Home Literary Criticism কবিতাৰ সাৰাংশ আৰু মূলভাৱৰ মাজৰ পাৰ্থক্য | Kabitar Sarangsh Aru Mulbhav

কবিতাৰ সাৰাংশ আৰু মূলভাৱৰ মাজৰ পাৰ্থক্য | Kabitar Sarangsh Aru Mulbhav

0

কবিতাৰ সাৰাংশ আৰু মূলভাৱৰ মাজৰ পাৰ্থক্য

–ৰাব্বি মছৰুৰ

কবিতাৰ সাৰাংশ আৰু মূলভাৱৰ মাজৰ পাৰ্থক্য  Kabitar Sarangsh Aru Mulbhav

কবিতাৰ সাৰাংশ আৰু মূলভাৱৰ মাজৰ পাৰ্থক্য | Kabitar Sarangsh Aru Mulbhav

কবিতাৰ সাৰাংশ আৰু মূলভাৱৰ মাজৰ পাৰ্থক্য

সাহিত্যৰ সকলোবোৰ শাখাৰ ভিতৰত কবিতাই হৈছে আটাইতকৈ জটিল, দ্ব্যৰ্থক, বিতৰ্কিত আৰু বহুৰূপী। হয়তো কবিতাৰ বিষয়-বস্তু, ভাৱ, ভাষা আৰু প্ৰকাশভংগীৰ বৈচিত্ৰতাই এই জটিলতাৰ ঘাই কাৰণ। সেয়ে স্কুল-কলেজত ছাত্ৰ-ছাত্ৰীসকলক কবিতা এটিক বিভিন্ন দৃষ্টিকোণৰ পৰা বুজাবলৈ চেষ্টা কৰা হয়, যেনে– কবিতাৰ সাৰাংশ লিখা, মূলভাৱ লিখা, ব্যাখ্যা কৰা, পটভূমি আলোচনা কৰা, আংগিক আলোচনা কৰা, বিশ্লেষণ কৰা ইত্যাদি। এইবোৰৰ ভিতৰত ছাত্ৰ-ছাত্ৰীসকলক সততে কবিতা এটিৰ সাৰাংশ আৰু মূলভাৱ লিখিবলৈ দিয়া হয়। কিন্তু অভিজ্ঞতাৰ পৰা দেখা যায় যে ছাত্ৰী-ছাত্ৰীসকলে কবিতা এটিৰ সাৰাংশ আৰু মূলভাৱ কি আৰু কেনেদৰে লিখিব লাগে সেয়া স্পষ্টকৈ নাজানে। বহুতো শিক্ষকেও কবিতা এটিৰ সাৰাংশকে মূলভাৱ বুলি চলাই দিয়ে। কিন্তু এয়া ভুল । কবিতা এটিৰ সাৰাংশ আৰু মূলভাৱ একে নহয়। দুয়োৰ মাজত স্পষ্ট পাৰ্থক্য আছে।

সাৰাংশ মানে সাৰ (মূল) অংশ অৰ্থাৎ ওপৰঞ্চি ব্যাখ্যা বৰ্জিত মূল বক্তব্য। আনহাতে মূলভাৱ হৈছে কবিতা এটিৰ কেন্দ্ৰীয় ভাৱ। আন কথাত ক’বলৈ গ’লে মূলভাৱ হৈছে কবিতা এটিৰ মাজেৰে প্ৰকাশ পোৱা জীৱন, বস্তু বা বক্তব্য বিষয় সম্পৰ্কে কবিৰ দৰ্শন। অৰ্থাৎ মূলভাৱ হৈছে কবিতা এটিৰ মাজেদি কবিয়ে প্ৰকাশ কৰা জীৱন সম্পৰ্কে কবিৰ অভিজ্ঞতালব্ধ বাণী।

সাৰাংশ আৰু মূলভাৱৰ ৰ্দ্ঘৈ কিমান হোৱা উচিত তাৰ কোনো ধ’ৰা-বন্ধা নিয়ম নাই যদিও সাৰাংশ কবিতা এটিৰ দুই-তৃতীয়াংশতকৈ অধিক হ’ব নালাগে। আনহাতে কবিতা এটিৰ মূলভাৱ এটা বাক্যৰ পৰা তিনিটা বা সর্বোচ্চ চাৰিটামান বাক্যত ভিতৰত লিখিব লাগে।

কবিতাৰ সাৰাংশ আৰু মূলভাৱৰ মাজত পাৰ্থক্য স্পষ্ট কৰি বুজাবলৈ উদাহৰণস্বৰূপ কবি নৱকান্ত বৰুৱাৰ ‘উভতি নহাৰ কবিতা’ৰ ক্ৰমে সাৰাংশ আৰু মূলভাৱ তলত দিয়া হ’ল–

সাৰাংশ: পৃথিৱীখনত জন্ম গ্ৰহণ কৰি কবিয়ে বহুতো দুখ-শোক, যন্ত্ৰণা আদি পাইছে। এই দুখ-যন্ত্ৰণাৰ মাজেদি তেওঁ জীয়াই থকাৰ প্ৰেৰণা লাভ কৰিছে। অৰ্থাৎ যন্ত্ৰণাই হৈছে কবিৰ বাবে জীয়াই থকাৰ প্ৰেৰণা। তেওঁৰ সৃষ্টিকৰ্মৰ মাজেদি সেই যন্ত্ৰণাৰ মন্ত্ৰকেই বাৰে বাৰে গাইছে। তেওঁৰ মতে জীয়াই থকাটো হৈছে এক যন্ত্ৰণাময় ধেমালি। এই ধেমালি তেওঁ যিমান পাৰে সিমান খেলি গৈছে। কাৰণ তেওঁ জানে যে মানৱ জীৱনটো ক্ষন্তেকীয়া। তেওঁ এদিনাখন মৰি যাব আৰু দুনাই এইখন পৃথিৱীলৈ ঘূৰি নাহে। সেয়ে তেওঁ তেওঁৰ সকলো খেল এবাৰতেই খেলি গ’ল অৰ্থাৎ তেওঁ এবাৰতেই যিমান পাৰে সিমান পৃথিৱীখনক উপভোগ কৰি গ’ল।

মূলভাৱঃ মানৱ জীৱন ক্ষন্তেকীয়া। মৃত্যৰ পিছত কেনোৱেই দুনাই এই পৃথিৱীলৈ উভতি নাহে। সেয়ে জীয়াই থকা কালছোৱাত প্ৰত্যেকেই ভালপোৱা ধৰণে নিজৰ নিজৰ কাম কৰি জীৱনটো উপভোগ কৰিব লাগে।

দ্বিতীয় উদাহৰণস্বৰূপ নলিনীবালা দেৱীৰ ‘মিলন’ কবিতাটিৰ সাৰাংশ আৰু মূলভাৱ তলত দাঙি ধৰা হ’ল–

সাৰাংশ: কবিয়ে সকলো সময়তে পৰম ঈশ্বৰৰ অস্ত্বিক নিজৰ হৃদয়ৰ মাজত অনুভৱ কৰে। নিশাৰ জোনাকী পোহৰ, গধূলিৰ তৰাভৰা আকাশৰ মোহনীয় সৌন্দৰ্য-সুষমাই কবিৰ ভগবৎ প্ৰীতিৰ ধাৰণাক গভীৰ কৰি তোলে। ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ পিছৰে পৰা নিশা গভীৰ নিদ্ৰাত পৰালৈকে প্ৰতিটো ক্ষণতে কবিয়ে পৰমজনৰ অস্তিত্ব ভিন ভিন ধৰণে অনুভৱ কৰে।  এই  অনুভৱেই হৈছে পৰমজনৰ লগত কবিৰ অন্তহীন মিলন।

মূলভাৱ: হৃদয়েৰে অনুভৱ কৰিব পাৰিলে আমি প্ৰকৃতিৰ সৰু-বৰ সকলো বস্তুৰ মাজত ভিন ভিন ধৰণে পৰম ঈশ্বৰৰ অস্তিত্ব অনুভৱ কৰিব পাৰি। ০ ০ ০.

কবিতাৰ সাৰাংশ আৰু মূলভাৱৰ মাজৰ পাৰ্থক্য | Kabitar Sarangsh Aru Mulbhav 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here