ওচমান গণি কুইজ
ওচমান গণি কুইজ, Osman Gani Quiz
ওচমান গণি কুইজ
প্ৰঃ হজৰত ওচমান গণি (ৰাঃ) কেতিয়া কোন গোত্ৰত জন্ম গ্ৰহণ কৰিছিল?
উঃ 573 খ্ৰীঃত বনু উমাইয়া বংশত।
প্ৰঃ হজৰত ওচমান গণি (ৰাঃ)ৰ পিতা-মাতাৰ নাম কি আছিল?
উঃ পিতাৰ নাম আফফান বিন আবিল আছ বিন উমাইয়া আৰু মাতাৰ নাম আৰবী বিন্তে কাবৰাজ।
প্ৰঃ হজৰত ওচমান গণি (ৰাঃ) যেতিয়া মুছলমান হয় তেতিয়া মুছলমানসকলৰ সংখ্যা কিমান আছিল?
উঃ 14 জন।
প্ৰঃ হজৰত ওচমান যেতিয়া ইছলাম গ্ৰহণ কৰিছিল তেতিয়া তেওঁৰ খুড়াই তাক কেনেদৰে উৎপীড়ন কৰিছিল?
উঃ হাত ভৰি ৰচীৰে বান্ধি নিৰ্দয়ভাৱে কোবাইছিল।
প্ৰঃ সৰ্বপ্ৰথম সস্ত্ৰীক হিজৰত কৰিছিল কোনে?
উঃ হজৰত ওচমান গণি (ৰাঃ)।
প্ৰঃ হজৰত উচমান গণি (ৰাঃ) কিমান বছৰ আবিচিনিয়াত আছিল?
উঃ 9 বছৰ। ওচমান গণি কুইজ
প্ৰঃ হজৰত ওচমান গণি (ৰাঃ) ক কিয় ‘জিন্নুৰাইন’ বুলি কোৱা হয়?
উঃ হজৰত উচমান গণি (ৰাঃ) য়ে হজৰত ৰুকিয়াৰ ইন্তেকালৰ পিছত হজৰত মুহাম্মদ (ছাঃ)ৰ অন্য এক কন্যা উম্মে কুলছুমক বিবাহ কৰে। সেয়ে তেওঁক ‘জিন্নুৰাইন’ (দুই ৰত্নৰ অধিকাৰী) বুলি কোৱা হৈছিল।
প্ৰঃ হজৰত ওচমান গণিৰ প্ৰধান মন্ত্ৰী কোন আছিল?
উঃ মাৰোৱান।
প্ৰঃ হজৰত ওচমান গণি (ৰাঃ) কোন কোন দ্বীপ জয় কৰে?
উঃ কাবৰাছ, ক্ৰেট, মালটা আদি।
প্ৰঃ কোন মুছলিম শাসক পোন প্ৰথমতে সেনাবাহিনী গঠন কৰি সামুদ্ৰিক অভিযান আৰম্ভ কৰে?
উঃ হজৰত ওচ্মান গণি (ৰাঃ)।
প্ৰঃ হজৰত ওচমান (ৰাঃ)ক কিয় ‘গণি’ বুলি কোৱা হয়?
উঃ হজৰত ওচমান (ৰাঃ) আৰবৰ এজন বিখ্যাত অতি ধনী ব্যক্তি আছিল। সেয়ে তেওঁক গণি (ধনী) বুলি কোৱা হয়।
প্ৰঃ কোন চাহাবায়ে প্ৰতিদিন একজনকৈ দাস মুক্ত কৰি দিছিল?
উঃ হজৰত ওচমান গণি (ৰাঃ)।
প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) য়ে কাক তেখেতৰ উম্মতৰ মাজত অতি লজ্জাশীল বুলি অভিহিত কৰিছে?
উঃ হজৰত ওচমান গণি (ৰাঃ)।
ওচমান গণি কুইজ, Osman Gani Quiz
প্ৰঃ ওচমান গণি (ৰাঃ)ক কিয় ‘জামিউল কোৰাণ’ (কোৰানৰ সন্নিবেশকাৰী) বোলা হয় কিয়?
উঃ হজৰত ওচমান গণি (ৰাঃ) তিনিটা মূল কোৰাণৰ পৰা 7 টা কপি কৰি সাতজন হাফিজক স্বৰ আৰু সুৰত অভ্যস্ত কৰি বিভিন্ন প্ৰদেশলৈ পঠাই দিছিল। সেয়ে তেওঁক ‘জামিউল কোৰাণ’ (কোৰাণ সন্নিবেশকাৰী) বুলি কোৱা হয়।
প্ৰঃ জুমাৰ দিন দুবাৰ আজান দিয়াৰ প্ৰথা কোনে প্ৰৱৰ্তন কৰে?
উঃ হজৰত ওচমান গণি (ৰাঃ)।
প্ৰঃ কোন খলিফাক মুছলমানসকলে সৰ্বপ্ৰথম শ্বহীদ কৰে?
উঃ হজৰত ওচমন গণি (ৰাঃ)।
প্ৰঃ তেওঁৰ শাসনকালত অশান্তি বৃদ্ধিৰ কাৰণ কি?
উঃ খলিফাৰ স্বজনপ্ৰীতি।
প্ৰঃ কোনে হজৰত ওচমান গণি (ৰাঃ)ক কেনেদৰে হত্যা কৰিছিল?
উঃ হজৰত ওচমান গণি (ৰাঃ)ৰ শাসনকালত কিছুমান লোকে খিলাফতৰ বিষয় লৈ তেওঁৰ বিৰোধিতা কৰি এবাৰ মদিনাত তেওঁৰ গৃহ অৱৰোধ কৰে। পিছত এদিন শুক্ৰবাৰ আছৰৰ পিছত কাতীৰাহ, মাওদান ইবনে হাৰবান আৰু গাফেয়ী নামৰ ব্যক্তি তিনিজনে খলিফা হজৰত ওচমান গণি (ৰাঃ)ৰ গৃহত প্ৰৱেশ কৰে। তেতিয়া হজৰত ওচমান গণি (ৰাঃ) কোৰাণ পঢ়ি আছিল। ঘৰৰ ভিতৰলৈ প্ৰৱেশ কৰি কোৰাণ শ্বৰিফত লাথি মাৰি ওচমান গণি (ৰাঃ)ক মূৰত লোহাৰ দণ্ড এডালেৰে আঘাত কৰে। তাৰ পিছত মাওদানে দুইবাৰ তৰোৱালৰ দ্বাৰা আঘাত কৰি হজৰত ওচমান গণি (ৰাঃ)ক শ্বহীদ কৰে।
প্ৰঃ কোনে কিমান দিন পিছত ওচমান গণি (ৰাঃ)ৰ জানাজা পঢ়াই কবৰস্থ কৰে?
উঃ 3 দিন পিছত 17 জন মুছলমানৰ উপস্থিতিত জোবায়েৰ (ৰাঃ)ৰ ইমামতিত জানাজা পঢ়াই জান্নাতুল বাকিত তেওঁক কবৰ দিয়া হয়। 0 0 0
ওচমান গণি কুইজ, Osman Gani Quiz
বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ
ওচমান গণি কুইজ
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)
- বিবিধ …
অতিৰিক্ত অনুসন্ধান:
- ওচমান গণি
- Osman Gani
- ওমৰ ফাৰুক
- হজৰত মহম্মদ
- ইছলামৰ পয়গম্বৰ
- হজৰত ইব্রাহিম
- হজৰত আদম
- নবী শব্দের অর্থ
- ইসমালিক কুইজ
- আল্লাহ
- বিশ্ব কুইজ