আনৱিক–এক সমালোচনাত্মক বিশ্লেষণ
আনৱিক– এক সমালোচনাত্মক বিশ্লেষণ
আনৱিক–এক সমালোচনাত্মক বিশ্লেষণ
মানুহৰ হৃদয় আশাৰে ভৰপুৰ। এই আশা জীয়াই থকাৰ আশা, সুখ আৰু শান্তিৰে জীয়াই থকাৰ আশা। কিন্তু আশাৰ লগতে নিৰাশাও আছে। ‘আনৱিক’ শিৰোনামেৰে লিখা কবিতাটি এনেকুৱা আশা আৰু নিৰাশা, পোহৰ আৰু এন্ধাৰ, সুখৰ সপোন আৰু দুখৰ দাউ দাউ চিতা – আদি পৰস্পৰ বিৰোধী ভাৱধাৰাৰ কবিতা। কবিতাটিত কবিয়ে এফালে আগত দিনৰ ৰঙীন সুখৰ সপোন দেখিছে; আনফালে সেই সপোনবোৰ বাস্তৱৰ কঠিন শিলাত থেকেচা খাই উফৰি পৰিছে। কবিতাটি বোমা বিস্ফুৰণত নিহতসকলৰ স্মৃতিত লিখা হৈছে।
ভাৰতেই নহয় অকল, সমগ্ৰ বিশ্ব জুৰি আনৱিক ধবংস লীলাৰ আখৰা চলে ঘাটে-পথে। আমি সকলোৱেই অসমীয়া, সকলোৱেই ভাৰতীয। অথচ আমিয়েই আমাক হত্যা কৰি আছো ক্ষুদ্ৰ স্বাৰ্থৰ বশৱৰ্তী হৈ। মানৱতাৰে ভৰা কবিৰ হৃদয়ে ইয়াক কোনোপধ্যেই গ্ৰহণ কৰিব পৰা নাই। সেয়ে শোক কৰি কবিয়ে কৈছে–
“কুটুমৰ তেজৰ শলিতাৰে বন্তি জ্বলাই
কোনে বাৰু পোহৰায় আপোন ঘৰ;
ই যে কি নিৰ্মম সংবাদ!
মৃত্যুৰ মাতাল স্পৰ্শই ছিঙি নিয়ে হৃদয়ৰ এফাল।”
কবিয়ে দেখা পাইছিল আনন্দ আৰু সৌন্দৰ্যৰ সুভাষেৰে মুখৰিত সেউজ উপত্যকা আবাদী ফচল আৰু অবিৰতভাৱে বৈ যোৱা আশাৰ নদী। আনকি প্ৰিয়াৰ ওঁঠত এৰি আহিছিল ‘সপোন সাঁচতীয়া চুমা।” অৰ্থাৎ ভৱিষ্যতৰ ৰঙীন সপোন, বিচিত্ৰ সুখ-স্বাচ্ছন্দ্য কবিয়ে সকলোতে আশা কৰিছিল। সেয়ে কবিয়ে গাইছে–
“ইয়াত ক্ষন্তেক আগতে আছিল সেউজ উপত্যকা;
প্ৰাণৰ নন্দন বনত ফুলি আছিল আবাদী ফচল,
আশাৰ অবাৰিত সীমনালৈ’ বৈ যোৱা এখনি নদী।”
………………..
দোকমোকালিতে মানুহবোৰে প্ৰিয়াৰ ওঁঠত এৰি আহিছিল
সুবৰ্ণ ভৱিষ্যতৰ একাজলি সপোন-সাঁচতীয়া চুমা;
পাট গাভৰুৱে গ্ৰীষ্মৰ পুৱাটি প্ৰেমিকলৈ উৎসৰ্গ কৰি!
ৰিহাৰ আঁচলত সযতনে সাঁচিছিল প্ৰিয়জনৰ ঠিকনা!”
কিন্তু কবি ইছমাইল হোছেইনে অলপ পিছতে সেইখিনি দেখিবলৈ নাপালে। নদীৰ পৰিৱৰ্তে দেখিবলৈ পালে তেজৰ হেঙুলসনা আকাশ, আবাদী ফচলত পালে বিস্ফুৰিত দেহৰ টুকুৰা। সেয়ে কবিয়ে বিষাদত চিত্ৰিত কৰিছে–
“ইয়াত এতিয়া নদী নাই, আছে তেজৰ হেঙুল সনা আকাশ,
ফচলৰ থোকত নাচি আছে বিস্ফুৰিত দেহৰ টুকুৰা;
তেজে তুমৰলি বন্য মাদকতাৰ নঙঠা পথাৰ।”
ইয়াত হয় অপ্ৰত্যাশিত হত্যা। কোন কেতিয়া অকাল মৃত্যুত শৰণ লয় সম্ভৱতঃ যম দেৱতায়ো নাজানে! দৰিদ্ৰতাই কৰ্ষণ কৰা দেউতাকে সন্ধিয়া ৰুটি লৈ আহিব বুলি বাট চাই থকা বুভুক্ষ শিশুটি সন্ধিয়া পোৱাৰ আগতেই খবৰ পায় দেউতা বোমা বিস্ফুৰণত প্ৰাণ হেৰুৱা বুলি। কবিয়ে কৈছে–
আবেলি পৰত দেউতাকে আহিব বুলি
ৰুটিৰ বাবে ৰৈ আছে বুভুক্ষ শিশুটি
তাৰ ভৰিৰ তলত এতিয়া বিস্ফুৰিত মাটি।”
কবিতাটি কবি ইছমাইল হোছেইনৰ গতানুগতিক গদ্যত ৰচিত। ইয়াত কল্পচিত্ৰ আছে কিন্তু কল্পচিত্রবোৰ কাব্যধৰ্মী হোৱাতকৈ বাস্তৱধৰ্মীহে হৈছে। কল্পচিত্ৰৰ প্ৰয়োগে প্ৰমাণ কৰে কবি ইছমাইল সমাজ সচেতন আৰু বাস্তৱমুখী ৰমন্যাস বিমুখ কবি যদিও কেতিয়াবা তেওঁৰ কল্পচিত্ৰই ৰোমান্টিক পৃথিৱীৰ পৰিসীমা চুইছে। ০ ০ ০
আনৱিক– এক সমালোচনাত্মক বিশ্লেষণ
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
অতিৰিক্ত অনুসন্ধান: