Home Quiz অৰ্থবিজ্ঞান কুইজ-১ 

অৰ্থবিজ্ঞান কুইজ-১ 

0

অৰ্থবিজ্ঞান কুইজ-১

অৰ্থবিজ্ঞান কুইজ-১

 

অৰ্থবিজ্ঞান কুইজ-১

অৰ্থবিজ্ঞান কুইজ-১

 প্ৰশ্নঃ অৰ্থবিজ্ঞানত সম্পদ মানে কি?

উত্তৰঃ মানুহৰ অভাৱ পূৰণ কৰিব পৰা আৰু বিনিময়যোগ্য সকলো দ্ৰৱ্য আৰু সেৱাকে অৰ্থবিজ্ঞানত ‘সম্পদ’ বোলে।

প্ৰশ্নঃ ব্যক্তিৰ কিয় সম্পদৰ প্ৰয়োজন?

উত্তৰঃ সম্পদে অভাৱ পূৰণ কৰিব পাৰে বাবে ব্যক্তিৰ সম্পদৰ প্ৰয়োজন।

প্ৰশ্নঃ দ্ৰব্য কি?

উত্তৰঃ মানুহৰ অভাৱ পূৰণ কৰিব পৰা সকলো প্ৰকাৰৰ কায়িক আৰু স্পৰ্শ কৰিব পৰা সামগ্ৰীক দ্ৰব্য বোলে

প্ৰশ্নঃ সেৱাৰ সংজ্ঞা দিয়া।

উত্তৰঃ যিবোৰ বস্তুক স্পৰ্শ কৰিব নোৱাৰি কিন্তু মানুহৰ অভাৱ পূৰণ কৰিব পাৰে, তাকে ‘সেৱা’ বোলে

প্ৰশ্নঃ অৰ্থবিজ্ঞানত ব্যক্তি কি?

উত্তৰঃ অৰ্থবিজ্ঞানত ব্যক্তি বুলিলে কোনো গোটক বুজায় যিয়ে কিছুমান নিৰ্দিষ্ট উদ্দেশ্য সাধনৰ কাৰণে অৰ্থনৈতিক কাৰ্য সম্পাদন কৰে। যেনে- এজন উপভোক্তা, এজন উৎপাদক, এটা অৰ্থনৈতিক সংগঠন আদি।

অৰ্থবিজ্ঞান কুইজ-১

প্ৰশ্নঃ বজাৰ অৰ্থনীতি বুলিলে কি বুজা?

উত্তৰঃ অৰ্থনীতিত যেতিয়া বজাৰৰ চাহিদা আৰু যোগানৰ দ্বাৰা সিদ্ধান্তসমূহ নিৰ্ধাৰণ কৰা হয়, তেতিয়া সেই অৰ্থনীতি ব্যৱস্থাকে ‘বজাৰ অৰ্থনীতি’ বোলে

প্ৰশ্নঃ আদৰ্শগত অৰ্থনীতি কি?

উত্তৰঃ যি অৰ্থনীতিত অৰ্থনৈতিক প্রক্রিয়াবোৰ বাঞ্ছনীয় হয় নে নহয় তাৰ বিষয়ে আলোচনা কৰে তাকে ‘আদৰ্শগত অৰ্থনীতি’ বোলে

প্ৰশ্নঃ যথাৰ্থ অৰ্থনীতি বুলিলে কি বুজা?

উত্তৰঃ যি অৰ্থনীতিত বিভিন্ন প্রক্রিয়াবোৰ কি আৰু সেইবোৰে কেনেকৈ কাৰ্য কৰে তাৰ বিশ্লেষণ কৰে তাকে ‘যথাৰ্থ অৰ্থনীতি’ বোলে

প্ৰশ্নঃ মিশ্ৰ অৰ্থনীতি কি?

উত্তৰঃ পুঁজিবাদ আৰু সমাজবাদী অৰ্থনীতিৰ সংমিশ্ৰিত অৰ্থনীতিক ‘মিশ্ৰ অৰ্থনীতি’ বোলে

প্ৰশ্নঃ অৰ্থনীতিত বজাৰ বুলিলে কি বুজায়?

উত্তৰঃ অৰ্থনীতিত বজাৰ বুলিলে এনে এক অঞ্চল বা স্থানক  বুজায় য’ত ক্ৰেতা আৰু বিক্ৰেতা মিলিত হৈ দ্ৰব্য-সামগ্ৰী পৰোক্ষ বা প্ৰত্যক্ষ ভাৱে ক্ৰয়-বিক্ৰয় কৰে।

প্ৰশ্নঃ কেন্দ্ৰীয় পৰিকল্পিত অৰ্থনীতি বুলিলে কি বুজা?

উত্তৰঃ যি অৰ্থনীতিত পৰিকল্পনা প্ৰস্তুতকৰণৰ দ্বাৰা সম্পদৰাজি  ব্যৱহাৰ কৰা হয় তাকে ‘কেন্দ্ৰীয় পৰিকল্পিত অৰ্থনীতি’ বোলে

অৰ্থবিজ্ঞান কুইজ-১

প্ৰশ্নঃ অৰ্থনীতিৰ প্ৰধান কাৰ্য কি কি?

উত্তৰঃ অৰ্থনীতিৰ প্ৰধান কার্য্য হ’ল– উৎপাদন, উপভোগ, বিনিয়োগ আৰু বিতৰণ।

প্ৰশ্নঃ অৰ্থনৈতিক সমস্যা বুলিলে কি বুজা?

উত্তৰঃ অৰ্থনৈতিক সমস্যা হৈছে পছন্দ আৰু দুষ্প্ৰাপ্যতাৰ সমস্যাৰ সৈতে সম্পৰ্কিত এক বিষয়।

প্ৰশ্নঃ উৎপাদন সম্ভাৱনীয় সীমাৰেখা সোঁহাতলৈ সলনি হোৱাটোৱে কি বুজায়?

উত্তৰঃ উৎপাদন সম্ভাৱনীয়  সীমাৰেখাই সম্পদ বৃদ্ধি বা কাৰ্যকৰী কৌশলৰ উন্নতি বা উৎপাদন বৃদ্ধিৰ ফলশ্ৰুতিত দুয়োৰে বৃদ্ধি হোৱা অৱস্থাক বুজয়।

প্ৰশ্নঃ উৎপাদন সম্ভাৱনীয়  সীমাৰেখাৰ আকৃতি কিয় উত্তল হয়?

উত্তৰঃ ক্ৰমবৰ্ধমান প্ৰান্তিক সুযোগ ব্যয়ৰ বাবে উৎপাদন সম্ভাৱনীয় সীমাৰেখাৰ আকৃতি উত্তল হয়।

প্ৰশ্নঃ পছন্দৰ সমস্যা বুলিলে কি বুজা?

উত্তৰঃ সীমিত সম্পদেৰে সৰ্বাধিক সন্তুষ্টি আহৰণৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাই পছন্দৰ সমস্যা।

প্ৰশ্নঃ  উৎপাদন সম্ভাৱনীয় সীমাৰেখা কি?

উত্তৰঃ উৎপাদন সম্ভাৱনীয় সীমাৰেখা হ’ল এখন অৰ্থনীতিৰ দক্ষতাৰ মাপকাঠি নিৰূপক এক ৰেখা যি অৰ্থনীতিটোৰ প্রদত্ত সম্পদ আৰু কৌশলৰ ব্যৱহাৰৰ জৰিয়তে উৎপাদন কৰিব পৰা দ্ৰব্য-সামগ্ৰীৰ সৰ্বাধিক সীমা প্ৰদৰ্শন কৰে।

অৰ্থবিজ্ঞান কুইজ-১

প্ৰশ্নঃ ব্যষ্টিবাদী অৰ্থনীতি বুলিলে কি বুজা?

উত্তৰঃ ব্যষ্টিবাদী অৰ্থনীতি হ’ল এনে এক অৰ্থনৈতিক ব্যৱস্থা য’ত অৰ্থনীতিটোক খণ্ডিত ৰূপত বিশ্লেষণ কৰি সেইবোৰৰ অৰ্থনৈতিক আচৰণ, ক্ৰিয়া-প্ৰতিক্ৰিয়া আদিৰ বিষয়ে পৃথক পৃথকভাৱে আলোচনা কৰা হয়।

প্ৰশ্নঃ সমষ্টিবাদী অৰ্থনীতি বুলিলে কি বুজায়þ?

উত্তৰঃ সমষ্টিবাদী অৰ্থবিজ্ঞান হ’ল অৰ্থশাস্ত্ৰৰ অধ্যয়নৰ এক পদ্ধতি য’ত এখন দেশৰ অৰ্থনৈতিক গোট আৰু অৰ্থনৈতিক উপাদানসমূহক সামূহিক ৰূপত অধ্যয়ন কৰা হয়।

প্ৰশ্নঃ সম্পদসমূহৰ দুষ্প্ৰাপ্ৰতাৰ বাবে নিৰ্বাচন সমস্যাৰ উদ্ভৱ হয়। (সঁচানে মিছা)

উত্তৰঃ সঁচা।

প্ৰশ্নঃ বজাৰ অৰ্থনীতিত সকলোবোৰ অৰ্থনৈতিক কাৰ্য বজাৰৰ জৰিয়তে সংঘটিত হয়। (সঁচানে মিছা)

উত্তৰঃ সঁচা।

প্ৰশ্নঃ মানুহৰ অভাৱ পূৰণ কৰিব পৰা আৰু বিনিময় যোগ্য সকলো সামগ্ৰীকে সম্পদ বুলি কোৱা হয়। (শুদ্ধ নে অশুদ্ধ)

উত্তৰঃ শুদ্ধ।

অৰ্থবিজ্ঞান কুইজ-১

প্ৰশ্নঃ ঋণাত্মক অৰ্থনৈতিক বিশ্লেষণত সম্পদৰ বিভিন্ন কাৰ্য-প্ৰণালীয়ে কিদৰে কাম কৰে তাৰ বিষয়ে অধ্যয়ন কৰা হয়। (শুদ্ধ নে অশুদ্ধ)

উত্তৰঃ অশুদ্ধ।

প্ৰশ্নঃ উৎপাদনৰ সম্ভাৱনীয় সীমাৰেখাডাল থকা বিন্দুয়ে কি সূচায়? 

উত্তৰঃ সম্পদৰ অসম্পূৰ্ণ ব্যৱহাৰ বা অপচয়ক বুজায়।

প্ৰশ্নঃ অৰ্থনীতিত ব্যবহৃত  দুষ্প্ৰাপ্যতা ধাৰণাটোৰ সংজ্ঞা দিয়া।

উত্তৰঃ কোনো দেশ বা অঞ্চলৰ অৰ্থনীতিত উপলব্ধ সম্পদৰাজিৰ যোগানতকৈ চাহিদাৰ পৰিমাণ অধিক হ’লে তাক সম্পদৰ ‘দুষ্প্ৰাপ্যতা’ বুলি কোৱা হয়।                        

প্ৰশ্নঃ যদি এটা দ্ৰব্যৰ প্ৰান্তিক উপযোগিতা দ্ৰব্যটোৰ দৰতকৈ অধিক হয়, তেন্তে উপভোক্তাই দ্ৰব্যটো ক্ৰয়ৰ পৰিমাণ বৃদ্ধি কৰিব। (শুদ্ধনে অশুদ্ধ)

উত্তৰঃ শুদ্ধ।

প্ৰশ্নঃ সম্পূৰ্ণ অস্থিতিস্থাপক যোগান সম্পন্ন এটা দ্ৰব্যৰ ক্ষেত্ৰত দৰ পৰিমাণৰ প্ৰভাৱ কি হ’ব? 

উত্তৰঃ শূন্য।        

প্ৰশ্নঃ উপাদানসমূহৰ দৰ বৃদ্ধিয়ে যোগান ৰেখাৰ কেনেদৰে স্থানান্তৰ সাধন কৰিব?

উত্তৰঃ যোগান ৰেখা বাওঁফালে স্থানান্তৰ হ’ব।                    

প্ৰশ্নঃ তলাবন্ধ দাম কি? অথবা ব্যৱসায় প্রতিষ্ঠান এখনৰ ‘উৎপাদনৰ বন্ধ বিন্দু’ কি?   

উত্তৰঃ তলাবদ্ধ দাম (উৎপাদনৰ বন্ধ বিন্দু) হ’ল AVC ৰ নিম্নতম বিন্দু য’ত SMC ৰেখাই AVC ৰেখাক ছেদ কৰে। দীৰ্ঘকালত LRAC ৰেখাৰ নিম্নতম বিন্দুক উৎপাদন বন্ধ বিন্দু বোলে । 

অৰ্থবিজ্ঞান কুইজ-১  

প্ৰশ্নঃ উৎপদন সম্ভাৱ্য ৰেখাই কি নিৰ্দেশ কৰে?

উত্তৰঃ উৎপাদন সম্ভাৱ্য ৰেখাই নিৰ্দিষ্ট পৰিমাণৰ সম্পদ আৰু প্ৰযুক্তিৰ জৰিয়তে দুটা সামগ্ৰীৰ সম্ভাৱ্য উৎপাদন জোঁটসমূহক নিৰ্দেশ কৰে।                                                                                       

প্ৰশ্নঃ উৎপাদন সম্ভাৱনীয় ৰেখা কিয় বাওঁফালৰ পৰা সোঁফাললৈ নিম্নমুখী ঢালযুক্ত হয়?

উত্তৰঃ উৎপাদন সম্ভাৱনীয় ৰেখাডাল বাওঁফালৰ পৰা সোঁফাললৈ নিম্নমুখী ঢালযুক্ত হয় কাৰণ নিৰ্দিষ্ট পৰিমাণৰ সম্পদ আৰু নিৰ্দিষ্ট প্ৰযুক্তিবিদ্যাৰ জৰিয়তে দুটা সামগ্ৰীৰ এটা দ্ৰব্য কমকৈ উৎপাদন কৰিব লাগিব। অৰ্থাৎ সামগ্ৰী এটাৰ অতিৰিক্ত এক একক উৎপাদন কৰোতে আনটো সামগ্ৰী অধিক পৰিমাণে ত্যাগ কৰিব লাগিব। এনে অৱস্থাত উৎপাদন সম্ভাৱনীয় ৰেখাডাল বাওঁপিনে ওপৰৰ পৰা সোঁপিনে তললৈ নামি আহে।

অৰ্থবিজ্ঞান কুইজ-১

প্ৰশ্নঃ উপযোগিতাৰ সংজ্ঞা দিয়া।

উত্তৰঃ এটা সামগ্ৰী উপভোগ কৰি ভোক্তা এজনে যি পৰিমাণৰ সন্তুষ্টি লাভ কৰে তাকে সামগ্ৰীটোৰ ‘উপযোগিতা’ বোলে

প্ৰশ্নঃ এজন ভোক্তাৰ উপযোগিতাই কি সূচায়?

উত্তৰঃ উপযোগিতাই সামগ্ৰী এটাৰ উপভোক্তাৰ সন্তুষ্টিক সূচায়।

প্ৰশ্নঃ উপভোক্তাৰ যুক্তিযুক্ত আচৰণে কিহৰ ইংগিত দিয়ে?

উত্তৰঃ উপভোক্তাৰ যুক্তিযুক্ত আচৰণে উপভোক্তাৰ সর্বোচ্চ সন্তুষ্টিৰ ইংগিত দিয়ে।

প্ৰশ্নঃ অৰ্থনীতিত উপভোক্তা এজনক কেনেধৰণৰ ব্যক্তি বুলি ধৰি লয়?

উত্তৰঃ অৰ্থনীতিত উপভোক্তা এজন যুক্তিসংগত (বিবেচক) ব্যক্তি বুলি ধৰি লোৱা হয়।

প্ৰশ্নঃ এডাল নিৰেপক্ষ ৰেখা তলমুৱাকৈ হেলনীয়া কিয়?

উত্তৰঃ ক্ৰমহ্রাসমান প্ৰতিকল্পনৰ প্ৰান্তিক হাৰৰ কাৰণে।

প্ৰশ্নঃ প্ৰতিকল্পনৰ হাৰ বুলিলে কি বুজা?

উত্তৰঃ এজন উপভোক্তাই কোনো এটা সামগ্ৰীৰ অতিৰিক্ত গোটৰ কাৰণে আন এটা সামগ্ৰী ত্যাগ কৰে, কিন্তু তেওঁৰ সন্তুষ্টি একে থাকে, সেই হাৰকে প্ৰতিকল্পনৰ হাৰ বোলে

অৰ্থবিজ্ঞান কুইজ-১

প্ৰশ্নঃ এজন উপভোক্তাৰ বাবে নিৰ্ধাৰিত বাজেট কি?

উত্তৰঃ উপভোক্তা এজনৰ নিৰ্ধাৰিত বাজেট হৈছে তেওঁৰ মুঠ উপাৰ্জনেৰে চলিত বজাৰ মূল্যত ক্ৰয় কৰিব পৰা বিভিন্ন দ্ৰব্যৰ সকলো সমন্বয়ৰ এক সংগ্ৰহ বা জোঁট।

প্ৰশ্নঃ বাজেট ৰেখা কি?

উত্তৰঃ ভোক্তা এজনৰ নিৰ্দিষ্ট আয় আৰু দুটা সামগ্ৰীৰ নিৰ্দিষ্ট দামত যি সম্ভাৱ্য পৰিমাণৰ জোঁট ভোক্তাজনে ক্ৰয় কৰিব পাৰে য’ত মুঠ খৰচ মুঠ আয়ৰ সমান হয় তাক লেখ চিত্ৰৰ সহায়ত উপস্থাপন কৰাকে ‘বাজেট ৰেখা’ বুলি কোৱা হয়।

প্ৰশ্নঃ বাজেট ৰেখাৰ ঢালে কি সূচায়?

উত্তৰঃ এটা সামগ্ৰীৰ এক একক গোট ক্ৰয় কৰাৰ কাৰণে আন এটা সামগ্ৰীৰ যিমান ত্যাগ কৰিব লগা হয়, তাকে ‘বাজেট ৰেখাৰ ঢাল’ বোলে

প্ৰশ্নঃ ভোক্তাৰ বাজেট ৰেখাডালে কি নিৰ্দ্ধাৰণ কৰে?

উত্তৰঃ এক নিৰ্দিষ্ট আয়ৰ জৰিয়তে দুটা সামগ্ৰীৰ নিৰ্দিষ্ট দামত ভোক্তাজনে ক্ৰয় কৰিব পৰা গোটসমূহক বাজেট ৰেখাডালে নিৰ্দ্ধাৰণ কৰে।

অৰ্থবিজ্ঞান কুইজ-১

প্ৰশ্নঃ উপভোক্তাৰ বাজেট ৰেখাৰ তলৰ বিন্দুবোৰে কি সূচায়?

উত্তৰঃ বাজেট ৰেখাডালৰ তলৰ বিন্দুবোৰে এজন উপভোক্তাৰ সম্ভাৱ্য গোটবোৰ ক্ৰয় কৰা মুঠ খৰচৰ পৰিমাণ মুঠ আয়তকৈ কম হোৱাক বুজায়।

প্ৰশ্নঃ পৰিপূৰক দ্ৰব্যৰ সংজ্ঞা দিয়া।

উত্তৰঃ উপভোক্তা এজনৰ এটা নিৰ্দিষ্ট অভাৱ পূৰণ কৰিবৰ বাবে যেতিয়া একাধিক সামগ্ৰী ব্যৱহাৰ কৰা হয়, তেনে সামগ্ৰীবোৰক ‘পৰিপূৰক দ্ৰব্য’ বুলি কোৱা হয়।

প্ৰশ্নঃ পৰিপূৰক দ্ৰব্যৰ এটি উদাহৰণ দিয়া।

উত্তৰঃ গাড়ী আৰু পেট্ৰল।

প্ৰশ্নঃ নিকৃষ্ট দ্ৰব্য কি?

উত্তৰঃ যেতিয়া এজন উপভোক্তাৰ আয় আৰু সামগ্ৰী এটাৰ চাহিদা বিপৰীত দিশে গতি কৰে, তাকে ‘নিকৃষ্ট দ্ৰব্য’ বুলি কোৱা হয়।

প্ৰশ্নঃ স্বাভাৱিক দ্ৰব্য কি?

উত্তৰঃ যেতিয়া এজন উপভোক্তাৰ আয় আৰু সামগ্ৰী এটাৰ চাহিদা একে দিশে পৰিৱৰ্তন ঘটে তাকে ‘স্বাভাৱিক দ্ৰব্য’ বুলি কোৱা হয়। ০ ০ ০

অৰ্থবিজ্ঞান কুইজ-১

বিজ্ঞপ্তিঃ আমি আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰা সত্বেও কিবা ভুল-ভ্রান্তি থাকি যাব পাৰে। আমাৰ প্রিয় সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনালে আমি চিৰ কৃতাৰ্থ হৈ থাকিম। ধন্যবাদ —ৰাব্বি মছৰুৰ 

অৰ্থবিজ্ঞান কুইজ-১

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here