ইহুদী মেনুহিন | Yehudi Menuhin
ইহুদী মেনুহিন | Yehudi Menuhin
ইহুদী মেনুহিন (Yehudi Menuhin) কুৰি শতিকাৰ এজন বিৰল প্ৰতিভাধৰ সংগীতজ্ঞ আৰু অবিসম্বাদী বেহেলাবাদক আছিল। ১৯২৬ চনৰ ২২ এপ্ৰিলত আমেৰিকাৰ নিউয়ৰ্কত তেওঁৰ জন্ম হয়। মাত্ৰ সাত বছৰ বয়সতে আমেৰিকাৰ ছান ফ্ৰান্সিকো চহৰৰ এক অনুষ্ঠানত এককভাৱে বেহেলা বজাই দৰ্শকক বিষ্মিত কৰে আৰু কেইবছৰমানৰ ভিতৰতে বিশ্বজোৰা খ্যাতি লাভ কৰিবলৈ সক্ষম হয়। এই বিৰল প্ৰতিভাই মেনুহিনক বিষ্ময় বালক ৰূপে প্ৰতিষ্ঠা কৰে। তেৰ বছৰ পূৰ্ণ নৌহওঁতেই এক সংগীতানুষ্ঠানত মেনুহিনৰ বেহেলাৰ যাদুকৰী ঝংকাৰ শুনি বিজ্ঞানী এলবাৰ্ট আইনষ্ঠানে মন্তব্য কৰিছিল: ‘এতিয়া মই বিশ্বাস কৰিছো স্বৰ্গত ভগবান নিশ্চয় আছে।’
শিক্ষা সমাপ্ত কৰি মেনুহিনে বেহেলাৰ ম-ধাৰাৰ উৎকৰ্ষ আৰু উত্তৰণৰ কামত গভীৰভাৱে আত্মনিয়োগ কৰে। ইয়াৰ বাবে তেওঁ পৃথিৱীৰ কেইবাখনো দেশ ভ্ৰমণ কৰিবলগা হয়। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত তেওঁ ইংলেণ্ড আৰু ছুইজাৰলেণ্ডতে বসবাস কৰিবলৈ লয়। ১৯৬২ চনত তেওঁ লণ্ডনৰ ওচৰতে এখন সংগীত বিদ্যালয় স্থাপন কৰি সংগীতৰ অনুৰাগী শিশুসকলক শিক্ষাদান কৰে আৰু ইয়াৰ সমান্তৰালকৈ বেহেলা আৰু সংগীতৰ বিভিন্ন দিশৰ বিকাশৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখে । সংগীত জগতলৈ আগবঢ়োৱা অনবদ্য অৰিহণাৰ স্বীকৃতি ৰূপে মেনুহিনে ১৯৬৫ চনত লাভ কৰে সন্মানীয় ‘নাইট’ উপাধি লাভ কৰে। ১৯৬৮ চনত ভাৰতৰ পৰা তেওঁক ‘জৱাহৰলাল নেহৰু বঁটা’ প্ৰদান কৰা হয় । ১৯৮৫ চনত ব্ৰিটিছ নাগৰিকত্ব গ্ৰহণ কৰা মেনুহিনে ১৯৮৭ চনত ‘অৰ্ডাৰ অব্ মেৰিট’ৰ সদস্য পদ লাভ কৰে। বেহেলাৰ অনুপম মূৰ্ছনাৰে শ্ৰোতাক বিস্ময়াভিভূত কৰা ইহুদী মেনুহিনৰ ১৯৯৯ চনৰ ১২ মাৰ্চত বাৰ্লিনত মৃত্যু বৰণ কৰে। ০ ০ ০
Read More: বিশ্ব ব্যক্তি পৰিচয়
বি. দ্র. উক্ত ‘ইহুদী মেনুহিন | Yehudi Menuhin‘ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়’ গ্রন্থৰ অন্তর্গত।
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
অতিৰিক্ত অনুসন্ধান: