আবু জোৱায়েব আল হুজলী | Abu Juwayeb Al-Huzli
আবু জোৱায়েব আল হুজলী
আবু জোৱায়েব আল হুজলী | Abu Juwayeb Al-Huzli
চমু পৰিচয়ঃ আৰবী মুখাদ্ৰিম কবিসলকৰ মাজত এজন অন্যতম কবি আছিল আবু জোৱায়েব আল হুজলী। আৰবী কবিতাৰ ইতিহাসত তেওঁ শোক কবিতাৰ ৰচক হিচাপে বিখ্যাত হৈ আছে। তেওঁৰ জন্ম হৈছিল আৰবৰ হেজায প্ৰদেশৰ হুজায়েল গোত্ৰত ষষ্ট শতাব্দীৰ সপ্তম দহকত। এইজন কবিৰ ব্যক্তিগত জীৱনৰ বিষয়ে ইতিহাসত বিস্তাৰিত পোৱা নাযায়। তেওঁ আৰবৰ পৰম্পৰাগত পৌত্তলিক ধৰ্মমতত বিশ্বাসী আছিল। জনা যায় যে যৌৱনত তেওঁ নিজ গোত্ৰৰ এজনী যুৱতীৰ প্ৰেমত পৰে কিন্তু প্ৰেমত তেওঁ সফল হ’ব নোৱাৰি প্ৰেমৰ কবিতা ৰচনা কৰিবলৈ লয়। জীৱনৰ শেষ বয়সত তেওঁ ইছলাম ধৰ্মৰ প্ৰতি আকৰ্ষিত হয় আৰু হজৰত মহম্মদ (ছাঃ)ৰ হাতত ইছলাম গ্ৰহণৰ অভিপ্ৰায়েৰে হেজায প্ৰদেশৰ পৰা মদীনালৈ যায়। কিন্তু দুখৰ বিষয় যে তেওঁ যিদিনা মদীনা পায়গৈ সেইদিনা অতি পুৱাই হজৰত মহম্মদ (ছাঃ)য়ে শেষ নিশ্বাস ত্যাগ কৰে। নবীৰ ইন্তেকালত তেওঁ ম্ৰিয়মান হয় আৰু হজৰত আবু বকৰ (ৰাঃ) ওচৰত ইছলাম গ্ৰহণ কৰি নবীজীৰ মৃত্যুত শোক কৰি এটি শোক কবিতা ৰচনা কৰে। ইছলাম গ্ৰহণৰ পিছত তেওঁ এজন আদৰ্শ মুছলমান হয় আৰু ইছলামৰ সেৱাত নিজকে নিয়োজিত কৰে। হজৰত ওচমান (ৰাঃ)ৰ ৰাজত্বকালত ইছলামৰ আফ্রিকা অভিযানত তেওঁ পাঁচ পুত্ৰসহ সেনাবাহিনীত যোগ দিয়ে। কিন্তু শোকৰ বিষয় যে মিছৰত উপস্থিত হোৱাৰ পিচত তেওঁৰ পাঁচজন পুত্ৰ প্লেগ ৰোগত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰে। পুত্ৰ শোকত ম্ৰিয়মান হৈয়ো তেওঁ যুদ্ধক্ষেত্ৰৰ পৰা উভতি নাহি অগ্ৰসৰ হয় আৰু সেই সময়ৰ ৰোমান সাম্ৰাজ্যৰ অন্তৰ্গত কাৰ্থেজৰ যুদ্ধত অসীম বীৰত্ব প্ৰদৰ্শন কৰি জয়ত জয়লাভ কৰে।
যুদ্ধ জয়ৰ পিছত সেনাপতি আব্দুল্লা বিন সা’দ বিন আবি সাৰহই তেওঁক যুদ্ধ জয়ৰ সংবাদবাহক হিচাপে মদীনালৈ প্ৰেৰণ কৰে। কিন্তু মিছৰ পৰ্যন্ত অহাৰ পিছত যি ঠাইত তেওঁৰ পুত্ৰসকল সমাধিস্থ হৈছিল সেই ঠাইত তেওঁ হঠাৎ বেমাৰত পৰি ৬৪৯ খৃঃত মৃত্যু বৰণ কৰে। তেওঁৰ পাঁচ পুত্ৰৰ সমাধিস্থলতে তেওঁক সমাধিস্থ কৰা হয়। তেওঁৰ মায়েন বিন খোৱায়লেদ নামৰ এক পুত্ৰ সন্তান জীৱিত আছিল আৰু তেঁৱো এজন কবি হৈছিল।
আবু জোৱায়েব আল হুজলী
কাব্যিক প্ৰতিভাঃ আবু জোৱায়েব আল হুজলী (Abu Juwayeb Al-Huzli) য়ে সৰু কালৰ পৰাই কাব্য ৰচনাত হাত দিছিল। তেওঁ প্ৰথম পৰ্যায়ৰ কবিতাবোৰ প্ৰেমমূলক আছিল আৰু প্ৰেমৰ কবিতাবোৰত ব্যৰ্থ প্ৰেমৰ দুখ-বেদনাৰ ছবি অংকিত হৈছে।
তেওঁৰ সৰহ সংখ্যক কবিতা হৈছে শোকগাঁথা। পঞ্চ পুত্ৰৰ মৃত্যুত শোক কৰি তেওঁ শোকগাঁথাসমূহ ৰচনা কৰিছিল। শোক কবিতাৰ এটিত তেওঁ লিখিছেঃ
“বিদায় লৈছে মোৰ পুত্ৰসকল
আৰু মোক দি গৈছে অস্থিৰতা আৰু অশ্ৰু
যি নিগৰিত হৈ আছে বিৰামহীন ভাৱে।
…………
এনে হৈছে মোৰ চকুৰ অৱস্থা
যেনে কোনোৱাই খোচ মাৰি সোমাই দিছে কাঁইট
আৰু মই বৈ আছো তাৰ যন্ত্ৰণা সৰ্বদা।”
তেওঁৰ শোক কবিতাসমূহত মৃত্যু সম্পৰ্কে তেওঁৰ মনস্তত্ব আৰু দাৰ্শনিক ভাৱাধাৰও ফুটি উঠিছে। মৃত্যু সম্পৰ্কে তেওঁ কৈছেঃ
“মৃত্যুয়ে যেতিয়া দুহাত প্ৰসাৰিত কৰে
তেতিয়া কাম নিদিয়ে কোনো মাদুলিয়ে
মৃত্যুৰ ওপৰত ক্ৰন্দন কৰাটো নিচেই মূৰ্খতা
সকলোৰে জীৱনলৈ ই আহিব
আহিব মোৰ জীৱনলৈয়ো
মোৰ মুখ ঢাকি শুৱাই ৰাখি সকলোৱে ক্ৰন্দন কৰিব
তোমালোক সকলোৱে সেয়া শুনিবা
মাথো মইহে নুশুনো।”
তেওঁৰ কবিতাত প্ৰকৃতিৰ ৰূপ সৌন্দৰ্যৰ বৰ্ণনাও আছে। এটি কবিতাত তেওঁ মেঘবৰ্ষণৰ চমৎকাৰ কাব্যিক বৰ্ণনা দাঙি ধৰিছে। আন এটি কবিতাত মৌমাখিয়ে মৌ সংগ্ৰহৰ বিৱৰণ আছে।
আবু জোৱায়েব আল হুজলী আছিল এজন স্বভাৱ কবি। সেয়ে স্বভাৱ কবিৰ কিছু দুৰ্বলতা তেওঁৰ কবিতাত বিদ্যামন। তেওঁৰ শব্দ চয়ন মাজে মাজে দুৰ্বল আৰু ভাৱ ওপৰুৱা। কিন্তু কবিতাৰ বিষয়বস্তুৰ বৰ্ণনাত তেওঁ আছিল সিদ্ধহস্ত। তেওঁৰ শোকানুভূতি আছিল অতি গভীৰ আৰু হৃদয় বিদাৰক। তেওঁৰ কল্পচিত্ৰত আছিল নতুনত্বৰ সোৱাদ।
সামৰণিত ক’ব পাৰি আবু জোৱায়েব আল হুজলী নিঃসন্দেহ মুখাদ্ৰিম কবিসকলৰ মাজত এজন ব্যতিক্ৰমধৰ্মী কবি যিজনে আৰবী শোক কবিতাক এক নতুন মাত্ৰা প্ৰদান কৰি আৰবী কাব্য সাহিত্যৰ ভঁৰাল চহকী কৰাত এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছিল। 0 0 0.
আবু জোৱায়েব আল হুজলী
.
বি দ্রঃ উক্ত ‘আবু জোৱায়েব আল হুজলী | Abu Juwayeb Al-Huzli’ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘আৰবী সাহিত্যৰ ইতিহাস-প্রাথমিক ইছলামী যুগ‘ গ্রন্থখনৰ পৰা লোৱা হৈছে।
আবু জোৱায়েব আল হুজলী
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
Additional Searches: