Home Quiz ওমৰ ফাৰুক কুইজ

ওমৰ ফাৰুক কুইজ

0

ওমৰ ফাৰুক কুইজ

ওমৰ ফাৰুক কুইজ

 

ওমৰ ফাৰুক কুইজ 

প্ৰঃ হজৰত ওমৰ ফাৰুক (ৰাঃ) কেতিয়া কোন গোত্ৰত জন্ম গ্ৰহণ কৰিছিল?

উঃ  583 খ্ৰীঃত বনু আদী গোত্ৰত।

প্ৰঃ হজৰত ওমৰ ফাৰুক (ৰাঃ)ৰ পিতা-মাতাৰ নাম কি আছিল?

উঃ পিতাৰ নাম খাত্তাব বিন নুফাইল আৰু মাতাৰ নাম খানতানাহ।

প্ৰঃ হজৰত ওমৰ ফাৰুক (ৰাঃ) কোন খ্ৰীষ্টাব্দত কিদৰে ইছলাম গ্ৰহণ কৰে?

উঃ 616 খ্ৰীষ্টাব্দত 34 বছৰ বয়সত, সহোদৰ ভনী ফাতিমা (ৰাঃ)ৰ কণ্ঠত পৱিত্ৰ কোৰাণৰ বাণী শুনি মুগ্ধ হৈ।

প্ৰঃ কি পুৰস্কাৰৰ লোভত হজৰত ওমৰ ফাৰুক (ৰাঃ) হজৰত মুহাম্মদ (ছাঃ) ৰ মূৰ কাটিবলৈ গৈছিল?

উঃ 1000 স্বৰ্ণমুদ্ৰা আৰু 100 উট লাভৰ আশাত।

প্ৰঃ কোনে কেইজন সঙ্গী লগতলৈ প্ৰকাশ্যে মক্কাৰ পৰা মদিনালৈ হিজৰত কৰে?

উঃ হজৰত ওমৰ ফাৰুক (ৰাঃ) 20 জন সঙ্গী লগত লৈ।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) ৰ ইন্তেকালৰ সময়ত হজৰত ওমৰ ফাৰুক (ৰাঃ)ৰ অৱস্থা কি হৈছিল?

উঃ জ্ঞান হাৰা হৈছিল।

প্ৰঃ হজৰত ওমৰ ফাৰুক (ৰাঃ) কেইজনী স্ত্ৰী গ্ৰহণ কৰিছিল আৰু সিহঁতৰ নাম কি কি ?

উঃ পাঁচ জনী, যথা– জয়নব, কাৰীবা, মালায়কা, জামিলা আৰু উম্মে কুলছুম।

প্ৰঃ হজৰত ওমৰ ফাৰুক (ৰাঃ) তেওঁৰ দ্বিতীয় পত্নী কাৰীবা আৰু তৃতীয়া পত্নী মালায়কাক কিয় তালাক দিছিল?

উঃ ইছলাম গ্ৰহণ নকৰাৰ বাবে।

প্ৰঃ প্ৰথম স্ত্ৰী জয়নবৰ গৰ্ভত কেইজন সন্তান হৈছিল?

উঃ দুইজন, যথা– আব্দুল্লাহ (ৰাঃ) আৰু হাফছা (ৰাঃ)।

প্ৰঃ সৰ্ব প্ৰথম ‘আমীৰুল মুমেনিন’ উপাধি কোনে পাইছিল?

উঃ হজৰত ওমৰ ফাৰুক (ৰাঃ)।

প্ৰঃ হজৰত ওমৰ ফাৰুক (ৰাঃ) কিমান বছৰ খেলাফতৰ দায়িত্বত আছিল?

উঃ 10 বছৰ, 6 মাহ, 8দিন (634-644 খ্ৰীঃ)।

প্ৰঃ হজৰত ওমৰ (ৰাঃ) কাৰ হাতত শ্বহীদ হয়?

উঃ ইৰানী ক্ৰীতদাস ফিৰোজ ওৰফে আবু লুলু মছজিদে নববীত ফজৰৰ নামাজ পঢ়াই থকা অৱস্থাত তৰোৱালৰ দ্বাৰা পিছৰ পৰা ছয়বাৰ আঘাত কৰি পিছত নিজে আত্মহত্যা কৰে।

প্ৰঃ হজৰত ওমৰ ফাৰুক (ৰাঃ)ৰ জানাজা কোনে পঢ়াইছিল?

উঃ তেওঁৰ অছিহত অনুযায়ী মুক্ত দাস হজৰত সুহাইব ৰুমী (ৰাঃ)।

প্ৰঃ এবাৰ মদিনাত ভূমিকম্প হোৱাত কাৰ লাঠিৰ কোবৰ ভয়ত আজিলৈকে তাত ভূমিকম্প হোৱা নাই?

উঃ হজৰত ওমৰ ফাৰুক (ৰাঃ)ৰ।

প্ৰঃ হজৰত ওমৰ (ৰাঃ) ৰ দিনত কিমান মছজিদ নিৰ্মাণ হৈছিল?

উঃ 4000 টা। ইয়াৰ 900 জামে মছজিদ।

প্ৰঃ হজৰত ওমৰ ফাৰুক (ৰাঃ)ৰ খেলাফত কালত কিমান চহৰ স্থাপন কৰা হৈছিল?

উঃ 1036 টা।

প্ৰঃ পৃথিৱীত সৰ্বপ্ৰথম গোয়েন্দা পুলিছ আৰু গুপ্তচৰ বিভাগ কোনে প্ৰৱৰ্তন কৰিছিল?

উঃ হজৰত ওমৰ ফাৰুক (ৰাঃ)।

প্ৰঃ হজৰত ওমৰ ফাৰুকৰ অমৰ কীৰ্তি কি কি?

উঃ চৰকাৰী দপ্তৰৰ প্ৰৱৰ্তন, ভূমি জৰীপ, লোকগণনা, পেনচন প্ৰথাৰ প্ৰৱৰ্তন, 20 ৰাকাত তাৰাবীৰ নামাজ জামাতত পঢ়াৰ ব্যৱস্থা, সৰ্বপ্ৰথম স্থায়ী সেনা বিভাগ স্থাপন, আদালত পন্থাৰ প্রৱৰ্তন আৰু দেশত্যাগী আইনৰ প্ৰৱৰ্তন।

প্ৰঃ হিজৰী চন কোনে কেতিয়া, প্ৰৱৰ্তন কৰে?

উঃ হজৰত ওমৰ (ৰাঃ) 16 হিজৰীত।

প্ৰঃ খলিফায়ে ৰশেদিনৰ মাজত সৰ্বপ্ৰথম কোনে শ্বাহাদত বৰণ কৰে?

উঃ হজৰত ওমৰ ফাৰুক (ৰাঃ)।

প্ৰঃ হজৰত ওমৰ (ৰাঃ) মৃত্যুৰ প্ৰাকঃকালত আব্দুল্লাহ বিন ওমৰ (ৰাঃ)ক খলিফা মনোনীত কৰাৰ প্ৰস্তাৱ কৰাত তেওঁ কি কৈছিল?

উঃ তেওঁক খলিফা মনোনীত নকৰি খলিফা নিৰ্বাচন কৰা পৰামৰ্শ সভাৰ সভ্য কৰিব পাৰে বুলি মত প্ৰকাশ কৰিছিল।

প্ৰঃ খলিফায়ে ৰাশ্বেদিনসকলৰ ভিতৰত কাৰ শাসন কালক ইছলামী হুকুমতৰ স্বৰ্ণযুগ বুলি কোৱা হয়?

উঃ হজৰত  ওমৰ ফাৰুক (ৰাঃ)ৰ ।

প্ৰঃ খলিফা পদৰ পৰৱৰ্তী উত্তৰাধিকাৰ হিচাপে হজৰত ওমাৰ (ৰাঃ) কোন ছয়জন ব্যক্তিক অছিয়ত কৰি থৈ যায়?

উঃ যথাক্ৰমে– হজৰত আলি (ৰাঃ), হজৰত উচমান গণি (ৰাঃ), হজৰত আব্দুৰ ৰহমান বিন আউফ (ৰাঃ), হজৰত সা’দ (ৰাঃ), হজৰত জুবাইৰ (ৰাঃ) আৰু হজৰত তালহা (ৰাঃ)। 0 0 0

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here