Home Quiz আজান কুইজ 

আজান কুইজ 

0

আজান কুইজ

আজান কুইজ

 

আজান কুইজ, Azan Quiz

আজান কুইজ 

প্ৰঃ ‘আজান’ শব্দৰ অৰ্থ কি?

উঃ আহ্বান কৰা, ঘোষণা কৰা।

প্ৰঃ শৰীয়তৰ পৰিভাষাত ‘আজান’ শব্দৰ অৰ্থ কি?

উঃ নিৰ্দিষ্ট কেইটামান শব্দৰ জৰিয়তে নামাজলৈ আহ্বান কৰা।

প্ৰঃ সৰ্বপ্ৰথম কোনে ক’ত আজান দিছিল?

উঃ হজৰত জিব্রাইল (আঃ) য়ে, আকাশত।

প্ৰঃ পৃথিৱীত সৰ্বপ্ৰথম কোনে আজান দিছিল?

উঃ হজৰত ইব্রাহিম (আঃ)।

প্ৰঃ পৱিত্ৰ কোৰাণত ‘আজান’ শব্দটো কিমানবাৰ উল্লেখ আছে?

উঃ দুই বাৰ।

প্ৰঃ নামাজলৈ আহ্বান কৰিবলৈ আজান  প্ৰথা কেতিয়া প্ৰৱৰ্তন হয়?

উঃ প্ৰথম হিজৰিত।

প্ৰঃ সৰ্বপ্ৰথম হজৰত বিল্লাল (ৰাঃ) মছজিদে নববীত কোন ওৱাক্তৰ আজান দিয়ে?

উঃ জোহৰ ওৱাক্ত। আজান কুইজ, Azan Quiz

প্ৰঃ কাবা শ্বৰিফত সৰ্বপ্ৰথম কোনে আজান দিছিল?

উঃহজৰত বিল্লাল (ৰাঃ), মক্কা বিজয়ৰ সময়ত (অষ্টম হিজৰিত)।

প্ৰঃ হুজুৰ (ছাঃ)ৰ দিনত মছজিদে নববীৰ স্থায়ী মুৱাজ্জিন কোন আছিল?

উঃ হজৰত বিল্লাল (ৰাঃ)।

প্ৰঃ ৰেকৰ্ড (যন্ত্ৰ)ৰ দ্বাৰা আজান দিয়া জায়েজ নে?

উঃ নাজায়েজ (বিদাত)।

প্ৰঃ মছজিদৰ ভিতৰত আজান দিয়া জায়েজ নে?

উঃ মকৰুহ তানজিহী।

প্ৰঃ মুৱাজ্জিনৰ পুৰস্কাৰ কি?

উঃ হাদিছ মতে 7 বছৰ মুৱাজ্জিনৰ কাম কৰিলে তেওঁ জাহান্নামৰ পৰা মুক্ত আৰু 12 বছৰ আজান দিলে তাৰ বাবে বিহিস্ত ওৱাজেব।

প্ৰঃ পৃথিৱীৰ কোন কোন মছজিদত তাহাজ্জুদ নামাজৰ বাবেও আজান দিয়া হয়?

উঃ মছজিদে হাৰাম আৰু মছজিদে নববীত। 0 0 0

আজান কুইজ, Azan Quiz

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here