Home Biography অৰুণা আছাফ আলি | Aruna Ashaf Ali

অৰুণা আছাফ আলি | Aruna Ashaf Ali

0

অৰুণা আছাফ আলী

অৰুণা আছাফ আলি  Aruna Ashaf Ali

অৰুণা আছাফ আলি Aruna Ashaf Ali

অৰুণা আছাফ আলি | Aruna Ashaf Ali

অৰুণা আছাফ আলি (Aruna Ashaf Ali) আছিল ভাৰতৰ এজন মহিলা স্বাধীনতা সংগ্ৰামী, সমাজসেৱক আৰু আলোচনী সম্পাদিকা। তেওঁ কেইবাদহক দশক জুৰি ভাৰতৰ জনজীৱনত সক্ৰিয় ভূমিকা লৈছিল। 

১৯০৯ চনৰ১৬ জুলাইত কলকাতাত তেওঁৰ জন্ম হয়। তেওঁৰ পিতৃদত্ত নাম আছিল অৰুণা গাংগুলী। পাছত আছফ আলী নামৰ মুছলমান সম্প্ৰদায়ৰ অধিবক্তা এজনৰ লগত বিয়া হোৱাত নাম অৰুণা আছফ আলী হয়গৈ। কলকাতাতে তেওঁ স্কুলীয়া শিক্ষা গ্ৰহণ কৰে। পিছলৈ মহাত্মা গান্ধীৰ আদৰ্শেৰে প্ৰভূতভাৱে প্ৰভাবান্বিত হৈ ১৯৩০ চনত অসহযোগ আন্দোলনত যোগদান কৰি¸ কাৰাবাস খাটে। ভাৰত ত্যাগ আন্দোলনৰ সময়ত মুম্বাইত তেওঁ ৰাজহুৱাকৈ ৰাষ্ট্রীয়  পতাকা উত্তোলন কৰিছিল। পুলিচৰ চকুত ধূলি দি বহু দিন আত্মগোপন কৰি থাকিবলগাও হয়। স্বাধীনতা আন্দোলনত তেওঁ বিশিষ্ট ভূমিকা গ্ৰহণ কৰিছিল।

১৯৫৮ চনত তেওঁ দিল্লীৰ মেয়ৰৰূপে নিৰ্বাচিত হয়। কিছুদিন তেওঁ ‘পেট্রিয়ট’ আৰু ‘লিংক’ নামৰ বাৰ্তালোচনী দুখনো প্ৰকাশ কৰিছিল। ১৯৯২ চনৰ  ২৯ জুলাইত তাইৰ মৃত্যু হয়। ১৯৯৭ চনত মৰণোত্তৰভাৱে তেওঁক ‘ভাৰত ৰত্ন’ উপাধি প্ৰদান কৰা হয়।  ০ ০ ০ ৰুণা আছাফ আলি Aruna Ashaf Ali

Read More: বিশ্ব ব্যক্তি পৰিচয়

 

বি. দ্র. উক্ত ‘অৰুণা আছাফ আলি | Aruna Ashaf Ali ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়’ গ্রন্থৰ অন্তর্গত।

 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here