Home Essay আদাম স্মিথ | Adam Smith

আদাম স্মিথ | Adam Smith

0

আডাম স্মিথ

আদাম স্মিথ  Adam Smith

আদাম স্মিথ | Adam Smith

আদাম স্মিথ | Adam Smith

আদাম স্মিথ (Adam Smith) আছিল স্কটলেণ্ডৰ অৰ্থনীতিবিদ আৰু দাৰ্শনিক। তেওঁ‘ৰাজনৈতিক অৰ্থনীতি’ৰ জনক’ ৰূপে জনাজাত। ১৭২৩ চনৰ ৫ জুনত জন্ম তেওঁৰ জন্ম হয়। গ্লাছগো আৰু অক্সফোৰ্ড বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি ১৭৫১ চনত গ্লাছগো বিশ্ববিদ্যালয়ৰ তৰ্ক বিজ্ঞানৰ অধ্যাপকৰূপে কৰ্মজীৱন আৰম্ভ কৰে। ১৭৫২ চনত সেই বিশ্ববিদ্যালয়ৰ নৈতিক দৰ্শন বিষয়ৰ অধ্যাপক হয়গৈ। গ্লাছগোত অধ্যাপনা কৰি থাকোতেই ১৭৫৯ চনত আদাম স্মিথৰ ‘থিঅ’ৰি অব্‌ মৰেল ছেণ্টিমেণ্টছ’ প্ৰকাশ হয়। এই গ্ৰন্থই তেওঁলৈ আন্তজাৰ্তিক খ্যাতি কঢ়িয়াই আনে। ১৭৭৬ চনত তেওঁ লণ্ডনলৈ যায় আৰু তাতে  ‘এন ইনকুৱেৰি ইনটু দা নেচাৰ এণ্ড কজেছ অব্‌ দা ৱেলথ অব্‌ নেছনছ’ গ্ৰন্থখন ৰচনা কৰে। ৰাজনৈতিক অৰ্থনীতিৰ এইখন এখন অতি গুৰুত্বপূৰ্ণ গ্ৰন্থৰূপে ইতিমধ্যে সমগ্ৰ বিশ্বত স্বীকৃত হৈছে। ১৭৭৮ চনত তেওঁ স্কটলেণ্ডৰ কমিছনাৰ অব্‌ কাষ্টম্‌ছৰূপে নিযুক্তি লাভ কৰে আৰু মৃত্যুৰ সময়লৈকে সেই পদবীত থাকে।

১৭৯০ চনৰ ১৭ জুলাইত আদাম স্মিথৰ মৃত্যু হয়। ০ ০ ০

Read More: অসমীয়া ৰচনা শিক্ষা

 

বি. দ্র. উক্ত ‘আদাম স্মিথ | Adam Smith ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়’ গ্রন্থৰ অন্তর্গত।

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here