঁহি ভক্তি আৰু শ্ৰদ্ধাৰে লাউ, বেঙেনা  আদি খুৱাই নতুন বছৰটোত ডাঙৰ -দীঘল হ’বলৈ শুভ কামনা কৰা হয়। পিছ দিনৰ পৰা ‘মানুহ বিহু’ আৰম্ভ হয়। ডেকা ল’ৰা-ছোৱালীহঁতে মুকলি পথাৰত নাচে আৰু বিহু গীত গায়। মানুহে নতুন কাপোৰ  লয়। এই বিহুটোৱে জীৱনৰ যৌৱন কালটোক প্ৰতিনিধিত্ব কৰে।  সেয়ে ইয়াক ‘বসন্ত উৎসৱ’ বুলিও কোৱা হয়। আত্মীয়-কুটুম্বক মাতি জা-জলপান খুওৱা হয় আৰু গামোছা উপহাৰ দিয়া হয়।  এই বিহুত মানুহে বহুত ৰং-ধেমালি আৰু ¦স্ফূর্তি  কৰে বাবে  ইয়াক ‘ৰঙালী  বিহু’ বুলিও কোৱা হয়।

কাতি বিহু: কাতি বিহু আহিন মাহৰ শেষ দিনা  আৰম্ভ হয়। এই সময়ত মানুহৰ শস্য- ভঁৰাল উদং হৈ থাকে আৰু খাদ্যৰ আকাল হয় বাবে ইয়াক ‘কঙালী বিহু’ বুলিও কোৱা হয়। এই বিহুত চোতালতে কল পুলি আৰু তুলসী ৰুই চাকি-বন্তি জ্বলাই  সন্ধিয়া ঘৰে ঘৰে নাম পদ গাই মাহ-প্ৰসাদ খোৱা হয়। সন্ধিয়া পথাৰত বন্তি জ্বলাই লখিমী দেৱীৰ শুভ আগমন আহ্বান  কৰা হয়।

ভোগালী বিহু: এই বিহু পুহ মাহৰ শেষ দিনা  আৰম্ভ  হয়।  ই সাত দিন চলে।  এই সময়ত কৃষকৰ শস্য-ভঁৰাল ধনে-ধানে পৰিপূৰ্ণ হৈ থাকে । গতিকে খাদ্যৰ কোনো অভাৱ নহয় আৰু প্ৰতি ঘৰত পিঠা-পনা, লাড়ু, খৈ, মুৰি, চিৰা আদি বনোৱা হয় আৰু আত্বীয়-কুতুম্বক মাতি খাবলৈ দিয়া হয়। সেয়ে এই বিহুক ‘ভোগালী বিহু’ বুলিও কোৱা হয়। বিহুৰ আগদিনাক ‘উৰুকা’ বোলে । উৰুকাৰ দিনা সকলোৱে মিলিজুলি লগভাত খায়। বিহুৰ দিনা সূৰ্যোদয়ৰ আগতে সকলোৱে গা-পা ধুই  ধানৰ নৰাৰে সজা ভেলা ঘৰত জুই দি অগ্নি দেৱতাৰ পূজা কৰে। আবেলি  সময়ত মুকলি পথাৰত মহ যুঁজ, কণী যুঁজ, কুকুৰা যুঁজ, কড়ি খেল, ধোপ খেল আদি অনুষ্ঠিত হয়।

সামৰণি: বিহু অসমীয়া সংস্কৃতিৰ অবিচ্ছেদ্য অংগ। বিহুত অসমীয়া সমাজৰ স্বকীয় কলা-কৃষ্টি সুন্দৰভাবে  মূৰ্ত হৈ উঠে।  ই প্ৰেম, ভাতৃত্ত্ববোধ, মৰম, চেনেহ, শান্তি আৰু একতাৰ প্ৰতীক। অসমীয়াসকলে এই বিহুক লৈ বিশ্ব দৰবাৰত গৌৰৱ কৰে। 0 0 0

অসমৰ জাতীয় উৎসৱ বিহু

Read More: অসমীয়া ৰচনা শিক্ষা

অসমৰ জাতীয় উৎসৱ বিহু 

বি. দ্র. উক্ত ‘অসমৰ জাতীয় উৎসৱ বিহু ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত অসমীয়া ৰচনা শিক্ষা গ্রন্থৰ অন্তর্গত। অসমৰ জাতীয় উৎসৱ বিহু

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here