Home Kabita আমি যদি সংঘবদ্ধ হওঁ | Ami Jodi Sangabadha Hao

আমি যদি সংঘবদ্ধ হওঁ | Ami Jodi Sangabadha Hao

0

আমি যদি সংঘবদ্ধ হওঁ

আমি যদি সংঘবদ্ধ হওঁ Ami Jodi Sangabadha Hao

আমি যদি সংঘবদ্ধ হওঁ

আমি যদি সংঘবদ্ধ হওঁ

ৰাব্বি মছৰুৰ

 

আমি যদি সংঘবদ্ধ হওঁ

সংঘঠিত হয় যদি শিল্পী প্ৰতিভা

আমি সলাব পাৰোঁ ৰক্তাক্ত সময়

তিমিৰ ফালি আনয়ন কৰিব পাৰো

সুবিমল সূৰ্যালোকৰ উৎস

হিংসাৰ বিৰুদ্ধে অহিংসাৰ বীজমন্ত্ৰ সিঁচিব পাৰো

শিলৰ প্ৰাচীৰ ভাঙি গঢ়িব পাৰো সংহতিৰ এনাজৰী

হেঙুল সময়ৰ বাবে নামিব পাৰো বিশ্ব গঢ়াৰ সংগ্ৰামত।

 

আমি যদি হাতৰ ওপৰত ৰাখিব পাৰো হাত

হৃদয়ৰ ওপৰত হৃদয়,

প্ৰেমৰ সলনি দিব পাৰো প্ৰেম- 

মানৱতাৰ জয় অনিবাৰ্য।

বীভৎস অন্ধকাৰত যেতিয়া পতিত হয় শিল্পী স্বাধীনতা, 

হাতৰ মুঠিৰ শস্যও যেতিয়া  লুণ্ঠিত হয়

প্ৰতিদিন যেতিয়া শাসনৰ নামত এৰি দিয়া হয় শোষণৰ চিতা বাঘ,

নিৰ্মল নিকা বতাহত ঢালি দিয়া হয় বিহ-

তেতিয়া আমাৰ এটাই বিকল্প–

সংঘঠিত হোৱাৰ, বিপ্লৱ ৰুজু কৰাৰ।

 

সেই সময় সমাগত, 

হে মেহনতি জনতা, তোমাৰ মূৰৰ ক্লান্ত ঘামৰ ৰাসায়নিক বিক্ৰিয়াৰে আটোমটোকাৰিকৈ সজা খেৰী ঘৰত 

যেতিয়া তোমাৰেই সমাধি

তেতিয়া আমাৰ এটাই বিকল্প–

মুষ্ঠিবদ্ধ হোৱাৰ, বিপ্লৱ ৰুজু কৰাৰ।

 

আমি যদি মুষ্ঠিবদ্ধ হওঁ,

সংঘঠিত হয় যদি শিল্পী প্ৰতিভা

এনে কোনো শক্তি নাই 

কাঢ়ি লয় আমাৰ হাতৰ পৰা আমাৰেই কাঙ্খিত স্বাধীনতা। ০ ০ ০

আমি যদি সংঘবদ্ধ হওঁ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here