Home Essay অসমৰ ফল-মূল | Fruits of Assam

অসমৰ ফল-মূল | Fruits of Assam

0

অসমৰ ফল-মূল

অসমৰ ফল-মূল  Fruits of Assam

অসমৰ ফল-মূল

অসমৰ ফল-মূল | Fruits of Assam

ভাৰতৰ পূর্ব দিশৰ ‘সূর্য উঠা দেশ’ অসমখন হাবি-বননি গছ-গছনি, ফল-মূল আদিত ভাৰতৰ অন্যান্য ৰাজ্যবোৰতকৈ  ঈৰ্ষাজনকভাৱে চহকী। অসমত বিভিন্ন ধৰণৰ ফল-মূল প্ৰচুৰ পৰিমাণে উৎপাদন হয়। বিশেষকৈ আম, জাম, কঁঠাল, লিচু, বগৰী, লেটুকা, নাৰিকল, তামোল, ডালিম,  আমলখি, ঔটেঙা , কমলা আদি অসমৰ পৰ্বত আৰু ভৈয়ামত যথেষ্ট পৰিমাণে পোৱা যায়। 

অসমৰ প্ৰায় সকলো অঞ্চলতে আম উৎপাদন হয় যদিও অসমৰ গোৱালপাৰা, বৰেপটা, ধুবুৰী, নলবাৰী, নগাওঁ, বাক্সা, ওদালগুড়ি আদি জিলাত প্ৰচুৰ পৰিমাণে আম উৎপন্ন হয়। কিন্তু দুখৰ বিষয় অসমৰ সৰহভাগ আম টেঙা। অৱশ্যে পকিলে কিছু সংখ্যক আম মিঠা আৰু সোৱাদ লগা হয়। সেয়ে প্ৰতিবছৰ পশ্চিমবংগৰ পৰা বহু পৰিমাণে আম অসমলৈ আমদানি কৰা হয়। 

জাম এবিধ সৰু ফল যদিও ই স্বাস্থ্যৰ বাবে  উপকাৰী। বিশেষকৈ ইয়াক  বহুমূত্ৰ ৰোগী, হাঁপানী আদি ৰোগীৰ পথ্য হিচাপে বিবেচনা কৰা হয়। অসমৰ বৰেপটা জিলাত প্ৰচুৰ পৰিমাণে জাম গছ দেখা যায়। কিন্তু অসমৰ অন্যান্য জিলা আৰু নগৰীয়া অঞ্চলত এইবিধ ফল গছ প্ৰায় দেখা নাযায়। জামেৰে কিছুমান লোকে জেলী আৰু চৰ্বৎ তৈয়াৰ কৰিও খায়।

কঁঠাল অসমৰ এক আপুৰুগীয়া ফল বুলি ক’ব পাৰি। অসমৰ গাঁৱে-ভূৱে সকলোতে কম বেছি পৰিমাণে কঁঠাল গছ আছে। ই এবিধ স্বাস্থ্যকৰ মিঠা ফল। প্ৰতিবছৰ অসমৰ পৰা কিছু কঁঠাল ভাৰতৰ অন্যান্য ৰাজ্যলৈ ৰপ্তানি কৰা হয়। 

অসমত কম বেছি পৰিমাণে লিচু আৰু লেটুকা উৎপন্ন হয়। কিন্তু দুখৰ বিষয় অসমৰ ভৈয়াম অঞ্চলত উৎপন্ন হোৱা লিচুৰ গুণগত মান উন্নত নহয়। অৱশ্যে পাহাৰীয়া অঞ্চলত উৎপন্ন হোৱা লিচু সোৱাদযুক্ত। আনহাতে অসমৰ লেটুকা  প্ৰায়েই টেঙা হয়।

অসমত  সৰহকৈ উৎপাদন হোৱা আন এবিধ ফল হ’ল নাৰিকল। অসমৰ গোৱালপাৰা, বৰেপটা আৰু উজনি অসমত প্ৰচুৰ পৰিমাণে নাৰিকল গছ আছে। অসমৰ নাৰিকল সোৱাদযুক্ত আৰু মিঠা। আকৃতিত ই  ভাৰতৰ অন্যান্য ৰাজ্যত উৎপাদন হোৱা নাৰিকলতকৈ ডাঙৰ। কিছুমান লোকে নাৰিকলৰ পৰা গাখীৰ উৎপাদন কৰে। অসমৰ পৰা কিছু নাৰিকল পশ্চিমবংগ, শ্বিলং, মিজোৰাম, অৰুণাচল প্ৰদেশ আদি ৰাজ্যলৈ ৰপ্তানি কৰা হয়। 

অসমত কিছু পৰিমাণে ডালিম আৰু কমলা উৎপাদন হয় যদিও সেয়া চাহিদাৰ তুলনাত অতি সামান্য। তাৰোপৰি এইবোৰৰ গুণগত মান উন্নত নহয়। সেয়ে প্ৰতি বছৰ ভাৰতৰ অন্যান্য প্ৰদেশৰ পৰা প্ৰচুৰ পৰিমাণে  ডালিম আৰু কমলা আমদানি কৰা হয়। 

অসমৰ হাবি-বননিত প্ৰচুৰ পৰিমাণে আমলখি আৰু ঔটেঙা গছ পোৱা যায়।  অসমীয়া মানুহে আমলখি আৰু ঔটেঙা আচাৰ  কৰি আঞ্জাৰ লগত খায়।  কিছু পৰিমাণে আমলখি অনান্য ৰাজ্যলৈ ৰপ্তানি কৰা হয়। 

অসমত উপৰুক্ত  ফল-মূল পোৱা যায় যদিও চাহিদাৰ তুলনাত যথেষ্ট  বুলি ক’ব নোৱাৰি। অসম হৈছে পাহাৰ-পৰ্বতৰ দেশ। ইয়াত বহুতো পাহাৰ  বনৰীয়া ঘাঁহ-বনেৰে পৰিপূৰ্ণ হৈ আছে। অসম চৰকাৰে এই পাহাৰবোৰত  আৰু অনাবাদী ভূমিত ফল-মূলৰ গছ ৰোপন কৰাৰ আঁচনি গ্ৰহণ কৰিলে ফল-মূলৰ ক্ষেত্ৰত অসম স্বাৱলম্বী হ’ব। 0 0 0.

অসমৰ ফল-মূল 

Read More: অসমীয়া ৰচনা শিক্ষা

অসমৰ ফল-মূল 

বি. দ্র. উক্ত ‘অসমৰ ফল-মূল | Fruits of Assam ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘অসমীয়া ৰচনা শিক্ষা গ্রন্থৰ অন্তর্গত। অসমৰ ফল-মূল 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here